জোৰানাম ২ – উষা মহন্ত
নিশা প্ৰায় ১১ মান বাজিবৰ হ’ল৷ বন্ধুৰ ঘৰত অসমীয়া সমাজৰ নিভাঁজ বিবাহ পৰম্পৰা আৰু বিয়ানামৰ মধুৰ ধ্বনিত আপ্লুত হৈ বাৰাণ্ডাতে বহি দুচকু মুদি দিলো৷ অন্যবিলাক বিয়ানামতকৈ জোৰানামে মোক বেছিকৈ আকৰ্ষণ কৰিলে৷ দৰা কইনাক জুৰি বহুতো বিয়ানাম গোৱা হয়, কিন্তু জোৰানামত দৰা কইনাৰ বন্ধু বান্ধৱী, আত্মীয় কুটুম্ব সকলোকে সাঙুৰা হয়৷ একমাত্ৰ মনোৰঞ্জনৰ বাবেই এই জোৰানামৰ সৃষ্টি কৰা হৈছিল যদিও কেতিয়াবা ই অঘটনো নঘটোৱাকৈ নেথাকে৷ জোৰানামেৰে যাক সাঙুৰা হয়, তেওঁৰ যদি জোৰানামৰ ধেমালি সম্পৰ্কে সম্যক জ্ঞান নেথাকে, তেওঁ আক্ষেপ কৰিব পাৰে, খং কৰিব পাৰে বা অভিমান কৰি বিয়াঘৰ ত্যাগ কৰিবও পাৰে৷ তেনেক্ষেত্ৰত বিয়াঘৰীয়াই বুজাই বঢ়াই সৈমান কৰাই পৰিস্থিতি চম্ভালিবলগীয়া হয়৷ এইবিলাক কথা মোক শ্ৰীমতীয়েই কৈ পঠাইছিল৷
হঠাতে এজাক ল’ৰা-ছোৱালীৰ চিঞৰ বাখৰত সচকিত হ’লো৷ ‘দৰা আহিল’, ‘দৰা আহিল’! ৰভাতলীত ওখল মাখল আৰম্ভ হ’ল৷ পাটৰ ধুতি পাঞ্জাৱী আৰু চেলেঙেৰে সজ্জিত দৰাই পদূলিত ভৰি থ’লে৷ বিষ্ণুস্বৰূপ জ্ঞান কৰি কন্যাৰ মাক দেউতাক আৰু ককায়েক সমন্বিতে আদৰি আনি হোমৰ গুৰিত বহুৱালে৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ লগে লগে হোমৰ প্ৰাৰম্ভিক কামকাজখিনি সম্পন্ন হোৱাৰ পিছত হাতত তামোল পাণৰ শৰাই লৈ দৰাৰ ভায়েকে কইনা খুজিবলৈ গ’ল৷ আয়তীসকলে কইনাৰ কাষত বহি তেতিয়াও বিয়ানাম গাই আছিল৷ দৰাৰ ভায়েকক জুৰি এইবাৰ আকৌ জোৰানামৰ ধ্বনি ভাঁহি আহিল৷
“আকাশৰে ভৰা জোন
আমাৰ আইদেউক খুজিছা
তুমি দৰাৰ হোৱা কোন?”
দৰাৰ ভায়েকে- “মই দৰাৰ ভায়েক” বুলি হাঁহি হাঁহি পৰিচয় দি আয়তীসকললৈ শৰাইখন আগুৱাই দি কইনাক হোমৰ গুৰিলৈ উলিয়াই দিবলৈ সবিনয় নিবেদন জনালে৷ লগে লগে আয়তীৰ জোৰানাম –
“সৰস্বতীৰ সোণৰ বীণ
থিয় হৈ শৰাই দিয়া ভদ্ৰলোকৰ নহয় চিন৷”
পুনৰ গালে-
“পাহাৰৰে মইনা
পাঁচশ টকা নিদিলে আমি নিদিও কইনা৷”
দৰাৰ ভায়েক কিংকৰ্ত্তব্যবিমূঢ় হোৱা দেখি লগত অহাজনে কলে- “আইসকল, এৰক আৰু৷ সম্প্ৰদানৰ সময় পাৰ হ’ব এতিয়া৷” লগে লগে পিছৰপাত জোৰানামৰ শৰ তেওঁলৈ…
“চকীমেজনো কেইখন
প্ৰফেচাৰনো কেইজন
লেকচাৰ দিবলৈ কলেজ নহয় এইখন৷”
– এটা সময়ত ধেমালিৰ অন্ত পৰিল৷ কইনাৰ ককায়েকে ডাংকোলালৈ ভনীয়েকক লৈ গৈ হোমৰ গুৰিত বহুৱালে৷ পুৰোহিত দেউৱে পিছৰ কামখিনি কৰি গ’ল৷ মই মন কৰিলো, কইনাৰ লগে লগে গৈ কন্যাঘৰীয়া নামতী আয়তীসকলো হোমৰ গুৰিত বহিলেগৈ৷ পিছৰখিনি উপভোগৰ বাবে ময়ো হোমৰ পিছফালে আসন ললোগৈ৷ সুশৃংখলিত বিবাহ পৰম্পৰাৰ অভিনৱ অভিজ্ঞতাই মোক বাৰুকৈয়ে ৰোমাঞ্চিত কৰি তুলিলে৷ জীৱনত কোনোদিয়ে বিয়া এখন এনেদৰে পৰ্যবেক্ষণ কৰাৰ সুযোগ পোৱা নাই৷ গুৱাহাটীতে জন্ম লৈ তাতেই ডাঙৰ-দীঘল হৈছো৷ নগৰীয়া বিবাহবাহৰৰ বিয়াহে দেখিছো৷ এনেহেন সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি পতা বিয়া এই প্ৰথম দেখিলো৷
যি হওক, আয়তীসকলে প্ৰথমে দৰাকইনাক সম্বোধি দুষাৰমান বিয়ানাম গালে৷ মন কৰিলোঁ, দৰাৰ লগত অহা দহজনীমান ছোৱালী দৰাৰ কাষতে বহি সুকীয়াকৈ বিয়ানাম গাই আছে৷ বুজিলো, তেওঁলোকো কম নহ’ব৷ তেনেতে কইনাৰ ঘৰৰ নামতীয়ে প্ৰথমে জোৰানাম জুৰিলে-
“অ’ ৰঘুপতি, জোৰানাম গাবলৈ
দিয়ক অনুমতি৷”
অনুৰূপ ধৰণে দৰাঘৰীয়া নামতীয়ে গালে-
অসমৰে আলিবাট,
জোৰানাম গাম আমি
নকৰিব প্ৰতিবাদ৷
কইনাঘৰৰ নামতীয়ে গালে-
শৰতৰে শেৱালি
বেয়া নাপাব দেই
আমি কৰিম ধেমালি৷
মই উৎকণ্ঠিত হ’লো৷ সাম্ভাৱ্য যুঁজখন প্ৰত্যক্ষ কৰিবলৈ সাজু হ’লো৷ দৰাঘৰৰ নামতীয়ে গালে-
বাৰীৰ ঢাপৰ শিলিখা,
নবৌতুমি টিলিকা,
আমাৰ দাদা শকত ডাঙৰ
সমাজতে জিলিকা৷
লগে লগে কইনাধৰীয়াই গালে –
এখুটি দুখুটি নাঙলৰ খুটি
বাইদেউতকৈ ভিনদেউ দেৰহাত চুটি
এইজন ভিনদেউ কি কাম কৰিব,
এচাব কোৰ মাৰোতেই ভাগৰ লাগিব৷৷
বুজিলো, জোৰা নাম উপভোগ্য হ’ব৷ কোনো পক্ষই কম নহয় বুলি ধাৰণা হ’ল৷ আকৌ দৰাধৰীয়া নামতীয়ে গালে-
“দাদাই যজ্ঞ কৰিছে,
নবৌ কাষত বহিছে
কইনাঘৰৰ নামতীয়ে
হুমুনিয়াহে কাঢ়িছে৷
কইনাঘৰীয়া নামতী –
‘ৰুণুজুনু বাজিছে
দৰাঘৰৰ নামতীৰ
শুকান বেজাৰ লাগিছে৷’
দৰাঘৰীয়া নামতী –
বজাৰৰে তাচপাত
কইনাঘৰৰ নামতীৰ
মুখ নহয় কচুপাত৷
কইনাঘৰীয়া নামতী-
ৰহৰ দাইলৰ চেঁকুৰা
দৰাধৰৰ নামতীৰ
মুখত লগাম মোখোৰা৷
দৰাঘৰীয়া নামতী –
দেউতাৰ বাৰীৰ কলপাত বতাহত হালিছে
কইনাঘৰৰ নামতী বতাহী যেন লাগিছে৷
কইনাঘৰীয়া নামতীয়ে গালে –
জাৰ্মানে জাপানে, যুদ্ধকৰে সমানে৷
দৰাঘৰৰ নামতীয়ে ভদ্ৰতা নেজানে৷৷
প্ৰমাদ গণিলো৷ ইয়াৰ পিছত দৰাঘৰীয়াইনো কি গায়, শুনিবলৈ উৎকৰ্ণ হৈ ৰ’লো৷
দৰাঘৰীয়াই গালে –
ৰেল চলে উকিয়াই
জাহাজ চলে উকিয়াই
কইনাঘৰৰ নামতীক
পেলাম আমি লুটিয়াই৷
কন্যাঘৰৰ নামতীয়ে প্ৰত্যুত্তৰ দিলে-
আলনাৰে আলোৱান
ভিনদেৱে আনিছে
জাকে জাকে পালোৱান৷
দৰাঘৰীয়া নামতী –
“মাটিমাহৰ চোকোৰা
কইনাঘৰৰ নামতী ডাক দিয়া কুকুৰা৷” ৷
কইনাঘৰীয়া নামতী –
“অ’ তিতা ভেঁকুৰি
দৰাঘৰৰ নামতী
দমৰা নে চেউঁৰি৷”
দৰাঘৰীয়া
“শাওন নহয় ভাদ
কন্যাঘৰৰ নামতী
বোজাটনা গাধ৷৷”
আকৌ প্ৰমাদ গণিলো৷ কথাবোৰ বাৰু বেয়াৰ ফালে ঢাল লৈহে নেকি? এনেতে কইনাঘৰৰ এজনে হাতযোৰকৈ নামতীসমাজক সম্বোধন কৰি ক’বলৈ ধৰিলে- “আইসকল, ধেমালি কৰিছে কৰক, কিন্তু ধেমালিবোৰ যেন বেয়াৰ ফালে নেযায়, কাবৌ কৰিছো৷”
এইবাৰ কন্যাঘৰীয়াই গালে –
“মিঠাই নামে চমচম
দৰাঘৰৰ নামতীক
পঘা লগাই বান্ধি থম৷”
দৰাঘৰীয়া নামতী –
“ৰাতি বাৰ ৰাজিছে
কন্যাঘৰৰ নামতী
পাগলীযেন লাগিছে৷”
কন্যাঘৰীয়াই গালে –
“সৰস্বতীৰ সোণৰ বীণ৷
ভদ্ৰতাৰো নাই চিন
দৰাঘৰৰ নামতীক
কুকুৰ লগাই খেদি দিম৷”
হঠাৎ কি হ’ল জানো৷ দৰাঘৰীয়া নামতীসকল জকজকাই ঠিয় হৈ ৰভাতল ত্যাগ কৰিবলৈ উদ্যত হ’ল৷ কথাযে বেয়ালৈ গতি কৰিলে বুজিবলৈ মোৰ বাকী নেথাকিল৷ কইনাৰ ককায়েক মানে মোৰ বন্ধুৱে হাতত তামোল পাণৰ শৰাই লৈ দৌৰি আহি দৰাঘৰীয়া নামতীৰ আগত আঁঠু লৈ ক’লে –
“আইসকল, দোষ নধৰিব, এয়া ধেমালিহে৷ ” দুজনমানে কন্যাঘৰীয়া নামতীক ক্ষমা খুজি জোৰানাম সামৰিবলৈ অনুৰোধ কৰিলে৷ ক্ষমা খোজাৰ বাবেও জোৰানামতে ব্যৱস্থা আছে বুলি প্ৰথম জানিলো৷ কন্যাঘৰীয়া নামতীয়ে শান্ত সমাহিতভাৱে গালে-
“জোৰানামে জুখিছো
ধেমালিহে কৰিছো
ক’ৰবাত যদি দোষ হ’ল
ক্ষমাভিক্ষা কৰিছো৷”
দৰাঘৰীয়া নামতীয়ে পুনৰ আসন ল’লে৷ এইবাৰ দৰাঘৰীয়া নামতীয়েও একেই ব্যৱস্থাৰে ক্ষমাখুজি জোৰানামৰ সামৰণি মাৰিলে৷
আমি গালো বিয়ানাম
নাই কৰা অপমান
যদি আমাৰ দোষ হ’ল
দিব আমাক ক্ষমা দান৷৷
কি সুন্দৰ! কি সুন্দৰ! মোৰ অন্তৰ ভৰি আহিল৷ কেৱল বাহুল্যৰ ভয়তে বন্ধুৰ ঘৰৰ এই অবিস্মৰণীয় বিয়াখনৰ বিস্তৃত বৰ্ণনা দিয়াৰ পৰা বিৰত থাকিলো৷ বন্ধুৱে ক’লে- ‘এয়া তুমি এখন বিয়াহে দেখিছা, প্ৰতিখন বিয়াতে জোৰানাম বেলেগ হয়, পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই ঠাইতে ৰচনাকৰি গোৱা এই জোৰানামৰ বাবে লাগে নামতীসকলৰ অসাধাৰণ সৃজনীশক্তি, য’ত লুকাই থাকে প্ৰতিপক্ষক চুঙাচাই সোপা দিয়াৰ অদম্য প্ৰয়াস৷ সঁচাকৈ কৈছো- জোৰানামৰ এই ধেমালিখনৰ তুলনা নাই৷ ” – এৰা, বন্ধুৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহি এই আপুৰুগীয়া অভিজ্ঞতাবোৰ হাঁচতিত বান্ধি লৈ যাব লাগিব৷
*******
3:27 pm
অপূৰ্ব ।ইমান সুন্দৰ যোৰানামৰ অভিজ্ঞতা লাভ কৰিলো ।
5:21 pm
সুন্দৰ যোৰা নাম ।
5:27 pm
বৰ ভাল লাগিল৷ জোৰানাম গোৱা বিয়াখন নিজে প্ৰত্যক্ষ কৰা যেন লাগিল৷
6:04 pm
ভাল পাইছে বুলি জানি ভাল লাগিছে ।ধন্যবাদ ।
7:40 pm
খুউব ভাল লাগিল ৷ যোৰানামবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে ৷ এনে এটা লেখাও আমাৰ বাবে আপুৰুগীয়া ৷
9:49 pm
খুউব ভাল লাগিল ।
4:18 pm
খুউব সুন্দৰ।
5:46 pm
খুব ভাল লাগিল৷ মই অবশ্যে বাস্তৱত এনেকুৱা অভিজ্ঞতা লাভ কৰা নাই
4:43 pm
সুন্দৰ
1:24 pm
সঁচাকৈ বহুত ভাল লাগিল।