ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কাহিনী – তৃষ্ণা সোনোৱাল

২০১৮ চনৰ জানুৱাৰী মাহৰ কথা। কেনেকৈ ফটাঢোল নামৰ হাস্য ব্যংগ গোটটিত সোমাই পৰিলোঁ নাজানো। কিন্তু জীৱনৰ আটাইতকৈ সুমধুৰ সময়খিনি গোটটোত সোমায়ে আৰম্ভ হ’ল।

হাস্য ব্যংগাত্মক সাহিত্যৰ প্ৰতি মোৰ বহুদিনীয়া দুৰ্বলতা। কাজেই সামাজিক গোটটোত উচ্চ মানৰ হাস্যৰসিক লিখনি, ব্যংগাত্মক লিখনিৰ পয়োভৰ দেখি আকৰ্ষণটো আসক্তিলৈ ৰূপান্তৰিত হ’ল। লাহে লাহে ময়ো গোটত দুই এটা লেখা দিবলৈ আৰম্ভ কৰিলোঁ। ই-আলোচনীখন পঢ়িবলৈ লৈছিলোঁ ফটাঢোলৰে কুইজ শিতানটোত অংশগ্ৰহণ কৰিবলৈ। প্ৰথম বাৰ পঢ়িয়েই ভাল লাগিল, যথেষ্ট উন্নত মানদণ্ডৰ আছিল আলোচনীখন। লাহে লাহে ময়ো আলোচনীলৈ লেখা পঠিয়াবলৈ ল’লোঁ। এইদৰেই গোটটোৰ লগতে আলোচনীখনো আপোন হৈ পৰিল।

এদিনাখন, গোটৰ জ্যেষ্ঠ অভিভাৱক স্বৰূপ হেমন্ত কাকতিদাৰ ফোন আহিল,

: তৃষ্ণা তুমি আমাৰ আলোচনীখনৰ এটা সংখ্যা সম্পাদনা কৰিব লাগিব।

মই প্ৰস্তুত একেবাৰে নাছিলোঁ, কাৰণ ইণ্টাৰনেটৰ কাৰিকৰী দিশসমূহৰ বিষয়ে একেবাৰেই অজ্ঞ মই। তাতে সম্পাদনা কৰিবলৈ সাহসৰো অভাৱ অনুভৱ হ’ল।

উত্তৰ কি দিম ভাবি ৰ’লোঁ মই, মানুহৰ জীৱনত স্মৰণীয় অভিজ্ঞতাৰ অতি প্ৰয়োজন। ময়ো তেনে অভিজ্ঞতা এটাকে গোটাওঁচোন। যি হওক দেখা যাব, চেষ্টা কৰিলেতো সকলো সম্ভৱ কৰিব পাৰি। এই কথা মনত ৰাখিয়েই দাদাক ক’লোঁ মই পাৰিম বুলি, ইফালে ভয়ত বুকুত ধান বনা দি বানিছে।

লাহে লাহে কেইবামাহো পাৰ হ’ল। মই আকৌ দিনটো ওচৰ চাপি নাহক সেইটোতহে প্ৰাৰ্থনা কৰিবলৈ লাগিলোঁ। আকৌ এদিন ৰিণ্টু দাই ফোন কৰি ক’লে যে ডীল ফাইনেল, ডিচেম্বৰ সংখ্যাৰ কাৰণে তোমাক দায়িত্ব দিয়া হ’ল। অক্টোবৰৰ শেষৰ ফালে পুনৰ হেমন্ত দাই ৰিমাইণ্ডাৰ দি কাম কাজ বোৰ বুজাই দিলে আৰু এনেকৈয়ে মই ডিচেম্বৰৰ সংখ্যাৰ সম্পাদনাৰ দৰে গুৰু দায়িত্ব সম্পন্ন কৰিবলৈ আগবাঢ়িলোঁ।

পোন প্ৰথমে ফটাঢোল ই-আলোচনীৰ টীমটোৰ কথা ক’ব লাগিব। আলোচনীৰ লগত জড়িত টীমটোৰ কাৰ্য্যকুশলতা দেখি মই আচৰিতৰ লগতে উৎফুল্লিত হৈছিলোঁ। সম্পাদনা মেজৰ প্ৰতিগৰাকী ব্যক্তিয়ে উপযাচি সহায় কৰিবলৈ সদায়ে সাজু, তেওঁলোকৰ উৎসাহতে কামবোৰ কৰিবলৈ সক্ষম হ’লোঁ।

প্ৰথম দিনাই ৰিণ্টুদাই কেনেকৈ লিখা গোটাব লাগিব, কেনেদৰে কামবোৰ কৰিব লাগিব বুজাই দিলে। লাহে লাহে গুৰুৰ সহযোগিতা পূৰ্ণ আদেশ শিৰোধাৰ্য্য কৰি এনেকৈয়ে আগবাঢ়িলোঁ সম্পাদনাৰ কামখিনিত।

কেইবাগৰাকী প্ৰতিষ্ঠিত লেখক তথা গল্পকাৰৰ লগত যোগাযোগৰ সুবিধা কৰাই দিয়াৰ বাবে গীতিকাবালৈ পোন প্ৰথমে ধন্যবাদ আগবঢ়ালোঁ।

লিখনিৰবোৰৰ বৰ্ণা শুদ্ধিৰ দৰে জটিল কিন্তু গুৰুত্বপূৰ্ণ কামটোত বিনাদ্বিধাই মূৰ পাতি লোৱা মৰমৰ চবিনাবা, ঋতুপৰ্ণাবা, পৰিস্মিতাবা আৰু জীমনিবালৈ মোৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিশেষকৈ প্ৰতিটো কথাকেই সুধি ব্যতিব্যস্ত কৰা মইজনীক চবিনাবাই সকলোবোৰ মৰমৰে শিকাই দিছিল, তেওঁলৈ আন্তৰিক ধন্যবাদ জনালোঁ।

কাৰিকৰী দিশসমূহ শিকাই বুজাই লোৱাৰ উপৰিও আলোচনীৰ প্ৰতিটো দিশৰ বিষয়ে পুংখানুপুংখভাৱে অৱগত কৰোৱাৰ বাবে পুনৰ চবিনাবা আৰু ৰিমঝিমবালৈ মৰম আৰু ধন্যবাদ থাকিল।

গোটত ভাল লিখা পালেই মোক টেগ কৰি লিখা বুটলিবলৈ সহায় কৰি দিয়া প্ৰণীতা গোস্বামী বৰঠাকুৰবা, দিম্পললৈ থাকিল অজস্ৰ কৃতজ্ঞতা।

নয়নমনি হালৈ দাদাই বহুকেইটা উৎকৃষ্ট লিখনি বিচাৰি মোলৈ আগবঢ়াই দি কিমান সহায় কৰিলে বুজাবলৈ ভাষাৰ অভাৱ মোৰ, তেওঁৰ ওচৰত কৃতজ্ঞতাৰে চিৰঋণী হৈ ৰ’লোঁ।

আলোচনীৰ কামসমূহ দিহা পৰামৰ্শে আগবঢ়াই সহায় কৰা অভিজিতদা আৰু সঞ্জীৱদালৈয়ো অশেষ ধন্যবাদ আগবঢ়ালোঁ ।

ফটা প্ৰশ্নৰ লগতে কাৰ্টুন বিচাৰি দিয়া ৰিমঝিমবা, চিনেমা চিনেমা শিতান যুগুতাই দিয়া ৰাজশ্ৰীবা, সাক্ষাৎকাৰৰ লেখাখিনি যুগুতাই দিয়া কাজলপ্ৰিয়া আৰু ধাৰাবাহিক উপন্যাস কেইখন সাজু কৰি দিয়া মনীষাবালৈও থাকিল মৰমভৰা ধন্যবাদ ।

হেমন্ত কাকতিদায়ে নিয়মীয়াকৈ মাহজোৰা কামখিনিৰ অগ্ৰগতিৰ খবৰ লৈ থকাৰ লগতে তেখেতৰ দিহা পৰামৰ্শৰে মোক উজ্জীৱিত কৰাৰ বাবে তেখেতলৈ শ্ৰদ্ধা আগবঢ়ালোঁ ।

আলোচনীৰ অলংকৰণ আৰু আপলোডিঙৰ চূড়ান্ত কামখিনি কৰি আলোচনীখন ৰাইজলৈ আগবঢ়াই দিয়া টীম মেনেজাৰ ৰিণ্টুদা, মনীষাবা, হেমন্ত কাকতি দাদা, ঋতুপৰ্ণ দাদা আৰু ৰিমঝিমবালৈ অপৰিসীম কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

তদুপৰি আলোচনীৰ কামকাজ কিমান কি আগবাঢ়িছে উপযাচি খবৰ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ । এই সময়ছোৱাত আপোনালোকৰ শুভকামনাই মোক যথেষ্টখিনিয়ে উৎসাহিত কৰিলে।

এটা কথা মানিবই লাগিব যে ৰিণ্টুমনি দত্তদা আৰু হেমন্ত কাকতিদাৰ নেতৃত্বত উল্লেখিত টীমটোৰ অহৰ্নিশে কৰা প্ৰচেষ্টাৰ ফলতেই অসমীয়া প্ৰথমখন হাস্য-ব্যংগ ই-আলোচনী ফটাঢোলে অনলাইন আলোচনীৰ ক্ষেত্ৰখনত এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে।

কিমান আন্তৰিকতা থাকিলে মানুহে ব্যস্ততাপূৰ্ণ জীৱনৰ সমান্তৰালকৈ আলোচনী এখনৰ বাবে দেহে কেহে খাটিব পাৰে, নেদেখিলে অনুভৱ কৰিব নোৱাৰি।

দলটোলৈ থাকিল মোৰ অশেষ শ্ৰদ্ধা, শুভকামনা আৰু এটা গ্ৰেণ্ড চেল্যুট।

এটা অকনমানি অনুভৱেৰে মেজলৈ আগবঢ়ালোঁ মোৰ কৃতজ্ঞতা –

লুইতৰ এইপাৰেও এখন সাগৰ আছিল
এদল মানুহে তাত শামুক বুটলিছিল

মানুহ কেইগৰাকীৰ আঙুলি বোৰ সাধাৰণ নাছিল
মিডাছৰ আশীৰ্বাদ তাত অহৰ্নিশে বৰষিছিল
এটা স্পৰ্শতে জীৱিত হৈছিল আখৰুৱা সপোন
পানীও য’ত সোণ হৈ জিলিকিছিল

তেওঁলোক আছিল একোজন জহুৰী
শামুক বাচি মুক্তা গুঠিছিল
বালি সিঁচি হাঁহি কমাইছিল
মানুহবোৰ মিডাছৰ ছাঁ আছিল।

লাহে লাহে সাগৰখনৰ সোঁত বাঢ়িবলৈ ধৰিলে
পূৰ্বৰ পৰা পশ্চিমলৈ ঢৌ খেলিবলৈ ল’লে
ঢৌৱে ঢৌৱে লহৰে লহৰে
মানুহবোৰৰ কামবোৰ বিয়পি পৰিলে

এতিয়া উপকূলৰ পাৰত কেৱল চৰ্চা
জীৱনমুখী গদ্যৰ আলোচনা
হাঁহি আৰু সাহিত্যৰ উপাসনা।

দলটোৱে এতিয়াও শামুক বুটলে
নীৰৱে, নিটালে
কাৰণ তেওঁলোকে জানে
শামুকৰ আঁৰতে থাকে মুক্তাৰ মালিতা।।

ইণ্টাৰনেটৰ ইউনিক’ডৰ মজিয়াত অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনত ফটাঢোলৰ অৱদান সৰ্বদা বৃহৎ আৰু মহৎ। মই নিশ্চিত যে এদিন জগত জিনি জিলিকি উঠিব লুইত পাৰৰ এই হাঁহিৰ সাহিত্য চৰ্চা।

শেষত ফটাঢোল আলোচনীলৈ লিখনি প্ৰেৰণ কৰা প্ৰতিগৰাকী লেখক তথা পঢ়ুৱৈলৈ ধন্যবাদ আৰু আগন্তুক নতুন বৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ।

হাহঁক আৰু হহুঁৱাই থাকক,
জয়তু ফটাঢোল।

ধন্যবাদেৰে,
তৃষ্ণা সোনোৱাল
সম্পাদিকা
দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

16 Comments

  • হেমন্ত কাকতি

    বৰ নিয়াৰিকৈ কৰা কামৰ বাবে তোমাৰ শলাগ নলৈ নোৱাৰিলোঁ৷ শেষত লিখা কবিতা ফাঁকিয়ে মন ভৰাই তুলিলে৷

    Reply
  • ৰিণ্টু

    খুব নিয়াৰিকৈ আৰু সূচাৰুৰূপে কামবোৰ কৰিলা তৃষ্ণা। আন্তৰিক ধন্যবাদ আৰু অভিনন্দন।

    শেষৰ কবিতাটো সাংঘাটিক ভাল লাগিল

    Reply
  • কমলা দাস

    সচাকৈ ,কিছুমান কথা দেখিলেহে অনুভৱ কৰিব পাৰি।তোমাৰ কবিতা ৰ তুলনা নাই

    Reply
  • ৰামানুজ

    গৰ্ব অনুভৱ….
    কষ্ট স্বীকাৰ …আৰু ঐক্যতা দেখি

    Reply
  • অভিজিত কলিতা

    মুকুতা পৰি আছে সকলো দিশে। শামুকৰ খোলাৰ পৰা মুকুতা উলিয়াই পৰিষ্কাৰ কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াই ফটাঢোলৰ উদ্দেশ্য।
    বৰ ভাল লাগিল তোমাৰ কথাখিনি। ফটাঢোলৰ সদস্য হিচাপে গৌৰৱান্বিত।

    Reply
  • কাবেৰী মহন্ত

    বৰ সুন্দৰ আলোচনী হৈছে এইখন..শেষৰ কবিতাটোৱে সোনত সুৱগা চৰালে

    Reply
  • তৃষ্ণা সো.

    সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

    Reply
  • Sankar JyotiBora

    সুন্দৰ সংখ্যা এটাৰ লগতে এনেকুৱা আতোলতোল সম্পাদকীয় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনালো৷

    Reply
  • deepjyoti handique

    বৰ সুখ পালো । সকলো লিখক সম্পাদনা আয়োজক সকললৈ আমি শুভেচ্ছা জনালো । আমি সদায় সহযোগ কৰি যাম । জয়তো ফটা ঢোল । ??????

    Reply
  • তৃষ্ণা তোমাৰ লগত কিছুমান সুন্দৰ মুহূৰ্ত পাৰ কৰিলোঁ৷ ভাল লাগিল৷ আঁৰৰ কথাখিনি বৰ সুন্দৰকৈ ক’লা৷ সুখী হ’লোঁ৷

    Reply
  • Mukut bhattacharjya

    টিম মেগাজিনৰ সকলোলৈ আন্তৰিক শ্ৰদ্ধা ও মৰম জনালো। এয়া এক আশাশুধীয়া প্ৰচেষ্টা। গভীৰ আন্তৰিকতা অবিহনে এয়া সম্ভৱ নহয়।
    সম্পাদিকাৰ সম্পাদকীয় আৰু শলাগৰ শৰাই উচ্চ মানৰ হৈছে।অভিনন্দন।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ হৈছে আলোচনী খনৰ এইটো সংখ্যা ও। টিম ফটাঢোললৈ অভিনন্দন।

    Reply
  • দিম্পল

    বা ধন্যবাদ ইমান ধুনীয়া এখন আলোচনী আমাৰ হাতত দিয়া বাবে।
    কবিতাটো পঢ়ি গৰ্ব কৰিছোঁ
    কত আছোঁ কি কৰি আছো ভাবি

    Reply
  • সদানন্দ ভূঞা

    কবিতাটো সচাকৈ বৰ সুন্দৰ হৈছে । তোমালৈও নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

    Reply
  • Anonymous

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • তৃষ্ণা সো.

    সদৌটিলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উদগনি মূলক মন্তব্যই মোক আগলৈকো উপকৃত কৰিব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *