ফটাঢোল

ফটাপ্ৰেমৰ কবিতা – নীলাক্ষী দেৱী ডেকা

১)
নিশা হলেই তোমাৰ কথা ভাবি মোৰ ট্ৰেজেদী ফালিবলৈ বৰ মন যায় সোণামুৱা,
কবিতা এটা লিখি ফেচবুকত আপলোডাবলৈকো জিঅ’ৰ নেটৱৰ্কে মুঠেই লগ নাইদিয়া।

২)
তুমিয়েই মোৰ শাস্বত প্ৰেম,
মোৰ সকলো সুখৰ আকৰ,
যিসোপাহে ৰান্ধিলা আজি একো সোৱাদেই নাই আনাচোন নাওমান ভোট জলকীয়াৰ আচাৰ আৰু লিজ্জতৰ পাপড়।

৩)
তোমাৰ চুলি প্ৰিয়া বিদিশাৰ অন্ধকাৰ নিশা,
মুখ যেন শ্ৰাৱস্তীৰ কাৰুকাৰ্যৰে ভৰা,
এণ্টি ৰিংকল ক্ৰীম আৰু হেয়াৰ কালাৰৰ বৰ দাম বাঢ়িছে প্ৰিয়া,
অলপ কষ্ট কৰি ঢাপৰ জেতুকাজোপাৰ পাতকে পটাত পিচি লগোৱা!

☆★☆★☆

5 Comments

  • বাহ!— সোণামুৱাৰ গুণানুকীৰ্তন– বঢ়িয়া লাগিল।

    Reply
  • হেমন্ত কাকতি

    তামাম সোনামুৱা কবি দেখোন!

    Reply
  • কমলা দাস

    ????বঢ়িয়া

    Reply
  • অভিজিত কলিতা

    অ সোণামূৱা, অ সোণামূৱা,
    চোতাল পালেহি বুঢ়াপা,
    দাঁত নিকটাই গিৰ্জনি মাৰিছে,
    বছাবলৈ নাই কট্টপ্পা!

    Reply
  • ৰাজীৱ

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *