ফটাঢোল

দক্ষ বান্দৰ – সৌৰভ শৰ্মা

এজাক বান্দৰ আছে। সিহঁতে সৰ্বসন্মতিক্ৰমে এজন ৰজা নিৰ্বাচন কৰে। এইবাৰৰ ৰজাজনে যিজন দক্ষ বান্দৰৰ ওপৰত নিৰ্ভৰশিল; পূৰ্বৰ ৰজাজনেও তেওঁকে নিৰ্ভৰ কৰিছিল। কাৰণ পূৰ্বৰজন নিৰ্বাচনৰ সময়ত তেওঁ সিফলিয়া আছিল। পিছত কিবা ক্ষোভতে
এই ফলিয়া হ’ল আৰু বৰ্তমানৰ জনক ৰজা পাতিহে এৰিলে। এই দক্ষ বান্দৰ জনৰ গুণ-গৰিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ দক্ষতা অন্য হাবিৰ বান্দৰেও জানে। নজনাকৈ দুই এক থাকিলেও কথা নাই। কাৰণ তেওঁৰ দক্ষতাৰ ঢাক-ঢোল পিটিবলৈ
ভৃত্য আছে, মিডিয়া আছে। মুঠৰ ওপৰত দক্ষ বান্দৰজনৰ বিষয়ে প্ৰচাৰ কৰোঁতা আৰু শুভাকাংক্ষীৰ অভাৱ নাই। আনকি দুয়োজন ৰজাতকৈ তেওঁৰ দক্ষতা কম নহয়, অভিজ্ঞতাৰ হীনদেঢ়ি হয়তো থাকিব পাৰে।

এইখিনিলৈ সাধুটো কৈছিলোঁ হে, মহন্তয় প্ৰশ্ন কৰিলেই নহয়। ইমানে দক্ষ যদি তেওঁ নিজে কিয় ৰজা নহয়, বা হ’ব পৰা নাই ?

মই ক’লোঁ যে সাহিত্যৰ নৱৰসৰ এটা কৰুণ্য তেওঁ কৰুণ্যৰ নায়ক হৈ আছে, যি আনক ৰজা পাতে তেওঁ নিজে ৰজা হ’ব নোৱাৰে।
আৰু এনেকৈয়ে ৰজা নহোৱাকৈ এদিন ৰজা ভঙা-পতা খেলৰ পৰা বিদায় ল’ব।

মৰেল: অধিক দক্ষ হ’লে সিংহাসনত বহিব নোৱাৰি।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *