মেম্বাৰ মোহন – জিমি শইকীয়া
আমাৰ ঘৰৰ ওচৰৰ মোহন বোলাটোক ঘৰৰ মানুহখিনিয়ে মানসিক ভাৱে ভাঙি পেলাইছে আৰু। “কিবা এটা কৰ গৰু, কিবা এটা কৰ গাধ, হেৰৌ ধোদৰ পচলা, লাটচাহাবৰ বেটা, হেৰৌ হাত তিয়াই ভাত খোৱাৰ জাত, কেলেহুৱাৰ সঁচ” আদি বিশেষ্য , বিশেষণ পদেৰে বিভূষিত মোহনৰ এনে সন্মান লৈ লৈ আমনি লাগিল আৰু।
কেতিয়াবা কয়-জ্যোতিষীক চোৱালে আকৌ মোহনৰ কপালত ৰাজভোগ থকা বুলিহে কয়। সেয়ে চোৱা চিতা বিশ্বাস নহয়। হেৰৌ ৰাজভোগ বাদেই ভিক্ষাৰীৰ ভোগো নাই ইয়াৰ!
মোহনৰ দেউতাকৰো অসমীয়াত গালি পাৰি পাৰি আমনি লাগিল হ’বলা।আজিকালি আকৌ হিন্দীতে পাৰে- বাপকী হোটেল মে খায়া হাই তৌ কাহেকা চিন্তা। নালায়ক কা বেটা।
মোহন আহে মোৰ ওচৰলৈ। কাৰণ সৰুৰ পৰাই মই তাক সহায় সহযোগিতা কৰি আহিছোঁ বাপেকৰ গালিৰ পৰা আমাৰ চুবুৰীটো ৰক্ষা কৰিবলৈ। মানে জন্মৰ চন হিচাপে মোহন মোতকৈ ডাঙৰ যদিও হাইস্কুলত পৰীক্ষা ৰাক্ষসীৰ কবলত পৰি মোহন মোৰ সহপাঠী হ’ল। দৰাচলতে এল.পি.স্কুলতে সি মোৰ সহপাঠী হ’ব লাগিছিল। পিচে আমাৰ এল.পি.স্কুলখন মোহনৰ দেউতাকৰ অমাইক (কথা কওঁতে মাইক অবিহনে দূৰলৈকে শুনা) গালিয়ে ঢুকি পোৱা দূৰত্বতে আছিল। ছাৰ-বাইদেৱে চাগৈ বেচেৰা মোহনৰ মুখলৈ চায়ে যেনতেন তাক এল.পি.ৰ দেওনাটো পাৰ কৰাই দিলে। এনেও সি দেখাত কাশ্মীৰী আপেল হেন। পিচে হাইস্কুলখন দূৰত হোৱাৰে পৰা মোহনৰ স্কুল গাড়ীয়ে ব্ৰেক মাৰি মাৰি ৰ’বলৈ ধৰিলে। মোহন মোৰ লগৰীয়া হৈ পৰিল।
এনেদৰে কোৱা শুনো বোলে চৰাইৰ মাতত বা কুকুৰাৰ ডাকত ৰাতিপুৱাই। কিন্তু আমাৰ চুবুৰীত মোহনৰ দেউতাকৰ গালিমালা পাঠেৰে চৰাই চিৰিকটিয়েও সাৰ পায়। সিহঁতেও চাগৈ কথা পাতে দেই- “ঐ বাহ এৰিবৰ হ’ল দেই! মোহনৰ দেউতাকে গালি পাৰিলেই।”
মানে এক কথাত ক’বলৈ গ’লে আমাৰ চুবুৰিত কোনোদিনেই গুডমৰ্ণিং নহৈ গালিমৰ্ণিঙহে হয়। মোহনৰ দেউতাকৰ গালিমৰ্ণিঙৰ প্ৰভাৱ আমাৰ ঘৰতো পৰিল। আধা ৰাতিতে উঠি মোহনৰ দেউতাকে মোহনক পঢ়িবলৈ যিটো ভলিউমত উঠাই মোহনৰ নুঠি উপায় নাই। সিয়ো বাপেকৰ পুতেকহৈ অমাইক মাতেৰে চিঞৰি চিঞৰি পঢ়ে। যেই মোহনে পঢ়িবৈ লয় মোক বাৰু ঘৰত শুই থাকিবলৈ সুবিধা দিবনে? আমাৰ ঘৰৰ চাউণ্ড চিষ্টেম দুজনেও আৰম্ভ কৰে-“হেৰৌ মোহনেই উঠি পঢ়ি আছে। আমাৰ গৰাকীৰ সাৰসুৰ নাই। এইবাৰ চাবিচোন মোহনে পাছ কৰিব আৰু তই ফেল!”
ৰাতিপুৱাই এই অভিশপ্ত কথাবোৰ শুনি মোৰো টেমা-চেমা নষ্ট হৈ যায়। মোহনৰ বাপেকলৈ খং উঠি যায়। এই মোহনডালৰ পৰা মোৰো উপায় নাইকিয়া হ’ল আৰু।
কপাল ভাল পঢ়াত মই নিমখহেন চোকা নহ’লেও সৰস্বতী মাৰ আৰ্শীবাদ নাপালেও বগী ৰাজহাঁহজনীৰ আৰ্শীবাদতে মোহনতকৈ অলপ হ’লেও পাৰোঁ। মোহনৰ লগত এটা চুক্তি কৰিলোঁ-
: বোলো মোহন ঐ! তই পঢ়িবলৈ মন নগ’লেও এনেই কিতাপখনৰ ওচৰতে বহি থাকিবি। বাপেৰক দেখুৱাই অলপ পঢ়াৰ এক্টিং হ’লেও কৰিবি। লাগিলে পঢ়া কিতাপ-বহী মেলি লৈ হৰেশ্বৰ বৰ্তাৰ ঘৰৰ জলফাইজোপাতে মনটো দি থ’বি তবু বহি থাকিবি বুইছনে। পৰীক্ষাত তই মোৰ ওচৰতে পৰিবি, গতিকে তোক পাছ কৰাই নিয়াৰ দায়িত্ব মোৰ।
সি কয়,
: দেউতাইযে চিঞৰি নপঢ়িলে গালি পাৰে।
মই কওঁ, দেউতাৰক মুখখন খুলি তয়ো কবি ইমান দিনে চিঞৰি পঢ়ি কিনো কচুপাত ফালিলোঁ। এইবাৰ মনে মনে পঢ়ি পাছ কৰিম বুলি তোৰ দেউতাৰক কথা দিবি।
মোহনৰ ছমহীয়াত আগতকৈ উন্নতি হ’ল। মোৰ ফেচেলেটি বাঢ়িল। মোহনৰ চাইকেলখনৰ কেৰিয়াখন মোৰ দখললৈ আহিল, ৰাস্তাত চানা খোৱা, মহালেক্টৰ খোৱাৰ খৰচো তাৰ। মাত্ৰ মই পৰীক্ষাত তাক অলপ পাছ কৰাৰ জোখাৰে শিকাই দিব লাগে।
সেইবছৰ ডেডেৰিয়াই মেডেৰিয়াই মোহন পাছ। কিন্তু পিছৰ বছৰ মই আৰু সি লগ এৰিলোঁ। কিন্তু আচৰিত কথা মোহনে মোৰ সহায় নোলোৱাকৈয়ে পাছ কৰিলে। মোহনে অৱশেষত টুকুৰা মাৰিবলৈকে শিকিলে।বাপেকৰ গালি শুনাতকৈ টুকুৰা মৰাই ভাল। পিচে মেট্ৰিকত ফেল। এদিন মোক ক’লে – তাৰ বোলে ইংৰাজীত সোপাকে কমন পৰিছিল। পিচে এছেখন নকল মাৰি পাহৰণিতে ষ্টেপলডাল নকলৰ সৈতেই মাৰি দিলে। মোহনে বাৰু কেনেকৈ পাছ কৰে! যা নহওক মোহনৰ অসীম সাধনাৰ বলত দুইবছৰৰ মূৰত মেট্ৰিক পাছ কৰিলে। পিচে হায়াৰচেকেণ্ডাৰীটো আজিলৈকে নহ’লগৈ আৰু।
বাপেকৰ মতে পঢ়া-শুনা নোৱাৰ যদি কিবা এটা কৰ।কিন্তু মোহনে কৰিব কি? গৰু, গাধ যিমান ঘৰচীয়া জন্তু আছে সবেই মোহনৰ বাপেকৰ গালিত স্থান পায়। মোহনলৈ মোৰ বেয়াও লাগে এদিন ক’লোঁ-
: ঐ তোকযে বাপেৰে গৰু গৰুকৈ গালি পাৰি থাকে, তই ক’ব নোৱাৰ নেকি গৰুৰে হালহে বায়। তোক যুঁটি লৈ হালকে বাবলৈ কবি।
পিছদিনা মোহনৰ বাপেকৰ গালি-
: অ’ আমাৰ নালায়কৰ বেটাই কথা কৈছে চোৱা। বাপেৰৰ মুখে মুখে কথা……..৷
এদিন মোহনৰ মাকক উচতাই দিলোঁ-
: বোলো বৰমা! মোহন জানো আপোনাৰে বৰ্তাৰে ল’ৰা নহয়!
: হয়তো! কিয় সুধিলি?
: নহয় মানে বৰ্তাই সঁচ, জাতত ধৰি গালি পাৰে যে। মই ভাবিলোঁ কি সি বৰ্তাৰ সচঁৰ নহয়বা! আকৌ কেতিয়াবা লাটচাহাবৰ বেটা, নালায়কৰ বেটা বুলিও কয়তো!
মোহনৰ মাকে সেইদিনা মোহনৰ দেউতাকক কোৱা শুনিলোঁঁ
: হেৰি! গালি পাৰে পাৰক, সি কিবা এটা কৰিব লাগে বুলি ময়ো জানো। পিচে এই জাত, সঁচত ধৰি নিজকে কিয় গালি পাৰে হয়নে? সিটো আপোনাৰে জাতৰ। আপোনাৰ বাহিৰে মই কাৰো মুখলৈও নাচাওঁ। মোক আপুনি সন্দেহ কৰিছে। সি যদি নালায়কৰ বেটা, আপুনি দেখোন নালায়কটো নিজেই হ’ল।
পিছদিনা গম পালোঁ সেইদিনা ৰাতি মোহনৰ ঘৰত চৰু নজ্বলিল। এদিন আমন-জিমনকৈ বেচেৰাটো আমাৰ পুখুৰীৰ পাৰত বহি আছে। মোৰতো চিৰিঙকৈ মাৰিলে। বোলো এইডাল আকৌ চুইছাইটৰ ধাণ্ডাত বহি আছে নেকি।
: অ’ মোহন তই কি কৰিছ আমাৰ পুখুৰীপাৰত?
: কোনোবাদিনা খং উঠিব জাঁপ দি মৰি থাকিম।
: ঐ মৰিবলৈ ক’লৈ যাৱ গৈ থাকিবি। কিন্তু আমাৰ পুখুৰীত নমৰিবি। মাছসোপা খাব নোৱাৰিম, বেচিব নোৱাৰিম। বাপেৰৰ ওপৰত খং উঠিছে বাপেৰৰ পুখুৰীত মৰিবি। তেতিয়াহে যদি তোৰ বাপেৰে বুজে গালি পাৰিলে টকাও লষ্ট হয় বুলি।
: চাচোন আজিৰ দিনত কিবা এটা কৰা সহজ জানো।মুৰ্গীফাৰ্ম খুলিব নোৱাৰোঁ ৰাইজে ধৰে, জাৰ্চী এজনী পুহিব নোৱাৰোঁ কাৰণ জীৱ থকা বস্তুত টকা খটাম হয়, মৰি থাকিলে মূলো নাপাম। চাকৰি কৰিবলৈ মোৰ পঢ়া নাই।
মোৰ মূৰত আইডিয়া এটা আহি গ’ল-
: বোলো মোহন অ’! তই নহ’লে বিয়াকে পাত চাকৰিয়াল ছোৱালী এজনী চায়। এনেয়োতো তই দেখিবলৈ ধুনীয়া …..৷
সেইদিনা সন্ধিয়া শুনিলোঁ-
: কটা নিধক! বিয়া পাতে সি! ফিট বাবু হৈ ঘূৰিলেই ছোৱালী পাবিনে! একো নকৰাকৈ যদি ছোৱালী চাৱ অইনে নালাগে হৰৌ ময়ে তোৰ বিয়া ভাঙিম। মোৰ টেটুতহে লগাবিহি আনি! হেৰৌ কাষৰ ঘৰতে আছে নহয় এজনী(মানে মই)! তাইকে সুধিবিচোন যাবনে তাই তোৰ নিচিনা এটালৈ।
মই বোলো কৃষ্ণহে আৰু! বেচেৰা মোহনলৈ বেয়াও লাগিল খঙো উঠিল। ইনো কিবা এটা নকৰে কিয়?সৰুৰ পৰাই বিনা দৰমহাত এইটোক কিমান আইডিয়া দিম আৰু! এবাৰ কৈছিলোঁ-
: বোলো মোহন! অলপহে টকা খৰচ হ’ব তই নহ’লে গানৰ ভিডিঅ’ এটাকে বনা। আজিকালি গানবোৰ হিট কৰাৰ টিপচ্ আছে। মই শিকাই দিম। যতমানে ভঙা ডলা, খৰাহি, চালনি, পল, জাল, খালৈ, জাকৈ, ওখোন, নাঙল, গৰুগাড়ী, ঠেলা আদি পুৰণি বস্তু আছে কালেকছন কৰ, গছপাত, কলপাত, ঊলৰ নেছাৰে কাপোৰো হৈ যাব। আজিকালি চাবিচোন গানবোৰ তেতিয়াহে হীট হয়। গান লাগিলে ময়ে লিখি দিম। তোৰ বাপেৰৰ গালিকেইটা পোনাই পাজৰাই লিখিলে গানেই হ’ব বুইছ!
মোহনৰ দেউতাকে নহয় এইবাৰ মোহনেই ক’লে-
: তোৰ এইসব আইডিয়াত মই মৰিবলৈ নাই।
: শুনি থাক তেন্তে মাৰ-বাপেৰৰ গালিকে। তই সঁচাকৈ একো কৰিব নোৱাৰিবি।
সেইদিন ধৰি মোহনৰ লগত মাত বোল বন্ধ। তাক গালি পাৰিলে পেটে পেটে ভালেই পাওঁ-পা মজা। মোৰ আইডিয়া নামানিছিলি নহয়। পিচে পঞ্চায়ত নিৰ্বাচনৰ সময়ত টি.ভি.চাই থাকোঁতে আইডিয়া এটা আহি গ’ল মোৰ। মোহনৰ ওচৰ পালোগৈ। মোৰ আইডিয়া শুনি সি জঁপিয়াই উঠিল-
: ঐ মই ৰাজনীতিত নানামো দেই।
মই বোলো নহ’ব তোৰ কপালত ৰাজভোগ আছে বোলে। তই ৱাৰ্ড মেম্বাৰ হ’বই লাগিব।
: কোনে মোক ভোট দিব ঐ?
: তই বিবেক ভোট নাপালেও আবেগ ভোট পাবি বুজিছ। তই কবি মোক ভোট দি জিকাওক নহ’লে দেউতাই আকৌ গালি পাৰিব। তোৰ বাপেৰৰ গালিমৰ্ণিঙৰ পৰা ৰক্ষা পাবলৈ মানুহে চাবিচোন তোক ভোট দিবই দিব।
মোহনৰ দেউতাকৰ ওচৰ পালোঁগৈ-
: বৰ্তা ঔ!! বৰ্তাঔ!!
: কি হ’ল ডেডাউৰিয়াই আহিছযে! বাতৰি চাই আছোঁ আহ আহ। হাঃ হাঃ চাচোন পঞ্চায়তত উঠা মানুহে মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো নাম নাজানে। ইহঁত আমাৰ মোহনতকৈয়ো গেধা! হাঃ হাঃ হাঃ!
খঙে উঠিল মোৰ। নিজে বা কিটো জানে। বাতৰি চাই হাঁহি আছে পুতেকৰ কাৰণে হ’লে আইডিয়া এটা ভাবিব নোৱাৰে। তাৰ পিছত ক’লোঁ-
: ময়ো তাকে কৈছোঁ বৰ্তা। মোহনতকৈও গেধা মানুহ আছে। এইবোৰ নজনাটো এক্কো ডাঙৰ কথা নহয়। জিকিলে সবেই শিকিব। মোহনক এইবোৰ সাধাৰণ জ্ঞানৰ উত্তৰ ময়ে শিকাই দিম লাগিলে। পঞ্চায়তত আমাৰ ৱাৰ্ডৰ পৰা তাকে উঠাওঁ বৰ্তা। তাৰ কপালত ৰাজভোগ আছে বুলি আপুনিয়ে কয় দেখোন।
: কোনে টিকট দিব এইটোক?
: যদি কোনো দলে টিকট নিদিয়ে নিৰ্দলীয়কে উঠাম।
মোহনে আপত্তি কৰিলে-
: হাৰিলে লাজ পাম! ইমান মাথা মাৰিব নোৱাৰোঁ মই।
মোৰো খং উঠিল, ক’লোঁ-
: হেৰৌ এনেহে তোৰ সন্মানটো আছে। দিনে-নিশাই বাপেৰ-মাৰৰ গালি শুনি লাজ নাপাৱ। হাৰিলেহে লাজ পাবিনে? হেৰৌ কিবা এটাটো কৰি চা!
দাঁতৰ এফাল গ’ল মোহনক বুজায় যে সি ৱাৰ্ড মেম্বাৰ খেলিবই লাগিব। ওচৰৰ কেইঘৰকো বুজাই দিলোঁ যে মোহনৰ বাপেকৰ গালিমৰ্ণিং, গালিভিনিং বা গালিমালা পাঠৰ পৰা কাণ দুখনক সকাহ দিবলৈ মন আছে যদি মোহনক ৱাৰ্ডমেম্বাৰ খেলাবই লাগিব, জিকাবই লাগিব।মোহনৰ বাপেককো বুজাই দিলোঁ –
: বোলো বৰ্তা মোহন হালৰো নহ’ল কোৰৰো নহ’ল, ৰাজনীতি পাৰিব কিন্তু চাব। তাৰ টেলেণ্ট এটা আছে।
মোহনক বুজাই বঢ়াই, দাবি-ধমকি দি হ’লেও ৱাৰ্ড মেম্বাৰ খেলাবলৈ উঠি পৰি লাগিলোঁ। নাই মোহনে নেখেলে। সি কয়-ভাল মানুহ ৰাজনীতিত নানামে বোলে। ৰাজনীতি কৰিব নাজানে সি, দুই নম্বৰী নাজানিলে ৰাজনীতিত মুখ থেকেচা খাব লাগিব।
মোহনৰ দেউতাকেও নাকে মতা দিলে-
: এস্ নালাগে! এইডাল উঠি মোৰ নাক-কাণসোপাকে কাটিব। এইটোৱে সাংবাদিক দেখিলে মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ নামটো বাদেই দে, দেউতাৰ নাম কি বুলি সুধিলেই ক’ব নোৱাৰিব নেকি? ককাৰ নামটো সোধচোন তাক পাৰি যদি ক’ব!
ময়ো হ’বলা এৰি দিয়া ভকতনী। বুজালো-
: চাওক! ভাল মানুহ ৰাজনীতিত নানামে, ৰাজনীতিত ষড়যন্ত্ৰ নহ’লে নচলিব, ৰাজনীতিত চিধা আঙুলিৰে ঘিঁউ নোলায় এইবোৰ সব ভুল ধাৰণা। জুইৰ ওচৰত থ’লে ঘিঁউ নিজেই গলিব। আঙুলি কিয় লগাব লাগে। যদি জানিছেই ৰাজনীতিত বেয়া মানুহ বাঢ়িছে, তেন্তে তেনে লোকক আঁতৰাই ভাল মানুহে কান্ধ পাতি ল’ব লাগিব।
মোৰ ফটা লেকচাৰ শুনি মোহনে ক’লে-
: ঐ তয়ে উঠ। মই নুঠো। দেখা নাই হিন্দীৰ নায়ক চিনেমাখনত অনিল কাপোৰৰ বিলাই কি হৈছিল।
শেষত নিজৰ গাত নিজে গুলি মাৰি অমৰিচপুৰীক ফচাব লগা হোৱা নাছিলনে। শেষতযে সি কৈছিল, “মুঝেভী পলিটিছিয়ান বনাহি দিয়া”বুলি।
মোৰ মাথাই নষ্ট হৈ গ’ল-
: থ’ হেৰৌ তোৰ শুদ্ধই ভুলে চিনেমাৰ ডাইলগসোপা। তোক মই চি.এম হ’বলৈ কোৱা নাই নহয় ৱাৰ্ড মেম্বাৰহে উঠিবলৈ কৈছোঁ। আৰু বৰ্তা শুনক ই হালৰো নহ’ল কোৰৰো নহ’ল। ই যদি ৰাজনীতিও কৰিব নাজানে বৰ্তা মই কৈ দিলোঁ ই আপোনাৰ গালি শুনাৰ বাহিৰে একো কৰিব নোৱাৰিব।
কৈয়ে ফোঁ ফোঁৱাই ঘৰলৈ গুছি আহিলোঁ। অলপ পিছতে শুনিলো-
: চাল্লা নিকম্মা, নালায়ক, অলপ ধতুৱা এইটোও যদি নকৰিবি তোক ঘৰৰ পৰাই বাহিৰ কৰি দিম এইবাৰ।
যেনেকৈ নহওক অৱশেষত মোহন পঞ্চায়তত ৱাৰ্ড মেম্বাৰ হিচাপে খেলিবলৈ সাজু হ’ল। দিন ৰাত একাকাৰ কৰিছোঁ মোহনক জিকাবলৈ। পুৱা গধূলি মুখস্থ কৰিছোঁ বহুতো নাম। তাক শিকাই দিছোঁ
: বোলো কোনোবাই কিবা সুধিলে যদি নাজান বুদ্ধি খটুৱাবি আৰু মনে মনে থাকিবি। মুখখনত এনেকুৱা এটা ভাব দেখুৱাব লাগিব যেন তই সব জানই ক’বহে বিচৰা নাই।
মোহনৰ গেটআপটো জোৰ কৰি সলাই দিলোঁ। বেনাৰ বনাবলৈ মোহনৰ ফটোৰ দৰকাৰ হ’ল। মোহনে মোক গমেই নিদিলে হতবুদ্ধিৰ দুটামানৰ লগ লাগি বেনাৰ পোষ্টাৰ বনাই পেলালে। ৰাজনীতিত নমাৰ পৰা লগ দুটামান হৈছেতো! মোক পাত্তাই নিদিলে। পিছত সিহঁতৰ ঘৰৰ আগফালে এখন বেনাৰ লগাওঁতেই মই দেখিতো আচৰিত। ছানগ্লাছ পিন্ধি হাত এখন মূৰৰ ফালে দি কেৰেচিয়া হাঁহি মাৰি মোহন একেবাৰে হিৰ’। মোৰটো দেখিয়েই মিটাৰটো গৰমহৈ আহিল।
: ঐ এইখন কি ফটো উঠিলি। তোৰ মূৰত সঁচাকৈ মাল নাই দেই।
: তই যেতিয়াই তেতিয়াই মোৰ মূৰত নধৰিবি দেই। ইমান ধুনীয়া হৈছে বেনাৰখন। মোক একদম হিৰ’ লাগিছে।
: হেৰৌ মোহন ৰাজনীতি নামিছ থিয়েটাৰ পাৰ্টীত নহয়। ৰাজনীতিৰ মানুহ দেখাত সাম্য হ’ব লাগিব। মুখৰ হাঁহিলৈ হাতযোৰ কৰি ফটো দিব লাগিব। ডিঙিত এখন গামোছা থাকিব লাগিব।
তেনেতে হতবুদ্ধিয়ে যোৱা দুটাই মাত দিলে-
: মানে এইবোৰ আউটডেটেড হ’ল। এতিয়া পৰিৱৰ্তন লাগে। নৱপ্ৰজন্মই এনেকুৱা বেনাৰ পোষ্টাৰ দেখিলেহে ভোট দিব। স্মাৰ্টনেছ এটা দেখাব লাগেতো৷
মই মোহনৰ বাপেকক চিঞৰ ধৰিলোঁ-
: বোলো চাওক বৰ্তা ইহঁতৰ কাণ্ড। এইধৰণে প্ৰচাৰ কৰিলে আপোনাৰ পুতেকে ভোট পাবনে বাৰু!
বৰ্তা আৰম্ভ হৈ গ’ল-
: ঐ জ্ঞানশূন্যৰ জাত। অধঃপতননে যোৱাটো। এইৰকমৰ ফটোত আনে নালাগে ময়ে তোক ভোট নিদিওঁ। নিজেই যদি নাজানই মোক সোধ, তাইক সোধ! টকাসোপা পানীত পেলাবি নেকি ঐ!
আৰু মোৰ ফালে চাই ক’লে-
: তহঁতে কৈছিলি নহয় ই পাৰিব বুলি! মই নোৱাৰে বুলিলে নুশুন। কিবাকৈ হাৰি নাক-কাণ কটালে কাকো সুখেৰে নেৰিম! মূৰত নাই মগজু, ৰাজনীতিত মনটো।
মোৰটো খঙেই উঠিল। এইডালৰ কাৰণে আজি ময়ো গালি শুনিলোঁ। তাৰপিছত ক’লোঁ-
: শুনিলিনে গালি! তোৰযে সঁচাকৈ মূৰটোত একো নাই নেকি! পঢ়া নোৱাৰ নাই দেখি দেখিটো শিকিব লাগে। আটসা তই বাৰু ৰাজনীতিখেলা মানুহে জিনছ পিন্ধা ছিক্সপেক বডি বনোৱা দেখিছ জানো। ৰাজনীতি আৰম্ভ হয় কাপোৰৰ পৰা। ছোনিয়া গান্ধীৰ কি টকা নাই বুলি ভাবিছ নেকি যে ৰাহুল গান্ধীক জিনছ কিনি দিব নোৱাৰিব। কিন্তু নিপিন্ধে। শোভা নাপায় বুজিছ।
আৰু শুন মোহন! তই চুলিবোৰ খুৰাই পেলাব লাগিব। মোছ অলপ ৰাখিবলৈ মন কৰ যদি ৰাখি দিবি।
মোহনে চিঞৰ ধৰিলে সি কোনো কাৰণত চুলি নুখুৰায়। চুলি খুৰোৱাৰ কথা শুনি মোহনৰ বাপেকেও ক’লে-
: হেৰৌ আমি মাক-বাপেকহাল জীৱিত থাকোঁতে সি কিহৰ কাৰণে চুলি খুৰিব ঐ!
তেনেতে মোহনে ক’লে-
: অ বুজিলোঁ বুজিলোঁ। তইযে মোক আবেগ ভোটৰ কথা কৈ থাক। মানুহক আবেগিক কৰিবলৈকে মই মানে দেউতা মৰিল বুলি প্ৰচাৰ কৰিব লাগিব। দেউতাক নোহোৱা ল’ৰা বুলি মৰমতে মোক ভোট দিব ন! আৰু কৈ দিম দেউতাৰ শেষ ইচ্ছা মই যেন ৱাৰ্ড মেম্বাৰ হওঁ, গতিকে মোক ভোট দি দেউতাৰ আত্মাক শান্তি দিয়ক।
মোহনৰ বাপেকৰ মাত হৰিল, মাকে ফেঁকুৰিবলৈ ধৰিলে-
: নালাগে ঐ মোৰ সেন্দুৰ মচি তই ৱাৰ্ড মেম্বাৰ হ’ব।
মোহনে মোক কোনোবাদিনা সঁচাকৈ জিন্দাই জিন্দাই মাৰি দিব ঔ! ক’লোঁ কি বুজিলে কি। চিঞৰি ধমক দিলো-
: মনে মনে থাক মোহন! কি আবোল তাবোল বলকিব ধৰিছ। মই বাপেৰ মৰিল বুলি প্ৰচাৰ চলাবলৈ কোৱা নাই। চাওক বৰ্তা। খং নকৰিব! আমাৰ কেতিয়াবা টি.ভি.ত চিগনেল নাহেযে। তেতিয়া এনেকৈ নহয় নে “ক্ৰীপয়া আপকী কেবুল কানেকচন কি জাচ কৰে ঔৰ ডিচকী আচপাচ কী বাধা কৌ দূৰ কৰে।” মোহনৰ মূৰত চুলি থকা কাৰণেই ইয়াৰ মগজুৱে চিগনেল নাপায়। চাবচোন ডাঙৰ ডাঙৰ নেতাবোৰৰ মূৰত চুলি কম থাকে। উদাহৰণ আমাৰ অসমতে আছে। তাৰমানে কি জানে মগজুৰ লগত ওপৰৱালাৰ কানেকছন।
মোহন! যা তই পুতুৰ চেলুনতে চুলিখিনি খহাই আহগৈ।
: পুতুৰ তাত চুলি নাকাটো মই। ভালকৈ কাটিব নাজানে সি। আমাৰ গাঁৱৰ সৰু ল’ৰা এটায়ো নাকাটে তাৰ তাত।
: কোনে কাটে নাকাটে সেইটো বাদ দে! তই কাটিবই লাগিব। কাৰণ ভোটৰ কথা আছে। গাঁৱৰে ল’ৰাটোৱে পইছাকেইটা পাওক দেচোন। তেতিয়া সিও তোক ভোটটো দিব আকৌ! এইবোৰ সৰু কথাত ৰাজনীতি কৰিব জানিব লাগিব বুজিছ মোহন।
মোহনৰ মাকক ক’লোঁ-
: বোলো বৰমা! মোহনে নামঘৰলৈ পিন্ধি যোৱা পাঞ্জাৱীটো উলিয়াই দিব গামোচা এখনৰ সৈতে। ফটো এখন ভালকৈ উঠিব লাগিব সি চুলি কাটি অহাৰ পিছত। বৰ্তা আপুনিও গাটো ধুই মূৰটো ফনিয়াই সাজু থাকক। মোহনৰ বেনাৰত আপোনাৰো ফটো এখন লগাব লাগিব। তেতিয়াহে মানুহে মোহনক জিকাব।
উস্ ভাগৰ লাগিছে আৰু মোৰ । কিহে পাইছিল মোক মোহনক ৱাৰ্ড মেম্বাৰ উঠাবলৈ। ই নিজেটো নিউজ চেনেলৰ ৰঙা বৃত্তত সোমাই ফেমাছ হ’বই, মোকো লাজ দিহে এৰিব।
বেচেৰা মোহনলৈ বেয়াও লাগিল-
: পাৰিবনে ই ৱাৰ্ড মেম্বাৰ হ’ব?
☆★☆★☆
12:08 pm
মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ নামটো বাদেই দে, দেউতাৰ নাম কি বুলি সুধিলেই ক’ব নোৱাৰিব !!!!
সাংঘাটিক । ভাল লাগিল ।
7:00 am
বিৰাট ধুনীয়া জিমি৷ এইবাৰৰ মেগাজিনৰ ৱান অৱ ডা বেষ্ট লাগিল৷ লিখি থাকিবা৷
11:54 am
জিমি এইটো মই দহবাৰ মান পঢ়িছোঁ। আৰু দহবাৰ পঢ়িলেও আমনী নালাগে। সুন্দৰ কমেডী লিখিছা????????????
9:58 pm
বিৰাট ভাল হৈছে। জিকিবগৈ পাৰিবনে বাৰু বেচেৰাটো, সেইটো জানিবলৈ হে মন থাকি গ’ল।
5:53 pm
তামাম মজা লাগিল৷