খাব নেকি মিক্সাৰ – পাৰ্থ প্ৰতীম শৰ্মা
তেতিয়া মই নৱম শ্ৰেণীত। উঠি অহা বয়স। কাৰোবাৰ হাঁহিত সুখ বিচাৰি ফুৰাৰ বয়স৷ নতুনকৈ প্ৰেমত পৰিবলৈ শিকাৰ বয়স, কাৰোবাৰ এটা চাৱনিত দিনটো ভাল হৈ যোৱাৰ বয়স।
ইজন-সিজনক দেখি মোৰো প্ৰেম কৰিবলৈ মন গ’ল। মই বোলো- এই কথাই কথা নহয়। কোনোবা এজনীক ময়ো চাব লাগিল। লগৰ গোটেইবোৰৰে প্ৰেয়সী আছে, গতিকে মোৰো এজনী থকা উচিত। হেন জানি ময়ো নিজলৈ বুলি এগৰাকীৰ সন্ধানত নামিলোঁ।
বহুত বিচাৰি বিচাৰি এদিন এজনীৰ মুখৰ হাঁহিত সেই ‘স্পাৰ্ক’ বিচাৰি পালোঁ। মোতকৈ এক শ্ৰেণী তলৰ। মই বোলো বেছ! এইজনীয়েই মোৰ প্ৰেয়সী হ’ব। কিন্তু মনেৰে ভাবিলেইতো নহ’ব। তেওঁক জনাবও লাগিব। তেতিয়া ছোৱালীৰ লগত মাত-বোল নাই বুলিলেই হয়। বিশেষকৈ যিসকল আমাৰ শ্ৰেণীৰ নহয় তেওঁলোকৰ লগত ইমান মাত-বোল নহয়। গতিকে প্ৰায় তিনিমাহমান চকুৱে-চকুৱে চাই চাই পাৰ হ’ল। মই তেওঁলৈ চাওঁ, তেওঁ লাহেকৈ মূৰ তল কৰে। তিনিমাহ মানৰ মূৰত সেইফালৰ পৰা মিঠা-মিঠা হাঁহি আহিবলৈ ধৰিলে। ময়ো বুজি পালোঁ- সেউজ সংকেত। কিন্তু এতিয়া মনৰ কথা কোৱা যায় কেনেকৈ?
পিচে আমি হ’লোঁ হিন্দী চিনেমা চাই প্ৰেম কৰিব শিকা মানুহ আৰু হিন্দী চিনেমাৰ প্ৰাথমিক কথা- লড়কী কো পতানা হেই, তো উচকে দোষ্টকো পতাও। ময়ো লগে লগে ‘মোৰ তেখেত’ৰ বান্ধৱী এজনীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। অলপদিন কথা পতাৰ পিছত কথাই কথাই এদিন লাজ-লাজকৈ ক’লোঁ-
: তোমাৰ লগৰ যে অমুক, মোৰ খুব ভাল লাগে অ’। পাৰিলে কিবা কৰি দিয়া অ’। লগৰজনীয়েও মিঠা হাঁহি মাৰি ঠিক আছে বুলি ক’লে।
তাৰ পিছত এদিন-দুদিন কৰি এসপ্তাহমান পাৰ হ’ল, কোনো খবৰ নাই। দেখিলে কেৱল সেই মিঠা হাঁহি। লগৰজনীক সুধিলত তাই ক’লে যে তাইৰ ভাগৰ কাম তাই কৰিছে। ‘মোৰ তেখেত’ক ইতিমধ্যে মোৰ কথা কৈছে। তেন্তে কথা কি?
মোৰো ধৈৰ্যৰ বান্ধ সুলকিল। এদিন সুবিধা পাই সুধি পেলালোঁ-
: ঐ মোক চিনি পোৱা?
তাই আচৰিত হৈ মোৰ ফালে চালে। চকুত এনেকুৱা এটা ভাৱ- চিনি নাপালে আপোনাক চাই চাই মিঠা হাঁহি কেইটা এনেই মাৰি আছোঁ নেকি? কিন্তু ক্ষন্তেকতে মূৰ তল কৰি ক’লে-
: কিয়বা তেনেকৈ ক’লে?
মোৰ খঙেই উঠিল। কিয় তেনেকৈ ক’লে!! তিনিমাহ হৈ গ’ল চকুৱে চকুৱে চাই। কিমান সাহ্স গোটাই মনৰ কথাটো কাৰোবাৰ হতুৱাই হ’লেও কোৱাইছোঁ, তেওঁ আকৌ সোধে কিয় তেনেকৈ ক’লোঁ! পিচে মনৰ উষ্মাখিনি মনতেই সামৰি ক’লো-
: তোমাৰ পৰা কিবা উত্তৰ পাম বুলি আশা কৰিছিলোঁ।
এইবাৰ তাই লাজত ৰঙা পৰি আকৌ মূৰ তল কৰিলে। মূৰ তল কৰি থাকিয়েই তাই ক’লে-
: এবাৰ ক্লাছৰুমৰ ফালে আহিবচোন।
এইবুলি কৈ তাই লৰা-লৰিকৈ গুছি গ’ল। ময়ো পিছে পিছে তাইৰ ক্লাছৰুমৰ বাৰাণ্ডা পালোঁ। অলপ পিছতে তাই বাহিৰলৈ আহি কোনো কথা নোকোৱাকৈ কাগজ এখন হাতত দি দৌৰ মাৰি গুছি গ’ল। কাগজখন হাতত লৈ দৌৰি দৌৰি কেণ্টিন পালোঁগৈ। নিশ্চয় চিঠি হ’ব। মানে প্ৰেমপত্ৰ। চিঠিখনৰ ভাঁজ দেখিয়েই গম পালোঁ- বহুদিনৰ আগতেই তাই সেইখন লিখি থৈছে।
একে উশাহেই চিঠিখন পঢ়ি শেষ কৰিলোঁ। আমি ইজনে-সিজনক ভাল পোৱা উচিত নে অনুচিত তাৰেই বৰ্ণনা। এসোপা প্ৰশ্ন! তাৰ পিছত মোৰ উত্তৰত মোৰ চিঠি। আকৌ তাইৰ চিঠিত প্ৰশ্ন, মোৰ চিঠিত উত্তৰ…
এনেকৈয়ে, আমি ভাল পোৱা উচিত নে অনুচিত সেই বিষয়ে কথা পাতি পাতি ছয় মাহ পাৰ হৈ গ’ল। চিঠিৰ সংখ্যা ২৫/২৬ খন হ’লগৈ। কিন্তু তেতিয়ালৈয়ো আমি ঠিক কৰিব নোৱাৰিলোঁ- আমি ইজনে-সিজনক ভাল পোৱা উচিত নে অনুচিত? তেতিয়া মোৰ নিজা কোঠা বা নিজা বুলি মেজ নাছিল। সেইবাবে চিঠি সমূহ থৈ দিবৰ বাবে ঠাইৰ অভাৱ। গতিকে সেই চিঠিসমূহ কোনোবা কিতাপ/বহীৰ মাজতেই থ’ব লগীয়া হৈছিল, যিখন কিতাপ বা বহী কাহানিও ব্যৱহাৰ নহয়। সেইবাবে মই চিঠিবোৰ মই আগৰ বছৰৰ ঘৰুৱা বহী এখনৰ মাজত থৈ দিছিলোঁ।
ঠাণ্ডাৰ দিন। গধূলি ঘৰত মায়ে মূৰি, চানা, পিয়াজ, জলকীয়া, তেল, ধনিয়া পাত সকলো মিহলি কৰি ধুনীয়াকৈ খোৱাৰ(আমি ঘৰত মিক্সাৰ বুলি কওঁ) যোগাৰ কৰিছে। দেউতা আৰু মই বাৰাণ্ডাত বহি কিবা-কিবি কথা পাতি আছোঁ। তেনেকুৱা কিবা বনালে মায়ে প্লেটৰ ব্যৱহাৰ নকৰে। পুৰণি বাতৰি-কাকত বা মোৰ পুৰণি বহীৰ পাতত বিলাই দিয়ে।
অলপ পিছতেই মায়ে দুইখন কাগজত দেউতা আৰু মোক সানমিহলি(মিক্সাৰ)বিধ দি নিজেও হাতত লৈ বহিল। তিনিও বহি কথা পাতিবলৈ ধৰিলোঁ।
হঠাতেই দেউতাই মিক্সাৰ খাই থকা কাগজখনলৈ মোৰ চকু গ’ল-
মৰমৰ …..
……….. আপুনিতো জানেই, মই শংকৰীয়া ছোৱালী। আপুনি ব্ৰাহ্মণ ল’ৰা। গতিকে ঘৰৰ মানুহে……. তথাপিও যদি আপুনি ভাৱে….
মই ৰ’ লাগি চাই থকা দেখি দেউতায়ো কাগজ টুকুৰা চালে।
তাৰ পিছত…….
☆★☆★☆
12:13 pm
আয়ৈ, মিক্সাৰে মষিমূৰ কৰিলে প্ৰেম। সুন্দৰ উপস্থাপন। ভাল লাগিল।
11:21 pm
ধন্যবাদ।
12:46 pm
পিচে কেচটো পিচত কি হল?
11:22 pm
পিছত বুলি ক’লে এটাই উত্তৰ:
এই কাহিনী সম্পূৰ্ণ কাল্পনিক। কোনো বাস্তৱ চৰিত্ৰৰ সৈতে সামঞ্জস্য কাকতলীয়া সংযোগ মাথোন।
1:29 pm
মজ্জা লাগিল৷তাৰ পিচত?
11:22 pm
পিছত বুলি ক’লে এটাই উত্তৰ:
এই কাহিনী সম্পূৰ্ণ কাল্পনিক। কোনো বাস্তৱ চৰিত্ৰৰ সৈতে সামঞ্জস্য কাকতলীয়া সংযোগ মাথোন।
10:13 pm
বঢ়িয়া বঢ়িয়া ।
নষ্টালজিক কৰি দিলেহে দাদা ।
11:23 pm
হে হে… একেই নাৱৰ যাত্ৰী যেন পাইছোঁ।