ফটাঢোল

গাৰু (মূল : শ্যামসুন্দৰ ঘোষ) – অনুবাদ : চাহিন জাফ্ৰি

ডাক্তৰে যিদিনাখন মোক গাৰু ব্যৱহাৰ কৰিবলৈ মানা কৰিলে সেইদিনা মই বৰ দুখ পালোঁ মনত। ডাক্তৰবোৰ কঠোৰ বুলি জানো, তেওঁলোকে তিতা-কেঁহা ঔষধ দিয়ে, বেজীৰ খোঁচ দিয়ে, তেজ উলিয়াই নিয়ে, চুৰি-কেছী চলায়, এইবোৰ সব জানিছিলোঁ, কিন্তু কাৰোবাক তেওঁৰ গাৰুটোৰ পৰা বিচ্ছিন্ন কৰি দিয়ে, সেইটো হ’লে শুনা নাছিলোঁ।

গাৰু মানুহৰ যে কিমান পুৰণি সংগী..! শৈশৱৰ পৰা আৰম্ভ কৰি বৃদ্ধাৱস্থালৈকে এই গাৰুটোৱেই আমাক সংগ দিয়ে। বুঢ়া বয়সত যেতিয়া পত্নী আৰু প্ৰেয়সীয়েও সংগ নিদিয়া হয়, তেতিয়াও গাৰুটোৱেই সংগ দিয়ে। প্ৰকৃত অৰ্থত গাৰুটোৱেই আমাৰ চিৰজীৱনৰ সংগী। টোপনি আৰু গাৰুৰো গভীৰ সম্পৰ্ক আছে। দুয়োটাই এটাই আনটোক সুখদায়ক কৰি তোলে। এনে অৱস্থাত কোনোবাই যদি আমাক গাৰুটোৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা কয়, তেন্তে নিচিন্ত হৈ থাকক যে তেওঁ আপোনাৰ ওপৰত কিবা প্ৰতিশোধ লৈছে। কিন্তু ডাক্তৰ, বেজ-কবিৰাজ আদিয়ে আকৌ সেইবোৰেই কৰে। সিহঁতে যেন মানুহক অত্যাচাৰ কৰিবলৈকে আছে..! শান্তি দিয়াতকৈ যেন অশান্তি দিহে ভালপায় তেওঁলোকে।

গাৰু কেইবাপ্ৰকাৰৰ থাকে। যেনে, গোল বা ঘূৰণীয়া বালিছ(গাৰু), দীঘলীয়া বালিছ(কুল বালিছ), চেপেটা বালিছ, চাৰিকোণীয়া আৰু তিনিকোণীয়া বালিছ। ইয়াৰ ভিতৰতে অৱশ্যে কিছুমান কামত নহা গাৰুও আছে যেনে- চোফা বা ডিভানত সজাই থোৱা বিধ। এইবোৰ দিনৰ দিনটো চোফাখনতে পৰি থাকে। অৱশ্যে এইবোৰে চোফাকেইখনৰ লগতে ঘৰটোৰ শোভা বৰ্ধন কৰিও থাকে। এইবোৰ সাধাৰণতে জাক-জমকীয়া বা চিক-চিকাই থকা ধৰণৰ হয়। কিছুমান মানুহে বা আলহী-অতিথিয়ে আকৌ তাতেই গা আওজাই থৈ সুখ লৈ থাকে।

এইখিনিতে গাৰুৰ বিষয়ে এটা অত্যন্ত জৰুৰী কথা নক’লে এই ৰচনাখন আধৰুৱা হৈ ৰ’ব..! সেয়া হ’ল- গাৰুৰ প্ৰয়োগ। ৰাতি বিচনাত গাৰুটোক সাৱটি ধৰি শুই বা দুয়োখন ভৰিৰ মাজত সুমুৱাই লৈ শোৱাৰ কি সুখ সেয়া পোৱাজনেহে বুজিব। যিয়ে এই সুখ লাভ কৰিছে, তেওঁৰ জীৱন ধন্য বুলি বিনাদ্বিধাই কৈ দিব পাৰি। অ’ ৰ’ব, এইখিনিতে আৰু এটা কথা, পতি-পত্নীৰ মাজত লগা কাজিয়াখনতো এই গাৰুটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেতিয়া এই গাৰুটোয়েই মাজত বেৰ বা ৱালৰ কাম কৰে। তাৰ বাহিৰেও গাৰু দলিয়াই কৰা মাৰ পিটখনৰ কথা নকলোয়েই বা..। সৰু ল’ৰা-ছোৱালীৰ মাজত অৱশ্যে ইয়াৰ প্ৰয়োগ বেছি।

বৰলা, অবিবাহিত ডেকা আৰু বিধূৰ(বিবাহ বিচ্ছেদিত লোক)সকলৰ বাবে এই গাৰুটোৰ প্ৰয়োজন আটাইতকৈ বেছি। মই মোৰ এজন বিধূৰ বন্ধুক প্ৰায়ে ইয়াৰ ব্যৱহাৰ কৰা দেখা পাওঁ। তেওঁ গাৰুটোকে নিজৰ অৰ্দ্ধাঙ্গিনী বুলি কয়। তেওঁৰ মতে যেতিয়া তেওঁৰ পত্নী তেওঁৰ লগত আছিল, তেতিয়া হেনো তেওঁ প্ৰায়ে তেওঁৰ পত্নীক এইবুলি কৈছিল যে – “আই ঐ মোৰ মৰমৰ গাৰুটো…” বুলি..। এইদৰে পত্নীক গাৰুটোৰ লগত তুলনা কৰোঁতে কৰোঁতে তেওঁৰ এতিয়া এনে অৱস্থা হ’ল যে, তেওঁক পত্নীয়ে এৰি থৈ গুচি গ’ল আৰু তেওঁক দি থৈ গ’ল তেওঁৰ মৰমৰ গাৰুটো..। এতিয়া তেওঁ সেই গাৰুটোকে সুন্দৰ সুন্দৰ পোছাক মানে ছিল্ক বা মখমলৰ কভাৰ পিন্ধাই থয়..।

গাৰুটোলৈ যদি আপুনি ভালকৈ মন কৰে তেন্তে দেখিব যে, ইয়াৰ দুটাকৈ কভাৰ থাকে। এটা ভিতৰৰ আৰু আনটো বাহিৰৰ। ভিতৰৰটোক খুলি আনিব পৰা নাযায় বা ধুব পখালিব পৰাও নাযায়। কিন্তু বাহিৰৰ কভাৰটোক খুলি আনি ধুই পখালি থোৱাৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত গাৰু আৰু মানুহৰ মাজত মিল দেখা যায়। আমাৰো দেখোন দুটা কভাৰ বা ৰূপ থাকে। এটা বাহিৰৰ আৰু আনটো ভিতৰৰ। বাহিৰৰ অংশটোৰ চাফ-চিকুণতাৰ প্ৰতি সদায় সচেতন হৈ থাকোঁ। কিন্তু ভিতৰৰ অংশটোৰ বিষয়ে আমি কোনেও নাভাবোঁ। সেই অংশটো প্ৰায়ে লেতেৰা বা মলিন হৈয়ে থাকি যায় আৰু তেনেকৈয়ে গেলি পচি যায়। অৰ্থাৎ আমাৰ ভিতৰৰ মানুহটো বা মানুহজনীৰ কথা ইয়াত কোৱা হৈছে। আমাৰ অন্তৰাত্মা বা হৃদয়খন যদি মলিন হয়, তাত যদি চল-কপট বা অসৎ চিন্তাৰে ভৰি থাকে, তেন্তে বাহিৰৰ সাজ-সজ্জা বা প্ৰসাধনে ইয়াক লুকুৱাই থ’ব নোৱাৰে, বা থ’লেও লাভ নাই।

গাৰুবোৰ সাধাৰণতে তুলা বা কঁপাহেৰে বনোৱা হয়।অৱশ্যে আজিকালি স্পঞ্জ বা প্লাষ্টিকৰ কঁপাহেৰেও গাৰু বনোৱা হয়। এইবোৰ হেনো বেছি দিন যায়। পাম দিয়া গাৰুৰ কথা নকলোৱেই বা। কথা হ’ল- তুলা বা কঁপাহেৰে বনোৱা গাৰুবোৰ এসময়ত ডাবি যায় আৰু চেপেটা হৈ পৰে, যিবোৰ প্লাষ্টিক বা স্পঞ্জেৰে বনোৱা গাৰুৰ ক্ষেত্ৰত নহয়। সঁচা কথা ক’বলৈ হ’লে, কৃত্ৰিম ভাৱে বনোৱা বস্তুবোৰ বেছিদিন টিকে। যিদৰে প্লাষ্টিকৰ ফুল বেছিদিন টিকে আৰু সজীৱ ফুলবোৰ দুদিনতে মৰহি যায়। মানুহৰ জীৱনটোও ঠিক তেনেকুৱাই। অসৎ প্ৰকৃতিৰ অথবা কৃত্ৰিম মানুহবোৰ বহুদিন জীয়াই থাকে, কিন্তু তাৰ তুলনাত চিধা-চাধা বা ভাল মানুহবোৰ সোনকালেই ভগৱানৰ প্রিয় হৈ গুচি যায়।

দুখ প্ৰকাশৰ শেষ অৱলম্বন কান্দোনৰ লগতো গাৰুৰ গভীৰ সম্পৰ্ক আছে। যিবোৰ মানুহে আনক দেখুৱাই বা মুকলিকৈ কান্দিব নোৱাৰে, তেওঁলোকে গাৰুটোৰ ওচৰতে কান্দে। গাৰুত মুখ গুজি আনে নেদেখাকৈ তেওঁলোকে হিয়া উজাৰি কান্দে। এইক্ষেত্ৰত গাৰু হৈছে কম বয়সীয়া কিশোৰ-কিশোৰী, যুৱক-যুৱতী, শাহুৰ অত্যাচাৰ খোৱা বোৱাৰী আৰু গিৰিয়েকৰ পৰা সঘনে মাৰ-পিট খোৱা পত্নীৰ প্ৰকৃত বন্ধু। উপায় নোহোৱাত তেওঁলোকে গাৰুটোৰ ওচৰতে নিজৰ দুখ প্ৰকাশ কৰি মন পাতলায়। যিখিনি সান্ত্বনা বা সহানুভূতি তেওঁলোকক পিতৃ-মাতৃ অথবা স্বামীৰ কান্ধেও দিব নোৱাৰে, সেয়া তেওঁলোকক নিৰ্জীৱ গাৰুটোৱে দিব পাৰে। ইয়াৰ বাহিৰেও আৰু ঢেৰ আছে গাৰুৰ অৱদান…যাক কৈ শেষ কৰিব নোৱাৰি।

এতিয়া আপুনিয়েই কওকচোন এনে মৰমৰ গাৰুটোৰ পৰা কাৰোবাক বিছিন্ন কৰাটো কিমান ডাঙৰ অন্যায়…! সেইকাৰণেই মই ডাক্তৰৰ কথা নামানিলোঁ আৰু গাৰুৰ সৈতে বন্ধুত্ব অটুট ৰাখিলোঁ।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *