ফটাঢোল

ব্লেকমেইল – জিতা ফুকন

জীয়েকে মাকক কৈছে,
: মা টকা পাঁচশ দিয়াচোন৷ বহুত ডাঙৰ কাম এটা আছে৷
মাক,
: নেপাৱ নেপাৱ, কালি দুশ টকা নিছিলিহে৷
জীয়েক,
: ঠিক আছে নিদিয়া যদি নাই৷ দিয়া হ’লে কালি দেউতাই কামকৰা বাইজনীক কি কৰিছিল কলোঁহেঁতেন৷
মাক,
: হুঁ, এয়া এহেজাৰ টকা ল আৰু এতিয়া ক, দেউতাৰে কি কৰিছিল মানুহজনীক৷
জীয়েক,
: কি কৰিব আৰু কাপোৰবোৰ ভালকৈ নাই ধোৱা বুলি উৰাই ঘূৰাই গালি পাৰিছিল আকৌ৷ মই যাওঁ দেই মা বাই বাই৷
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *