নমুনা -চিত্ৰলেখা দেৱী
বছৰটো শেষ হ’বৰেই হ’ল। ভাবিলোঁ – ইহঁতে গোটেই বছৰটো কি শিকিলেনো আজি পৰীক্ষা লোৱা যাওক।হওঁতে বছৰটোত গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাকেইটা আছেই ইহঁতৰ পৰীক্ষা ল’বলৈ। তথাপিও শ্ৰেণীত লোৱাৰো এক সুকীয়া মজা আছে। প্ৰথমতে আজি অসমীয়া ভাষাত কেইটামান বাক্য ৰচনাকে কৰিবলৈ দিওঁ বুলি ভাৱিলোঁ আৰু প্ৰত্যেককে একোটা বেলেগ বেলেগ বিষয় দিলোঁ বাক্য ৰচনা কৰিবলৈ। শিক্ষকে যিমানে চোকা পহৰা নিদিয়ক কিয় সিহঁতে ইটোৱে সিটোৰ পৰা চাই লিখিবই৷ লাগিলে ইটোৱে লিখা ৬ টো সিটোৱে ‘ভ’ বুলি বা ১/২ টো ই বুলিয়েই নিলিখক কিয়?
সৰ্বশিক্ষাৰ বলত স্থানীয় মধ্য ইংৰাজী বিদ্যালয় কেইখনৰ পৰা নৱম শ্ৰেণীলৈ অহা ল’ৰা-ছোৱালী। প্ৰত্যেকেই একো একোটা নমুনা। ল’ৰাবোৰৰ কোনোবাটো যদি কাণফুলি পিন্ধা, কোনোবাটোৰ আকৌ চুলি হিউৱেনচাঙৰ লেখিয়াকৈ, কোনোবাটো আলেকজেণ্ডাৰৰ নিচিনাকৈ বা কোনোবাটোৰ ‘গজিনী’ৰ আমিৰ খানৰ নিচিনাকৈ কটা। ছোৱালীও পিছ পৰা নহয়৷ তাহাঁতৰ ওঁঠেই চাবানে, চকুৱেই চাবানে, নখেই চাবা? কাণ দুখনত কাণফুলিৰ প্ৰকোপত খালি জেগা নায়েই। ইহঁত সকলোতে পাকৈত। কেৱল স্কুললৈ কিতাপ-কলম আনিবলৈ পাহৰে, ঘৰত পঢ়া-শুনা কৰিবলৈ সময় নাপায়। অৱশ্যে সিহঁতক বৰকৈ দোষো দিব নোৱাৰি। কিছুমানৰ ঘৰৰ যিহে পৰিৱেশ! ঘৰত দিনটো থাকিবলৈ জেগা অকণ নোহোৱাৰ বাবেহে বিদ্যালয়তে সময়বোৰ পাৰ কৰোঁ বুলি আহে। ঘৰৰ মাক-দেউতাকবোৰ কাম কৰিবলৈ দিনটোলৈ ওলাই যায় আৰু ল’ৰা-ছোৱালীৰ বাবে বিশেষকৈ ছোৱালীৰ বাবে দিনটো থাকিবলৈ বিদ্যালয়খনতকৈ নিৰাপদ আশ্ৰয়স্থল আৰু একো হ’ব নোৱাৰে। কিছুমানৰ ঘৰুৱা কন্দল৷ তাত আৰু পঢ়া-শুনাৰ কথা নাহে। যেইকি নহওক, এটা সময়ত বহীবোৰ মোৰ সমুখৰ টেবুলত গোট খালেহি। মই চাবলৈ ধৰিলোঁ (শব্দবোৰ নিজে শুধৰাই লৈছোঁ )-
আকাশত চাং পাত- যদুক বাপেকে ক’লে, “আকাশলৈ চাই ল, বৰষুণ দিব পাৰে, তাৰ পাছত লাউৰ চাংখন পাত।”
হাত দীঘল- বিস্কুটৰ টেমাটো মায়ে ওপৰত তুলি থৈছে, তোৰ হাতটো দীঘল বা, নমাই আন।
পানীৰ মিঠৈ- ঐ মীৰা, গিলাচটোত মিঠৈ থৈছিলি নি, পানী খাওঁতে গোন্ধাইছে যে!
কপাল ফুল- ছোৱালী কেইজনীয়ে কপালত ধুনীয়াকৈ ফুল আঁকি লৈ নাচিছে চোৱা।
কপাল ফুটা- ভগৱান শিৱৰ কপালত ফুটা এটা আছে আৰু সেইফালেৰে কেতিয়াবা তেওঁ তিনি নম্বৰ চকুটো মেলি আমালৈ পিৰিক পাৰাক কৈ চায়।
ডলাৰ বগৰী- গছত বগৰী পকিছেই; সেই কাৰণে ডলাখন বিচাৰি থৈছোঁ শুকুৱাবলৈ।
নয়নৰ মণি- নয়নৰ ভণিয়েকে পূজাত কিনা মণিদাল পিন্ধি আইনা চাই আছে।
চকুৰ কূটা দাঁতৰ শূল- তোৰ চকুত কূটা পৰিলে নি? পৰিলে যদি এইডাল শূল ল, দাঁতত ভৰাই থ৷
গাই- বাই- চা- মহেনহঁতৰ হালৰ গৰু এটা মৰিলত কোনো মতে গাইজনীকে বাই চাই দেউতাকে খেতি
সামৰিলে।
অজীণ পাতকী- কালি দদায়েকৰ ঘৰত ন-খাই পাতকীৰ অজীৰ্ণ হৈছে আৰু বাৰে বাৰে পাইখানালৈ
গৈয়েই আছে।
কুলৰ কলঙ্ক- ঐ কুল, কলং খন ক’ত আছে ক।
বগলী ভকত- বগলী এ সবাহলে নগ’লি
কিয়- ভকতৰ নাম গাই হ’লেই।
পানীৰ তলৰ কাঁইট- নৈত পানী বাঢ়িছে, চেন্দেলযোৰ পিন্ধি থাক৷ কাঁইটে ফুটিব পাৰে৷
এইখিনিতে এখন উকা পৃষ্ঠাৰ বহী পাই ‘এইখন কি অ’ বুলি বহীখন দাঙি দেখুৱালত সোণমণি পায়েং নামৰ ছোৱালী জনী আগবাঢ়ি আহি আহি ক’লে,
: ঐ বাইদেউ, আজি বহীখনকে লৈ আনিলোঁ কলমটো থাকি আহিল। কি লিখিব লাগে তই লিখি ল।
মূৰে-কপালে হাত দিব খোজোঁতেই তম্বা সিং উঠি আহিল আৰু মোলৈ কলমটো আগবঢ়াই দি ক’লে –
: মোৰ আজি কলমটো আহিল হঁ, বহীটো নাহিল। কলমটোকে দিছোঁ আপোনাক হঁ; যাই কৰে কৰিবা হঁ।
☆★☆★☆
11:43 pm
এইভাগি পঢ়ি মোৰ চকুৰে সৰসৰকৈ চকুপানী বাগৰিছে, বুকুখন উখল-মাখল, গা সাতখন-আঠখন লাগিছে ! এৰা, আজিহে মোৰ মানৱ জনম লোৱা সাৰ্থক হল ।
1:56 pm
হাঁ হাঁ৷বঢ়িয়া
2:49 pm
নেজানিকেও লছালি কেইটাই মগজ ব্যৱহাৰ কৰি লিখিছে দেই
3:22 pm
ভাল লাগিল
3:59 pm
বঢ়িয়া।গোটেই কেইটা আপোনাৰ স্কুলৰ”জুৱেল”