ফটাঢোল

পৰুৱাই পাইছিল – নীতুমণি বৰঠাকুৰ

মই ক্লাছ ফাইভত পঢ়ি থকা সময়ৰে ঘটনা। গৰম বন্ধ পৰাত ক’ত যাম ক’ত নাযাম কৰি থকা দেখি আইতাই ফুৰিবলৈ যাবলৈ লগ ল’লে। ফুৰিবলৈও লগ ল’লে এনেডোখৰ ঠাইলৈ ঘৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰমান দূৰ। আচলতে আমাৰ দিনৰ কাৰণে সেইখিনি দূৰলৈ ফুৰিবলৈ যোৱাও ফূৰ্তিৰে কথা। আইতাই লগ লোৱাত ওলালোঁ এদিন দুপৰীয়া বাইদেউৰ (জেঠাইৰ জীয়েক)ঘৰলৈ বুলি। দুপৰীয়া একমান বজাত আইতা আৰু বৰমাৰ লগত খোজ কাঢ়ি ওলাই গ’লোঁ। তেতিয়া ওচৰত গাড়ী বা ৰিক্সা একো নাছিল। বোলো আজি গৰমৰ বন্ধত ফুৰিবলৈ আহিছোঁ বাইদেউৰ ঘৰত দকছি খাম। এই গৰমত ৰ’দত ওলাই আহিছোঁ, গৈ পাওঁতেই প্ৰথমে নেমু চৰবত এগিলাছ যাচিলেই হ’ল দেই।

কথাবোৰ ভাবি ভাবি গৈ আছোঁ কিন্তু বাইদেউৰ ঘৰ পোৱাহিয়েই নাই। আগতেতো ইমান সময় নালাগে। আচলতে বাইদেউৰ ঘৰলৈ যাওঁতে কেইবাটাও মেছ (পাক)ঘূৰিব লগা হৈছিল। আমি গৈ আছোঁ, গৈ আছোঁ সিহঁতৰ ঘৰখন নাপাওঁ হে নাপাওঁ আমনি লাগি গৈছিল। যিটো ৰাস্তাৰে গৈছোঁ ঘূৰি ঘূৰি আহি একেটা ৰাস্তাতে ওলাওঁহি। ইমান বিচাৰি ফুৰিছোঁ কিন্তু বাইদেউৰ ঘৰলৈ যোৱাৰ ৰাস্তাটো নাপাওঁৱেই দেখোন। ইফালে আইতাই কোৱা মতে বাটটোও ভুল হোৱা নাই। এনেকৈ সিহঁতৰ ঘৰৰ ওচৰতে ঘূৰি আছোঁ অথচ সিহঁতৰ ঘৰখন দেখা নাই। ইফালে শাওণমহীয়া প্ৰখৰ ৰ’দত পিয়াঁহত ডিঙি শুকাই গৈছে। ওলাই আহোঁতে যে ভাবি আহিছিলোঁ বাইদেউৰ ঘৰত দকছি খাম কিন্তু এতিয়া বিধাতাই বোলে ময়ো পিছে পিছে আহিছোঁ, কি খাৱ খা। খোৱাতো দূৰৈৰ কথা পানী এটুপি পালেও বহুত। কিন্তু এতিয়া ঘৰটোৱেই বিচাৰি নোপোৱা হ’লো‌ঁ।

ঘৰটো বিচাৰি নাপাই আইতাৰ কথা শুনি আমি অহা সুৰুকীয়া ৰাস্তাটোৰেই আগলৈ গৈ আছোঁ যি পাওঁ পাম বুলি। বাটটোৰ দুই কাষে বাঁহনি আছিল। মানুহ-দুনুহ বুলিবলৈ কাকো দেখা নাই। সেই সুৰুকীয়া বাটটোৰে অলপ সময় গৈ থাকোঁতে পথাৰৰ ৰোৱনী চাৰিজনী আমাৰ ফালেই আহি থকা দেখিলোঁ। এজনীয়ে আমাক চিনি পাই চিঞৰি মাতিলে,

: আই এইফালে ক’ত মৰিবলৈ যায়?

আয়ে ৰোৱনীগৰাকীক বাইদেউৰ ঘৰলৈ অহাৰ কথাটো ক’লে। তেতিয়া চিনাকি বগী নামৰ মানুহগৰাকীয়ে ক’লে,

: এইটো দেখোন আপোনালোকে ঘৰটো পাৰ হৈয়ে আহিল। সদায় আহি থকা ঘৰটো চিনি পোৱা নাই নে। ব’লক ব’লক মই লৈ যাওঁ আপোনালোকক।

এই বুলি মানুহগৰাকীয়ে আমাক বাইদেউৰ ঘৰলৈ লৈ আহিল। আমি ৰাস্তা বিচাৰি বিচাৰি গৰমত একেবাৰে ভাগৰুৱা হৈ পিয়াঁহত আতুৰ হৈ পৰিছিলোঁ। বাইদেউৰ ঘৰলৈ আমাক লৈ গৈ বগীয়ে সবিশেষ কোৱাত আমিও আচৰিত হৈছিলোঁ। কাৰণ প্ৰায়েই গৈ থকা ঘৰটো অচিনাকি মানুহৰ নিচিনাকৈ বিচাৰি হাবাথুৰি খাই ফুৰাৰ কাৰণে। সকলোবোৰ মানুহে আমাৰ কথা শুনি আমাক পৰুৱাই পাইছিল বুলি কৈছিল। বাইদেউৰ ঘৰত বহি চাহ জলপান খাই অলপ জিৰোৱাৰ পিছতহে আমাৰ গাটো অলপ ভাল লাগিল।

ঘূৰি আহি থাকোঁতে আইতাক বাৰে বাৰে সুধিলোঁ পৰুৱাই পোৱা মানে কি? আইতাই ভূত বুলি কৈ থৈছিল যদিও মই এতিয়াও ভাবোঁ সেইদিনা আচলতে আমাৰ কি হৈছিল!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *