ফটাঢোল

ফটাঢোল – নিতুল বুঢ়াগোহাঁই

ফটাঢোল নবজাবি ককাই
বুকুখন বিষাব,
ফটাঢোল বজালে হেনো
বহাগীয়ে বিনাব।

কোনোৱে কয় বোলে
ফটাঢোলৰ চেৱতহে
নাচনীৰ ককাঁল ভাঙে।
কোনোৱে আকৌ কয়
ফটাঢোলৰ চাপৰতহে
মেঘ ককাইৰ হাঁহি বিৰিঙে।

মেঘৰ হাঁহিয়ে যেন
মাতাল কৰি তোলে ধৰাৰ বুকু,
জীপাল কৰি তোলে
আঘোণা কাইৰ সেমেকা চকু।

ফটাঢোল নবজাবি ঐ ককাই
ময়ূৰীয়ে নাচিব,
ফটাঢোল বজালে হেনো
বহুৱা বুলি হাঁহিব।

এই ফটাঢোলেই যদি
মাতাল কৰিব পাৰে ধৰাৰ বুকু,
জীপাল কৰিব পাৰে
সহস্ৰজনৰ চকু,

তেন্তে

তেন্তে বজামেই
বজামেই এই ফটাঢোল
সকলোৰে মনবোৰ কৰি নিটোল।।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *