ফটাঢোল

লিখক পত্নী সংবাদ – মূল – বীৰেন্দ্ৰ জৈন (হিন্দী) – অনুবাদ-চাহিন জাফ্ৰি

: মই এটা লেখা লিখিবলৈ আৰম্ভ কৰিছোঁ।
– মই মোৰ পত্নীক ক’লোঁ।

: আৰুনো তুমি কি কৰিব পাৰা? লাৱৰ বাকলি এটাও গুচাব নাজানা, লিখিয়েই থাকা আৰু।
-অভ্যাসগত ভাবে মোৰ পত্নীয়ে মোৰ কামটো নিৰ‍‍ৰ্থক আৰু হেয় বুলি প্ৰতিপন্ন কৰিব খুজিলে আৰু লাৱৰ বাকলি গুচাই থাকিল।

: মোৰ লিখনিটোৰ বিষয় হ’ল- ‘পত্নীৰ সৈতে যুজঁ দিয়াৰ মজা’..।
– মই তেওঁৰ কথালৈ গুৰুত্ব নিদি নিজৰ কথা ক’লোঁ।

: মইতো সদায়েই কওঁ যে তুমি মোৰ লগত লাগি ভালপোৱা আৰু সেয়ে কোনো কথা-বতৰা নোহোৱাকৈয়ে মোৰ লগত লাগি থাকা সদায়।
– কেনকেনিয়া মাতটো উলিয়াই মোৰ পত্নীয়ে কৈ উঠিল।

: মই কাজিয়া কৰোঁ..!
-প্ৰশ্ন সোধাৰ নিচিনাকৈ মই কিবা এটা ক’লোঁ।

: তেন্তে কি মোৰ ভাল লাগে?
-নিজৰ উত্তৰতেই প্ৰশ্ন সোধাৰ দৰে তেওঁ ক’লে।

: আৰে ভাই, এখন হাতেৰে তালি নাবাজে।
– মই কথাটো সিমানতে শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ।

: তালি বজাবলৈ কোনে কৈছে? কিন্তু চৰতো এখন হাতেৰেই মৰা যায়! আৰু কাজিয়া লাগিলে তালি বজোৱা নহয়। হাত চাপৰি(তালি) বজাবলৈতো তুমি ঢেৰ মেলে-মিটিঙে, সন্মান-সমাৰোহলৈ গৈ থাকা, য’ত বেলেগৰ কাৰণে তালি বজাই বজাই নিজে খালি হাতেৰে উভতি আঁহা।

: তেনেহ’লে কি বেলেগৰ ডিঙিত ওলমি থকা মালা ডাল ছিঙি আনি আকৌ তোমাক পিন্ধাই দিওঁ?

: এবাৰ যে পিন্ধাইছিলা, তাৰেই ফল আজিলৈকে ভুগি আছোঁ।
– পত্নীয়ে খৰকৈ লাৱৰ টুকুৰা কৰিবলৈ ধৰিলে।

: ভুগিতো মইহে আছোঁ। তুমিতো ৰাজৰাণীৰ দৰে আছা।

: কাৰ ওপৰত ৰাজৰাণী হৈ আছোঁ?

: মোৰ ওপৰত, গোটেই ঘৰখনৰ ওপৰত..।

: ঘৰৰ চাকৰণীক ৰাজৰাণী বুলি কয়? এই সামান্য ভাষাজ্ঞানকণ লৈয়েই তুমি বাহিৰত সাহিত্যিক হৈ ঘূৰি ফুৰিছা? আৰু আনৰ সন্মান-সমাৰোহত গৰিমা বঢ়াই আছা?

: আৰে ভাই তুমি গৰাকী এইখন ঘৰৰ..। ৰাণীয়েই হয় দিয়াচোন..।

মোৰ মাথো এই দুষাৰ বাক্যহে শুনিলে, তাৰ পাছত তেওঁ গৈ পাকঘৰ পালেগৈ আৰু তাৰ পৰাই বাচন-বৰ্তন বোৰ দলিয়াবলৈ ধৰিলে।

: আৰে, এয়া কি কৰি আছা তুমি?
– মই বাচন-বৰ্তনবোৰলৈহে চিন্তা কৰিছিলোঁ।

: ঘৰৰ মালিকনী হোৱাৰ নমুনা দেখুৱাইছোঁ তোমাক।এই গোটেই বাচন-বৰ্তনবোৰ মই ব্যৱহাৰ কৰোঁ, সেইবোৰ মাজা-ঘঁহা কৰোঁ, কিন্তু ইয়াৰ ক’তো মোৰ নাম লিখা নাই, সৱতে তোমাৰ নাম আছে, এই হেতাখনতো।
– এইবুলি তেওঁ একেবাৰে শেষত দলিয়াবলৈ বাকী থকা হেতাখনকো দলি মাৰি পঠিয়ালে।

: আৰে ভাই ময়োতো তোমাৰেই প্ৰজা। তুমি ৰাণী হোৱা এইখন ঘৰৰ। এই গোটেই ঘৰখনেই তোমাৰ।

: মোৰ?

: আৰুনো কাৰ তেন্তে?

তেওঁ বেগেৰে বাহিৰলৈ গ’ল আৰু দৰ্জাৰ পৰা মোৰ নেমপ্লেটখন (Name plate) খুলি আনিলে আৰু ক’লে,

: পঢ়া ইয়াত কি লিখা আছে।

: এইখনতো সদায়ে পঢ়োঁ।

: এইটো কাৰ নাম?

: মোৰ, আৰু কাৰ হ’ব?

: আৰু এই নেমপ্লেটখন সেইটো ঘৰৰ বাহিৰত লাগি থাকে, যিটো ঘৰৰ মালিকনী বুলি তুমি মোক এতিয়া কৈছা। সেই ঘৰটোৰ বাহিৰত তোমাৰহে নেমপ্লেট লাগি থাকে।

: কিন্তু মই ঘৰৰ মুৰব্বী, এই ঘৰখন চলাবলৈ উপাৰ্জন কৰোঁ, ঘৰটো মই সজাইছোঁ। সেয়ে মোৰ নামৰ নেমপ্লেট লাগি আছে।

: তাকেইতো ময়ো কৈ আছোঁ যে তুমি এই ঘৰখনৰ বাবে লাৱৰ বাকলি এটাও গুচাব নালাগে, তথাপিও নেমপ্লেট আৰু বাচন-বৰ্তন বোৰত তোমাৰ নাম আছে আৰু মই গোটেই দিন এই ঘৰখনৰ বাবে গেবাৰী খাটোঁ যদিও মোক মাথো ঘৰৰ গৰাকিনী বুলি কৈয়েই মূৰ্খ সজাই থোৱা হয়। কিন্তু তুমিনো আৰু কি কৰিবা! তোমাকোতো প্ৰায়েই মূৰ্খই সজাই থোৱা হয়! মেলে মিটিংয়ে সন্মান-সমাৰোহৰ আমন্ত্ৰণ পত্ৰত এইবুলি লিখা থাকে যে– আহক আৰু গৰিমা বঢ়াওকহি। কিন্তু ইয়াৰ চিধা অৰ্থ হ’ল- আহক ভীৰ বঢ়াওক, আৰু কৰতল ধ্বনিত যোগদান দিয়কহি। ভীৰসমূহো এইবাবেই একত্ৰিত কৰা হয় যাতে, তাৰ আধাৰতেই অনুদানৰ ধনৰ যোগাৰ হৈ যায়।

ইমানখিনি কোৱাৰ পাছত তেওঁ এটি দীঘল উশাহ ল’লে আৰু পৰৱৰ্তী বলিঙত ছয় কোবোৱাৰ ভঙ্গীৰে মোৰ উত্তৰলৈ বাট চালে।

: আৰে ভাই মানুহ হৈছে সামাজিক প্ৰাণী। সকলোৱেই এজনে আনজনৰ কামত আহে। আজি মই যাৰ বাবে যাওঁ, কাইলৈ মোৰো কামত তেওঁলোক আহিব, সেই আশাতে…

: তাৰমানে সকলোৱে সকলোকে মূৰ্খ বনাই থাকা।
– পত্নীয়ে মোৰ বাক্যটোক কাঢ়ি নি নিজেই শেষ কৰিলে।

: তুমিতো মোৰ সকলো কথাতেই দোষ দেখা পোৱা।
– মই অলপ খঙৰে ক’লোঁ।

: সকলো কথা নহয়, সকলো বেয়া কথাত। আৰু তুমি কেতিয়াও সঠিক কথা নোকোৱাই।

: হয়! মইতো সম্পূৰ্ণভাৱে ভুলেই ভুল। একমাত্ৰ তুমিয়েই শুদ্ধ।
– এইখিনি কৈ মই তেওঁৰ ফালে যেতিয়া চালোঁ, দেখিলোঁ যে তেওঁৰ চকুৰে পানী বৈ আছে। কৰুণা উপজিব খুজিও হঠাতে ৰৈ গ’ল, যেতিয়া দেখিলোঁ যে, তেওঁ আচলতে পিয়াঁজহে কাটি আছিল।

: নহয়, ময়ো ভুল কৰোঁ!
– পত্নীৰ মুখত সেইদৰে শুনি মই ভাবিলোঁ যে তেওঁ নিশ্চয় অনুতপ্ত হৈছে। মই আৱেগিক হৈ উঠিব খুজিছিলোঁহে, তেনেতে তেওঁ ক’লে –

: তুমিতো সদায় সেই সমাৰোহবোৰৰ পৰা খালী হাতেৰে নাহা, বৰঞ্চ সদায়েইচোন তোমাৰ হাতত কিবা এটা থাকে!

: কি?
– আচৰিত হৈ মই অকল প্ৰশ্ন কৰাই নাছিলোঁ, সঁচাকৈয়ে আচৰিত হৈছিলোঁ।

: পৰৱৰ্তী অন্য সমাৰোহত গৰিমা বঢ়োৱাৰ নিমন্ত্ৰণ পত্ৰ।
– পত্নীয়ে গহীনাই ক’লে।

মই মোৰ কোঠালৈ উভতি আহিলোঁ, লেখাটো সম্পূৰ্ণ কৰিবলৈ।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *