মুখা – প্ৰিয়ম প্ৰীতম
খুব ব্যস্ত থাকিব লগা হয় আজিকালি। সপ্তাহটোৰ ৱৰ্কিং ডে কেইটাত মৰিবলৈকো বুলি হাতত সময় অকণ নাপাওঁ, গতিকে আজি শনিবাৰটোত হাফ ডে ৰেষ্ট পাই আনন্দিত নোহোৱাৰ কথাই নাই। প্ৰকাণ্ড এপাৰ্ণ্টমেণ্টটোৰ দহ নম্বৰ মহলালৈ লিফটেৰে বগাই কোঠাত সোমায়েই হাতৰ ব্ৰিফকেচটো (সেইটোক বেগ বুলিলে ষ্টেণ্টাৰ্ড নুশুনি হেনো) বিছনাখনত দলিয়াই থৈ কাপোৰ নসলোৱাকৈয়ে ছোফাখনত হেলান দি সন্ধিয়াটোৰ সময়খিনি কিদৰে উৰুৱাব পৰা যায় তাৰে মোটামুটি হিচাপ এটা কৰিলোঁ। ষ্টকত বটল এটা মজুত আছে হয়তো! সেইটোকে…..নহয় নহয়, ক্লাবলৈ পাক এটা মৰাই ভাল হ’ব। ভালেকেইদিন যোৱাই হোৱা নাই সেইফালে। হাতত ৰঙীন গিলাছ লৈ সুন্দৰীৰ নৃত্য চাবলৈ বেয়াটো নিশ্চয় নালাগিব।
“টিং-টং, টিং-টং, টিং-টং” কলিং বেলটোৰ শব্দত চিন্তাজগতৰ পৰা ছিটিকি আহি আকৌ ফ্লেটৰ জগত পৰিলোহি। কোন আহিল ঔ এই অসময়ত। “টিং-টং, টিং-টং, টিং-টং”….আৰে কলিং বেলটো কিয় এনেদৰে অবিৰাম বজাই আছে! আগন্তুকৰ মূৰৰ গণ্ডগোল হোৱা নাইতো! “টিং-টং, টিং-টং, টিং-টং, টিং-টং, টিং-টং, টিং-টং” -এইবাৰ ছোফাখনৰ পৰা একপ্ৰকাৰ জঁপিয়াই উঠি দুৱাৰৰ ফালে চোঁচা ল’লোঁ।
দুৱাৰখন খুলি দিয়াৰ লগে লগে অনুমতিলৈ অপেক্ষা নকৰি হুৰমূৰকৈ এটা ল’ৰা আৰু এজনী ছোৱালী সোমাই আহিল। কথা নাই বতৰা নাই হঠাতে এনেকৈ ভিতৰলৈ সোমাই অহাত আচৰিত হোৱাতকৈ খং বেছি উঠিছিল। এইখন কি সিহঁতৰ বাপেকৰ ঘৰ পাইছে নেকি! নে এইখন অতিথিশালা খুলি ৰাখিছোঁ যাৰ যেতিয়াই মন যায় সোমাই আহিবলৈ। এইবাৰ সিহঁতৰ ফালে ভালকৈ চালোঁ। ল’ৰাটো ওখ মোৰ সমানেই, মুখখন অস্পষ্ট, কাপোৰযোৰৰ ৰঙো কিবা অদ্ভূত, বগা ফুল স্পৰ্টিং আৰু ডাঠ আকাশী নীলা পেণ্ট, পেণ্টৰ ৰঙটোও আৰু ষ্টাইলটোও কিবা বেলেগ বেলেগ। মানে আমি সচৰাচৰ দেখি থকা বিধৰ পেণ্ট মুঠেই নহয়। পেণ্টৰ ৰঙটোও যেন ক’ৰবাত দেখিছোঁ, কিন্তু ক’ত দেখিছোঁ মনত পেলাব পৰা নাই। ছোৱালীজনীলৈ চালোঁ। তাইকো ক’ৰবাত দেখা দেখা লাগিছে। মোক আটাইতকৈ আচৰিত কৰা কথাটো আছিল দুয়োৰে কান্ধত থকা বেগ দুটা! দুয়োৰে বেগদুটাৰ ৰঙো একেই, নীলাত বগা। কোন হ’ব পাৰে ইহঁতদুটা? এইখন চহৰত মোৰ সম্বন্ধীয় কোনো নোলায়, মানে আহি ওলাব পৰাৰ বাট ময়েই বন্ধ কৰি থৈ দিছোঁ। ইহঁত কিবা অফিচৰ কামত আহিছে নেকি? অফিচৰ কামত কোনো ক্লায়েণ্ট-ফায়েণ্ট আহি মোৰ ঘৰ, অৰ্থাৎ ফ্লেট আহি ওলোৱাটো মই পচন্দ নকৰোঁ, এই কথাটো মোৰ লগৰখিনিয়ে জানে। তেন্তে ইহঁত ষ্টিঙ অপাৰেচন চলাম বুলি অহা সাংবাদিক-চাংবাদিকজাতীয় কিবা নহয়তো ! কথাটো মনলৈ অহাৰ লগে লগে অলপ কঠোৰ হ’লোঁ। ইহঁত যিয়েই নহওঁক লাগিলে, ইহঁতৰ মাজত ভদ্ৰতাৰ নামমাত্ৰও নাই। গতিকে নজনা-নিচিনা এহাল যুৱক-যুৱতীক শীত-তাপ নিয়ন্ত্ৰিত বহা কোঠাত বহুৱাই ৰখাৰ মোৰ কোনো গৰজ পৰা নাই। সিহঁতৰ ফালৰ পৰা খচমছনিৰ শব্দ আহিলত সিহঁতৰ ফাললৈ চালোঁ। আৰে আৰে ল’ৰাটোৱে দেখোন জোতাই-মোজাই চোফাখনতে ভৰি তুলি বহি পৰিল। টিঙিচকৈ খঙটো উঠি আহিল। যথাসম্ভৱ হুটা মাত এটা উলিয়াই সুধিলোঁ,
: কোন অ’ তই?
তাৰ বিন্দাছ উত্তৰ,
: মই প্ৰীতম।
: মই কোন তেনে?
: মই কিডাল জানো?
এইবাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। খং উঠিবলগীয়া কথাই। সি যদি প্ৰীতম মই কি ছলমান খান? কলেজত থাকোঁতে হোমেন বৰগোহাঞিৰ ‘ভয়’ আৰু লক্ষীনাথ বেজবৰুৱাৰ ‘মোৰে সতে মনাইৰ দন্দ’ নামৰ দুটা গল্প পঢ়িছিলোঁ। দুয়োটা গল্পতে লেখকৰ মনটো শৰীৰৰ পৰা ওলাই আহি লেখকক ডাঙৰ ডাঙৰ প্ৰশ্নৰে জবাবদিহি কৰিছিল। সেইবিলাক ডাঙৰ-ডাঙৰ মানুহৰ লগত হোৱা কাৰবাৰ, তাৰোপৰি এজন মানুহৰ মন ওলাই গৈ এযোৰ মানুহ হৈ অহাৰ কথা ক’তো দেখাও নাই, শুনাও নাই। গতিকে সেই মন-চনজাতীয় কিবাৰ প্ৰতিনিধি হোৱাৰ সম্ভাৱিতা শূণ্যৰ ওচৰা-ওচৰা বুলি জানিও সুধিলোঁ,
: তই মোৰ মন-চন কিবা নহয়তো?
সি যেন খুব হাঁহি উঠা কথা এটাহে শুনিলে, তেনে ভাৱত অট্টহাস্য কৰি ক’লে,
: হাঃ হাঃ! ইমান চাহিত্য কৰিব নালাগে, ময়ো মন-চন নহওঁ আৰু তয়ো হোমেন বৰগোহাঞি নাইবা বেজবৰুৱা নহৱ।
: তই যিয়েই নহৱ কিয় মোৰ কৰিবলগীয়া একো নাই। ৰবি মই এতিয়াই পুলিছক ফোন কৰিছোঁ।
ফোনটো হাতত লোৱাৰ লগে লগে যুৱকে চিঞৰি উঠিল,
: খবৰদাৰ, জিঅ’ নম্বৰটোৰে ফোন নকৰিবি, সেইটো মোৰ নামত আছে।
: হেঃ ! কথা ক’বলৈ আহিছে।
কি কামোৰে পালে ঐ এইটো। খং আৰু বিৰক্তি মিহলি কৰি সুধিলোঁ,
: মোৰ জিঅ’ নম্বৰ তোৰ নামত কেনেকৈ আহিল ঔ মহাপাপী?
: নজনাৰ ভাও ধৰিবলৈ আহিছে? কেলৈ, আপুনি নিজেই ডেৰবছৰমান আগতে আপোনাৰ জিঅ’ নম্বৰটো আৰু ই-মেইল আই-ডিটো মোৰ নামত কৰি দিয়া নাছিলনে?
এইবাৰহে ক’ত মৰা মৰ! মবাইলটো বাৰু যেন-তেন, ই বেটাই চিধা মেইল আই-ডিটোতে ধৰিলে দেখোন! অফিচৰ যতমানে জৰুৰী ফাইল মেইলৰ যোগেদিয়েই আহে, এতিয়া ই মেইল আই-ডিটোত কিবা গণ্ডগোল কৰিলে মোৰ চাকৰি শেষ। আচ্ছা, ই হেকাৰজাতীয় কিবা নেকি বাৰু? মুখ দেখিতো সিমান ভয়ংকৰ যেন নালাগে। তথাপিও একো ঠিক নাই, মুখ দেখি আজিকালি মানুহ চিনিব নোৱাৰি! হ’বও পাৰে!
তেৰী জীৱন শেষ হো গেয়া হে জিঅ’, অৱ তুম এবাৰ ৩৯৯ গ্ৰাম চাকনা কিনি তিনিমাহলৈ ননষ্টপ পিঅ’ । এয়াৰটেল ইজ দ্য বেষ্ট, এয়াৰটেলৰ ইমান ঠৌগা আপিটোইনো মিছা ক’বনে! সঁচাকৈ এয়াৰটেলেই মহান, এয়াৰটেলেই মোক আজি বিপদৰ পৰা উদ্ধাৰ কৰিব।
ক’ত মোৰ সোণামুৱা বুকুৰ আপোন এয়াৰটেল, চাওঁ! পিচে চাই দেখো ফুচচচ….এয়াৰটেলৰ তাত এয়াৰেই নাই, ইমাৰজেঞ্চি কল অনলি লাগি আছে! মই ঠিক ভাবিছিলোঁ, এই ধুনীয়া বগী ছোৱালীসোপাৰ কথা মুঠেও বিশ্বাস কৰিব নাপায়। নলাত পৰি থাওক এয়াৰটেল, নেলাগে মোক এনেকুৱা মিছলীয়া এয়াৰটেল, এয়াৰটেল আই উইল কিল ইউ। এয়াৰটেলক অসমীয়া মিহলি ভঙা-ভঙা ইংৰাজীত গালি দি থাকোঁতে পটককৈ মনত পৰি গ’ল….ভোডাফোন-আইডিয়া! তুমিয়েই এতিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ টেলিকম অপাৰেটৰ, তুমি বচালেই বচোৱা আজি। সেই তাহানিতে মাহে ৪৫ টকাকৈ তোমালোকক দি ‘বত্তমিজ দিল’ ডায়েলাৰটিউন ৰখা দিনৰেই পুৰণি কাষ্টমাৰ আমি! ভোডাফোনৰ চিমখন লাগি থকা দ্বিতীয় ফোনটো বাওঁহাতেৰে জেপত খেপিয়াই চালোঁ। আছে আছে, পাইছোঁ! কীপেড থকা সৰু ফোনটো খেপিয়াওঁতেই ছোৱালীজনীৰ উচপিচনি বাঢ়ি অহা মোৰ চকুত পৰিছিল।
: হেই হেই, কি কৰে কি কৰে! ভোডাফোন নম্বৰটো মোৰ নামত আছে, সেইটো ব্যৱহাৰ কৰাৰ কথা মনলৈকে নানিব!
টকিং টমৰ মেকুৰীটোৰ নিচিনা টেংটেঙীয়া মাতটোৰে ইমানপৰে মনে মনে থকা ছোৱালীজনীয়ে অৱশেষত কৈ উঠিল৷ কি বিপদ! এইজনীবা আকৌ কোন! মোৰ মনৰ কথা বুজিয়েই চাগে তাই টেংটেঙীয়া মাতটোৰে নিজৰ চিনাকি দিলে,
: মই এঞ্জেল এঞ্জেলিনা।
এঞ্জেল এঞ্জেলিনা !!! সেই তাহানিতে জ্যোতিস্মিতাক জ্বলাবলৈকে এঞ্জেল এঞ্জেলিনা নামেৰে এটা ফেক একাউণ্ট খুলি নিজৰ ফটোতে মাজে মাজে কমেণ্ট মাৰি লোৱাৰ ব্যৱস্থা কৰিছিলোঁ। একাউণ্টটোত ছয়খনমান প্ৰফাইল ফটো আৰু তিনিখনমান কভাৰ ফটোকে ধৰি মুঠ নখনমান ফটো আছিল চাগে, তাৰে পাঁচখনেই প্ৰাকৃতিক দৃশ্য, বহি থকা পুতলা, ফুলি থকা ফুল আদিৰ আৰু বাকী চাৰিখন দাক্ষিণাত্যৰ কোনো অখ্যাত মডেলৰ, আটাইকেইখনেই বেলেগ বেলেগ।
: আমাৰ ছচিয়েল মিডিয়াতো কে.ওৱাই.চি. বিচৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুজিছে। এই স্কীমৰ অধীনত আমাৰ আটাইবোৰ গ্ৰাহকৰে একাউণ্টৰ লগত লিংক থকা ফোন নম্বৰ আৰু মেইল আই-ডি, একাউণ্টটোৰ এক্টিভিটি আদিবোৰ চেক কৰা হয়। মোক আপুনি ছোৱালী-বোৱাৰীলৈ মাজৰাতি পেনপেনীয়া বাৰ্তা পঠিওৱাৰ পৰা আৰম্ভ কৰি হকে-বিহকে, সময়ে-অসময়ে, জধে-মধে কাজিয়া কৰালৈ বিভিন্ন কামত ব্যৱহাৰ কৰিছে। আজি আপোনাৰ লগত থকা সকলোবোৰ হিচাপ ক্লিয়াৰ কৰিব লাগিব।
এইবাৰ আকৌ ল’ৰাটোৱে গৰম সুৰত মাত লগালে। প্ৰচণ্ড খঙত তাৰ মূৰলৈ বুলি লক্ষ্য কৰি হাতৰ কাষতে পোৱা ফুলদানি এটা মাৰি পঠিয়ালোঁ। পিচে ফুলদানিটো তাৰ মূৰৰ মাজেৰেই পাৰ হৈ গ’ল, যেন থ্ৰীডি-প্ৰজেক্চন!
: একো লাভ নহ’ব বুজিছে! মই হ’লোঁ ভাৰ্চুৱেল হল’গ্ৰাম, কোনো হাৰ্ডৱেৰ অথবা ৰিয়েল অৱজেক্টে মোক স্পৰ্শও কৰিব নোৱাৰে!
: তই মোৰপৰা কি বিচাৰি আহিছ?
: ক্ষতিপূৰণ।
: ক্ষতিপূৰণ? কিহৰ?
: এয়া চাওক৷
যুৱকে এইবাৰ চোলাটো দাঙি পিঠিখন দেখুৱালে। চালোঁ। ওপৰৰ পৰা তললৈ অলেখ দাগ, ঠিক বেত বা সৌকাৰে কোবোৱা দাগৰ দৰে। সি কৈ গ’ল,
: এয়া ব্লক নামৰ অস্ত্ৰৰ আঘাতৰ দাগ। আপোনাৰ হকে কাম কৰি মই দুশ সোতৰ বাৰ এই অস্ত্ৰৰ আঘাত পাবলগীয়া হৈছে। আৰু…এইফালে চাওক৷
এইবাৰ যুৱকে তাৰ মুখমণ্ডললৈ দেখুৱালে, মন কৰিলোঁ দাঁতৰ গুৰিয়েদি তেজ ওলাইছে, কপালতো এটা টেমুনা। অতপৰে লক্ষ্যই কৰা নাছিলোঁ।
: এয়া ৰিপৰ্ট নামৰ অস্ত্ৰৰ আঘাত। এতিয়ালৈ মুঠতে আঠবাৰ এই অস্ত্ৰৰ আঘাতত ৭২ ঘণ্টালৈকে অচেতন হৈ থাকিবলগীয়া অৱস্থা হৈছে। আজিও দুবাৰ এই অস্ত্ৰৰ আঘাত পাইছোঁ। মোৰ অৱস্থা এনেকুৱা কৰা আপোনাক মই সুখেৰে থাকিবলৈ দিম বুলি ভুলতো নাভাবিব। চাই
ল’ম আপোনাকো।
: সৌ খিৰিকীখন দেখিছ?
যুৱকে ভাৱলেশহীন মুখেৰে খিৰিকীখনলৈ চালে।
: মই সেইখনেৰে জঁপিয়াই দিম৷
কথাষাৰে যুৱকক ভয় খুৱালে নে কি নাজানো, কিন্তু সি তাৰ কাণত লাগি থকা হেডফোনডালত কিবা-কিবি বলকি কোঠাৰ পৰা ওলাই গ’ল, পাছে পাছে ছোৱালীজনীও! উফ্ ৰক্ষা, ভাল বাচিলোঁ এইবাৰলৈ। এতিয়াই ফেচবুক একাউণ্টটো ডিএক্টিভেড কৰা যাওক। দৰকাৰ নাই
এনেকুৱা ফেচবুক।
ধক্ ধক্ ধক্ ধক্ – আকৌ কোনোবাই দুৱাৰত ধকিয়াইছে। এইবাৰ আকৌ হোৱাটছএপ আহিল নেকি? হওঁতে মোৰ দুয়োটা নম্বৰতে হোৱাটছএপ আছে, কিন্তু মইতো হোৱাটছএপত ছোৱালীৰ নামত ফেক একাউণ্ট খোলা নাই! কিবা মিছআণ্ডাৰষ্টেডিঙ হ’ল নেকি! নাই নাই, এইবাৰ হোৱাটছএপো আনইনষ্টল কৰিম, এই জঞ্জালসোপা পুহি ৰখাত নাই, লাগিলে চিঠি-পত্ৰ অনা-নিয়া কৰাকৈ এটা পাৰ চৰাইকে কিনি ল’ম, তেতিয়া অন্ততঃ কেতিয়াবালৈ বিৰক্তি লাগিলে চৰাইটোকে বধি জোল অকণ বনাই খাই পেলাব পাৰিম! এইবাৰ যিমান যি নহ’লেও মই দুৱাৰ খোলাত নাই। এবাৰ খুলিয়ে মজা পাই থৈছোঁ। বাহিৰৰ পৰা ছোৱালী কণ্ঠত শুনা গ’ল,
: প্ৰীতম, দৰ্জা খোলা।
হাৰে মাতটো দেখোন চিনাকি ! ক’ত শুনিছিলোঁ মাতটো?
: দৰ্জা খোলা অ’ প্ৰীতম।
আৰে এইটো দেখোন নীষা বাইদ’ৰ মাত। ইমান ঠাণ্ডা ছোৱালীজনী আকৌ হোৱাটছএপৰ প্ৰফেচনেল গুণ্ডাসোপাৰ মাজত কৰিছেগৈ কি? নে তায়ো তাতে জইন কৰিলে! একো ধৰিব নোৱাৰি আজিকালিৰ কথা!
: ছিকিউৰিটীকেইটাই কি কয়?
এইটোচোন অভিজিতদাৰ মাত !
: মই সুধি আহিলোঁ, সিহঁতে একো দেখা নাই হেনো।
ৰামানুজদাৰ মাত।
: ভিতৰত মানুহ থকা-নথকাৰ একো উমঘামকে পোৱা নাই। দুৱাৰখন ভাঙিব লাগিব চাগে!
সেইটো অলকেশদাৰ মাত। দেখিছা এখেতৰ কাৰবাৰ! আলোচনীৰ চম্পাদনা চমিতিয়ে এওঁৰ পৰা লেখা বিচাৰি হাবাথুৰি খাইছে আৰু এওঁ মিউনিখ এৰি ইয়াত লোকৰ দুৱাৰ ভাঙি ফুৰিছে! দেহাত বল-শক্তি থাকিল বুলিয়েই যে মানুহ নথকাৰ উমান পালেই দুৱাৰ ভাঙিব, এইটো
আকৌ কেনেকুৱা কথা!
: কী হোলটোৰে ভিতৰৰফালে চাব পৰা নাযাব নেকি?
মাতটোত গম পালোঁ এইজন মনজিতদা! আজিচোন বাঘে-ছাগে একেটা ঘাটতে! আমি সৰুৰ পৰা শিকি আহিছোঁ যে চম্পাদকৰ কাম হ’ল লেখা গোটোৱা, চম্পাদনা কৰা আৰু লেখা নিদিয়াবোৰক পাৰেমানে গালি দিয়া! পিচে এখেতেচোন সম্পাদনাৰ কাম এৰি লিউৱেনহুকে অণুবীক্ষণত চোৱাদি দুৱাৰৰ চাবি ভৰোৱা ফুটাটোৰে জুমি জুমিহে চোন কিবা চাবলৈ ধৰিছে!
: সেইবিলাক কৰি থাকিব সময় নাই, ভাঙি দিয়ক। পলম কৰিব নালাগে।
সেইটো হেকাদা। মই এটা কথা এতিয়াও বুজি পোৱা নাই যে মোৰ দুৱাৰখনেনো কাৰ পানী খোৱা ফিল্টাৰত আৰ্ছেনিক ঢালিলে যে দুৱাৰখন ভাঙিব লগা হ’ল! সৰ্বনাশ! সৰ্বনাশৰ ওপৰত সৰ্বনাশ! অলপ পলম কৰিলেই এইবাৰ দুৱাৰখনো যায় দেখিছোঁ! কিন্তু মই ভাবি নাপালোঁ যে হোৱাটছএপে আমাৰ নিজৰ মানুহকেইটাক কেনেকৈ হায়াৰ কৰি লৈ দৰ্জা ভঙা ডিউটিত লগাব পাৰিলে! কিন্তু চোফাত বহি সেইটো কথা ভাবি মই মোৰ দুৱাৰ ভাঙিবলৈ দিয়াত নাই! লৰালৰিকৈ গৈ দুৱাৰৰ হুক খুলি হেণ্ডেল ঘূৰালোঁ।দুৱাৰখন খুলি দেখিলোঁ হয়, ফটাঢোলৰ মানুহখিনিৰ লগত দুজন হোৱাটছএপৰ মানুহো আহিছে! পিচে হোৱাটছএপৰ মানুহকেইজনৰ ইউনিফৰ্মৰ ৰঙটো চোন হোৱাটছএপৰ বগা-সেউজীয়া ৰঙৰ লগত মিলা নাই! ভাবি থাকোঁতেই এজন হোৱাটছএপে প্ৰশ্ন কৰিলে,
: আপুনিয়েই প্ৰীতম নে?
মই ব্যস্ত হৈ উত্তৰ দিলো,
:হয় হয় ময়েই প্ৰীতম। দুয়োটা নম্বৰতে হোৱাটছএপ খুলি ৰাখিছোঁ কিন্তু এটাও ফেক একাউণ্ট নহয়, আপোনালোক এতিয়া যাওক, মই এতিয়াই দুয়োটা হোৱাটছএপকে আনইনষ্টল কৰি দিম! আই শ্বেল আনইনষ্টল…
মোৰ কথাখিনি শেষ নহওঁতেই কাষত থকা দুইনম্বৰ হোৱাটছএপ জনে ধমকি মাৰি উঠিল,
: নিচা কৰিছে নেকি? নে আপোনাৰ মূৰৰ বিকৃতি ঘটিছে? আপুনি জানেনে ছ’ছিয়েল মিডিয়াত ভুৱা আতংক বিয়পোৱাৰ অভিযোগত আপোনাক এতিয়াই এৰেষ্ট কৰি থানালৈ চোঁচৰাই নিব পাৰোঁ, আপোনালোকে কি বুলি ভাবে আমি পুলিছবোৰক? আণ্ডাৰ ছেকছন…….
এৰেষ্ট, থানা, পুলিছ জাতীয় শব্দবোৰ শুনিহে সমুখলৈ ভালকৈ চালোঁ, ৰক্ষা তেও! এই দুজন হোৱাটছএপ নহয়চোন, পুলিছহে! সেইকাৰণেহে ইউনিফৰ্মটো আগতেও ক’ৰবাত দেখা দেখা লাগিছিল! পিচে মোক আকৌ কিয়বা এৰেষ্ট কৰিবলৈ আহিছে! সুধিয়েই পেলালোঁ,
: মোক এৰেষ্ট? কিয়বা?
: কথা ক’বলৈ আহিছে ! এইটো কি আপডেট দিছিল ফেচবুকত এইমাত্ৰ?
: আপডেট? ফেচবুকত?এইমাত্ৰ? ?
চকু দুটা বহলকৈ মেলি পুলিছজনৰ হাতত থকা মোবাইলত স্ক্ৰীণশ্বটখন চাবলৈ যত্ন কৰিলোঁ! প্ৰীতম ইজ ট্ৰায়িং টু এটেম্পিঙ চুইচাইড এট লটাছ এৰ্পাণ্টমেণ্ট টেনথ ফ্লৰ উইথ এঞ্জেল এঞ্জেলিনা –
“মই এতিয়াই খিৰিকীখনেৰে জঁপিয়াই দিম।”
☆★☆★☆
6:11 pm
ভাল লাগিল
6:27 pm
বহুত বহুত ধন্যবাদ বাইদেউ ।
6:19 pm
ৱণ্ডাৰফুল প্ৰীতম৷ বৰ ভাল লাগিল লেখাটো৷ পৰীক্ষা শেষ কৰি লোৱা, তোমাক অলপ কামুৰিম৷
6:28 pm
থেংকিউ দাদা ।
কামোৰৰ বাবে মষ্ট ৱেলকাম ।
7:36 pm
ধুনীয়া লাগিল প্ৰীতম।
9:17 pm
অশেষ ধন্যবাদ ।☺️
7:57 pm
ভাল লাগিল ৷
9:17 pm
অশেষ ধন্যবাদ ।☺️
8:37 pm
বৰ ভাল লাগিল৷
9:18 pm
অশেষ ধন্যবাদ ।☺️
12:03 am
ফাটাফাটি লিখিলা। বৰ ভাল লাগিল। লেখাৰ ষ্টাইল অতি সুন্দৰ।
8:16 pm
অশেষ ধন্যবাদ☺️
5:29 am
বঢ়িয়া প্ৰীতম৷মজা লাগিল৷
8:20 pm
অশেষ ধন্যবাদ☺️
10:23 am
ইস্টাইলিছ ৰাইটং কনজলকিয়া?
8:18 pm
অশেষ ধন্যবাদ?
12:54 pm
সুন্দৰ লেখা ৷
8:21 pm
অশেষ ধন্যবাদ☺️