ফটাঢোল

গাড়ীৰ বিষয়ে এখন সঁচা ৰচনা– প্ৰিয়ম প্ৰীতম

আৰম্ভণি: গাড়ী এবিধ ঘৰচীয়া যন্ত্ৰ। দুঠেঙীয়া, তিনিঠেঙীয়া, চাৰিঠেঙীয়া আদি গাড়ীৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি যদিও নিৰন্তৰ বিৱৰ্তন আৰু ক্ৰমবিকাশৰ ফলত এঠেঙীয়া, ছয়ঠেঙীয়া, দহ-বাৰঠেঙীয়া পৰ্যন্ত গাড়ী দেখিবলৈ পোৱা যায়। ভাৰতীয় পৰম্পৰাত প্ৰাক-বৈদিক যুগৰে পৰা গাড়ীৰ এক বিশেষ স্থান আছে। তলত সেই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

সাংস্কৃতিক গুৰুত্ব: ভাৰতীয় সংস্কৃতিৰ লগত গাড়ীৰ সম্পৰ্ক বৰ মধুৰ। সেয়া লাগিলে ধিনচাক পূজাৰ সংগীতচৰ্চাই হওক বা ফেচবুকীয়া মডেলিঙেই হওক, প্ৰায় সকলোতে এখন হ’লেও গাড়ী দেখিবলৈ পোৱা যায়! কিছুসংখ্যক নাৰীৰ গাড়ীৰ প্ৰতি এনে দুৰ্বাৰ আসক্তি দেখি কোনো মহান ধৰ্মগুৰুৱে শাস্ত্ৰত লিখিছে,

“টেক্সি গাড়ী লৈ যাম শ্বিলঙত
আয়ৈ দেহি তয়ো যাবি লগত ।”

সামাজিক গুৰুত্ব: চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনিৰ নামত দেধাৰ টকা খৰচ হৈছে, তথাপিও এই কাৰ্যত এতিয়াও সম্পূৰ্ণ কৃতকাৰ্যতা লাভ কৰিব পৰা হোৱাগৈ নাই। গতিকে আপোনাৰ গাড়ী আৰু গাড়ীচালনাৰ দক্ষতাৰ সদব্যৱহাৰৰ যোগেদি দুই-চাৰিজনক সিপুৰীলৈ পঠিয়াই চৰকাৰৰ এই মহান কাৰ্যৰ অংশীদাৰ হ’ব পৰাটো আপোনাৰ বাবে গৌৰৱৰ বিষয় ।

গাড়ীৰ পৰা ওলোৱা ধোঁৱাত কাৰ্বন-মন’ক্সাইড, ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰজেন-ডাই-অক্সাইড আদি পৰিৱেশ ধ্বংসকাৰী, গোলকীয় উত্তাপবৃদ্ধিৰ মূল কাৰক সেউজগৃহ গেছ থাকে বাবে গাড়ী কমকৈ ব্যৱহাৰ কৰিব লাগে বুলি যদি কোনোবাই চিঞৰি আছে তেতিয়াহলে নিশ্চিত হওক যে তেখেত অৱশ্যেই পুঁজিপতিৰ আশীষধন্য ভুৱা বুদ্ধিজীৱি, যিয়ে মানৱ সমাজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। এজন সুনাগৰিক হিচাপে গ্লোবেল ৱাৰ্মিঙক অৰিহণা যোগোৱাটো আমাৰ প্ৰাথমিক দায়িত্ব। কিয়নো আপোনালোকে নিশ্চয় জানে যে ঠাণ্ডাত বস্ত্ৰহীন মানুহবোৰে বৰ কষ্ট পায় আৰু তেওঁলোকক সকাহ দিয়াটো আমাৰ কৰ্তব্য। গতিকে যিমান পাৰে সেউজ-গৃহ গেছ নিৰ্গমণ কৰক, গোলকীয় উষ্ণতা বঢ়াওক আৰু গৰম চোলা-কাপোৰৰ ব্যৱসায় কৰি থকা পুঁজিপতি চক্ৰান্তৰ পৰা সমাজখনক মুক্ত কৰক।

শাৰীৰিক গুৰুত্ব: গাড়ীক ছাউণ্ডছেটৰ বাহন বুলি কোৱা হয়। এনেধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড ছাউণ্ডছেট কঢ়িয়াই পুৱতি নিশাই যোৱা পিকনিকৰ গাড়ী আৰু মাজনিশা হাইৱেৰে যোৱা ট্ৰাক-ডাম্পাৰবিলাকে টোপনি ভাঙি আপোনাক অত্যাধিক এলেহুৱা আৰু গা-গধুৰ হোৱাৰ পৰা ৰক্ষা কৰে ।

দুঠেঙীয়া গাড়ীকেইখনৰ চালককেইজনে ৰাস্তাটোক তেওঁলোকৰ প্ৰজেক্ট কপি বুলি ভুল কৰি বাহনৰ চকাকেইটাৰে ৰাস্তাত নিৰন্তৰে চাইন আৰু কচ কাৰ্ভ আৰু পেৰাবোলা আঁকি আঁকি আগুৱাই যোৱা দেখি আপুনি ৰাস্তাৰ পৰা নামি ৰাস্তাৰ কাষৰ ঘাঁহনিৰে বাট বুলিব লগা হয়। আপুনি নিশ্চয় জানে যে এনেদৰে ঘাঁহত খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী!

ৰাস্তাত গাড়ী চলাওঁতে মানি চলিব লগীয়া নিয়মসমূহ: ৰাস্তাৰে গাড়ী চলাওঁতে কিছুমান নীতি-নিয়ম মানি চলিব লাগে। কিন্তু দুখৰ কথা যে আজিকালি কলিযুগত অনেকেই সেই নীতি-নিয়মবোৰ মানি নচলে। সেয়েই জনহিতাৰ্থে সেই নিয়মসমূহ আকৌ এবাৰ ইয়াত উল্লেখ কৰা হ’ল –

১. বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগ। গতিকে গাড়ীৰ কাগজ, বীমাৰ কাগজ, ড্ৰাইভিঙ লাইচেন্স আদি অদৰকাৰী কাগজ-পাতি লগত ৰাখি চৰকাৰৰ এই মহৎ প্ৰচেষ্টাত অযথা বাধাৰ সৃষ্টি নকৰিব।

২. ৰাস্তাৰে যাওঁতে যদি দুৰ্ঘটনা হোৱা দেখে তেতিয়াহলে আপোনাৰ গাড়ীখন নিৰাপদ দুৰত্বত ৰাখি নামি যাওক আৰু চিঞৰ-বাখৰ কৰি দুৰ্ঘটনা সংঘটিত কৰাজনক ‘পাব্লিক ধুলাই’ দি গাড়ীকেইখন জ্বলাই দিব লাগে বুলি মানুহৰ মাজত সচেতনতা অনাৰ প্ৰয়াস কৰক। যেতিয়ালৈ আঘাতকাৰী আৰু আহত দুয়োকে একেলগে হস্পিতেল পঠিয়াব লগা নহয় তেতিয়ালৈকে আপুনি দহোবন কাটি কৰি নিৰৱচ্ছিন্ন ভাৱে চিঞৰি থাকক। আপোনাৰ এনে কাৰ্য্যই সমাজত সাম্যবাদ প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব। মন কৰিব যে ৰাইজৰ মৰমৰ কোবত যদি আঘাতকাৰী চালকজনে লৰচৰ কৰা বন্ধ কৰি দিয়া যেন দেখে অথবা দূৰত পুলিছৰ গাড়ী দেখে তেন্তে লৰালৰিকৈ আপোনাৰ গাড়ীলৈ উভতি আহি গাড়ীত থকা গীয়েৰ আৰু এক্সিলাৰেটৰৰ সুপ্ৰয়োগ কৰি তৎমুহূৰ্ততে সেইস্থান পৰিত্যাগ কৰক।

৩. য’তে-ত’তে ছিগনেল নিদিয়াকৈ গাড়ী ৰাখি দৰ্জা খুলি নামি অহা অভ্যাস কৰক। এনে কাৰ্যৰ দ্বাৰা আপোনাৰ মনৰ মাজত এডমাণ্ড হিলাৰী বা ট্ৰেনজিং নৰ্গেৰ আত্মা জাগ্ৰত হোৱা যেন অনুমান কৰিব পাৰিব।

৪. গেৰেজত গাড়ীখন ‘মেকিং’ আৰু ‘মডিফায়িং’ কৰোঁতে দুটামান স্থানীয় শক্তিবাচক শব্দৰে গেৰেজৰ পোৱালিটোৰ ‘দম’ দিবলৈ নাপাহৰিব। ইয়ে আপুনি যে খিলঞ্জীয়া সেই কথা প্ৰমাণ কৰিব আৰু এনেবোৰ কাৰ্যক দ্বাৰাহে সমাজত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ’ব।

৫. টাৰ্ণিং লওঁতে কেতিয়াও ছিগনেল লাইট অন নকৰিব, কিয়নো আপুনি কোনটো ৰাস্তাৰে কোনফালে ক’লৈ যায় সেইটো সম্পূৰ্ণ আপোনাৰ ব্যক্তিগত কথা আৰু আপোনাৰ ব্যক্তিগত কথা অইন মানুহক জনোৱাৰ কোনো দৰকাৰ নাই।

৬. মানুহে জীৱনত সদায় আগলৈ চাব লাগে। গতিকে মিছা-মিছি গাড়ীৰ আয়না চাই কেতিয়াও সময় নষ্ট নকৰিব। ৰিয়াৰভিউ মিৰৰখন কেৱল মেকআপ আৰু চুলি ঠিকে আছে নে নাই চাবলৈহে ব্যৱহাৰ কৰক।

৭. যদি পাৰে খিৰিকী আৰু উইণ্ডশ্বীল্ডকে গোটেইকেইখন কাঁচতে ৰং-বিৰঙী ষ্টিকাৰ মাৰি লওক। বাহিৰৰ পৰা গাড়ীৰ খিৰিকীৰ কাঁচৰ মাজেৰে ভিতৰলৈ চাব নোৱাৰা ব্যৱস্থা কৰি লওক যাতে ভিতৰত আপুনি কৰি থকা ধ্যান বা উপাসনাত সভ্যতা আৰু সংস্কৃতিৰ পোহৰ নেদেখা বাহিৰৰ অবুজন লোকসকলে হস্তক্ষেপ কৰিব নোৱাৰে।

৮. “মাহ লাইফ মাহ ৰুলছ”বোলা শ্লোকফাঁকি আপুনি নিশ্চয় শুনিছে। গাড়ীৰ হেডলাইট সদায় হাইবীমত জ্বলাই ৰাখি এই শ্লোকফাঁকিক সত্য প্ৰতিপন্ন কৰক।

৯. বিজ্ঞ লোকসকলে কৈ থকা আপোনালোকে নিশ্চয় শুনে যে “আজিকালিৰ ল’ৰা-ছোৱালী আত্মকেন্দ্ৰিক হ’ল, বেছিভাগ সময় মবাইল-লেপটপতে কটাই দিয়ে”। এওঁলোকৰ এই কথাবিলাকক ভুল প্ৰমাণিত কৰিবৰ বাবেই জনসংযোগমুখী হওক। চহৰৰ আটাইতকৈ ভিৰ থকা ৰাস্তাটোলৈ গাড়ীখন উলিয়াই নিয়ক, আশে-পাশে পুলিছৰ গাড়ী আছে নেকি চাওক আৰু যদি নাই( নথকাৰ সম্ভাৱনাই বেছি ) যাকে য’তে পাইছে নিসংকোচে খুন্দিয়াই থৈ পলায়ন কৰক।

১০. ভাৰতৰ সুৰ-সংগীতৰ সাধনাৰ ক্ষেত্ৰত অতীজৰে পৰা সুনাম আছে। এজন নতুন পুৰুষ হিচাপে সেই সুনাম অক্ষুণ্ণ ৰখাটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে প্ৰথমে গাড়ীখনৰ লগত লাগি অহা হৰ্ণটো আঁতৰাই এটা শক্তিশালী হৰ্ণ আৰু এটা অতিকাই ছাউণ্ড ছিষ্টেম লগাই লওক। লগতে সময়ে-অসময়ে সেই দুটা বজাই আপুনি যে পূৰ্বপুৰুষৰ অতীজৰ পৰম্পৰাক লৈ গৌৰৱান্বিত সেই কথা প্ৰতীয়মান কৰি কিছুমান বুঢ়া-বুঢ়ীৰ মনত “নতুন প্ৰজন্ম জহন্মামে গ’ল আৰু তেওঁলোকে আমাৰ কৃষ্টি-সংস্কৃতি একোডাল ৰক্ষা কৰিব নোৱাৰে” বুলি থকা ধাৰণাক ভুল প্ৰমাণিত কৰক।

১১. যাত্ৰাপথত গাড়ীখন কেতিয়াও ৰখোৱাৰ চেষ্টা নকৰিব, আগৰ ৰাস্তা বন্ধ থাকিলে বা অত্যাধিক ট্ৰেফিক থাকিলে মুখেৰে খিলঞ্জীয়া সাহিত্যৰ ঘোষা আৰু পদ চৰ্চা কৰি নিৰন্তৰ হৰ্ণ বজাই থাকিলে সুফল পোৱা যায় বুলি শাস্ত্ৰত আছে। অগত্যা ৰ’ব লগা হ’লেও “দুই মিনিটতকৈ বেছি সময় ৰ’ব লগা হ’লে ষ্টাৰ্ট বন্ধ কৰক”জাতীয় বুৰ্জোৱা মতাদৰ্শত ভোল গৈ ইঞ্জিন কেতিয়াও বন্ধ নকৰিব, কিয়নো কোনে জানে ইঞ্জিন এবাৰ বন্ধ কৰিলে পাছৰবাৰ ষ্টাৰ্ট হয়নে নহয়!

১২. আপোনাৰ বেকলাইট আৰু ছিগনেল লাইটৰ ৰঙা আৰু সুমথিৰা বাল্ব খুলি বেলেগ ৰঙৰ বাল্ব লগাই লওক আৰু গাড়ী কোম্পানীৰ ইঞ্জিনীয়াৰবিলাকৰ ৰঙৰ পচন্দ যে একেবাৰে বেয়া সেই কথা প্ৰমাণ কৰক। “ৰঙা লাইটৰ তৰংগ দৈৰ্ঘ্য বেছি, গতিকে বেছি দূৰৈৰ পৰাই ইয়াক দেখা পায়” জাতীয় অবৈজ্ঞানিক উৰাবাতৰিবোৰত বিশ্বাস নকৰিব। মনত ৰাখিব, চি.ভি.ৰামণেও এদিন এনেকৈয়ে পোহৰৰ ৰঙৰ ওপৰত গৱেষণা কৰিয়েই পদাৰ্থবিজ্ঞানত নবেল বঁটা পাইছিল, কি ঠিক এইবাৰ আপুনিয়েই সেই বঁটাটো পাই যায়!

১৩. শাস্ত্ৰত আছে ‘স্বাস্থ্যই পৰম ধন’। গতিকে অযথা টোপনি খতি কৰি এই পৰম ধন বিধ নেহেৰুৱাব। স্বাস্থ্য ৰক্ষাৰ খাতিৰতে ৰাতি গাড়ী চলাওঁতে টোপনি মাৰি মাৰি গাড়ী চলোৱা অভ্যাস কৰক।

সামৰণি: সমাজত ভাল মানুহতকৈ বেয়া মানুহৰ সংখ্যা সৰহ। গতিকে আপোনাৰ নীতি-নৈষ্ঠিকতা দেখি সমাজৰ এচাম লোক হিংসাত জ্বলি-পুৰি নমৰিব তাৰ কোনো মানে নাই। এটা কথা মনত ৰাখিব, আপোনাৰ এই সমাজহিতৈষী কামবোৰ দেখি কোনোবা হিংসাকুৰীয়া চকুচৰহাই আহি আপোনাক কিবা-কিবি বুজাবলৈ চেষ্টা কৰে, তেন্তে লগে লগেই হাতৰ কাষত পোৱা শিলগুটি, ইটা, ভলুকা বাহ আদি সামগ্ৰী লৈ নিঃসংকোচে কওঁতাজনৰ ‘মাথা ফটাই’ দিবলৈ সংকোচ নকৰিব৷

☆★☆★☆

6 Comments

  • হেমন্ত কাকতি

    বৰ ভাল হৈছে প্ৰীতম৷ বঢ়িয়া লাগিল

    Reply
  • Jyotirupam Dutta

    বঢ়িয়া! ড্ৰাইভিং স্কুল এখনৰ পাঠ্যপুথি এখনেই হৈ গৈছে৷ চৰকাৰে এইখন বিনামূলীয়াকৈ চপোৱাৰ আৰু বিলোৱাৰ ব্যৱস্থাটো কৰিলে ভাল হয়৷

    Reply
  • অনুৰূপ মহন্ত

    এইটো বঢ়িয়া হৈছিল। আকৌ এবাৰ পঢ়িলো।

    Reply
  • জয়ন্ত দাস

    মজা

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Anima Das

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *