ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

নতুন বছৰৰ এই প্ৰথম মাহটো মোৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব৷ আন বছৰৰ দৰে এইটো বছৰৰো পাতনি মেলিছিলোঁ নানা উদ্যম, আশা, কাৰ্য্যসূচী আদি হাতত লৈ৷ তথাপি মনতে ভাবিছিলোঁ যে এই ৰিজোলিউশ্যন বা প্ৰতিশ্ৰুতিবোৰ যে কৰিলোঁ নিজৰ লগতে, ইয়াৰ সন্মান ৰাখিব পাৰিম জানো! যোৱা বছৰৰ ৰিজোলিউশ্যনবোৰেচোন এতিয়াও ট ট কৈ চকু মেলি মোৰ লগত ভেঙুচালি কৰি আছে৷ সেইবোৰ সম্পূৰ্ণ হোৱাহেঁতেন চাগে এতিয়া মোৰ ওজন দহ কিলোমান কমিলেহেঁতেন, পি এইচ ডিৰ ভাইভা শেষ কৰি নামৰ আগত ড° উপাধি এটা লিখিব পৰা গ’লহেঁতেন৷ নতুবা তাৰে আগৰ ৰিজোলিউশ্যনবোৰ পূৰণ হ’লহেঁতেন যদি মই এতিয়া আলমাৰীত কাপোৰ সজাব পৰা গুণ, মানুহে মিঠাই আগবঢ়ালে নাখাওঁ বুলি ক’ব পৰা শক্তি, ঘৰৰ পৰা বাহিৰ ওলোৱাৰ সময়ত লাইট, ফেন ইত্যাদি বন্ধ কৰিব পৰা সুস্বভাৱেৰে ধনী হ’লোঁহেঁতেন৷

বাৰু, আগৰবাৰ নহ’ল বুলিয়ে যে এইবাৰ নহ’ব তেনেকুৱা কোনো কথা নাই বুলি মনতে ভাবি কেইটামান সিদ্ধান্ত ল’লোঁ মনত৷ হাতত থকা কামবোৰ আজি আগবঢ়াম, কাইলৈ কৰিম বুলি ভাবি-গুণি থাকোঁতেই জানুৱাৰীৰ প্ৰথম সপ্তাহতেই এদিন মোৰ ওচৰলৈ আমাৰ শ্ৰদ্ধাৰ হেমন্ত কাকতিদাৰ ফোন আহিল৷ এবাৰ কিবা লিখা-মেলা সম্পৰ্কতে কাকতিদাই ফোন নম্বৰ লৈছিল যদিও ভবা নাছিলোঁ যে তেখেতৰ লগত আকৌ কথা-বতৰা পাতিবলৈ পাম কেতিয়াবা৷ ফোনত তেওঁ প্ৰায় ঘোষণাই কৰি দিলে যে আমাৰ ফটাঢোল ই-আলোচনীৰ এই ফেব্ৰুৱাৰী সংখ্যাৰ সম্পাদিকা হিচাবে তোমাক বাছনি কৰিছোঁ৷ মই ভয় খালোঁ যদিও ইমান গণ্য মান্য ব্যক্তিসমূহে মোৰ নিচিনা অল্পমতিক সম্পাদিকাৰ সন্মানেৰে বিভূষিত কৰাৰ কথাটো ভাবি কৃতজ্ঞতাৰে মূৰ দোঁ খাই গ’ল৷ পিছত ৰিণ্টুমণি দায়ো একেখিনি কথা কোৱাৰ পিছত আগ পিছ একো নুগুণি মই সন্মতি দি পেলালোঁ৷

সম্পাদনাৰ কাৰ্য্যসূচীবোৰৰ তালিকা প্ৰস্তুত কৰি থাকোঁতেই ভূতৰ ওপৰত দানহ পৰাদি মোৰ পি এইচ ডি থেচিচৰ অন্তিম পৰ্য্যায়ৰ কামসমূহ মূৰৰ ওপৰত পৰিলে৷ কামবিলাকৰ বিভাজন কৰি সময় মিলাই থাকোঁতেই প্ৰায় ডেৰ সপ্তাহমান গা বেয়া হৈ বিছনাত পৰিলোঁ৷ এইফালে সম্পাদিকা হিচাবে এক গুৰুত্বপূৰ্ণ পদ লৈ কামবোৰ পিছুৱাই ৰাখিবলগীয়া হোৱা কথাবোৰে মনটো ভাৰাক্ৰান্ত কৰি ৰাখিছিল৷ কিন্তু এই সময়কণে বহুতো কথা শিকালে, সম্বন্ধৰ পৰিধি যে বহুত বহল আৰু মধুৰ হ’ব পাৰে পদে পদে বুজালে৷

সহজ ভাষাত কবলৈ গ’লে, যদিও এই মাহটোৰ সম্পাদিকাৰ কাৰ্য্যভাৰ মোৰ ওপৰত পৰিছিল, কিন্তু আলোচনীখন সুচাৰুৰূপে চলাই নিয়াত মোৰ অৱদান তেনেই নগন্য৷ হেমন্ত কাকতি, ৰিণ্টুমণি দত্ত, চবিনা ইয়াছমিন, অভিজিত কলিতা, অসমী গগৈবৰা, দিম্পল কলিতা, প্ৰণীতা গোস্বামী বৰঠাকুৰ, ৰিমঝিম বৰঠাকুৰ, ঋতুপৰ্ণা মহন্ত, মনজিত, ৰাজশ্ৰী শৰ্মা, পৰিস্মিতা গগৈ এখেতসকলৰ তাগিদা আৰু নেৰানেপেৰা কষ্টৰ ফল হৈছে এই সংখ্যাৰ মেগাজিনখন৷ লগতে আটাইতকৈ চুই যোৱা কথাটোৱে আছিল ৰাইজৰ অফুৰন্ত মৰম চেনেহ আৰু অনুৰোধ কৰিবলগীয়া নৌহওঁতেই সময়ে সময়ে পঠিওৱা লেখাসমূহ আৰু উৎসাহখিনি৷

হেমন্তদা, ৰিণ্টুদা, চবিনাবা আৰু বিশেষকৈ ফটাঢোল ই-মেগাজিনৰ সম্পাদকীয় টিমলৈ আৰু এবাৰ ধন্যবাদ জনাইছোঁ মোৰ বিষম পৰিস্থিতিতো মোৰ প্ৰতি ধৈৰ্য্য আৰু মৰম অটুট ৰখাৰ কাৰণে৷

এই চেগতে কিছুমান বিশেষ ব্যক্তিৰ কথা মনত পেলাব বিচাৰিছোঁ যাৰ অবিহনে হয়তো আমাৰ এই সংখ্যাটোৰ কাম অসম্পূৰ্ণ হৈ থাকিলেহেতেন৷ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য দা আৰু দিম্পল কলিতা ভাইটিয়ে প্ৰতি পলে আগবঢ়োৱা সৰুৰ পৰা ডাঙৰ সকলো সহায়ৰ বাবে মই সদায় কৃতজ্ঞ থাকিম৷ লগতে ডলী তালুকদাৰ বা, তৃষ্ণা সোণোৱাল ভন্টী আৰু নাজিয়া হাচান বাৰ সহযোগিতা আৰু মৰম কেতিয়াও পাহৰিব নোৱাৰিম৷ ব্যস্ততাৰ দিনতো আমাক হাঁহি-ধেমালিৰ খোৰাক জগাই থকা বিজয় মহন্তদাৰ কথা উল্লেখ নকৰি নোৱাৰোঁ৷ শেষত, ফটাঢোল ই-মেগাজিনৰ সদৌটি পঢ়ুৱৈবৃন্দলৈ মোৰ কৃতজ্ঞতা আৰু সন্মান জনালোঁ।

সঁচাকৈয়ে, যদিও এই ফটাঢোল নামৰ গোটটোৰ লগত বিগত ছমাহৰ পৰা জড়িত আছোঁ, সদস্যসকলৰ লগত বন্ধু-বান্ধৱী, ভাই-ভনী, দাদা-বাইদেউ আদিৰ দৰে সম্পৰ্কেৰে বান্ধ খাই আছোঁ, তথাপি এই জানুৱাৰী মাহটোত সকলোৰে পৰা যিমানখিনি মৰম আৰু অনুপ্ৰেৰণা পাইছোঁ সেয়া প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ অনুভৱ কৰিছোঁ৷ পৰিয়ালৰ মানুহে যেনেকৈ আপোনাৰ দোষ-গুণ আঙুলিয়াই দিয়ে আৰু এক মৰমৰ বান্ধেৰে আপোনাক বান্ধি ৰাখে, ঠিক তেনেকুৱা এক পৰিৱেশ পালোঁ ফটাঢোলত এই সময়কণ থাকি৷

আৰু কি ক’ম বুজি পোৱা নাই৷ কবিতা বা সুন্দৰ শব্দৰাজিৰে মোৰ অনুভৱ ফুটাই তুলিব পৰাকৈ মই মানুহজনী ইমান চহকী নহয়৷ অকল এইখিনি কৈয়ে সামৰণি মাৰিব বিচাৰিছোঁ যে মোৰ বাবে ফটাঢোল কেৱল এক ফেচবুকৰ গোট নহয়, মোৰ বাবে ই হৈছে এক আৱেগ, এটি পৰিয়াল য’ত মই সুখ-দুখৰ পৰা হাঁহি-কান্দোন, ধেমালি ইত্যাদি মুক্তমনে প্ৰকাশ কৰিব পাৰোঁ৷ এই গোটৰ মাধ্যমেৰে প্ৰকাশ পোৱা মাহেকীয়া ই-আলোচনীখন হৈছে আমাৰ সকলোৰে মৰম, চেনেহৰে আটোমটোকাৰীকৈ গঢ়া এক সুন্দৰ সপোনৰ পৰিণতি৷ বিগত সংখ্যাবোৰৰ দৰে এই মাহৰ সংখ্যাটোতো আমাৰ সকলোৰে আৱেগ জড়িত হৈ আছে৷ সেয়েহে, পঢ়ক, পঢ়ুৱাওক আৰু আহক আমি সকলোৱে হাতে হাত ধৰি এই অপৰূপ সপোনটি যাউতিযুগীয়াকৈ আগুৱাই লৈ যাওঁ৷

ধন্যবাদেৰে,

তৃষ্ণা টি. ভূঞা
সম্পাদিকা
বিংশতিতম সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

16 Comments

  • জিতা ফুকন

    বৰ সুন্দৰ অনুভূতি | বহুত ভাল লাগিল দেই

    Reply
  • খুব ভাল লাগিল । আলোচনীখনো ধুনীয়া হৈছে । অভিনন্দন ।

    Reply
  • তৃষ্ণা সো.

    ধুনীয়া মনৰ মানুহজনীৰ ধুনীয়া এখন আলোচনী উপহাৰ।

    Reply
  • হেমন্ত কাকতি

    বহুত অভিনন্দন তৃষ্ণা!

    Reply
  • Utpal

    You are the best…love you always wifey ???

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰকৈ লিখিলা ৷

    Reply
  • ৰাজীৱ

    সুন্দৰ । সংখ্যাটোৰ আঁৰৰ কথাৰ পৰা ফটাঢোলৰ সদস্য সকলৰ পৰোপকাৰী গুণটোও উজলি উঠিছে।জয়তু ফটাঢোল ।
    সংখ্যাটোৰ বাবে তোমালৈ আকৌ ধন্যবাদ ।

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ অনুভৱ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *