ফটাঢোল

স্মৃতিভাৰ – দীপামণি শইকীয়া

 

sometimes memories sneak out of our eyes and roll down our cheeks!

 

পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ,

১/ স্কুললৈ বাচেৰে অহাযোৱা কৰিলেও ৰুমীয়ে কোনো কোনো দিনা ঘূৰি অহাৰ পৰত বাচ ধৰিব নোৱাৰি খোজেৰে ঘৰলৈ উভতিব লগা হয়। ঘৰ আৰু স্কুলৰ মাজৰ বাটেৰে চলা বাচ মাত্ৰ তিনিখন। তাৰে শেষৰখন  বাচ স্কুলৰ ওচৰৰ ষ্টপটো পাইহি মানে তিনিটামান বাজে৷ কেতিয়াবা স্কুলৰ মিটিং মাটাং, অগ্ৰম বগ্ৰম ওলালে সেই সময়লৈ স্কুল এৰিব নোৱাৰিলে সেইদিনা খোজেৰে ঘৰলৈ ঘূৰাৰ বাহিৰে উপায় নাথাকে৷ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব প্ৰায় ডেৰ কিলোমিটাৰ। লগৰ আন এজনী মাষ্টৰণীয়ে চাইকেল চলায়ে অহা যোৱা কৰে। হওঁতে গিৰিয়েকে ৰুমীকো চাইকেল এখন আনি দিছিল ন’ বোৱাৰী হৈ থাকোঁতে। পিচে চাইকেল চলোৱা সহজ কাম হ’লেহে! কথা হাফ পেডেলতে থাকি গ’ল৷ আগ নাবাঢ়িল। মেখেলাই চাদৰে জপট খাই দুবাৰ মান চাইকেলৰ পৰা পৰি ছালো চিগিল৷ সেই অনাৰ সিমানতে যেনিবা সামৰণি পৰিল৷

 সিদিনাও ৰুমীয়ে বাচখন ধৰিব নোৱাৰি দূপৰৰ ৰ’দটো মূৰত লৈ খোজ কাঢ়িয়ে ঘৰলৈ বুলি ঘূৰিছিল। ঘৰ আহি সোমাবলৈ পায়হে পুতেক সোনমণিয়ে মাকৰ গাত আঠা লগা দি লাগি ধৰে৷ সাত বছৰীয়া সোনমণি ঘৰৰ ওচৰৰে প্ৰাইমাৰী স্কুলখনত পঢ়িবলৈ যায়। বাৰটামানত ঘৰলৈ ঘূৰে। তাই নথকা সময়খিনি সি আইতাকৰ লগতে ইটো সিটো কৰি কটায়৷ স্কুলৰ পৰা ঘৰ পাই ভাত দুটামান খাই সোনমণিক শুৱাওঁ বুলি বিচনাত পৰোঁতে কেতিয়াবা ৰুমী নিজেও টোপনি যায়গৈ।  সিদিনাও সোনমণিক শুৱাই ৰুমীয়ে নিজে চকু দুটা জপাইছিলহে তেনেতে কলিং বেলটো বাজি উঠিল৷ বিৰক্তিটো লুকুৱাই মুখত হাঁহি এটা লৈ দুৱাৰ খুলি দেখে প্ৰতিবেশী শইকীয়ানী খুৰী আহিছে। ঘৰত দিনৰ দিনটো থাকি আমনি পাই প্ৰায়েই মানুহজনী সিহঁতৰ ঘৰলৈ আহে। আহিলে ইটো সিটো কথা পাতি এবেলামান বহে। মানুহগৰাকীক দেখি তাই দুনাই শুবলৈ যোৱাৰ আশা জলাঞ্জলি দি চাহ একাপ বনাই আনোগৈ বুলি পাকঘৰলৈকে সোমাই গ’ল। চাহৰ লগত কিনো দিওঁ বুলি ড্ৰয়াৰত চাই দেখে টেমাবোৰ সৱ খালী। সোনমণিৰ পৰা মুঠতে লুকুৱাই ৰাখিও সাৰিবলৈ উপায় নাই৷ অৱশেষত যেনিবা কোনৰ ফালে অলপ আওহতীয়াকৈ লুকাই থকা টেমা এটাত ক্ৰীম বিস্কুট কেইটামান বিচাৰি পালেগৈ তাই। প্লেটত সেই কেইটাকে লৈ ৰুমীয়ে শইকীয়ানী খুৰীৰ সন্মুখত চাহকাপ থলেহি।

নিজৰ চাহ কাপ খাই থকাৰ মাজে মাজে তাই মন কৰিল চাহৰ যুটি লৈ কথাৰ পাগ তোলা খুৰীয়ে বিস্কুটকেইটা এটা এটাকৈ হাতত লৈ আকৌ প্লেটত ঘূৰাই থৈ দিলে। মাথো সিমানেই নহয় আনদিনাৰ তুলনাত মানুহজনী আজি চাহ খাই উঠিয়েই খৰখেদাকৈ ঘৰলৈ বুলি উঠিল। যি হ’ল ভালেই হ’ল বুলি তাই কাপ প্লেটকেইটা সামৰি পাকঘৰলৈ ঘূৰিল। তথাপিও মনত খোকোজা এটা লাগি থকাৰ বাবে তাই  নিজে বিস্কুট দুটামান হাতত তুলি চালে৷ দুটাৰ পিছত চাৰিটা তুলি আকৌ চালে তাৰ পিছত এটা এটাকৈ  বাকী কেইটাও চালে।  চাই উঠি তাই কঁপালত হাত থৈ তাতে একপ্ৰকাৰে ঠৰঙা লাগিল৷ প্ৰতিযোৰা বিস্কুটৰ মাজৰ ক্ৰীমখিনি কোনোবাই দাঁতেৰে চুচি চুচি খাই থৈছে৷ কোনোবা মানে কোন; ৰুমীৰ আৰু বুজিবলে বাকী নাথাকিল!

☆★☆★☆

 

২/ ঘৰত বছৰেকীয়া চাউলখোৱা পাতিছে৷ ঘৰত কাউৰী পুৱাৰে পৰা হাই উৰুমীৰ পৰিবেশ। গোম গোম, টিং টাং, ধেৰেম ধাম সেইবোৰৰ মাজতে ৰিপনে গাৰুটো মূৰৰ ওপৰত লৈ কাণখন ঢাকি টোপনি চিকুন পুৱাৰ সুখ ল’বলৈ বুলি যুঁজি আছিল। কিন্তু তেনেতে দেউতাকৰ বজ্ৰ নিনাদ আহি তাৰ কাণত পৰিল,

 : অই ৰিপন

সি জপৰা মূৰটো আৰু গাত কম্বলখন লৈয়ে বাৰান্দালৈ ওলাই আহিল। দেউতাকে তাক তেনে ৰূপত দেখি দাঁত কৰচি কৰচি ক’লে ,

 : তই হ’বপাই এতিয়াও শুইয়ে আছ।

তেনেতে কলপতুৱাৰে ডোং বনাই থকা মানুহ কেইজনলৈ চাহ লৈ অহা মাকৰ হাতৰ ট্ৰেখনত ৰিপনৰ চকু পৰিল। সি চাহ একাপ লওঁ বুলি হাত মেলোঁতেই মাকে আটাহ পাৰি উঠিল,

: কাষলৈ নাহিবি। এইবোৰ ভকতৰ বাবে বনোৱা বস্তুত গা নুধুৱাকৈ হাত নলগাবি। যা ধুই লগৈ গাটো।

এই পুৱাতে সি গা ধুবলৈ গ’লেও যে গাত পানী নাঢালে সেইটো কথা জানে বাবেই দেউতাকে ৰিপনক ক’লে,

: তই এটা কাম কৰ। গা ধোৱাৰ আগতে নৈৰ পাৰৰ পৰা মাছখিনি আনি দি থৈ যা। মই কথা বতৰা পাতি পইচা-পাতি দি আহিছোঁ কালিয়ে। মাত্ৰ মাছকিনি আনি ঘৰত পেলাই দে৷  তাৰপিছত গৈ বলোৰাম  ককাইদেউক ঘৰৰ পৰা লৈ আহিবিগৈ৷

 মাছ অনাৰ লৈকে ঠিকেই আছিল। কিন্তু বলোৰাম বৰপিতাইক লৈ অনা কথাষাৰ শুনি ৰিপনৰ মনটো চেবাই গ’ল৷ এই বলোৰাম বৰপিতাই হ’ল গাঁৱৰ আটাইতকৈ বয়সষ্ঠ বুঢ়াকেইজনৰ ভিতৰৰ এজন।  সকাম নিকামত তেওঁৰ একেবাৰে আগৰখন স্থান। বয়সে আশী গৰকিলে কিন্তু বুঢ়াৰ কঁকাল এতিয়াও নতুন বাহ গাজৰ দৰেই পোন হৈ আছে। তেওঁ নহ’লে সকাম নিকাম নচলে, সেই কথা বুঢ়াই ভালকৈয়ে জানে বাবে সকলোকে কৈ থৈছে, তেওঁ খোজ কাঢ়ি সকাম খাই ফুৰিব নোৱাৰে। কাৰোবাক যদি বলোৰাম বুঢ়াৰ দৰকাৰ আছে, গাড়ী-মটৰ-চাইকেল লৈ নিজে ঘৰৰ পৰা লৈ যাবহি লাগিব। এনেয়ে দিনটো টিংটিঙাই ঘূৰি ফুৰিব কিন্তু সকামৰ দিনা বুঢ়া গপচ। কথা মাত্ৰ সিমানেই নহয়। বুঢ়াক আনিবলৈ ঠেলা এখন লৈ গৈছিল এবাৰ কোনোবা এটা। বাটত যিমান কেইজন সকামলৈ অহা ভকত দেখিলে সৱকে মাতি মাতি ঠেলাত বহোৱাই ল’লে বুঢ়াই। ঠেলা ঠেলি নিয়াটোৰ অৱস্থা বেয়া সেইবাৰ। মুঠতে বুঢ়াটো এটা আহুকাল।

কামটোৰ পৰা এৰা খাবলৈ ৰিপনে দেউতাকক  ক’লে,

 : দেউতা মোৰ দেখোন বাইকখন বেয়া হৈ আছে বুলি তোক কৈছিলোঁৱেই। বৰপিতাইক আনিবলৈ আন কাৰোবাকে পঠিয়াই দেচোন। মাছকেইটা বাৰু মই খোজেৰে গৈয়ে লৈ আনিমগৈ।

দেউতাকৰ ৰেডি উত্তৰ,

 : সৱ কামত লাগি আছে দেখিছনে নাই? মোৰ বাজাজ স্কুটাৰখন লৈ যা। মই দ্বিতীয়বাৰ ঘূৰি আহি তোক যাতে বিচনাত শুই থকাত নাপাওঁ চাবি আকৌ। অলগদ্ধ  ক’ৰবাৰ!

ৰিপনে বুজিলে দেউতাকৰ লগত আৰু কেৰজেৰ কৰি লাভ নাই৷ গতিকে চোলাটো সলনি কৰি চুলিত পানী অলপ মাৰি চেহেৰাটো চিকুন কৰি সি স্কুটাৰখনকে লৈ যাবলৈ ওলাল। প্ৰথমতে বলোৰাম বৰপিতাইক ঘৰত থৈ তাৰপিছত মাছ আনিবলৈ যোৱা যাওক বুলি বুঢ়াৰ ঘৰৰ দিশত ৰিপনে স্কুটাৰ দৌৰালে।

পদূলি পাওঁতেই সি দেখিলে বৰপিতাই কাপোৰ কানি পিন্ধি ৰেডি হৈ চোতালতে ৰৈ আছে। স্কুটাৰৰ পৰা নমা ৰিপনক দেখি বুঢ়াই উচ আচ কৰি কৈ উঠিল,

: এহ তই এইখন লৈহে আহিলি নেকি!

: উঠ উঠ বৰপিতাই। আহোঁতে মোৰ পলমেই হ’ল।  আৰু দেৰী কৰিলে দেউতাই মোকে বকিব।

ৰিপনে বুঢ়াক বেছি চাঞ্চ দিব নুখুজিলে। মুখখন গোমা কৰি ৰাখিয়ে বলো বৰপিতাই স্কুটাৰৰ পিছ ছীটত উঠি বহিল। ছয় ফুট ওখ বুঢ়াৰ বগলী ঠেঙীয়া দুভৰি থ’লে আগফালে ৰিপনৰ ভৰি দুটাৰ কাষত।

স্কুটাৰ লৈ অহা দেখি ডাৱৰে চানি ধৰা বুঢ়াৰ মনৰ খবৰ পিছে ৰিপনে ঠিকেই ধৰিব পাৰিলে। স্কুটাৰ নানি ঠেলাখন লৈ অহা  হ’লে আৰু দহজন মানক বহোৱাই  তাক হাৰাশাস্তি কৰিব পাৰিলেহেঁতেন৷ এই কচু বুঢ়াৰ মন সি খুব ভালকৈয়ে বুজেতো! ডেকা জাকক দেখি জ্বলন হয় কলিজাত। হেঃহেঃ! যি কি নহওক, মুখলৈ ওলাই অহা হাঁহিটো মুখৰ ভিতৰতে থৈ ৰিপনে খালী বাটত স্কুটাৰ বতাহৰ বেগত এৰি দিলে। ৰিপনৰ বায়ুবেগী স্কুটাৰৰ পিছলৈ উৰি থাকিল বলো বৰপিতাইৰ বগলী পাখিহেন বগা, ফেৰমৰা ধুতিৰ বিয়াগোম ঢৌ!

কিছুদূৰ যোৱাৰ পিছত ৰিপনৰ মনলৈ এটা অন্য ধাণ্ডা আহিল। ঘৰলৈ গৈ আকৌ এবাৰ ওলাই অহাত কৈ নৈৰ পাৰৰ পৰা একেবাৰতে মাছখিনিও লৈ ল’ব পৰা যায় দেখোন৷ পিছফালে বহি অহা বলো বৰপিতায়ে মোনাটো ধৰিব পাৰিবই যেতিয়া৷

 কথাটো ভাৱি সি নৈৰ ঘাঁটৰ দিশত স্কুটাৰখন লওঁ বুলি ষ্টেয়াৰিং ঘূৰাই দিলে।  হঠাৎ কি জানো হ’ল, ৰিপন নিজেই কৰ্ফাল খাই চিটৰ পৰা উফৰি ক’ৰবাত পৰিলেগৈ। ফলা শিলগুটি দিয়া বাট। ছাল বাকলি উৰি  গোটেইখন একেবাৰে ভকভকাই উঠিল। কেকাই গেঁঠাই কোনোমতে সি থিয় দি বলো বৰপিতাই ক’ত বুলি ইফালে সিফালে চকু দি দেখিলে, বাটৰ কাষৰ খাৱৈৰ পৰা উঠি বুঢ়া তাৰ ফাললৈকে আহি আছে। সিহঁত দুটাৰ পৰা এক মিটাৰমান দূৰত থেকেচা খাই পৰি আছে স্কুটাৰখন৷

: অহ তই বৰ বেছিকৈয়ে দুখ পালি হ’ব পাই। এইবোৰ কথাতে মই গাড়ী মটৰত উঠি বেয়া পাওঁ বুজিছ।  একো ঠিকনাই নাই, ক’লৈ যাওঁ বুলি কোন বাট লয়৷ এতিয়ায়ে চাচোন, পোনে পোনে আহি থকা স্কুটাৰখন হঠাৎ সোঁফালে ঘূৰি গ’ল৷ মই ভৰিৰে  মজবুতকৈ  খোপনিটো দিলোঁ বুলিহে বৰ দূৰলৈ চিটিকি নপৰিলোঁ।  নহ’লে আজি কঁকাল মূৰ সোপাকে ভাগি আজৰি হ’লহেঁতেন!

ৰিপনে তেতিয়াহে বুজি উঠিল, ধুনীয়াকৈ গৈ থকা স্কুটাৰখনৰ পৰা কিয় সি ফৰিং চিটিকা দি অত দূৰত  বাগৰি পৰিলহি। বগলী ঠেঙিয়া বুঢ়াই মজবুত খোপনি পুতিলে, গৈ থকা স্কুটাৰখনৰ ব্ৰেক প্লেট চটাৰ ওপৰত!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *