ফটাঢোল

দূৰ্দান্ত প্ৰেমিক – অৰবিন্দ গোস্বামী

প্ৰেমনো জীৱনত কাৰ নহয়, সকলো এবাৰ নহয় এবাৰ প্ৰেমত পৰেই। কিন্তু আজি যিজন মহাপুৰুষৰ প্ৰেমকাহিনী ক’বলৈ ওলাইছোঁ, তেওঁ কিন্তু সাধাৰণ প্ৰেমিক নাছিল। প্ৰথম চাৱনিতেই গাভৰুৰ মন মুহিব পৰা চেহেৰা এটাতো আছিলেই লগতে আছিল উপস্থিত বুদ্ধিৰে প্ৰতিপক্ষক নতজানু কৰিব পৰা তেওঁৰ উপস্থিত বুদ্ধি। সকলো সময়তে হাঁহিমুখে থকা মোৰ এই বন্ধুজনক আমি সকলোৱে মৰমতে পেগু(প্ৰকৃত নাম আৰু উপাধিৰ সৈতে এই নামৰ কোনো সামঞ্জস্য নাই) বুলি মাতিছিলোঁ। সুন্দৰকৈ আৰু বিশ্বাসযোগ্যকৈ মিছা মাতিব পৰাটো আছিল তাৰ অন্যতম কলা। তাতোকৈ ডাঙৰ কথা হ’ল যদি কোনো গাভৰু তাৰ প্ৰেমত পৰিছে তাই স্বয়ং ভগৱান আহি পেগুৱে মিছা মতা বুলি ক’লেও বিশ্বাস নকৰে। মই কলেজত পঢ়া সময়ছোৱাত সৌভাগ্যক্ৰমে এবছৰ পেগুৰ লগত থাকিব লগা হৈছিল। সেই সময়তে মই তাৰ কাণ্ড-কাৰাখানা দেখি হতভম্ব হৈছিলোঁ। সেই প্ৰভুজনাৰ নিচিনা দ্বিতীয় এজন মই আজিলৈকে লগ পোৱা নাই বাবে ইয়াক মোৰ সৌভাগ্য বুলিয়েই মানি লৈছোঁ।

কলেজৰ প্ৰথম বছৰেই মই তাৰ লগত মেছ কৰি আছিলোঁ। নতুনকৈ যোৱা বাবে হয়তো প্ৰথমে তাক ইমান বুজি পোৱা নাছিলোঁ৷ তাৰে মোৰে মেজৰ বিষয় বেলেগ বেলেগ হোৱাৰ বাবে আমি দুয়ো দুটা সুকীয়া ডিপাৰ্টমেণ্টলৈ যাব লগা হৈছিল। দুয়ো ৰূমমেট হোৱাৰ বাবে দুদিনমানৰ ভিতৰতে পৰস্পৰে পৰস্পৰৰ বন্ধুবোৰ চিনি পোৱা হ’লোঁ।

সিহঁতৰ ডিপাৰ্টমেণ্টৰে এজনী ছোৱালী তাৰ ভাল লগা হ’ল। ৰীতা বৰুৱা। সহজ-সৰল ছোৱালী আৰু পঢ়াতো ভাল। সমালোচকসকলৰ মুখ বাগৰি কথাষাৰ ৰীতাৰ কাণতো পৰিলগৈ। সিমানলৈকে ঠিকেই আছিল৷ কেণাটো লাগিল বিপুল শইকীয়া নামৰ এটাৰ পৰা।পেগু,ৰীতা আৰু বিপুল তিনিওৰে মেজৰ বিষয়ো একে। কিন্তু বিপুলৰ সৈতে ৰীতাৰ সম্পৰ্ক অলপ বেছি ভাল আৰু সিও মনে মনে ৰীতাক প্ৰেয়সী হিচাপে পোৱাৰ সপোন দেখিছিল। বচ, পেগুৰ ত্ৰায়েংগুলাৰ লাভ ষ্টৰী চুৰু। সি প্ৰেমত পৰিল মানে এনেকৈ পৰিল যে দলনিত গৰু পৰিলে যেনেদৰে টানি উলিয়াব নোৱাৰি তাৰো একে অৱস্থা হ’ল। আৰু হাৰ মনাতো তাৰ নীতিবিৰুদ্ধ কথা। লাহে লাহে সি কবিতা লিখিবলৈ ল’লে। কবিতা মানে ইমান ভয়ংকৰ যে সি তাৰ কবিতা কাৰবাক শুনাবলৈ মাতিলে সেই ৰাস্তাৰে সি আৰু দহ দিনলৈ নাহে।

কিন্তু মই ক’ত পলাম। দুয়োটাতো একেটা ৰূমতে থাকোঁ। মই কাণত আঙুলি সোমোৱাই নুশুনো বুলি থাকিলেও সি জবৰদস্তি কৰি মোক মই ভাল পোৱা মিঠাই বা আন বস্তু খুৱাই হ’লেও তাৰ লালিত্যপূৰ্ণ সুমধুৰ কবিতাবোৰ শুনাইছিল। কেতিয়াবা কেতিয়াবা মোৰ মূৰ্চা যোৱাৰ উপক্ৰম হৈছিল। কবিতা আৰু ৰীতা তাৰ মূৰত এনেকৈ লম্ভিলে যে সি কোনো গুৰু-গোসাঁই নমনা হ’ল। এদিনতো মোক সি দিনতে কৈ উঠিল,

“বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।” মই বোলো ই শেষ৷ চকুৰ আগত ভাঁহি উঠিল পগলা ফাটেকৰ কোনোবা এটা চেলত পেগুৱে চিঞৰিছে, “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি৷ (সেই সময়ত মই জনা নাছিলোঁ যে এয়া কোনো কবিতাৰ একাংশ)

হঠাৎ মই বাস্তবলৈ ঘূৰি আহিলোঁ। দুখ লাগিল। ভাবিলোঁ ই শেষ। কলিটি ফুলি আহোঁতেই মৰহি গ’ল৷ দিনক দিনে তাৰ পাগলামি বাঢ়িবলৈ ধৰিলে। এইবাৰ সি কোনোবা পিকনিকৰ গ্ৰুপ ফটো এখন ক’ৰবাৰ পৰা সংগ্ৰহ কৰি আনিলে। আনিয়েই ফটোখনৰ পৰা অদৰকাৰী মানুহবোৰ(যেনে মই আৰু আন বন্ধুবোৰ) ব্লেডেৰে কাটি আঁতৰাই দিলে। তাৰ পাছত চেল’টেপেৰে সি শুই থকাৰ পৰা দেখাকৈ দেৱালত লগাই ল’লে। তাৰ পাছত নিতৌ বেলেগ বেলেগ জাতৰ ফুল তাতে ওলোমাই দি ফটোকপি চাই হাঁহি থাকে।

এইবোৰ চলি থাকোঁতেই কাহিনীৰ প্ৰধান খলনায়ক বিপুলৰ প্ৰবেশ। সি পেগুৰ বিষয়ে হোৱাই নোহোৱাই নানা কুৎসা ৰটনা কৰিবলৈ ল’লে। ৰীতায়ো তাক ভাল বন্ধু বুলি ভবাৰ সুযোগ লৈ পাৰ্যমানে পেগুক ৰীতাৰ পৰা দূৰত ৰখাৰ চেষ্টা কৰিলে। এদিন পেগুৱে “হয় ৰঙামাটি নহয় গুৱাহাটী”কে সৰোগত কৰি দিলে ৰীতাক প্ৰ’পজ মাৰি। ৰীতাৰ পৰা উত্তৰ আহিল যে যদিহে পেগুৱে সঁচা ভাল পোৱাৰ প্ৰমাণ দিব পাৰে তেন্তে তাই তাৰ প্ৰস্তাব মানি ল’ব। পেগু তেতিয়া জ্বলি-পকি উঠিল যেতিয়া সি গোপন সূত্ৰৰ পম খেদি গম পালে যে এনেকৈ ক’বলৈ বিপুলে তাইক শিকাই থৈছিল।

বচ, বিপুলাসুৰক এশিকণি দিবলৈ বিচনাত পৰি সেইদিনা গভীৰ তপস্যাত নিমগ্ন হ’ল। মই দেখিলোঁ ইয়াৰ আজি ভাত বনোৱাৰো ধাণ্ডা নাই, খোৱাৰো ধাণ্ডা নাই। অগত্যা ময়েই বাচন-বৰ্ত্তন ধুই শাক-পাচলি কুটি ল’লোঁ। ষ্ট’ভটো জ্বলাই কেৰাহীত তেল দিবলৈ লৈছোঁহে,
“পাই গ’লোঁ, পাই গ’লোঁ” বুলি পেগু চিঞৰি উঠিল। মই চক্ খাই,

: আই ঔ, কি হ’ল ঔ?

বুলি সি থকা ৰুম পালোঁহি। ইফালে মোৰ হাতৰ তেলৰ বটল ছিটিকি ক’ত পৰিলগৈ, গমেই নাপালোঁ। আহি দেখোঁ পেগুৱে ভীমে দুঃশাসনৰ ৰক্তপাণ কৰি তাণ্ডৱ দি হঁহাৰ নিচিনা সিও অট্টহাস্য কৰি তাৰ তালহীন তাণ্ডৱ দিয়াত লাগি গৈছে। মাজে মাজে উঃ, আঃ, ইয়া, উৱা ইত্যাদি আনন্দসূচক ধ্বনি কৰিছে মুখেৰে।

: আজি হ’ব ৰক্তপান৷ হাঃ, হাঃ, হাঃ!

এইবুলি কৈ নাচি নাচি পেগু সোমাই গ’ল বিচনাৰ তলত। মই বুৰ্বকৰ দৰে ভেবা লাগি চাই থকাৰ বাহিৰে কোনো উপায় নাছিল। লগে লগে মনত পৰিল মহান বিজ্ঞানী আৰ্কিমিডিছলৈ৷ তেৱোঁ চাগৈ ‘ইউৰেকা ইউৰেকা’ বুলি ইমান জোৰেৰে চিঞৰা নাছিল। ক্ষন্তেক সময় বিচনাৰ তলত যুদ্ধ কৰাৰ দৰে দপদপাই পেগু ওলাই আহিল হাতত এটা চুকভেকুলী লৈ। মই একো বুজি নাপালোঁ। তাকতো কিবা সুধিবলৈ মোৰ সাহসেই নহ’ল। কাৰণ মই ইতিমধ্যে তাৰ ব্ৰেইনৰ ফিউজ উৰি গৈছে বুলি ধৰি লৈছোঁ। তথাপি মই সাহস গোটাই সুধিলোঁঁ,

: কি কৰিবি তই এইটো?

মোৰ ভাষাত অলপ কাৰুণ্যৰ সুৰ৷ সি কৈ উঠিল,

: ৰীতালৈ তেজৰ চিঠি। ভেকুলীৰ তেজৰ৷ কিন্তু নাম হ’ব মোৰ তেজ।

: হাঁঁ৷

: হয় মোৰ প্ৰেম সঁচা বুলি প্ৰমাণ কৰাৰ আৰু বিপুলাসুৰৰ দৰ্প চূৰ্ণ কৰাৰ ইয়াতকৈ উত্তম উপায় নাই।

পিছদিনা পেগুৱে হাতত ডাঙৰ বেণ্ডেজ মাৰি ৰীতাক দিলেগৈ তেজৰ চিঠি। আচৰিতভাবে পেগুৰ প্ৰেম প্ৰস্তাৱত ৰীতাই সঁহাৰিও দিলে আৰু বিপুলাসুৰৰ দৰ্প চূৰ্ণ হ’ল।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *