আমাৰ এওঁ, মই আৰু ৰুটি – পৰিস্মীতা বৰদলৈ
বহুত দিনৰ বিৰতিৰ পাছত এওঁক অকলে এৰি মাৰ ঘৰলৈ আহিছোঁ.. ইমান দূৰৰ পৰা যাওঁ বুলি ভাবিলেও একেলগে দুয়োটা যোৱাটো সম্ভৱেই নহয়গৈ দেখোন সেয়ে আজিকালি দুয়োটাই অলপ এৰা ধৰা কৰি নিজৰ মিতিৰ নিজেই ৰাখোঁ।
ঘৰ আহি পোৱাৰ অলপ পাছতে এওঁৰ ফোনৰ আৰম্ভণি হৈ গ’ল..
“ক’ত কি বস্তু থৈছা একো বিচাৰি পোৱা নাই।”
এই মানুহটোৰ পৰা আৰু শান্তি নাই.. ইফালে মোৰো তেওঁক কাট মাৰি কোৱা কথাৰ আৰম্ভণি হৈ গ’ল.. “কিয়, বৰ ৰজা দেখাইছিলা নহয়, এতিয়া কি হ’ল! ভালকে বিচাৰা, মই সবতে নাম লিখি থৈ আহিছোঁ।
“হ’ব দিয়া আৰু, মই অফিচতে কিবা খাই ল’ম।”
“আহি কিন্তু ভাত বনাবা, কালি বিগ্ বাজাৰৰ পৰা মাহেকীয়া ৰেচন আনি থোৱা আছে।”
“হ’ব দিয়া, কৰিম কিবা এটা।”
মই বুজিলো, লক্ষণ নাই বনাই খোৱাৰ..।
তিনি দিনমানৰ পাছত..
“হেৰা ৰুটি কেনেকৈ বনাই হে! ৰুটি খাবলৈ মন গৈছে।”
(মই মনতে, আও আজি দেখোন শেনৰ এজাত ..)
“বনোৱা আকৌ, ভালহে..”
“কোৱা কেনেকৈ বনাব লাগে মই বনাওঁ।”
( প্ৰথম দহ মিনিট মান ) “বোলো.. কোনোবা দিনা মোক কিবা এটা কৰি দি পাইছানে? দেখিলেহে গম পাবা কেনেকৈ কি বনাব লাগে? লোকৰ মানুহবোৰে দেখিছানে..কেনেকৈ সহায় কৰে! আমাৰ আকৌ আৰাম কি নাচাবা! .. এতিয়া মই ফন’ত কেনেকৈ বুজাম?”
“কোৱা না..” ( অলপ মিহি)
“হ’ব এতিয়া লেনাব নালাগে ..শুনা, …নীলা টেমাটোতে আটা আছে, কেইখন ৰুটি খাবা, হিচাপ কৰি আটা ল’বা..তাৰপিচ…”
“তিনি/ চাৰিখনমান ..এহ্ নহয় ৰাতিৰ কাৰণেও বনাই থওঁ বুজিছা.. কিন্তু হিচাপ কেনেকৈ কৰিম আটাৰ?”
“হেৰা বাদ দিয়া তুমি, বাহিৰতে খোৱাগে..”
“নাই..মই পাৰিম, তুমি বুজাই দিয়া; কেনেকৈ বনাব লাগে?”
“অলপ আটা লোৱা, তাতে অকনমান নিমখ, ৰিফাইন, পানি দি সানি লোৱা, পিঠাগুৰিৰ মিথৈৰ নিচিনা সৰু সৰু লাড়ু বনাবা.. বেলনাত বেলিবা আৰু টাৱাত সেকিবা..পাপৰ যেনেকৈ সেকোঁ..”
“অ’কে.. মই বনাই লওঁ, পাছত ফ’ন কৰিম..”
আধা ঘন্টামানৰ পাছত..
“হেৰা, লাড়ু বনাই টাৱাত দিছোঁ, ৰুটি হোৱা নাই যে..”
“কি ৰুটি হোৱা নাই? কেনেকৈ দিছা! বেলনাত বেলিলা নে নাই?”
“ৰুটি কি বেলিবও লাগিব নেকি? ইমান টান যদি আগতেই নক’লা কিয়.. মই বাহিৰতে খালোগৈ হয়..”
হে হৰি ক’ত মৰো মই..।
☆★☆★☆
5:44 pm
হাঃ হাঃ