ফটাঢোল

পৰিৱৰ্তন – অনুৰূপ মহন্ত

বহু বছৰ পাছত অসমলৈ উভতিছো। প্রায় ২৫ বছৰেই হ’ল মই অসমৰ বাহিৰত থকা। কর্মসংস্থাপন আৰু মোৰ বৰ্তমানৰ স্থায়ী ঠিকনা হাইদৰাবাদতেই। ৰাতিপুৱাই চাৰি বজাতেই ইয়াৰ ৰাজীৱ গান্ধী বিমান বন্দৰত উপস্থিত হলোঁহি। এঘন্টাৰ পাছতেই “দাইৰেক্ট ফ্লাইট” খনত গুৱাহাটীৰ অভিমুখে ৰাওনা হ’ম। বেগ কেইটা নিৰ্দিষ্ট কাউণ্টাৰত জমা কৰাই “চিকিউৰীতি চেক” কৰোৱাৰ পাছত “ফ্লাইটৰ” বাবে অপেক্ষা কৰিলোঁ।
আজি অলপ দিনৰ পৰা বাৰে বাৰে অসম খনে যেন মোক বৰকৈ মাতিছে। ইমান বছৰে অসমৰ বাহিৰত আছো যদিও বংশ পৰিয়াল বুলিবলৈ যি জন খুড়া আৰু খুৰী আছেগৈ, তেওঁলোকৰ লগত কিন্তু সম্পৰ্ক বজাই ৰাখিছোঁ। প্ৰায়েই ময়েই খবৰ লওঁ ফোনত। বিহুৱে সংক্ৰান্তীয়ে তেওঁলোকেও মোৰ খবৰ লৈ থাকে, ঘৰলৈ কেতিয়া আহিম সোধেও। আজি বৰকৈ মনত পৰিছে পোন্ধৰ বছৰ আগতে মই এৰি অহা গাঁও খনলৈ। আৰু মাত্ৰ কেই ঘণ্টা মানৰ অপেক্ষা, তাৰ পাছতেই দেখা পাম মোৰ আপোন ঠাই খন, আপোন গাঁও খন আৰু আপোন মানুহ খিনিক।
খুড়া হঁতৰ মুখত ফোনত প্ৰায়েই শুনিবলৈ পাওঁ গাঁও খনৰ পৰিৱৰ্তনৰ কথা। আগতকৈ হেনো বহুত সলনি হৈছে। আগৰ সেই পৰিবেশ বোলে নাই বুলিবই পাৰি হেনো। মই পিছে মনে মনে কামনা কৰিছোঁ, সেই তাহানিতে মই এৰি যোৱা মোৰ মৰমৰ গাঁওখন যেন মই আগৰ দৰেই দেখা পাওঁ গৈ।
ফ্লাইটৰ সময় হ’ল। নির্দিষ্ট বাছখনে আমাক লৈ গ’ল ইণ্ডিগ’ ফ্লাইট খনলৈ। নিৰ্দিষ্ট আসনত বহি পৰিলোঁ। এতিয়া মাত্ৰ তিনি ঘণ্টা। তাৰ পাছতে গুৱাহাটীত নামিমগৈ। আৰু তাৰ এঘণ্টা পাছতেই বেলেগ এখন “ফ্লাইটত” ডিব্ৰুগড়লৈ ৰাওনা হ’ম। আৰু মাত্ৰ পাঁচ ছয় ঘণ্টাৰ পাছতে মই মোৰ আপোন গাঁও খনত উপস্থিত হ’ম গৈ।
ফ্লাইট খনে উৰা মৰাৰ লগে লগেই পুৱাৰ সূৰ্য উদয়ৰ দৃশ্যটোৱে মোক বাৰুকৈয়ে আবেগিক আৰু নষ্টালজিক কৰি তুলিলে। মই যেন লাহে লাহে হেৰাই যাবলৈ ধৰিলোঁ মোৰ শৈশৱৰ স্মৃতিৰ মাজত। মনত পৰিবলৈ ধৰিলে সৰুতে যে প্ৰতি দিনে পোহৰ নহওতেই দেউতাই পঢ়িবলৈ উঠাইছিল। চৰাইৰ বিভিন্ন মাতত কি সুমধুৰ সংগীত আছিল প্ৰতিটো পুৱাত।
আমাৰ গাঁৱৰ সোমাজতেই এজোপা বৰ ডাঙৰ আম গছ আছিল। আজিও মনত আছে সেই আমৰ কি মিঠা সোৱাদ। আমি গাঁৱৰ গোটেই মখা পিলিঙাই তাৰ তলতে মাৰ্বল খেলিছিল। মাৰ্বল খেলা বুলি ঘৰত গম পালে দেউতাই যে কিমান পিটন দিছিল!
সেই গছ জোপাৰ তলতেই পঞ্চায়তো বহিছিল। গাঁৱৰ কোনো গোচৰ কেতিয়াও পুলিচৰ ওচৰ গৈয়েই নাপাইছিল। সকলোবোৰ গোচৰৰ তাতেই বিচাৰ হৈ গৈছিল। মোৰো গোচৰ এটা চলিছিল এবাৰ তাত। ভালকৈ ওপৰত চাইকেল চলাব পৰা হোৱাৰ অলপ দিন পাছৰ কথা। গাঁৱৰ শিলদিয়া ওখোৰা মোখোৰা ৰাস্তাটোত মই দেউতাৰ চাইকেল খন বৰ বেগত চলাই যাওঁতে গাঁৱৰে মহেন কাইদেউৰ ঘৰৰ হাঁহ কেইটাই অগা দেৱা কৰাত জোৰত ব্ৰেক মাৰিলোঁ যদিও ইতিমধ্যে এটা হাঁহৰ ডিঙি ভাঙি গৈছিল মোৰ চাইকেলৰ চকাৰ তলত পৰি।  হাঁহটোৱে চটফটাই অলপ পাছতে মৰি থাকিল। মোৰ ভয়ত তত নাই কি কৰোঁ ভাবি। মহেন কাইদেৱে মোৰ পৰা চাইকেল খন ৰাখি থলে আৰু ৰাতিলৈ পঞ্চায়তত গোচৰ দিলে। ঘৰত ইতিমধ্যেই দুচাত মান ঠিকছে পৰিল মোৰ পিঠিত। দেউতাই কৈছে, “গোচৰত মই পইচা ভৰিবলৈ নাই। যিমান পইচা বিচাৰে, সিমান দিনলৈ মহেনৰ ঘৰত গোলামী কৰিবি তই।”
মোৰো চিন্তাত তত নাই। কি হ’ব যদি মই মহেন কাইদেউৰ ঘৰত কামকৰা ল’ৰা হব লগীয়া হয়!
সময়ত পঞ্চায়ত বহিল, তাত সকলোৱে ৰাই দিলে মহেন ককাইদেৱে হাঁহ ৰাস্তাত চৰিবলৈ দিয়াটো ভুল আৰু মই ইমান স্পীদত চাইকেল চলোৱাটো ভুল। গতিকে দুই পক্ষৰে যেতিয়া ভুল আছে, কাজিয়া পেছাল নকৰি হাঁহটো কাটি বাছি দুই ঘৰেই খাই পেলাওক আৰু মিলাপ্ৰীতি বজাই ৰাখক। বাহঃ, কি সুন্দৰ বিচাৰাৰ ৰাই দান। মন ভাল লাগি যায় এতিয়াও মনত পৰিলে সেইবোৰ দিনৰ কথা!
মোৰ বিমান ইতিমধ্যে গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰিলে। দ্বিতীয় যাত্ৰাৰ বাবে সাজু হ’লো। বুকুখন দুৰু দুৰু কৈ কঁপিছে। আৰু অকণমান সময় পাছতেই যে মই মোৰ আপোন গাঁও, মোৰ “শুৱনি গাঁও” খন পামগৈ।
আকৌ গাঁৱৰ দিন বিলাক মনত পৰিবলৈ ধৰিলে। মাঘৰ বিহুৰ আগে আগে যে গাঁৱৰ ৰাজহুৱা পুখুৰীত সকলোৱে মিলি মাছ ধৰিছিলোঁ। ডাঙৰ মাছ বিলাকৰ মূৰ বিলাক মাত্ৰ মাছ ধৰোতা জনে পাইছিল। বাকী চোৱা ৰাজহুৱা ভোজৰ বাবে ৰাখিছিল। সকলোৱে মিলি একেলগে মাছে মাংসই ভোজ খাইছিলোঁ। কাৰ ঘৰৰ নঙলা জেওৰা সেইদিনা চুৰ হৈছিল ঠিক নাই! এবাৰ যে মই ভুলতে নিজৰে ঘৰৰ পাছ ফালৰ জেওৰা এখন চুৰ কৰি নি পুৰিছিলোঁ। কুঁৱলী আৰু ধোঁৱাময় পৰিবেশত চিনিবই পৰা নাছিলোঁ কাৰ ঘৰত চুৰ কৰিছোঁ। পাছ দিনা দেউতাৰ গালি শুনি হে হুঁচ আহিছিল। বিহুৰ দিনাই মই বাৰীৰ বাঁহ কাটি নতুনকৈ জেওৰা দিব লগীয়া হৈছিল। এতিয়াও হাঁহি উঠে ভাবিলে। সেই দিন বিলাকত সকলোৰে বাৰীত বাঁহ আছিলেই, গতিকে বিশেষ একো অসুবিধা নহৈছিল কাৰো।
ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰি “টেক্সি” এখন লৈ মোৰ গাঁও খনৰ ফালে আগ বাঢ়িলোঁ। মূল ৰাস্তাৰ কাষতে আমি পঢ়া হাইস্কুল খন, তাৰ কাষেৰে উখোৰা মোখোৰা শিলদিয়া ৰাস্তাৰে অলপ আগুৱাই গ’লেই মোৰ “শুৱনি গাঁও” খন পাম। স্কুল খন দেখি ভাল লাগিল, বৰ সুন্দৰ কৈ বনালে ঘৰ দুৱাৰ বিলাক। আগৰ আমি পঢ়া দিনৰ দৰে ভগা ঘৰ বেৰ নাই আজি কালি। আগতে যে আমাক দুৱাৰ নহলেও হৈছিল, বেৰৰ ফুটাৰেই ওলোৱা সোমোৱা কৰিছিলোঁ মনত পৰি হাঁহি উঠি গ’ল।
এইবাৰ ৰাষ্টাটো দেখি মনটো ভাল লাগি গ’ল! পকাৰ ব্লক দি বহল কৈ বনোৱা সুন্দৰ পকা ৰাস্তা। হওক তেওঁ, উন্নতি কৰিছে মোৰ গাঁও খনে। ঘৰ বিলাকো বেছি ভাগেই “আৰ চি চি” হ’ল চোন! কোনটো কাৰ ঘৰ চিনিবই নোৱাৰি। আগৰ সেৰেঙা কৈ থকা ঘৰ বিলাক বহুত ঘন হ’ল। কোনটো গলিৰে বা কাৰ ঘৰলৈ যায়! আগ বাঢ়িলোঁ। ভাবিলোঁ পঞ্চায়ত বহা আম গছ জোপা পালেই চিনি পাম। কিন্তু বহুত দূৰ আগ বঢ়াৰ পাছতো চোন গছ জোপা আৰু ঠাই খন নাপালোঁ। ৰাস্তাৰ কাষত ৰৈ থকা ল’ৰা এজনক খুড়াৰ নাম লৈ সুধিলোঁ, তেওঁৰ ঘৰটো কোন ফালে বুলি। ল’ৰা জনে মোক হে ওলোটাই সুধিলে কোনটো “বাই লেন”ত থাকে বুলি। মইতো আচৰিত হ’লো, আমি গাঁৱত থকাৰ সময়ত নো ক’ত বাই লেন আছিল! মই ভুলতে বেলেগ কৰবাত সোমোৱাহি নাইতো! সুধিলোঁ, “ভাইটি, এইখন “শুৱনি গাঁও” নহয় জানো?”
” দাদা, সেইখন গাঁও ক’ত মই নাজানোঁ, নামো শুনা নাই কেতিয়াও। এইখন “দেফদিল নগৰ” হে।
মোৰ হাহোঁ নে কান্দো অৱস্থা হ’ল। তেনেতে মোবাইলত খুড়াৰ ফোন। ইমান সময়ে এবাৰো ভবাই নাছিলোঁ নিজৰ ঘৰ বিচাৰি খুৰাক ফোন কৰিব লগীয়া অৱস্থা  হ’ব বুলি। খুৰাক ক’লো, মই ৰাস্তা ভুল কৰি কোনোবা “দেফদিল নগৰত” সোমালোহি বুলি। খুৰাই ক’লে “বোপা, আগৰ শুৱনি গাঁও আৰু নাই, সেই খনেই “দেফদিল নগৰ” হ’ল। ছয় নম্বৰ বাই লেনেৰে সোমাই আহ, মই গেটলৈ কে ওলাই গৈছোঁ।
এতিয়াহে মোৰ ভুল ভাগিছে। অঃ, ইমান দিন খুৰাই কোৱা পৰিৱৰ্তন এইয়াই তাৰমানে। মোৰ শৈশৱৰ মৰমৰ গাঁওখন যে আৰু নাই।।
☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *