ফটাঢোল

দাম্পত্য – নিলাক্ষী দেৱী ডেকা

বৰুৱা বৰুৱানী পুৱাৰ জলপানৰ টেবুলত। লগত বৰুৱানীৰ ভৰিৰ কাষত গা ঘেলাই ঘৰৰ আন এজন সদস্য টমী। বৰুৱানীয়েই প্ৰথমতে মাত দিলে,

” হেৰা, মোৰ এইবাৰৰ জন্মদিনত…”

বৰুৱাই অলপতেহে চৰ্চৰণি নোখোৱাকৈ বাছিল। পৰিবাৰৰ বাক্য সম্পূৰ্ণ নহ’লেও বৰুৱাই বুজি পালে যে তেওঁৰ শান্তিৰ দিন ইতিমধ্যে সম্পূৰ্ণ হ’ল। নিজৰ আৰু সামাজিক এশ এবুৰি কামত ব্যস্ত থাকোতে বৰুৱাই পাহৰিয়েই গৈছিল যে ইতিমধ্যে ফাগুন সোমাল। আৰু ফাগুনে ধূলি, বালি, পচোৱা, বিভিন্ন বেমাৰ আজাৰৰ লগতে নিজৰ প্ৰিয়তমা পত্নীৰ জন্মদিনটোও টোপোলা বান্ধি আনে লগত। আৰু এই জন্মদিনটোৱেই দাম্পত্য জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয়বোৰৰ অন্যতম। দাম্পত্য জীৱনৰ বহুতো কন্দলৰো মূল এই বিশেষ দিনটোৱেই। বৰুৱা সম্ভাব্য বিপদৰ পৰা পলাই হাত সৰা ব্যক্তি নহয়, বৰঞ্চ সাহসেৰে সন্মুখীন হোৱাই শ্ৰেয় বুলি ভাবে। জগতৰ সমস্ত মধুৰতা মাতটোত সানি বৰুৱাই লাহেকৈ মাত দিলে,

” মনত আছে দিয়া মোৰ ডাৰ্লিং! ফাগুন সোমাওতেই মই ভাবিয়েই থৈছোঁ যে তোমাৰ জন্মদিন এইবাৰ অলপ বেলেগ ধৰণেৰে চেলিব্ৰেট কৰিম। দুয়ো দুদিনমানৰ কাৰণে ক’ৰবাত ফুৰি আহো ব’লা! বহুতদিন ক’তো যোৱাই হোৱা নাই।”

বৰুৱাৰ কথা শুনি বৰুৱানীয়ে লাহেকৈ মাত দিলে,

” হেৰা, হৈছে থোৱা! মোক ফুৰাবলৈ বাৰু পাছে পৰেও নিবা। মোৰ জন্মদিন কোনদিনা সেইটো আগতে মনত আছেনে নাই তাকেই কোৱাচোন শুনো।”

বৰুৱাই গমিলে, বিপদ সন্নিকট। পৰিবাৰক প্ৰাণভৰি ভাল পালেও জন্মদিন, বিবাহ বাৰ্ষিকীৰ তাৰিখ আজিলৈকে মনত থকা নাই আৰু ভৱিষ্যতেও মনত থকাৰ আশা ক্ষীণ। মুখৰ আগত তাক স্বীকাৰ কৰাও বিপদ। আগৰ দিনৰ কথা বেলেগ আছিল ল’ৰা ছোৱালীৰ লগত লাগি থাকোতে নিজৰ কথা ভবাৰ সময় নাছিল মুঠেই। কিন্তু দুয়ো সন্তানৰ বিয়া বাৰু হৈ যোৱাৰ পাছত পৰিবাৰৰ নিজৰ জন্মদিন উদযাপন কৰাৰ কোব বাঢ়িছে। ইয়াত উৎসাহ যোগোৱা মূল মানুহ নিজৰ বোৱাৰীয়েকেই বুলি বৰুৱাই জানে। তাৰিখ পাহৰিলেও এটা উপায় অৱশ্যে নোহোৱা নহয়, আজিকালি ফেচবুকত জন্মদিনৰ নটিফিকেশ্বনবোৰ আহেই। গতিকে নটিফিকেশ্বন চাই শুভেচ্ছা দিবলৈ কোনো কষ্ট নাই। পাহৰাৰ জঞ্জালো নাই। সেয়েহে পৰম আত্মবিশ্বাসত মাত দিলে,

” ধেই! কিনো কথা কোৱাহে! তোমাৰ জন্মদিন, মই পাহৰিম? তুমি সেইদিনা নিজেই গম পাবা নহয়!”

বৰুৱানী: ” বাৰু ঠিক আছে। ময়ো চাম। এইবাৰ যদি তুমি মোৰ জন্মদিন পাহৰা তেন্তে তুমি মোৰ গিৰিয়েৰা বুলি মই কিন্তু পাহৰি যাম কৈ থলোঁ।”

এইখিনিলৈকে বাৰু ঠিকেই আছিল। কিন্তু বেচেৰা বৰুৱাই নাজানে যে যি ফেচবুকৰ নটিফিকেশ্বনৰ ওপৰত ভৰসা কৰি পৰিবাৰৰ জন্মদিন উদযাপনৰ পাং পাতিছে, ইতিমধ্যে তাত পৰিবাৰে নিজৰ জন্মৰ তাৰিখ, চন ‘অনলি মি’ কৰি ৰাখিছে। এইবাৰ বৰুৱাক এই বিপদৰ পৰা কোনে ৰক্ষা কৰে সেইটো এটা চাবলগীয়া কথা হ’ব। ☺☺

বৰুৱাৰ কুশলাৰ্থে জয় হৰি বোলা, জয় ৰাম বোলা!

☆★☆★☆

One comment

  • বৰুৱাক কুশলে ৰাখক। এই পাহৰা বেমাৰবোৰ পুৰুষৰ ক্ষেত্ৰত বেছি কিয় বাৰু!!!!!
    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *