ফটাঢোল

বীৰেণৰ বিৰহ – অভিজিত মেধি

একালৰ বিখ্যাত নিবনুৱা বীৰেণৰ একে গাঁৱৰে প্ৰমিলা ওৰফে ফাপেৰীৰ লগত ‘ব্ৰেক-আপ’ হোৱাৰ আজি দুবছৰ হ’ল। প্ৰথম অৱস্থাত অলপ দুখ হৈছিল, বুকুখন তাৰ বিষাইছিল কোনোবাখিনিত। কিন্তু লাহে লাহে সি ফাপেৰীক স্মৃতিৰ এন্ধাৰ চুকলৈ ঠেলি পঠিয়ালে। সুখী এতিয়া সি, মুম্বাইৰ দৰে চহৰত সৰুকৈ হ’লেও চাকৰি এটা পালে। নতুন জীৱনৰ পাতনি মেলিছে সি। আজিকালি ফ্লাইটত অহা-যোৱা কৰে বীৰেণে। বহুদিনৰ মূৰত বিহু বুলি অসম আহিবলৈ ওলাইছে সি। মুম্বাই এয়াৰপোৰ্টত বহি ব’ৰ্ডিং আৰম্ভ হোৱালৈ ৰৈ আছে। ঠিক তেনেতে

: এক্সকিউজ মি!

প্ৰায় ছয় ফুট ওখ, লাহী দেহৰ যুৱতী এগৰাকী, তাৰ সিফালৰ ছিটটোলৈ বুলি সি বাট মুকলি কৰি দিয়াটো বিচাৰিছে। উফ, কি সুন্দৰ যুৱতীৰ চেহেৰা! যুৱতী ইমানেই সুদৰ্শনা যে থিয় হৈ বাট এৰি দিয়াৰ পৰত বীৰেণে ভালকৈ এবাৰ তেওঁৰ পিনে চকু নিদিয়াকৈ নোৱাৰিলে।

: হাও…ইউ আৰ কেটৰিনা কাইফ নেকি হা বাই?

আপোনা-আপুনি প্ৰশ্নটো সৰি পৰিল তাৰ মুখৰ পৰা।

: ইয়েছ, ডেটছ মি৷

সুন্দৰীয়ে ইমানেই নিম্ন স্বৰত উত্তৰটো দিলে যে বীৰেণৰ বুজিবলৈ বাকী নাথাকিল, সুন্দৰীয়ে মানে কেটৰিনাই বিচৰা নাই যে একেলগে এখন ছেল্ফি খুজি আমনি কৰাটো অথবা এটা অটোগ্ৰাফ খোজাটো। জনপ্ৰিয় অভিনেত্রী এগৰাকীৰ জীৱনত কিছু একান্ত পৰৰ মূল্য চাগে বহুত। বীৰেণ গাঁৱৰ ল’ৰা হ’লেও বুজে সি, সি ছেল্ফি খুজিলে অন্য যাত্ৰীবোৰেও এজন এজনকৈ আহি কেটৰিনাক আমনি দিবহি। সি তাৰ উত্তেজনাক মনে মনে দমন কৰি অপেশ্বৰীহেন কেটৰিনাৰ কাষত বহি থাকিল।

বিশ মিনিটমান সময় হাতৰ আলোচনীখন লিৰিকি-বিদাৰি উঠি কেটৰিনাই বীৰেণলৈ কেৰাহীকৈ মন কৰিলে, উদাস মনে বহি আছে সি। তাৰ চকুহাল সেমেকা।

: হেই মেন, হোৱাট হেপেণ্ড টু ইউ, হোৱাই আৰ ইউ ক্ৰায়িং?

পকা বিলাহীৰ দৰে ওন্দলি পৰা বীৰেণৰ মুখলৈ চাই কৰা কেটৰিনাৰ প্ৰশ্নটোৱে যেন বান্ধ এটাহে খুলি দিলে। মলুৱা বান্দৰে গছৰ ডালত দোলা দিয়াৰ দৰে দুধাৰি লোটক লগে লগে তাৰ চকুত ওলমি পৰিল। বেজাৰত সি পাহৰি গ’ল যে কেটৰিনাই অসমীয়া নুবুজে।

: একো নহয় এ বাই…যাৱাকালি আমাৰ গাঁৱৰ ফাপেৰীয়ে ফেচবুকুত আপডেট দিছি, অপু ছেল্ফিফোন কিনিছি বোলে, লগোত ছেল্ফি ফটো এখানো দিছি হা, …একদম তুহনাৰ নিচনে দেখছিল হা ফাপেৰীক! আজি তুহনাক দেখি সেইখুনটি ফাপেৰীক লেগি বৰকে মনোত পৰি গেল এ বাই….(হুক হুক হুক)!!!

নিউটনৰ আপেলটোৰ দৰে চকুলোৰ টোপালবোৰ মাটিত সৰি পৰিল। ইপিনে কি উত্তৰ দিব বুজি নাপায় কেটৰিনা মনে মনে বহি ৰ’ল৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *