এখন বিউটি কণ্টেষ্ট আৰু এক প্ৰেমকাহিনী – তৃষ্ণা ঠাকুৰীয়া ভূঞা
আমাৰ সৰুপিতি এলাপেচা বিধৰ ল’ৰা নহয়৷ বৰ্মন চাৰক সময়মতে চিগাৰেট, তামোল আদি যুগুতাই দিয়াৰপৰা আৰম্ভ কৰি লোকৰ ঘৈণীয়েকক কোনবিধ স্নো পাউদাৰ, লিপষ্টিক ঘঁহিলে ভাল লাগিব সকলোৰে জ্ঞান আছে তাৰ৷ সেইবাবেই হ’বলা তাৰ খাতিৰো বহুত৷ মামণি খুৰীয়ে হেনো গিৰীয়েকৰ কাৰণে বনোৱা টেকেলী পিঠাকেইটাৰ সৰহভাগ সৰুপিতিলৈহে ৰাখে৷ সেইদিনা আকৌ সৰলা পেহীহঁতৰ ক’লী গাইজনী জগোতে ফেহুৰ প্ৰথম ভাগ সৰুপিতিয়েহে পাইছে৷ তাকে দেখি জ্বলাই জ্বলি মৰে৷ কিন্তু সৰুপিতিৰ আহৰি ক’ত৷ সেয়া দেখোন “এনুৱেল ভেবেৰাবাৰী গাঁও বিউটি কণ্টেষ্ট” আহি আছে কিছুদিনৰ পিছত৷ পেণ্ডেলৰপৰা চেণ্ডেললৈকে সকলোখিনি দায়িত্ব তাৰ ওপৰতেই পৰিছে৷ ৰঞ্জু, অঞ্জু, মঞ্জু সকলোকে ওচৰৰ টাউনখনলৈ নি ফেচিয়েল, হেয়াৰষ্টাইল, থ্ৰেডিঙ আদি কৰোৱা জানো সহজ কথা! তাতে আকৌ পিংকীৰ মাকে সেইদিনা তাক হাওহাওকৈ এবকলা শুনাই থৈ গৈছে জীয়েকৰ চুলি টাউনত মৰাপাটৰ ৰছীৰ নিচিনা ৰঙা কৰােৱাই অনাৰ কাৰণে৷ মুঠতে তাৰ ক’তো হেৰিখন পাৰিবলৈও সময় নাই এইকেইদিন৷
কিন্তু যেতিয়া গাঁওখনে খাই বৈ বিচনাত নিঃপালি দিয়ে, তেতিয়া সৰুপিতিৰ সমান যেন অকলশৰীয়া নায়েই কোনো এই পৃথিৱীত৷ অকলশৰীয়া নহ’বনো কিয়? ক’বলৈ গ’লে ঘৰখনত প্ৰাণীৰ নামত এতিয়া সেই মদাহী বাপেকজন আৰু পাখেৰী নামৰ ঢেকুৰী কুকুৰ এজনী আছে৷ মনৰ মানুহ বুলি ক’বলৈ গ’লে হৰেণ মাষ্টৰৰ জীয়েক পিংকীৰ প্ৰতি তাৰ মনটো অলপ নহয় বহুখিনিয়ে দুৰ্বল৷ সেইদিনা মণ্টুৰ বাইকত তাইক টাউনলৈ লৈ যাওঁতে তাই তাক যেনেকৈ পিছফালৰপৰা সাপৰ নিচিনাকৈ ধৰি বহিছিল, সৰুপিতিৰ বুকুত যেন আবতৰীয়া বিহুৰ ছেও বাজিছিল৷ কিন্তু ফুচ কটা৷ নামি উঠিয়েই পিংকীয়ে “সৰুপিতিদা, অলপ দেৰি ইয়াতে ৰ’বা, মোৰ বয়ফ্ৰেন্দজন এইটো বেংকতেই জব কৰে” বুলি যিডাল শেল মাৰি তাক এৰি গুচি গ’ল তাৰ দুখ হয়তো আপোনালোকে নুবুজিব৷ দুখ বেছিকৈ লাগিছিল সৰুপিতি নামটোৰ পিছত এই ’দাদা’ নামৰ দুখজনক বিশেষণটো যোগ কৰাৰ বাবে৷ ধুনীয়া ছোৱালীয়ে নিজৰ বয়ফ্ৰেন্দক মুখেৰে আই লাভ ইউ ক’লেও ইমান বুকু নিবিষায় যিমান নামটো মুখেৰে লৈ তাতে দাদা যোগ দি কৰে৷
পিছে সৰুপিতিও পিছ হুহুকা বিধৰ নহয়৷ পিংকীৰ বয়ফ্ৰেন্দ ৰাজুৰ লগত ফেৰ মাৰিবলৈ সি সোপাকে টকা পিংকীৰ ফেচিয়েল, হেয়াৰ কালাৰ, থ্ৰেডিং ইত্যাদিত উৰুৱালে৷ হাজাৰ হ’লেও ৰাজুৱে বেংকত চাকৰি কৰে৷ ষ্টেটাছ মেইনটেইন কৰি ৰখা বুলিও কথা আছে নহয়৷ পিছত ঘূৰি অহাৰ সময়ত হেনো ৰাজুক বেংকৰ বাহিৰত হাতত চাহৰ ট্ৰে লৈ পিংকীক বাই বাই দিয়া দেখা গ’ল৷ ৰাজুৰ বেংকৰ চাকৰিটো আচলতে চাহ বিলোৱাহে আছিল৷ চেঃ, কথাটো আগেয়ে জনা হ’লে পিংকীক লিপিষ্টিক এটা কিনি দি তাৰ লগত ফেৰ মাৰিলেও হ’লহেঁতেন৷ মিছামিছি বিউটি কণ্টেষ্টৰ চান্দাৰ পইচা আধা খৰচ কৰি আহিলে৷
যা হওক, পিংকী খুশ যদি সিও খুশ৷ খালী মৰমী পেহীৰ কণ্টেষ্টৰ কাৰণে কৰা হিচাবৰ বহীত শেনৰ নিচিনা চকুজুৰিৰ কথা ভাবিহে সৰুপিতিৰ ভয় লাগিল৷ হ’ব বাৰু চম্ভালি ল’ব এইবোৰ সি৷ পিংকীৰ মাকক কাণ চোৱাই থৈছে সেইদিনা যে এইবাৰ পিংকীক সি বিউটি কুইন বনাইহে এৰিব। সেইকাৰণে কামত লগাহে ভাল হ’ব বুলি ভাবিলে৷
বিউটিৰ কণ্টেষ্টৰ দিন আহিল যথা সময়ত৷ চেপা লংপেণ্টটো আঁঠুৰ অলপ ওপৰলৈকে পিন্ধি ষ্টাইল মাৰি সৰুপিতি ওলাল পেণ্ডেললৈ বুলি৷ দুটামান দিঅ’ড্ৰেণ্টো লগাই লৈছে৷ লগতে চুলি থিয় কৰাই জেওৰা খৰি যেন কৰা আছেই। “আজি পিংকীক মানে পটাইহে এৰিম” এনে ভাৱ মুখমণ্ডলত সৰুপিতিৰ৷
পেণ্ডেল দৰ্শকেৰে ইতেমধ্যে ভৰি পৰিছে৷ ঢাৰি পাৰি মানুহক বহোৱা হৈছে৷ কেইটামান মুঢ়া আৰু প্লাষ্টিকৰ চকী থোৱা আছে ভিআইপি চিট হিচাপে, য’ত সৰুপিতিয়ে বৰ্মন চাৰ আৰু হৰেণ মাষ্টৰক বহুৱাইছে চ্চীফ গেষ্ট হিচাবে৷ হৰেণ মাষ্টৰ মানে পিংকীৰ দেউতাকক গেষ্ট বনাই আৰু লগতে জীয়েকক বিউটি কুইন জিকোৱাৰ পিছত যে পিংকী তাৰ নহ’ব সেই কথা একেবাৰে অসম্ভৱ বুলি সৰুপিতিয়ে আগৰপৰাই জানে৷ কিন্তু হায় বিধাতা! অলপ দেৰি পিছত সেয়াচোন পিংকীৰ মাকে বুকুত চপৰিয়াই চপৰিয়াই ষ্টেজৰ ওচৰলৈ আহি দেউতাকক সাৱটি ধৰি ৰাউচি ধৰিলে৷ হুলস্থুল লাগি গ’ল হঠাৎ৷ পিছত গম পোৱা গ’ল যে পিংকী পলাল ৰাজুৰ লগত৷ লগতে হেনো টেণ্ট হাউচ আৰু চাউন্দৰ মানুহক দিবলৈ থকা পইচাখিনিও সৰকালে, যিখিনি সৰুপিতিয়ে মৰমতে তাইৰ হাতত জমা দি থৈছিল৷
ভাগি যোৱা বুকুখন ৰজনী এপেকেটেৰে ঠিক কৰি সৰুপিতিয়ে মাইকটো হাতত লৈ হিৰোৰ দৰে ষ্টেজৰ মাজলৈ গৈ ক’লে “ৰাইজ, শান্ত হওক৷ এই যে আমি বিউটি কণ্টেষ্ট পাতিছোঁ, সৌন্দৰ্যৰ পূজা অৰ্চনা কৰিছোঁ, কিন্তু আপোনালোকে জানেনে যে আচল বিউটি বা সৌন্দৰ্য মনতহে থাকে৷ লিপষ্টিক সনা মুখত বা নখপলিচ লগোৱা হাতত নহয়৷ সেয়ে আজিৰ কণ্টেষ্টৰ বিজয়ী আপোনালোক সকলোৱে হয় যাৰ মনটো ধুনীয়া৷ এজন মহান ব্যক্তিয়ে কৈ গৈছিল অল ইজ ৱেল বুলি৷ সেইকাৰণে শান্ত হওক, অল ইজ ৱেল আৰু চায়োনাৰা৷”
এইখিনি কৈ চাৰ্টৰ কলাৰ উঠাই ষ্টেজৰপৰা নামিবৰ সময়তে সৰুপিতিৰ গাত কেইটামান গেলা কণী আৰু হাৱাই চেণ্ডেল পৰিল৷ “হেল্লো বিউটিফুল, থোৱা তোমাৰ ফাটা লেকচাৰ৷ আমাক ৰিফান্দ হে লাগে” বুলি হেনো ৰাইজে চিঞৰিছিল৷
☆★☆★☆
10:03 pm
ইচ সৰুপিতি, বুকুত শেল মাৰি থৈ গল পাই।
বঢ়িয়া হৈছে বা
11:27 am
ধন্যবাদ ভনী
10:16 pm
তামাম লাগিল তৃষ্ণা৷
11:28 am
ধন্যবাদ দাদা
12:47 am
হা হা….মজ্জা ! !
6:11 am
ইচ্ বেচেৰা সৰু পিটিতো !
7:09 am
সৰু পিতিলৈ বৰ বেয়া লাগিল দেই।বঢ়িয়া হৈছে তৃষ্ণা।
10:26 am
ইচ সৰুপিটি , দুখ লাগিল দে । বঢ়িয়া বঢ়িয়া
12:13 pm
হাঃ হাঃ। বেচেৰা সৰুপিটি। ভাল লাগিল পঢ়ি।
5:33 pm
নেপায় দেই। এনেকৈ শেল মাৰিব নেপায়। ভাল লাগিল