ফটাঢোল

এতিয়া সেই আগৰ দিন নাই – দেৱজিত শইকীয়া

হেৰা চিত্ৰগুপ্ত, এই ফেচবুকত যে অসমৰ মানুহবোৰে লিখি থাকে “টেগ কৰা সকলৰ বাবে, ইনবক্সত হাই লিখাসকলৰ বাবে যমপুৰীত আচুতিয়াকৈ তেল গৰম কৰা আছে” এইটো সঁচা নেকি হে

যমৰ প্ৰশ্ন শুনি চিত্ৰগুপ্তই বোলে,মহাৰাজ এতিয়া আৰু সেই আগৰ দিন নাই৷ মৰ্ত্যৰ নৰ মনিছে আমাকো লাইটলি লোৱা হ’ল৷ সেইবোৰ বাদ দিয়ক আমাৰ শ্ৰীকৃষ্ণ প্ৰভূৱে গোপীসৱৰ লগত “ৰাস লীলা” কৰা চাবলৈ আমি প্ৰতিবছৰ আঘোণৰ পূৰ্ণিমালৈকে বাট চাওঁ৷ সেইদিনাহে তেৰাই ৰাস কৰে৷ আপুনি অসমলৈ গৈ চাওকচোন আঘোণৰ পূৰ্ণিমাৰ একাদশী বাদেই পুহ মাহতো ৰাস পাতি প্ৰভূক নচুৱাই থাকে৷

হয় হে, চিত্ৰগুপ্ত, আগৰ সেই দিন নাই৷ আগতে মানুহৰ নামবোৰ থোলোক, ভোকোন্দাই, মালতি, সাবিত্ৰী আছিল৷ কোনোবা মৰিলে হায়ৈ বিয়ৈ কৈ ৰাইজে কান্দিছিল গতিকে আমাৰ দূতে পুতুককৈ গৈ জীৱটো আনিব পাৰিছিল৷ এতিয়া ফেচবুকৰ নাম এটা আৰু আচল নাম এটা৷ তাতে দুনীয়াৰ এঞ্জেল কুইন কিং ৰাখে দুতবোৰক ত্ৰিশ দিনত ইংৰাজী শিকো আহক পঢ়ুৱাবলগিয়া হৈছে হে৷

মহাৰাজ তাতোকৈ ডাঙৰ কথা মৰাৰ আগতো বহুতে বিউটি পাৰ্লাৰ গৈ মেকআপ কৰি হে মৰে৷ সেইসকলক চিনাক্ত কৰাই মুস্কিল হৈ যায়৷ তাতে আকৌ মবাইলত বিউটি প্লাচ বোলা বিধ আছেই৷ অৰিজিনেল আৰু বিউটি প্লাচ মিলাই মিলাই আমাৰ দূতৰ অৱস্থা কাহিল৷

সঁচাই হে চিত্ৰগুপ্ত আগৰ সেই দিন এতিয়া নাই৷ আগৰ মানুহৰ জীৱ যাওঁ যাওঁ হ’লেই চোচোৰাই মেলি আনি তুলসী তলত ৰাখিছিল৷ সাউতকৈ গৈ দূতকেইটাই জীৱটো বান্ধি আনিছিল৷ এতিয়া নাৰ্চিংহোমৰ ভেণ্টিলেচনত চাধা মাৰি মাৰি ডাক্টৰে নোকোৱালৈ ৰৈ থাকিব লাগে৷ কম কষ্ট হয় নে বেছেৰা কেইটাৰ৷ আমাৰ খাটাত মৰিল বুলি কনফাৰ্মেচন পোৱাৰ পিছতো নাৰ্চিংহোমৰ “হি ইজ ন’ মৌৰ” কোৱালৈ তিনি চাৰিদিন লাগি যায়

হয় মহাৰাজ৷ আগৰ সেই দিন এতিয়া নাই৷ তাতোকৈ ডাঙৰ কথা বেছিভাগ জীৱই মৰ্ত্যৰ ফূৰ্তিপানীকণ টেটুৰ গুৰিলৈকে খাই কৰবাত খুন্দিয়াই আওমৰণে মৰে৷ ইয়ালৈ অনা পিছত দুদিনলৈকে নেমুপানী খোৱাই হুঁচত অনাৰ পিছতহে পাপপুণ্যৰ হিচাপ মিলাবলগিয়া হয়৷ দুটা মানেতো নিছা নফটা বাবে “কোন বে তই” বুলি আমাকে চোঁচা মাৰি আহে৷

তাকেহে চিত্ৰগুপ্ত৷ ৪৯৭ নে কি সেইখন অহাৰে পৰা এতিয়া আকৌ পাপপূণ্যৰ হিচাপটোও খেলি মেলি লাগি থাকিল নহয়৷ বৰ সমস্যা বুজিছানে?

হয় মহাৰাজ আগৰ সেই দিন এতিয়া মুঠতে নাই আৰু……..

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *