বৈৰাগী নেতা – মানসী বৰা
: এই অসম প্ৰদেশত অতীজৰপৰা অসমীয়াৰ গাত দুই ধৰণৰ বতাহ লাগি আহিছে আৰু লাগি থাকিবই৷ প্রথমটো হৈছে বাপতিসাহোন বিহুৰ বতাহ আৰু দ্বিতীয়টো হৈছে সময়ে সময়ে নিৰ্বাচনী বতাহ
এইবুলি তামোল পকতিয়াই পকতিয়াই লিখন হাজৰিকাই কেৰমবোর্ড খেলি থকা ল’ৰামখাক কৈ যায়৷ বকুলী গাঁৱত আবেলি আবেলি পৰম্পৰাগত ভাবে গাঁৱৰ ডেকামখাই চাৰি আলিৰ মোহনৰ দোকানত সেইদৰে কেৰম, তাছ খেলি আড্ডা মাৰে৷ তাতে গৈ লিখন হাজৰিকাই নিজৰ নিৰ্দিষ্ট ভংগীত চেলাউৰী মাৰি মাৰি সকলোৱে শুনাকৈ ক’লে,
: গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ ভাৱিছোঁ এইবাৰ ময়ো পঞ্চায়ত ইলেকচন খেলিম৷
হঠাৎ লিখন হাজৰিকাৰ তেনেহেন বচন শুনি চাৰিআলিত উপস্থিত সভাসদ স্তব্ধ হৈ পৰিল৷
: ঔ লিখন দাইদেউ আপুনি কি চিকুন শইকীয়াৰ বিপক্ষে থিয় হ’ব?
— কাষৰ মোহন দোকানীয়ে হাঁহি হাঁহি সোধে৷
: ইমানকে দাঁত চেলাইছ যে? কি দিছে চিকুনে আজিলৈকে? ছবাৰ জিকিছে৷ — ক্ষোভত কয় লিখনে।
: জিকিলে হেনো ঘৰে ঘৰে দমকল দিব, পাৱাৰ টিলাৰ দিব, চাইকেল দিব৷ ঘটিটো দিছে আজিলৈকে চোঁৱাখোৱাটোৱে৷ পইচা মাৰি মাৰি দালান সাজিলে নিজে, গেৰেলা পেটটো দেখিলেই বুজা যায় কিমান পইচা খালে সি৷ নাম চিকুন হ’ব পাৰে কিন্তু চৰিত্ৰ যে চিকুন নহয় তহঁতি সবেই জান৷
ক্ৰমাৎ ভলিউম বাঢ়ি যায় লিখনৰ৷
: তহঁতি খালি মোক চাপোর্টটো কৰ৷ জিকিলে দুই দিনত এই শিলগুটি ৰাস্তা যদি ফিৰফিৰিয়া মিহি কৰি নিদিওঁ তহঁতে মোৰ নামত ১০ টা কুকুৰ পু্হিবি৷
এইবুলি লিখন হাজৰিকাই থিয় হৈ সৰু সুৰাকে সেইকেইদিন নিউজ চাই চাই শিকা ভাষণ এটাকে দিলে৷ তাকে শুনি কেৰম খেলা বাদ দি বদন আৰু পুলিনে লিখন হাজৰিকাক কান্ধত তুলি জয়ধ্বনি এটা দিয়েই দিলে
: লিখন হাজৰিকা জিন্দাবাদ …
জিন্দাবাদ ..জিন্দাবাদ ..
আবেগত লিখন হাজৰিকাৰ চকুলো ওলাই আহোঁ যেন কৰে আৰু কয়,
: তহঁত ব’ল আমাৰ ঘৰলৈ৷ ইলেকচনৰ প্লেনটো বনাব লাগে৷ খানাটো এইকেইদিন আমাৰ ঘৰতেই খাবি৷ এইবাৰ মোক জিকাই দে বচ৷
খানাটোৰ কথা শুনি ১০ জন মানে কিৰিলি পাৰি দিলে। সৱ এৰি বহুতেই সেইদিন ধৰি দলে বলে লিখন হাজৰিকাৰ ঘৰতে বাহৰ পাতিলে৷ হওঁতে লিখন হাজৰিকাৰ বাপেক ঘাটৈ আছিল। বানপানীত উটি অহা কাঠ আৰু আলফাৰ লুকুৱাই থোৱা পইচা আদি পাই হেনো বহুত সম্পত্তি কৰিলে৷ পইচা পাতিৰ অভাৱ নাই৷ নিৰ্বাচনৰ প্লেনিঙৰ নামত এইকেইদিন ম’হৰ আঠাদৈৰ সৈতে কোমল চাউল, মাছ আৰু হাঁহ মাংসৰ সৈতে জহা চাউল আৰু ৰাতি লৈ কেঁচা বুট আৰু বাদাম ভজাৰ সৈতে ৰঙা বটল বাৰুকৈ চলিল৷ কোনো পাৰ্টিয়ে টিকট নিদিলেও নিৰ্দলীয় হৈ খেলা লিখন হাজৰিকাৰ নিৰ্বাচনী প্রতীক “পাতি হাঁহ”ৰ ফলক গাঁৱৰ চুকে-কোণে, মানুহৰ জপনা-গোহালিয়ে পথাৰে-নামঘৰে বিয়পি পৰিল৷ মুখে মুখে কেইবাটাও শ্ল’গানো চলিল৷ তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল,
১ ) পেক পেক পেক পাতিহাঁহ,
লিখন হাজৰিকাক ভোট দিওঁ আহ..
২) হাত, হাতী, পদুম যাব জাহ,
এইবাৰ আহিব পাতিহাঁহ
৩) ভাল লাগে খাই পাতিহাঁহৰ এসাঁজ,
এইবাৰ চলিব লিখন হাজৰিকাৰ ৰাজ
নিৰ্বাচনী প্ৰচাৰ হোৱাৰেপৰা লিখনৰ ঘৰলৈ মানুহৰ লানি লাগে৷
খেনোৱে কয়,
: আমাৰ খেলৰ মানু্হ সকলোৱেই এইবাৰ আপোনাক ভোট দিম বুলিয়ে কৈছে৷ আজি পিচে ৰাতিলৈ খেলৰ নামঘৰত ভাগৱত পাঠ আছে৷ তাতেই এমুঠি চাউল খোৱাই দিলেই হ’ব৷ তাৰ বাবে টকা ১০,০০০ দি দিব৷
খেনোৱে আহি ক’লেহি বোলে,
: চিকুন শইকীয়াৰ পুতেকে অজাতি ছোৱালী অনাৰেপৰা গাঁৱৰ ৰাইজ সৱ নাৰাজ হৈ আছে৷ এইবাৰ তেওঁ দিয়া ভাওনাত সেই কাৰণে মানু্হেই নহ’ল৷ চিকুন শইকীয়াৰ গাঁৱৰ সৱেই আপোনাকহে ভোট দিম কৈছে৷ আপুনি মাত্র গাঁৱৰ ডেকা গঞাক খুচ কৰিবলৈ ফূৰ্তি পানীৰ ব্যৱস্থা এটা কৰি দিব লাগিব৷
লিখন হাজৰিকাৰ বংশটো ডাঙৰ৷ সেইকেইদিন বোলে লিখন জিকিলে কি কি লাগিব বা কি কি কিনিব তাৰেই লিষ্ট এখন বনাই আছে৷ পইচা পাতি যথেষ্ট খৰচ কৰি নিৰ্বাচনী প্রচাৰ বাৰুকৈ চলোৱা হ’ল৷ বচা বচা মানুহৰ ঘৰলৈ পাতিহাঁহৰ চালান ধৰি ভোট দিবলৈ আহ্বানো কৰা হ’ল৷ সেইদৰে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠি অৱশেষত ভোটগ্ৰহণৰ দিনটো আহিল৷ ভোটৰ আগনিশা সুতা, কম্বল, আঠুৱা, ধুতি, গামোচা, গাৰু ক’ভাৰৰ লগতে বিড়ি, চিগাৰেট, ৰঙা বটল, মাংসৰে বকুলী গাঁও ৰমৰমাই থাকিল৷ ভোট গ্ৰহণ অনুষ্ঠান সুকলমে সম্পন্ন হ’ল৷ ফলাফল ঘোষণা হোৱালৈকে যেন লিখন হাজৰিকাৰ উৎকণ্ঠাৰ সীমা নাই৷ ইলেকচনত জিকিলে মিডিয়াৰ আগত বা বাতৰি কাকতৰ মানু্হৰ আগত কি কি ক’ব তাকো ১০০০ টকা দি পাঠক মাষ্টৰৰপৰা সুন্দৰ লিখনি এটা লিখোৱাই আনি দুদিন ধৰি মুখস্থও কৰিলে৷
অৱশেষত ফলাফল ঘোষণাৰ দিনটো আহিল৷ ইলেকচনৰ ফলাফলটো লৈ নিজৰ এল. এম. এল. ভেচপাখনত উঠি লিখন হাজৰিকা কুবাকুবিকৈ নিজৰ ঘৰলৈ আহি পোনচাতেই পর্টিকত সোমাই চকুকেইটা মুদি একেবাৰে ধ্যানৰ মুদ্ৰাত বহি ৰ’ল৷ ঘৈণীয়েক ধনদা আৰু দুইজনী জীয়েক ফাগুনী আৰু বহাগী উৎকণ্ঠাৰে দৌৰি সোমাই আহিল৷ এইকেইদিন বাপেকৰ ব্যস্ততা দেখি অহাৰ পিছত হঠাৎ তেনেকৈ ধ্যানমগ্নৰূপ দেখি ঘৈণীয়েক ধনদাই সুধিলে,
: অ বোলো কি হ’ল৷ আপুনি কিমান ভোটত জিকিলে নো?
একো উত্তৰ নিদিয়া দেখি এইবাৰ ভয়ে ভয়ে সুধিলে,
: আপুনি কি হাৰিল নেকি?
কিছু সময় জুপুকা মাৰি লিখন হাজৰিকাই ক’লে,
: মই মুঠ তিনিটা ভোট পাইছোঁ৷ আৰু যিহেতু মই মোকেই ভোটটো দিছোঁ মৰতীহঁত, তহঁতৰ মাজৰ কোনজনীয়ে মোক ভোটটো নিদিলি কৈ দিলেই মই বৈৰাগী হ’ব পাৰিম বুলি ভাবিছোঁ৷
লিখন হাজৰিকাৰ চিঞৰত নিজান হৈ থকা ঘৰটোত ৰাতিৰ ভোজলৈ বুলি আনি থোৱা হাঁহকেইটাই পেকপেকাই উঠিল৷
☆★☆★☆
11:48 am
তামাম মানসী! শেষত দুখেই লাগি গ’ল৷
বাকী যি নহওক, কেতিয়াবালৈ যদি ইলেকচন খেলো, তুমি স্লোগান কেইটা জৰুৰ লিখি দিবা৷
বৰ ধুনীয়া হৈছে৷
11:23 pm
বহুত ধন্যবাদ দাদা…নিশ্চয় সহযোগ কৰিম..?
9:23 pm
বঢ়িয়া লাগিল। লিখন হাজৰীকালৈ গভীৰ সমবেদনা, ঘৰৰ মানুহেই গড্ডাৰি কৰিলে— বেচেৰাক।
11:24 pm
বহুত ধন্যবাদ…
10:09 pm
শ্লোগান কেইটা বহুত ভাল লাগিল । এইকেইটা বিজয় মহন্তৰ বাবে উপযুক্ত হব ।
11:24 pm
বহুত ধন্যবাদ…