চান্তাক্ল’জ ধৰা পৰি গ’ল -দেবাংগ ভূষণ হাজৰিকা
সময় তেতিয়া সন্ধিয়া। চৌদিশে বৰদিনৰ ৰং- ৰহইচ।প্ৰেক্ষাগৃহটোত তেতিয়া শিশুসকলৰ মাজত ফেশ্বন শ্ব’ৰ প্ৰতিযোগিতা চলি আছে। উচ্চস্বৰত সংগীত বাজি আছে। হাতত এটা মোনা আৰু লাখুটি এডাল লৈ অৱশ ভাৱেৰে চান্তাক্ল’জ ঘূৰি ফুৰিছে মানুহবোৰৰ মাজে মাজে। মানুহবোৰে চেল্ফী উঠিছে চান্তাৰ লগত, সৰু ল’ৰা-ছোৱালীবোৰে হেণ্ডচেক কৰিছে, কোনোটোৱে আকৌ লাহেকৈ চুই চাইছে চান্তাৰ মুখখন(মুখা)।মোনাৰ ভিতৰৰ পৰা চকলেট উলিয়াই চান্তাই তেওঁৰ ওচৰলৈ অহা শিশুসকলক উপহাৰ দিছে।
: মা।
প্ৰেক্ষাগৃহৰ বাহিৰৰ পৰা অহা চিঞৰ এটা শুনা যেন পাই চান্তা যেন সষ্টম হৈ উঠিল। মাতটোৰ উৎস বিচাৰি খিৰিকীখনৰ ফালে চালে চান্তাই; আৰু যিমান পাৰে বেগাই হাতত সাৰে ভৰিত সাৰে বাহিৰলৈ ওলাই আহিল। মলিয়ন কাপোৰ পিন্ধা চাৰি- পাঁচবছৰীয়া ল’ৰা-ছোৱালী দুটাক অলপ আন্ধাৰৰ ফালে টানি আনি অলপ খঙৰ সুৰত ক’লে চান্তাই,
: বাৰে বাৰে কিয় আহি আছ ইয়ালৈ? নাহিবলৈ কৈছিলোঁ নহয়৷
: ভোক লাগি আছে মা।
সৰু ল’ৰাটোৱে নাকৰ শেঙুনখিনি মচি মচি চান্তালৈ চাই ক’লে।
খৰধৰকৈ মোনাটো খুচৰি বিস্কুটৰ পেকেট এটা উলিয়াই চান্তাই সিহঁতক দি ক’লে,
: হুঁ ল। ঘৰত গৈ খাবি। ভণ্টিকো দিবিগৈ। এতিয়া আৰু ইয়ালৈ নাহিবি। মই সোনকালেই গৈ আছোঁ।
বিস্কুটৰ পেকেটটো লৈ দৌৰি দৌৰি গুচি গ’ল ল’ৰা-ছোৱালী দুটা।
এটা যেন স্বস্তিৰ নিশ্বাস পেলাই মুখাখন ঠিক কৰি ল’লে চান্তাই। ঘূৰি দিওঁতেই তেওঁ মোৰ চকুৱে চকুৱে পৰি উচপ খাই উঠিল। গোটেই কাৰবাৰটো যে মই লক্ষ্য কৰি আছোঁ তেওঁ গম পালে। ভৰিৰ পৰা মূৰলৈকে তেওঁক চোৱাৰ দৰে মোলৈও চালে তেওঁ।
একো নোকোৱাকৈ মোনাটো আৰু লাখুটিডাল লৈ সন্তপৰ্ণে চান্তা পুনৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই গ’ল-এনে ভাৱত যেন ক্ষন্তেক সময়ৰ আগতে একো হোৱাই নাছিল। চেল্ফী উঠিবলৈ মানুহবোৰে তেওঁক পুনৰ আগুৰি ধৰিলে।
☆★☆★☆
10:57 am
সাংঘাটিক । ভাল লাগিল ।
7:57 pm
অশেষ ধন্যবাদ
7:58 pm
অশেষ ধন্যবাদ
12:09 pm
বহুত ভাল লাগিল।
10:28 pm
বহুত ভাল লাগিল৷