ফটাঢোল

3 Idiots: তিনি সিদ্ধ – তৃষ্ণা টি ভূঞা

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্

‘3 Idiots : তিনি সিদ্ধ’

প্ৰযোজনা-ৰাজশ্ৰী প্ৰডাকচন হাউছ আনলিমিটেড

কাহিনী, চিত্ৰনাট্য , সংলাপ- তৃষ্ণা টি ভূঞা

পৰ্দাত ৰাজশ্ৰী প্ৰডাকচনৰ চিগনেচাৰ গ্ৰাফিক্স-কালী মাৰ ধুম তানা ধুম তানা নৃত্যৰে ডাঙৰকৈ চিনেমাৰ টাইটেল ভাঁহি উঠে৷ টাইটেল আৰু অভিনেতা অভিনেত্ৰীৰ লগতে সমূহ কৰ্মবৃন্দৰ নামবোৰ ইংৰাজী, হিন্দী, উৰ্দু, তাইৱান, হীব্ৰু আদি ১৫০ টা মান ভাষাৰে দেখুৱওা হয়৷

এক বিশেষ সতৰ্কীকৰণ মেচেজৰ ঢেটেঙ ঢেটেঙ মাতৰ লগতে হস্পিটাল বেডত দেৱজিত শইকীয়া দাৰ ৰুগ্ন মুখ এখনৰ ক্লোজআপ৷

শইকীয়া দা- ৱেইচে তো মেৰা নাম চকীয়া হে লেকিন ইচ ফিলিম কে লিয়ে মেৰা নাম মুকেশ হে৷ মেই দাৰু চিগাৰেট কো কোভী হাথ মুখ নেহী লাগায়া৷ মেৰী ইয়ে হালত ফটাঢোল নাম কা এক গ্ৰুপ মে লোগো কা বজানে চে লোগো নে হাত ভৰি চব চে বজাকে কিয়া হেই৷ মেৰা বিনতী ইয়ে হেই কি চুপচাপ অচ্ছে লোগো কে তৰহ চিনেমা দেখিয়ে আৰু নলগা জেঙ মে মত ফচিয়ে৷

এক কৰুণ সুৰেৰে চকীয়া দাৰ মুখখণ ব্লাৰ কৰি কেমেৰাই এইবাৰ ধিক্ চিক্ ধিক্ চিক্ কৈ কুসুম কৈলাশ বিৰচিত এটি আইটেম চঙৰ ফালে দৰ্শকৰ দৃষ্টি আকৰ্ষিত কৰে য’ত কেমিও কৰে অভিজিত কলিতা দাৰ চেৰী ব্লজম নামেৰে বিখ্যাত এক ইচপেচিয়েল নৃত্য মণ্ডলীয়ে৷ গানৰ তালে তালে কেমেৰাই এখন কলেজৰ ছবি দৰ্শকসকলৰ আগত ডাঙি ধৰে৷ লগতে ভাঁহি আহে কলেজ হোষ্টেলৰ ৰাতিপুৱাৰ ভাগৰ এটি দৃশ্য৷

প্ৰথম শ্বট- বয়জহোষ্টেল

এখন ষ্টিলৰ থালৰ ওপৰত ক্লোজআপ৷ থালখনত আগৰাতিৰ ভাতৰ সৈতে কাট্টি কৰা পনীয়া দাইলখনে শুকাই গোট মাৰি মিলাপ্ৰীতি কৰা দেখা গৈছে৷ ওচৰত ভেন্দি আৰু আলুৰ টুকুৰা কেইটামান৷ আলু টুকুৰা এটাৰ ওপৰত স্পষ্ট দাঁতৰ চিনৰ পৰা কব পৰা গৈছে যে অপৈনত অৱস্হাতে তৰকাৰীখন সিজা বুলি মেচৰ ৰান্ধনীৰ দ্বাৰা ডিক্লায়াৰ দিয়া গৈছিল৷ লাহে লাহে কেমেৰা থালৰ পৰা জুম আউট হৈ ওচৰৰ পৰিৱেশটোৰ ওপৰত ফোকাচ কৰিছে৷ এয়া হৈছে ফটাঢোল বয়জ হোষ্টেলৰ এটা মনোৰম পৰিবেশ য’ত বেলকনি শুৱনি কৰি ওলমি আছে হালধী-তেলৰ দাগেৰে ৰঙীণ গামোচা, মলিয়ন গেঞ্জী আৰু ফটা …(বুজি পাইছেই আৰু)৷ সকলো কোঠালিৰে দৰ্জাৰ ওচৰত একোখন ষ্টিলৰ থাল পৰি থকা দেখা গৈছে য’ত মাখি মহে মিলি হৈ গুদু খেলি আছে৷ হোস্টেলৰ উৱলি যোৱা বেৰকেইখনে যেন ভায়োলিনৰ কৰুণ সুৰটো বজাই কথমপি থিয় হৈ আছে৷

এনে অৱস্হাতে হোষ্টেলত হৈ-চৈ লাগি পৰিল৷ চিৰিৰে একজাক ল’ৰা পোৱালিয়ে নাকত হাত দি দি হোষ্টেলৰ গেটলৈ লৰ মৰা দেখা গ’ল৷ কোনোবাই গেঞ্জীটো বিচাৰি নাপাই লুঙীখনকে বুকুত খোচ মাৰি -ওৱান পিছ বনাই পিন্ধি আহিছে, আকৌ কোনোবাই আগৰাতি চিগাৰেট এডাল কাণত খোচ মাৰি লৈ শুই থকা অৱস্হাৰ পৰা লৱৰিছে, কোনোবা পঢ়াকুৰ হাতত চিভিল ইঞ্জীনিয়াৰিং ১০১ খন হাতত লৈ দৌৰ মৰাও কেমেৰাই সযতনে কেপচাৰ্ কৰিছে৷

দ্বিতীয় শ্বট- হোষ্টেল গেট

ব্ৰেক নথকা ৰেলী চাইকেলখন ধামকৈ পেলাই দীপাংকৰ উৰ্ফ ৰেন্সোদাক হোষ্টেল গেটৰ সন্মুখত থকা ৰিন্টুমণি দাৰ পাণ দোকানখনৰ পৰা বিড়ী এডাল লৈ ধোঁৱাৰ কুন্দলী বনোৱা দেখা গৈছে৷ হাতত অনা মোনাখন ইতিমধ্যে লাম লাকটুবোৰে সযতনে হোষ্টেলৰ তেখেতৰ ৰুমৰ ফালে ঠেলি লৈ গৈ আছে৷ এইফালে ৰেন্সোদা অহা বুলি জানি তেখেতৰ ৰুমমেট দিম্পল আৰু হিতেশে লৰালৰিকৈ বিস্কুটৰ টেমাকেইটা আৰু মেগী পেকেটকেইটা লুকাইছে৷
জুনিয়ৰ পোৱালিবোৰে ৰেন্সোদাক সেৱা দুটামান জনাই বিড়ীৰ ফ্ৰী হোপা দুটামান মাৰিছে৷ চতুৰ ৰামালিংগম অৰ্থাৎ বিজয়ে ওপৰৰ মহলাৰ কোঠালিটোত নিজৰ অৰ্গেনিক ধূপ জ্বলাই ৰেন্সোদালৈ চাই মুখ পেন্দোৱাইছে৷ ইতিমধ্যে মেচৰ ব্ৰেকফাষ্টৰ ঘন্টী বজাত ৰেন্সোদাক এৰি বাকীসকলো পলোৱাৰ হুলস্থুল। কেমেৰা লাহে লাহে জুম আউট হয়।

তৃতীয় শ্বট- কলেজ কেম্পাছ

ৰেন্সোদাৰ অভাৰস্মাৰ্ট উত্তৰবোৰত তিস্থিব নোৱাৰি জীমণি বাইদেউ ক্লাছ এৰি খঙত পলোৱাৰ এটি দৃশ্য৷ পিছে পিছে চতুৰ বিজয়ে বাইদেউৰ বেগটো দাঙি দাঙি দৌৰি থকা দেখা গৈছে৷ বাইদেউ আহি একেবাৰে ভাইৰাছ বুলি খ্যাত হেকা প্ৰিন্সিপালৰ অফিচত ফোপাই জোপাই সোমাইছে৷ ভাইৰাছ চাৰে তেখেতৰ প্ৰিন্সিপাল অফিচতে উমনি দি থকা হাঁহজনীক দানা অলপ খুৱাই আছিল৷ চতুৰ বিজয়ক জীমনি বাইদেউৰ লগত দেখি হাহঁজনীয়ে চিঞৰিব নোৱাৰাকৈ তাইৰ মুখত চেলোটেপেৰে বান্ধি হেকা ভাইৰাছে মাত লগালে – জীমণি, আজি এইফালে কেনেকৈ? ইমানদিনে ক্লাছ ছুটীৰ পিছত পূজাৰ জেলেপী আৰু চাহ খাবলৈ কেবিনত মাতিলো, এদিনো নাহিলা? আজি কোন সতে?

জীমণি বাইদেউ- ছাৰ, হেৰি নহয়, জেলেপী পাহৰি যাঁওক আৰু এই ৰেন্সো বোলাটোৰহে কিবা এটা কৰক এতিয়া৷ হৰি হৰি, কি ফটা মুখ তাৰ৷ মেচিন মানে কি তাৰে উত্তৰ দিছে বোলে ভাইৰাছৰ জীয়েকৰ লগত লিলিমাই কৰিবলৈ যিটো প্ৰযুক্তিৰ প্ৰয়োজন হয়, মানে ফোনটো, সেয়া হৈছে মেচিন৷ মেকানিকেল ইঞ্জিনিয়াৰিঙক ধোঁৱাচাঙত উঠাই তেৰাই এটা টিম বনাই গোটেই চিলেবাছৰ নগুৰ নাকতি কৰিহে এৰিব যেন পাইছো৷

জীমণি বাইদেউৰ কথা শুনি হেকা ভাইৰাছৰ মূৰ ঘূৰণি হৈ থিতাতে বেহুচ হোৱা দেখা যায়৷ চতুৰ বিজয়ে মোজা খুলি শুঙোৱা দেখা যায় ভাইৰাছক৷

চতুৰ্থ শ্বট- হেকা ভাইৰাছৰ ঘৰ

হেকা ভাইৰাছক খঙত কমলা টেঙাটো হৈ ঘৰত সোমোৱা দেখা যায়৷ সোমাইয়ে জীয়েক নিৰ্মালীক চিঞৰি ৰুমৰ পৰা মাতে৷ একো সাৰসুৰ নোপোৱা কাৰণে নিৰ্মালীৰ ৰুমলৈ গৈ দেখে যে তাই মুখখন হাহঁটোৰ নিচিনা কৰি কাৰোবাৰ লগত প্ৰেমালাপ কৰা দেখা গৈছে৷ খঙত টিঙিৰিতুলা হৈ ফোনটো হাতত তুলি লয় ভাইৰাছে৷ ফোনটোৰ ইটো পাৰে চাধা মলি মলি ৰেন্সো দীপাংকৰক দেখা গৈছে৷ হেকা ভাইৰাছক দেখি ৰেন্সোৱে বিচনাত পৰি পৰিয়েই “শহুৰদেউতা প্ৰণাম“ বুলি সাষ্টাংগে প্ৰণিপাত কৰে৷ হেকা ভাইৰাছে খঙতে ফোনটো অফলিয়াই আৰু ৰামানুজ গোস্বামী বোলা তেখেতৰ বিজনেছমেন বন্ধুজনক ফোন কৰে নিৰ্মালীৰ বিয়াৰ প্ৰস্তাৱ তেখেতৰ ল’ৰা অনুৰুপ বডীবিল্ডাৰলৈ দিব বুলি৷

পঞ্চম শ্বট- অনুৰূপৰ জীম

দেউতাক ৰামানুজ গোস্বামীৰ পৰা আগৰাতি নিৰ্মালীৰ লগত কৰা বিয়া প্ৰস্তাৱটো শুনি অনুৰূপে ফুৰ্তিতে জীমত বহি বহি দুই লিটাৰমান প্ৰটিন শ্বেক গলাধকৰণ কৰা দেখা গৈছে৷
এইফালে হেকা ভাইৰাছে ভাৱী জোঁৱাইক চাৰপ্ৰাইজ দিবলৈ ৰাতিপুৱাতেই খাটাৰা আইকনখন লৈ অনুৰূপৰ জীমৰ ফালে লৱৰিছে৷ জীমত গৈ অনুৰূপক জুমি থাকোতে অনুৰূপে আহি হেকা ভাইৰাছক “বুঢ়া শগুণ, কি চাই আছ“ বুলি ধমকি দিয়ে৷ অনুৰূপে আচলতে হেকা ভাইৰাছক চিনি নাপায় বুলি তাৰ চাল চলনত পৰিলক্ষিত হৈছে৷ পঞ্চী বোলা ছোৱালী এজনী জীমত সোমাওঁতে অনুৰূপে “হাই বেবী“ বুলি মতা দেখি আৰু ৰব নোৱাৰি হেকা ভাইৰাছে মনত দুখ বান্ধি আহিবলৈ ওলাইছিলহে যে চতুৰ বিজয়ে ভাইৰাছক দেখি ভৰি চুই আথেবেথে ওচৰৰ চকী এখনত বহুৱালে৷ হেকা ভাইৰাছে দুখতে বিজয়ৰ আগত কথাটো কোৱাত বিজয়ে অনুৰূপক “ডাঙৰক সন্মান কৰিব নাজান নেকি“ বুলি এবকলা শুনালে৷ চতুৰ বিজয়ৰ ডাঙৰৰ প্ৰতি থকা শ্ৰদ্ধা দেখি মৰমতে গদগদ হৈ হেকা ভাইৰাছক বিজয়লৈ ছোৱালী নিৰ্মালীক বিয়া দিম বুলি ঘোষণা কৰা দেখা গৈছে৷ শ্বটটোৰ সমাপ্তি চতুৰ বিজয়ে ক্ৰুৰ দৃষ্টিৰে অনুৰূপৰ ফালে হাত মলি মলি “কেনে মজ্জা, এতিয়া নিৰ্মালী মোৰ হ’ল“ বুলি মনতে কোৱাৰে ঘটে৷

ষষ্ঠ শ্বট- ভাইৰাছৰ কেবিন

হেকা ভাইৰাছে কেবিনটো উথলপুতল কৰা দেখা যায়৷ ইতিমধ্যে কলেজৰ সম্পূৰ্ণ ষ্টাৰ্ফৰ লগতে ৰিন্টু পাণৱালা আৰু নয়নমণি নাপিতকো হেকাৰ কেবিনত ভয়তে কঁপি থকা দেখা গৈছে৷ চাৰিওফালে এক হুলস্হুল পৰিৱেশ৷
“কোনে লৈ গৈছ, ভালে ভালে ক“ বুলি হেকা ভাইৰাছে বাৰে বাৰে হুংকাৰিছে৷ নয়নমণি নাপিতে মাজে মাজে হেকা ভাইৰাছৰ ঘামে জিলিকা তালুখন গামোচাৰে মোহাৰি দিছে৷ ৰিন্টু পাণৱালাই হেকা ভাইৰাছক ১২০ এখন খুৱাই পৰিস্হিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে৷ জীমণি বায়ে ৰেন্সো দীপাংকৰলৈ ফোন কৰাত গম পোৱা গৈছে যে হেকাৰ উমনি দি থকা হাঁহটো আগৰাতি চুৰ হৈছে৷

সপ্তম শ্বট- চতুৰ বিজয়ৰ হোষ্টেল ৰুম

বিজয়ৰ ৰুমটো অংসযত অৱস্হাত দেখা গৈছে৷ চাৰিওফালে চিগাৰেট বিড়িৰ টুকুৰা আৰু গড়মাৰ্কাৰ বটল সিচৰিত হৈ আছে৷ কেমেৰা এইবাৰ বিজয়ৰ ৰুমৰ দৰ্জাৰ ফালে৷ বাহিৰৰ পৰা জুম বান্ধি ভাইৰাছ আৰু লাম লাকটুবৃন্দ চৌ চোৱাই বিজয়ৰ ৰুমলৈ অহা শব্দ হৈছে৷ বিজয়ৰ দৰ্জা খোলা অৱস্হাত৷ টোপনিত নাক বজাই থকা বিজয়ক দেখি ভাইৰাছে টেবুলত থকা পানী বটলটোৰে পানী ঢালি বিজয়ক উঠাই দিয়ে৷ বিজয়ে খকমককৈ উঠি ভাইৰাছক দেখি নাৰ্ভাছ হয়৷ বিজয়ৰ কাণত হাঁহৰ পাখি আৰু টেবুলৰ তলৰ কাহী এখনত হাহ মাংসৰ টুকুৰা দেখা গৈছে৷

অষ্টম শ্বট- ৰেন্সো দীপাংকৰৰ ৰুম

“মানিছো গুৰু আপোনাক“ বুলি দিম্পল আৰু হিতেশে ৰেন্সো দীপাংকৰৰ হাত মালিছ কৰি থকা দেখা গৈছে৷ ফ্লেছবেকত ৰেন্সোৱে ভাইৰাছৰ কেবিনৰ পৰা হাঁহ চুৰ কৰা দেখা গৈছে৷ লগতে দেখুওৱা হৈছে কেনেকৈ সেই হাঁহটোৰ মাংস আৰু গড়মাৰ্কাৰে ৰাতি পাৰ্টি কৰি পাখি আৰু পেলনীয়াখিনি বিজয় শুই থকা অৱস্হাত বিজয়ৰ ৰুমত প্ৰমাণ হিচাবে থৈ ৰেন্সো দীপাংকৰে চতুৰ বিজয়ৰ ওপৰত প্ৰতিশোধ লৈছে৷ এই জুই বিজয়ে ৰেন্সোৰ পৰা নিৰ্মালীক হাত কৰি লোৱাৰ কাৰণে জ্বলিছে বুলি ৰেন্সোদাৰ চকুৰ পৰা পৰিলক্ষিত হৈছে৷

নৱম শ্বট- হেকা ভাইৰাছৰ ঘৰ

নিৰ্মালীৰ ৰুমৰ পৰা টাং টুং ধাম ধুম শব্দ আহিছে৷ কেমেৰা গৈ এইবাৰ নিৰ্মালীৰ ৰুমৰ ভিতৰভাগত৷ নিৰ্মালীয়ে হুৰমুৰকৈ পেকিং কৰা দেখা গৈছে৷ তাইৰ মুখৰ টেনশ্যনখিনি কেমেৰাই সযতনে বন্ধ কৰিছে৷

দশম শ্বট- কলেজৰ প্লেগ্ৰাউণ্ড

গোটেই কলেজ আহি কলেজ চোতালৰ প্লেগ্ৰাউণ্ডত উপস্হিত হৈছে৷ সকলোৰে মুখত টেনশ্যন আৰু বিজয়ক লৈ ফুচফুচনি হৈছে৷ বিজয়ক জীমনিবাইদেউ হতে হাঁহচোৰ অপৰাধী মানি আঠুকঢ়াই মুৰ্গা বনাই থৈছে৷

বিজয়ে “মই নিৰ্দোষী, মই একো কৰা নাই“ বুলি ফেকুঁৰিছে৷ এনেতে হেকা ভাইৰাছ আহে আৰু বিজয়ক থিয় দিবলৈ কয়৷ বিজয়ে ভয়ে ভয়ে থিয় দিয়ে আৰু ভাইৰাছৰ ভৰিত পৰি হুকহুককৈ কান্দে৷ বিজয়ক শান্ত হবলৈ দি হেকা ভাইৰাছে ৰেন্সোদাক মাতে৷ ৰেন্সো দীপাংকৰে বুকু ফিন্দাই হেকা ভাইৰাছৰ ওচৰলৈ যায়৷ এনেতে এটা তীব্ৰ শব্দ হয় আৰু চাৰিওফালে কাঁহ পৰি জীণ যোৱা যেন পৰিলক্ষিত হয়৷ ৰেন্সো দীপাংকৰৰ মুখত এটা তীব্ৰবেগী ঘোঁচা মাৰি হেকা ভাইৰাছে এটা ভিডিও ৰাইজৰ আগত দেখায় য’ত ৰেন্সো দীপাংকৰে হাঁহ চুৰ কৰাৰে পৰা বিজয়ৰ ৰুমত প্ৰমাণ থোৱালৈ সকলোখিনি ৰেকৰ্ড কৰা আছে৷ ৰাইজৰ ফুচফুচনি বাঢ়ে৷

এনেতে হেকা ভাইৰাছৰ মোবাইলত মেচেজ এটা আহে৷ মেচেজটো খুলি হেকা ভাইৰাছক টেনশ্যনত দেখা যায়৷ তাৰ দুই মিনিটমান পিছত হেকা ভাইৰাছৰ মূৰ্ছিত হোৱা দেখা যায়৷

হুলস্থুল লাগে আৰু কেমেৰাই শেষত মেচেজটোৰ ক্লোজআপ দেখায় – মৰমৰ দেউতা, ছৰী এনেকৈ তোমাক টেনশ্যন দিলো৷ তুমি মোক মন্দিৰৰ ঘন্টা টাইপ যাৰে তাৰে লগত বিয়া দিব দেখি এই নাটকখন কৰিবলগীয়া হ’ল৷ ৰেন্সোৰ লগত মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাই৷ সেই ফটহুটোৱে গপতেই মোৰ ফুচুলনিক প্ৰেম বুলি ভাবিহে এই গোটেই কামখিনিত মোক সহায় কৰিলে৷ মই আচলতে আন কাৰোবাকহে ভাল পাঁও আৰু এই মুহুৰ্তত আমি কামাখ্যা মন্দিৰত বিয়া পাতি আছো৷ মোক যাতে কোনেও বেয়া নাপায়৷ আমাক আশীৰ্বাদ কৰিব৷ – ইতি, নিৰ্মালী আৰু তোমাৰ জোঁৱাই- দিম্পল কলিতা।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *