ফটাঢোল

পেহী মূতা – ভাস্কৰ জ্যোতি বৰুৱা

বিয়া-বাৰুত বিলনীয়া হৈ পাইছেনে ? আজিকালি কেটাৰিং ছাৰ্ভিছ থকা বিয়াৰ কথা কোৱা নাই। আগতে ডেকা ল’ৰাই লাগি ভাগি দিয়া বিয়াৰ কথা কৈছো। আমাক চিনাকি মানুহ এজনে তাহানি বিয়া এখনৰ খোৱা ঘৰত দেখা পাই সুধিছিল,

“তোমালোকে ইয়াতো লাগি আছা নেকি?”

হয়, ঘৰৰ পৰা বহু দূৰত লগৰ ল’ৰাৰ সম্পৰ্কীয়ৰ ঘৰতো আমাক দেখা গৈছিল বিলনীয়া ৰূপত।

এনে বিয়াবোৰত এটি বিশেষ চৰিত্ৰক আমি প্ৰায়ে লগ পাইছিলো। কেতিয়াবা গৃহস্থৰ ওচৰ চুবুৰীয়া হিচাপে, নতুবা কেতিয়াবা গৃহস্থৰ সম্পৰ্কীয় ৰূপত। কেতিয়াবা যদি তেওঁ‌ এজন যুৱক, কেতিয়াবা আকৌ তেওঁ‌ এজন মধ্যবয়স্ক ব্যক্তি। কিন্তু তেওঁ‌ এজন সদায় আমনিদায়কভাৱে অতি সচেতন ব্যস্ত মানুহ।ওপৰুৱাকৈ চালে এনে লাগিব যেন তেওঁ‌ৱেই সমস্ত বিয়াখন পৰিচালনা কৰি আছে। খোৱা ঘৰত সোমাই চিঞৰি মাতিব – এইফালে এখন লুচী দিয়া, পিছ মুহূৰ্ত্ততে দৌৰ মাৰিব ৰভাতললৈ, মানুহ বহাবলৈ গৈ চফ গুটি দিয়া ছোৱালীজনীক চিঞৰি মাতিব। আমি তেনে ব্যক্তিক কৈছিলো পেহী মূতা। কোনোবা এটাই হঠাৎ কৈ উঠিছিল – এইজনচোন ইয়াৰ পেহী মূতা।

পেহী মূতা। হয়, নামটোৰ অন্তৰালত থকা অলিখিত কৰ্মৰাজিৰ ঐতিহাসিক বিবৰণ এনে ধৰণৰ – ব্যক্তিজন উফৰি-জাফৰি ফুৰিছে বিয়াঘৰত, ইফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে। বিলনীয়াক নিৰ্দেশ দিয়া, ৰান্ধনিশাল, খোৱা বস্তু ৰখা ষ্ট’ৰৰ চোৱাচিতা কৰাৰ পৰা ৰভাতলত মানুহক মাত দিয়া আৰু ৰভাতলৰ মানুহক খোৱা ঘৰলৈ অনাৰ দায়িত্ব তেওঁ‌ চম্ভালি লৈছে। আচলতে তেওঁ‌ক গৃহস্থই সেই দায়িত্ব দিয়াই নাই, নিদিৰ্ষ্ট মানুহ ঠিক কৰা আছিল একো একোটা কামৰ তদাৰকী কৰিবলৈ। কিন্তু আমাৰ মহাশয় সোমাইছে মনে জানি, ফলাফল – বেমেজালি। এবাৰ খোৱা ঘৰত কিবা এটা কমিছে বুলি বিলনীয়া ল’ৰা এটাই কোৱা তেওঁ‌ৰ কাণত পৰিল। অৱশ্যে তেওঁ‌ক কোৱা হোৱা নাছিল, বেলেগকহে কৈছিল। কিন্তু শুনাৰ মাত্ৰকে তেওঁ‌ জানো ৰৈ থাকিব পাৰে ? লগে লগে তেওঁ‌ দৌৰ ধৰিলে খোৱা বস্তু ৰখা গুদামলৈ। তাতো বস্তুটো নোপোৱাত তেওঁ‌ এইবাৰ কোবাকুবিকৈ দৌৰ মাৰিলে অলপ দূৰত নিৰ্মাণ কৰা অস্থায়ী ৰান্ধনিশাললৈ। অলপ দীঘলীয়াই আছিল বাটটো। আন্ধাৰো আছিল তেতিয়া। গাওঁ‌ৰ পৰা অহা এগৰাকী সম্পৰ্কীয় বয়সস্থ পেহীয়ে বাথৰুম বিচাৰি নাপায় বহিছিলেগৈহে লুঙলুঙীয়া পথটোৰ কাষত। আমাৰ ব্যস্ত বপুৰাই তেওঁ‌কো মাত দিবলৈ নাপাহৰিলে –

“পেহী মূতিছে ?”

ফটা-ঢোল গোটত ময়ো এজন ‘পেহী মূতা’ই। ইফালৰ পৰা সিফালে জপিয়াই ফুৰিছোঁ‌, লাইক কৰিছোঁ‌, মন্তব্য দিছোঁ‌। আটাইতকৈ ডাঙৰ কথা – মই হাস্য ব্যংগ লেখাৰ উপযুক্ত মানুহ নোহোৱা স্বত্বেও লিখিবলৈও এৰি দিয়া নাই।

আপুনি বিৰক্ত হোৱা নাইতো ?

■■

5 Comments

  • Krishna Borah Phukon

    মজা লাগিল…

    Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      ধন্যবাদ !

      Reply
  • ৰিণ্টু

    বঢ়িয়া ভাস্কৰদা। প্ৰায়েই মোৰো নিজকে পেহী মূতা যেনেই লাগে

    Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      ☺হেঃঃ হেঃ হেঃ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *