ফটাঢোল

দ’স্তানা – মণীষা কাকতি

খং মোৰ বিএফএফ, মানে বেষ্ট ফ্ৰেইণ্ড ফ’ৰেভাৰ ৷ জনা-বুজা হোৱাৰে পৰা যি ’জয়-বীৰু’ টাইপ ফ্ৰেইণ্ডশ্বিপ বেণ্ডডাল বান্ধিলো, কচম খালো.. ‘য়ে দোষ্টি হম নহী তোৰেংগে, তোৰেংগে দম মগৰ, তেৰা চাথ না চোৰেংগে’ ৷ বয়স বঢ়াৰ লগে লগে খং আৰু মই যোগ আৰু পূৰণ নেওতাখন ভালকৈয়ে মুখস্থ মাতিব পৰা হ’লোঁ, কিন্তু বিয়োগ আৰু হৰণ নেওতাখন কোনোপধ্যে জোঁটাবই নোৱাৰিলো ৷ বেছি বলকি নাথাকো, হিষ্ট’ৰী গুচি বুৰঞ্জী হ’ল সেইবোৰ এতিয়া ৷

এনেদৰেই এদিন আমি কৈশোৰত ভৰি দিলোঁ.. একেলগে ৷ আমাৰ এই ফেভীকল যোৰী মানে দোস্তিক লৈ লাহে লাহে মোৰ মনত এক ফটা-অহংকাৰ গঢ়ি উঠিবলৈ ধৰিলে ৷ ‘লাগিলে চাহ-ভাত এৰিম, কিন্তু খঙক নেৰো’– এনেকুৱা এটা ফটা-লেভেল সঘনাই দিবলৈ ধৰিলো ঘৰৰ মানুহৰ আগত ৷ বহুতে বহুত ধৰণৰ কূট-কৌশল প্ৰয়োগ কৰি আমাৰ দোস্তি ব্ৰেক কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল নহ’ল ৷ আনকি খঙৰ বিৰুদ্ধে নানা ধৰণৰ ৰটনা ৰচিও আমাৰ মাজত থকা বন্ধুত্বৰ এনাজৰীডাল চিঙিব নোৱাৰিলে ৷

বোলে ‘খং চণ্ডাল হে – জ্বলাই ছাঁই কৰি দিব, খং অনিষ্টকাৰী – কেইদিনমান পিছত লগত ষ্ট্ৰেচক আনি ঘৰ সুমুৱাবহি, খং বিশ্বাসঘাতক – সদায় তৃতীয় পক্ষকহে লাভৱান কৰায়.. ব্লা ব্লা ব্লা….!’
(কোনে শুনে এইবোৰ বকৱাচ্! আই জাষ্ট ড’ণ্ট কেয়াৰ.. হাআআআহহ! ! )’

সাধাৰণতে খঙক মই অকলে নেৰো.. যদি কেতিয়াবা কান্ধত, কেতিয়াবা আকৌ মুৰত উঠাই লওঁ ৷ কিন্তু তাৰ ফেভাৰেট প্লেচ হৈছে মোৰ নাকটো.. বেছিভাগ সময় তাতে বহি থাকিয়েই পাৰ কৰে সি (মোৰ নাকটো সেয়ে ভোটা) ৷ দোস্তিৰ কাৰণে এইখিনি সহ্য কৰাটো পানী চোবাই খোৱাৰ নিচিনা উজু, আফটাৰ অল, উই আৰ বিএফএফ!

কিবা মৰমত কালি ৰাতিও নাকত বহুৱাই লৈ খঙৰ লগত গপ্-চপ্ কৰি থাকোতে কেতিয়ানো টোপনি আহিল গমেই নাপালো ৷ পিছদিনা ব্ৰহ্মপুৱাতে, ধদুৱাবোৰ শুই নুঠোৱেই, এলাৰ্ম নিদিয়াকৈয়ে ন বজাতে সাৰ পাই উঠি গাটো ধুই আকৌ খঙক নাকত বহুৱাই ঘৰৰপৰা ওলালো… অফিচলৈ বুলি ৷ এনেতে মনত পৰিল –

’অঅঅ..পেৰাৰ টোপোলাটো লব পাহৰিছিলোৱেই! ’

ফুৰিবলৈ যাওঁতে বোকাখাটৰ পৰা পেৰা আনিছিলো অফিচৰ সহকৰ্মী কেইজনলৈ ৷ বৰ খকুৱা সেইকেইটা! ক’ৰবাত যোৱা শুনিলেই ফৰমাইচ –

“আমাৰ কাৰণে কি আনিবা?”

যেন সিহঁতলৈ কিবা আনিবৰ কাৰণেহে মই ফুৰিব যাব ওলাইছো ৷ ঠিক এইখিনিতে খঙক আচৰিত মানো মই, পৰিয়ালৰ আপোন মানুহ কেইটাৰ আগত কি এটিটিউড চাবা তাৰ ! বাকীবোৰৰ আগত একদম শান্ত-শিষ্ট হৈ চুপচাপ বহি থাকে নাকত, একো উমঘাম নাই…সন্দেহ হয়, বহি আছেনে.. গুচিয়েই গ’ল ৷

বা-ৰু! কি কৈ আছিলো?
(খঙৰ কথা ক’বলৈ পালে সব পাহৰো ৷ ) অঅঅ… পেৰা! মনত পৰাত আকৌ ঘৰৰ ভিতৰলৈ আহিলো পেৰাৰ টোপোলাটো লওঁ বুলি ৷ পাকঘৰৰ বস্তু থোৱা কাঠৰ আলমাৰিটোৰ দুৱাৰখন খুলি দেখিলো বহুত কেইটা একে চাইজৰ খাকী ৰঙৰ কাগজৰ টোপোলা ৷ ভগাই দিয়াৰ সুবিধাৰ্থে বেলেগে বেলেগে টোপোলা কৰি পেৰা কিনা কথাটো মনত পৰাৰ লগে লগে তাৰ মাজৰপৰা এটা টোপোলা লৈ গুচি আহিলো বিন্দাছ কাকো সোধপোচ নকৰাকৈয়ে ৷ এনেয়েও খং মোৰ লগত থাকিলে কাকো কেয়াৰ নকৰো মই ৷

অফিচ আহি পাইয়েই চাহ বনোৱা দাদাজনক চাহ বনাব কৈ মানুহ গন্তি কৰাত লাগিলো ৷ মনতে হিচাপ কৰি দেখিলো..গাইপতি এটাকৈ দিলে মানুহ অনুপাতে পেৰা ৰৈ যাব! ‘ভালেই হ’ল.. মই এটাতকৈ বেছি খাবলৈ পাম ৷’ খঙৰ মোহত চাহ-ভাত এৰি আহি তেতিয়ালৈ পেটৰ হৰতাল মুৰৰ তুংগত উঠিছিল মোৰ ৷

চাহ হ’ল ৷ নিজে প্লেটত এটা এটা পেৰা দি যাওঁ বুলি টোপোলাটো খুলি হতবাক ৷ কিবা ভুল দেখিছো বুলি চকুদুটা ভালকৈ মোহাৰি চাই আকৌ একেখিনিকেই দেখিলো ৷ কথা বিষম দেখি খঙেও চুচুক-চামাক কৰি কোন টলকত নাকৰ পৰা নামি গ’ল গমেই নাপালো ৷ ঘটং কৰি মুৰত যেন কোনোবাই কোবাইহে দিলে, মনত পৰি গ’ল ঘৰত সদায় শুনি অহা কথাষাৰ, বুজি পালো।

খং মানে সদায় খেলিমেলি, খং মানে পেৰাৰ সলনি বুন্দিয়াৰ লাড্ডু; খং মানে সদায় তৃতীয় পক্ষৰ লাভ, আজি বুন্দিয়াৰ লাড্ডু খাবলৈ পালে, কাইলৈ আকৌ পেৰা খাবলৈ পাব ৷

*****

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *