ফটাঢোল

লোভেই পাপ, পাপেই মেদবহুলতা – ডা° গীতাৰ্থ বৰদলৈ

মনজিতে এদিন লগ পাই আংবাং কামোৰ এটা দিলে- বোলে ফটাঢোলৰ বাবে কিবা এটা লিখা। মই বোলো মোক দেখাত ৰসিক ব্যক্তি যেন লাগে নেকি? বোলে নাই, হাঁহি হাঁহি মাজত বিৰতি ল’বলৈ অলপ চিৰিয়াছ লেখা এটা দিলেই হ’ল। ময়ো হয়ভৰ দি থ’লোঁ আৰু চিৰাচৰিত নিয়মমতে পাহৰিলোঁ। বছৰটো শেষ হোৱাৰ উপক্ৰম হওঁতেই হঠাতে কথাটো মনত পৰিল। কিবা এটা কৰিব লাগিব। চিনেমা চাই ভাল পোৱা মানুহ যেতিয়া বলিউডৰ কথাৰেই আৰম্ভ কৰোঁ।

চইফ আলী খানৰ জীয়েক চাৰা আলি খানৰ দুখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছে (হয়, আমাৰ বয়স হৈছে)। চাৰাৰ কেইবছৰমানৰ আগৰ ফটো দেখিছেনে? তেনেকুৱা চেহেৰাৰে ‘কেদাৰনাথ’ৰ সলনি ‘দম লগা কে হেইচা’তহে নায়িকাৰ সুযোগ পালেহেঁতেন। এইখিনিতে কোনোবাই শকত মানুহৰ কথা বেয়াকৈ কিয় ক’ম বা হাঁহিম কিয় বুলি তৰোৱাল ঘূৰোৱাৰ আগতেই খোলাকৈ কৈ থওঁ- তেনে একো বেয়া ভাৱো নাই, বেয়াকৈও নকওঁ! কিন্তু কোনো পুলিচে কথাই প্ৰতি সন্দেহৰ দৃষ্টি দিয়াৰ দৰে ডাক্তৰৰো কিছুমান কথাত চকু যাবইচোন দিয়ক। “চোৰে নেৰে চোৰ প্ৰবৃত্তি….”- এহ্‌ থাকক। কোনোবাই বুকুত হাত থৈ কওকচোন আজিৰ দিনৰ আদনান চামিতকৈ ২০০৬ চনমানৰ আদনান চামিজনক ভাল লাগে বুলি! প্ৰায় ২২০ কিলোগ্ৰাম ওজনৰ চামিক চিকিৎসকে চিধাচিধি কৈ দিছিল যে ওজন নকমালে আৰু ছয়মাহমানহে তেওঁ নিজৰ প্ৰিয় আহাৰ কে’ক, আলু আদি খাবলৈ পাব, তাৰ পাছত ৰাইজে তেওঁৰ শৰাধ খাব। চাৰাৰ ক্ষেত্ৰত ডিম্বাশয়ৰ ৰোগ এটা নথকা নহয়, কিন্তু ওজনৰ সৰহভাগ কৃতিত্ব জীৱনশৈলীৰহে। তেনেকৈ থাইৰইডৰ ৰোগ (হাইপ’থাইৰইডিজম), মধুমেহৰ চিকিৎসা, ষ্টেৰইড চিকিৎসা, হৰম’নেল ৰোগ, ষ্ট্ৰেছ, বিষণ্ণতা, বৰ্ধিত বয়স আদিয়েও ওজন বৃদ্ধিত হাত উজান দিয়ে। জীৱনৰ সকলো কথা আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। কিন্তু খোৱা আৰু ব্যয়াম কৰাটোতো পাৰোঁ? বোলে লোভেই পাপ, পাপেই মেদবহুলতা।

এইখিনিতে সাউতকৈ দেৱাল এখনৰ ওচৰত থিয় হৈ দাগ দি নিজৰ উচ্চতা জুখি লওক। ইয়াৰ পাছত ঘৰত বা ওচৰৰ ফাৰ্মাচীত থকা ওজন জোখা যন্ত্ৰত থিয় হৈ পৃথিৱীয়ে আপোনাৰ কিমান বোজা কঢ়িয়াইছে সেয়া চাওক। এতিয়া সৰল অংক এটা কৰক।
কিলোগ্ৰাম হিচাপত ওজন/(মিটাৰ হিচাপত উচ্চতা)২
এই হৰণ অংকটোৰ ফলাফলকে বি এম আই (body mass index) বুলি কোৱা হয়। মেদবহুলতাৰ তথ্যৰ বাবে ইয়াৰ ব্যৱহাৰ ব্যাপক। লগতে নিজৰ আদৰ্শ ওজনটোও জানি থোৱা ভাল। সৰলকৈ ছেণ্টিমিটাৰত প্ৰকাশ কৰা উচ্চতাৰ পৰা ১০০ বিয়োগ কৰিলে যিমান ওলাব সেয়াই আপোনাৰ আদৰ্শ ওজন। ব্যক্তি এজন যিমানেই “আদৰ্শবান” নহওক, তেওঁৰ উচ্চতা ১৬৫ ছেণ্টিমিটাৰ হ’লে আদৰ্শ ওজন ৬৫ কিলোগ্ৰামহে, ১০০ কিলোগ্ৰাম নহয়। প্ৰাপ্তবয়স্কৰ বাবে বি এম আইৰ জোখ ১৮.৫ৰ পৰা ২২.৯ হ’লে চিন্তাৰ কাৰণ নাই। ১৮.৫ বা তাতকৈ কম হ’লে আপুনি কম ওজনৰ। বতাহত উৰি যোৱাৰ আগতেই স্বাস্থ্যকৰ আহাৰ খাই অকণমান ওজন বঢ়াওক। ২৩-২৪.৯ হ’লে লাহে লাহে চাইৰেন বাজিব। বি এম আই ২৫-ৰ ওপৰলৈ গ’লে মেদবহুলতাই আপোনাৰ আক্ৰমণ কৰিছে। জোখ ৩০-ৰ বেছি হ’লে অন্যই পেটুৱা বুলি কোৱাটো বাদেই, যমেও মিছ্‌কল মাৰিবলৈ আৰম্ভ কৰিব। এইখিনিতে এটা কথা। কোনোবাই ক’ব- মোৰ বি এম আই বেছি, কিন্তু মই পেটুৱা নহয়। মোৰ পেশী আৰু হাড়ৰ ওজনহে বেছি। হ’ব পাৰে। গতিকে আন এটা সহজ আৰু সুবিধাজনক উপায় কঁকালৰ জোখ লোৱা। কঁকালত ফিটা মেৰিয়াব নালাগে। পেণ্টৰ জোখ চালেই হ’ল। মহিলাৰ ক্ষেত্ৰত এই জোখ ৮০ ছেণ্টিমিটাৰ বা ৩২ ইঞ্চিৰ কম হ’ব লাগে। পুৰুষৰ ক্ষেত্ৰত ৯০ ছেণ্টিমিটাৰ বাবে ৩৬ ইঞ্চিতকৈ কম। মহিলাৰ ৩৬ আৰু পুৰুষৰ ৪০ ইঞ্চিতকৈ বেছি হ’লে সাৱধান হওক। অলপ দূৰতে নানা ৰোগে আপোনালৈ অপেক্ষা কৰি আছে।

জ্ঞানী লোকে কয়- টকা ঘটা টান, খৰছ কৰা সহজ আৰু মেদ অহা সহজ, যোৱা টান। মেদ মানে শৰীৰৰ অতিৰিক্ত মেদহে বুজাইছোঁ, এনেই শৰীৰক চৰ্বি লাগিবই। অতিৰিক্ত মেদক বাই বাই দিবলৈ আমাৰ দুটা বদগুণ জয় কৰিব পাৰিব লাগিব- এলাহ আৰু লোভ। ৰ’ল, পিজ্জা, বাৰ্গাৰে মনক এনেকুৱা এটা তৃপ্তিৰ অনুভূতি দিয়ে যে ঘৰৰ পৰা ওলাই গ’লেই সেয়া জিভাত নিদিলে মনে বিদ্ৰোহ কৰি উঠে। তাতে চুইগী, উবাৰ ইট্‌ছৰ দিনত ঘৰত বহি বহি সেইবোৰৰ মজা ল’ব পাৰি। স্বাস্থ্যক উদঙীয়া গৰুৰ দৰে মেলি নিদিওঁ বুলি মন স্থিৰ কৰিলে সি সহজেই পুনৰ অস্থিৰ হ’ব পাৰে। মগজুক শাসন কৰিবলৈ অলপ সময় লাগিব। এদিন এদিনকৈ গন্তি কৰি লাহে লাহে সপ্তাহ, মাহজোৰা শাসনে স্বাস্থ্যৰ গত নলগোৱাকৈ নাথাকে। তেজত বঢ়িয়াকৈ ভজা বস্তুৰ সোৱাদেই বেলেগ, সঁচা কথা। কিন্তু তেনেকৈ নভজা আৰু সোৱাদলগা আহাৰৰ আকাল লাগিছে নেকি? কোনোবাই ডাংকোপ মাৰিব পাৰে- নগাৰ দৰে আজিকালি ময়ো একেবাৰে বইলেই খাওঁ। খাওক। আপুনি এনে পন্থা ল’বলৈ গ’লে দুদিনতে আমুৱাব পাৰে। ভজা-পোৰাও খাব, মাত্ৰ কমকৈ। বাহিৰৰ ৰ’ল, বাৰ্গাৰো খাওক- মাত্ৰ সেয়া যাতে অভ্যাসত পৰিণত নহয় তালৈ লক্ষ্য ৰাখিব।

ব্যায়াম বুলি ক’লে শৰীৰৰ চৰ্চা বা জীমলৈ যোৱাই একমাত্ৰ উপায় নহয়। আমাৰ বাবে স্বাস্থ্য ভালে ৰাখিব পৰা আটাইতকৈ সহজ ব্যায়াম হৈছে খোজ কঢ়া। নাৰীগণে যুক্তি দিব পাৰে- তেওঁলোকে ঘণ্টাৰ পাছত ঘণ্টা মেল মাৰিয়েই শক্তি খৰছ কৰিছে। ওহোঁ, বৰ বেছি নহয়। এঘণ্টা কথা পাতিলে ৫০ কেল’ৰিমান বা তাতোকৈ কম খৰছ হ’ব পাৰে। ইয়াৰ বিপৰীতে আধা ঘণ্টা খৰকৈ খোজ কাঢ়িলে ১০০-ৰ পৰা ২০০ কেল’ৰি খৰছ হ’ব। ঘৰত একেবাৰে শুই-বহি থকাতকৈ হাত-ভৰি লৰচৰ কৰি থকাটোও আনকি স্বাস্থ্যৰ বাবে ভাল! ওচৰ-পাজৰৰ ঠাইলৈ যাবলৈ মটৰচাইকেলখন নলৈ খোজকাঢ়ি যোৱাৰ অভ্যাস কৰিব পাৰি। আৰামত লাহে লাহে সুখ-দুখৰ কথা পাতি খোজ কাঢ়িলে স্বাস্থ্যৰ বৰ লাভ নহয়। সাধাৰণ গতিতকৈ অলপ খৰকৈ খোজ কাঢ়িব লাগিব। এনেকৈ খোজ কাঢ়িলে লগৰীয়াজনৰ সতে কোনোমতে কথা পাতিব পাৰিব, কিন্তু গান গাব নোৱাৰিব। দিনে আধা ঘণ্টাকৈ সপ্তাহত অন্ততঃ পাঁচদিন খোজ কাঢ়িব। নিয়মীয়াকৈ এই কাম কৰিবলৈ ল’লে আপোনাৰ শৰীৰ-মনত ইমান পৰিৱৰ্তন আহিব যে আপুনি আনক এই বিষয়ে উপদেশ দিবলৈ ল’ব! খোজ কাঢ়ি বেয়া পোৱা মানুহো আছে। তেওঁলোকে চাইকেল চলোৱা, সাঁতোৰা, বেডমিণ্টন খেলা আদি কামবোৰ কৰি ভাল পালে যিকোনো এটা ধৰিলেই হ’ল। মানুহৰ বেয়া গুণ এটা আছে- ৰোগে দেখা দিলেহে নিজকে সলাবলৈ চেষ্টা কৰে। তাতকৈ ৰোগক দূৰতে বিদূৰ কৰকচোন। ৰোগ মানে ৰোধ কৰিব পৰাবোৰক বুজাইছোঁ দেই।

স্বাস্থ্য বিষয়ক আলোচনী পঢ়া মানুহৰ সংখ্যা তেনেই তাকৰ নহয়। কিন্তু সাহিত্যৰ ৰসাস্বাদন কৰিবলৈ পঢ়ে নে কৌশলবোৰ কামত খটুৱাই নিজৰ ভাল কৰিবলৈ পঢ়ে তাত সন্দেহ আছে। যি কি নহওক হাস্য-ব্যঙ্গৰ আলোচনী এখনত মেদবহুলতাক লৈ পঢ়ুৱৈয়ে “কামোৰ” এটা খোৱাটো মাৰাত্মক কথা! ইয়াতকৈ দীঘল কৰিলে মনজিতৰ গা-লৈহে ঘাটি। ঢোল বাজক, হাঁহিৰে ঢোল।

☆★☆★☆

2 Comments

  • অভিজিত কলিতা

    সুন্দৰ। ধেমেলেয়াকৈ হলেও গাত লাগি যোৱা কথা কেইটামান শুনিলো। মই। google fit বুলি এপ এটা লগাই লৈছো। চাওচোন চৰ্বীৰ সৈতে যুজ খন কিমান দিন চলাই নিব পাৰো

    Reply
  • Anurup Mahanta

    ভাল লাগিল কথাখিনি জানিব পাৰি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *