ফটাঢোল

বিশেষজ্ঞ – অলকেশ ভাগৱতী

ভাৰতবৰ্ষই মঙ্গল গ্ৰহলৈ এখন মানৱবিহীন ৰকেট উৎক্ষেপণ কৰিলে৷ শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা কৰা এই উৎক্ষেপণ টিভিত অধীৰ আগ্ৰহেৰে ১৩০ কোটি মানুহে চালে৷ এই অভিযানৰ সফল সমাপ্তিৰ পিছত ভাৰতৰ নাম বিশ্বৰ বুকুত পুনৰ এবাৰ জিলিকি উঠিব ৷ ইছৰ’ৰ বিজ্ঞানী সকলক লৈ জনতাৰ গৌৰৱৰ অন্ত নাই ৷ সকলোতে তেওঁলোকৰ জয়গান ৷

কিন্তু সকলোকে হতবাক কৰি উৎক্ষেপণৰ মাত্ৰ তিনি মিনিট পিছতে ৰকেটটো মাজ আকাশত প্ৰচণ্ড শব্দৰে বিষ্ফোৰিত হৈ চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল ৷

ইয়াৰ পিছৰ কাহিনী অতি ছিম্পল ৷ এইবাৰ হঠাৎ দেশখনৰ গৰিষ্ঠ সংখ্যক লোকেই ৰাতিটোৰ ভিতৰতেই একো একোজন ৰকেট বিজ্ঞানী হৈ উঠিল আৰু দুৰ্ঘটনাটোৰ কাৰণ বিশ্লেষণ আৰম্ভ কৰি দিলে ৷

শৰ্মা ( ঠিকাদাৰ ) : মই আগতেই জানো, এ.এছ. কিৰণ কুমাৰ এজন ভাল বৈজ্ঞানিক, কিন্তু তেওঁৰ এনে এক অভিযানৰ নেতৃত্ব দিয়াৰ সক্ষমতা নাই ৷

বৈশ্য ( ইলেকট্ৰিচিয়ান ) : আৰ্থিঙৰ প্ৰ’ব্লেমৰ কাৰণেই শ্বৰ্ট চাৰ্কিট হৈছে ৷ ৰকেটটো উৰোৱাৰ আগতে এইবোৰ কথা ভালকৈ চাই লব লাগে ৷ মূৰ্খ সব ৷

বৰুৱা (ডাক্তৰ ) : ৰাতিপুৱাই ৰকেটৰ পেটত ইমান ইন্ধন ঢালি দিলে এনে হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে ৷ এসপ্তাহ ধৰি লাহে লাহে তেল ঢালিলে এনে এক অৱস্থা নাহিলহেঁতেন ৷

ডেকা ( এপিএছচি ৰ প্ৰাক্তন চেয়াৰমেন ) : দেশখন ৰসাতলে গ’ল ৷ সব ক’ৰাপ্ট চাল্লা ৷ ইছৰ’ৰ বিজ্ঞানীবোৰে আমেৰিকাৰ পৰা টকা খাই জানি-বুজি এনে কাম কৰিছে ৷

কলিতা ( পাণ দোকানী ) : মাইক্ৰোমেক্সৰ পাৰ্টছ্ লগালে ৰকেটৰ গতি এনেকুৱাই হ’বই ৷ চৰকাৰে টকা খাই চিনাকি ঠিকাদাৰক ৰকেটটো বনোৱাৰ ঠিকা দিছে ৷ চেমছাঙৰ পাৰ্টছ লগালে চাল্লা দুবাৰ মঙল গ্ৰহলৈ আপ-ডাউন হ’লহেঁতেন ৷

হালৈ (মেকানিক) : এটু ‘চকেট জাভাৰ’ৰ ( !! ) প্ৰ’ব্লেম ৷

গাৰ্গ (ইঞ্জিনিয়াৰিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰ) : ৰকেটটোৰ আগটো ইমান জোঙা কৰি দিয়াৰ ফলত ই ফ্লাইট পাথৰ পৰা ডেভিয়েট হৈ গৈছে ৷ কাৰণ বাৰ্ন’লিছ থিয়’ৰাম মতে ………

ভঁৰালী (অটো ড্ৰাইভাৰ ) : পাগলা হৈছি বিজ্ঞানী গিলা ৷ মঙল গ্ৰহটু পশ্চিম দিশে আছে, মূৰ্খ কেইটাই ৰকেটখেন চিধাই উপৰমুৱাকে উৰে দিছি ৷ কেংকে যাই পাব ? ভাঙাগড়ৰ পে পল্টন বাজাৰকলেগি যাবা লাগে যদি, মই গনেশগুৰিৰ ফালে গেলি উল্টা-পুল্টা হ’বই ৷

টিভিত এই দুৰ্ঘটনাৰ কাৰণক লৈ আলোচনা কৰিবলৈ এক বিশাল বিশেষজ্ঞৰ পেনেল আমন্ত্ৰণ কৰা হৈছে ৷ পেনেলত আছে উকীল, ৰাজনৈতিক নেতা, লিখক, বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা, প্ৰতিষ্ঠিত গায়ক, বিশিষ্ঠ সৌন্দৰ্য্য বিশেষজ্ঞা আৰু আন বহুতো ৷

মুঠতে ভাৰতবৰ্ষত এই মূহুৰ্তত ইছৰ’ৰ মূৰ্খ বিজ্ঞানী সকলৰ বাহিৰে সকলোৱে ৰকেট টেকন’লজীৰ বিষয়ে তন্ন-তন্নকৈ জানে ৷

■■

10 Comments

  • সঞ্জীৱ

    বঢ়িয়া অলকেশ দা।

    Reply
  • এইটো আসাম মুলুকৰ এই শতিকাৰ সৰ্বশ্ৰেষ্ঠ স্বাদিষ্ট ৰসে চৌ চৌৱাই থকা ব্যংগ ৰচনা বুলি চাৰ্টিফিকেট এখন ইছু কৰো নেকি?

    বৰ ৰস পালো অলকেচ! লিখি থাকিবা ৷

    Reply
  • Rintumoni Dutta

    বঢ়িয়া অলকেশ। খুব ভাল পালো পঢ়ি

    Reply
  • shameer goutam

    aponar lekha hodayei haklotkoi uporat…..

    Reply
  • Sankar jyoti Bora

    মজ্জা..

    Reply
  • biswajit borgohain

    হা হা

    Reply
  • Lipika

    ভাল লাগিল পঢ়ি, খুব হাঁহিলো।

    Reply
  • হা হা সৰ্বজান্তাসকলৰ মন্তব্যত বৰ আমোদ পালো। ৰসে চৌ চৌ — বঢ়িয়া।

    Reply
  • বঢ়িয়া হৈছে দাদা ।

    Reply
  • RAKESH SARMAH

    ভাল লাগিল পঢ়ি অলকেশ দা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *