ফটাঢোল

বে-ৰে-কিং নিউজ – মনজিত

যোৱা কালিৰ ঘটনা…

ফেচবুকৰ লগত নিৰৱচ্ছিন্নকৈ ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সুজলা সুফলা শস্য শ্যামলা ষোড়শী যুৱতী মানে আমাৰ এঞ্জেল তুলতুলিয়ে পুৱাতেই দিয়া

“#GD_Mrng_GUYzzzz ”

বোলা আপডেটটোৱে নগদ এঘণ্টালৈকে এটাও লাইক কমেণ্ট নোপোৱাত যুৱতীগৰাকী বেয়াকৈ হতাশগ্ৰস্ততাত ভুগি অত্যন্ত ফ্ৰাষ্ট্ৰেটেড হৈ বেহুচ অৱস্থাতে ক’মাত গুছি যায়। হাতত ইচমাৰ্ট ফোন খামুচি থকা অৱস্থাতে তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ “#I_See_You” ত ভৰ্তি কৰোৱা হয়….।

বিচাৰ্য্যৰ বিষয় হৈছে যে নিতৌ “#Gd_Mrng” আৰু “#Gd_N8” বুলি আপডেট দি কমেও ৫oo/৫৫০ টা লাইক আৰু ১২০/১২৫ টা কমেণ্ট লোৱা যুৱতীগৰাকীৰ আপডেটটোত এটাও লাইক কমেণ্ট নহাক লৈ ফেচবুকীয়া সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ইয়াৰ উচিত চৰজমিন তদন্তৰ বাবে চৰকাৰক আবেদন জনোৱাৰ কথাও আলোচনা হৈছে। তাকে লৈ টিভি চেনেলত অবেলিৰ আড্ডা, সন্ধিয়াৰ সমালোচনা, বিয়লিৰ বিতৰ্ক টাইপৰ ভালেকেইটা জ্বলোচনাচক্ৰ টেলিকাষ্ট হয়। ইফালে এই বিতৰ্কিত বিষয়ত ফেচবুকীয়া সকল আনকালৰ দৰে সপক্ষে বিপক্ষে দুভাগ হৈ এবেলাৰ ভিতৰতে ফেচবুক ছাৰ্ভাৰৰ ১০/১৫ GB মান জেগা ওকুপাই কৰি পেলায়।

শেহতীয়া তথ্য মতে আজি বোৱাৰী পুৱাই “Feeling heppi n kool IN I.C.U” বুলি আপডেটোৱা চেল্ফিখনে ০.০৮৫ চেকেণ্ডত ৮৫ টা লাইক আৰু ৫৫ টা কমেণ্ট পোৱাতহে সুজলা সুফলা শস্য শ্যামলা ষোড়শী যুৱতী আমাৰ এঞ্জেল তুলতুলিয়ে সম্পুৰ্ণকৈ চকু মেলিছে আৰু “মা লেপিটো আনা, ফেবু কৰো” বুলি মুখেৰে মাত দিছে।

এইফালে তাইৰ বেষ্টফ্ৰেইণ্ড জাতীয় প্ৰাণীটোৱে নিজাকৈ চলোৱা উচিত তদন্তত সেই বিশেষ পোষ্টটোৱে লাইক নোপোৱাৰ কাৰণটো ধৰা পেলাইছে। তেওঁ ফেচবুক লাইভত কোৱা মতে পোষ্ট কৰাৰ সময়ত মিছ তুলতুলিয়ে ভুলতে পোষ্টৰ ছেটিংচত “অন্লি মি” কৰি পোষ্ট কৰিছিল, সেই বাবে “গুড মৰ্ণিং”টো ৰাইজে দেখাই নাপালে৷ যাৰ বাবে এই অবাঞ্চিত পৰিস্থিতিটোৰ সন্মুখীন হ’বলগীয়া হয়।

খবৰটো পাই সাধাৰণ ৰাইজে স্বস্তিৰ নিশ্বাস পেলালেও ফেচবুকীয়া সকল কিছু চিন্তাত পৰিছে যে পৰৱৰ্তী বিতৰ্ক এতিয়া কি হ’ব আৰু কেতিয়াকৈ হ’ব।

 

বিনা কেমেৰা পাৰ্ছ’নেৰে
নিজা প্ৰতিবেদক
ফেচবুক লাইভ, অসম

■■

2 Comments

  • হা হা হা এইটো পঢ়িছিলো ৷ বৰ কিউট আৰু মজেদাৰ আছিল, এঞ্জেল নহয় অ’, লিখাটো!
    বঢ়িয়া লাগিল!

    Reply
  • Rintumoni Dutta

    টিপিকেল মনজিত ষ্টাইল, মজা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *