গুগুল ডট কম – জিতা ফুকন
এগৰাকী অত্যাধুনিক গাভৰু। এলাপেচা মানুহক পাত্তাই নিদিয়ে। ধুনীয়াও, পঢ়া-শুনাও। বহু যুৱক মৌমাখিৰ দৰে ওচৰে-পাজৰে ভুণভুণাই থাকে। প্ৰেমৰ প্ৰস্তাব দিয়ে। পিচে নাই , অমুকীয়ে কেৰেপকে নকৰে। সৰু-সুৰা চাকৰিয়ালেও বিয়াৰ প্ৰস্তাৱ দিলে গ্ৰহণ নকৰে। পিচে ফেবুতে পালে নহয় এজন! দামী বাইকত বহি সাঁজোনে-কাচোনে সুদৰ্শণ ফটো আপলোডোৱা যুৱক। বেচেৰী পৰি গ’ল, মানে প্ৰেমত পৰিল। ল’ৰাক সুধিলে কি কৰা? ল’ৰায়ে ক’লে, গুগুলতে কৰোঁ। বেটীক কোনে পায়। পেনপেনিয়া প্ৰেমৰ অন্তত এদিন বাপেকৰ অগাধ সম্পত্তি, মৰম-চেনেহক জলাঞ্জলী দি গুগুলৰ বাইকৰ পিছত বহি পলাই গ’ল। ল’ৰায়ে আনন্দতে ছোৱালীক পলুৱাই নি ঘৰ পালেগৈ। পিছে ই কি? ল’ৰাৰ দেখোন ঘৰৰ নামত সৰু জুপুৰি এটাহে! মাকে ঘৰ সাৰি আছিল। পুতেকক সুধিলে এওঁ কোন? পুত্ৰই ক’লে, তোৰ বোৱাৰী। পিচে বোৱাৰী বেহুচ। ল’ৰাক সুধিলে, তোমাৰ বোলে গুগুলৰ চাকৰি? পিচে ঘৰৰ এই ৰূপ যে?
ল’ৰাই ক’লে ……… মোৰ এখন পান দোকান আছে। নামটো গুগুল পান চপ। তোমাক উঠাই অনা বাইকখন মোৰ লগৰ এটাৰহে। কি কৰিবা পান দোকানখন দি কোনোমতে চলি আছোঁ আৰু! তোমাক ভাল পাই নিজৰ কৰি ল’ম বুলি এইদৰে লৈ আহিলোঁ। নহ’লে ধুমধামেৰে বিয়া পতা শক্তি মোৰ নাছিল। দুখ নকৰিবা। আজিৰপৰা এইখনেই তোমাৰ ঘৰ। আগতে দুটা পেট পুহিছিলোঁ এতিয়া যেনিবা তিনিটা হ’ল। চলিম আৰু দিয়া যেনেতেনে!
বেচেৰী বাচোতে বাচোতে এই অৱস্থাহে হ’লগৈ!
☆★☆★☆
11:18 pm
হা:হা:হা: ৷
মজ্জা ৷
5:13 pm
গুগুল ডট কম সাংঘাটিক??