চুলাই – দেৱজিত নাথ
গোলাঘাট, যোৰহাটত লোকেল চুলাই খাই বহুত মানুহ মৰিল ,বহুত এতিয়াও চিকিৎসাধীন! দুখজনক! মৰ্মান্তিক ঘটনা! দুখীয়া চাহ বাগিচাৰ এই মানুহবোৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ।
কিন্তু কিছুমান কথা চিন্তা কৰিবলগীয়া। এই যে চুলাই খোৱা মানুহবোৰ, অকল চাহ বাগিচাৰ অঞ্চলতেই নাই। অসমৰ বিভিন্ন গাঁৱে-ভূঁয়ে, চহৰে-নগৰে সকলোতে বিচাৰি পোৱা যায়। এই মদাহীবোৰ য’তে ত’তে পোৱা যায়। এই ঘটনাটো হোৱাৰ পিছত বহুতে হয়টো ভাবিছে এইবোৰ অঞ্চলত আৰু মানুহে চুলাই খাব ভয় কৰিব বা চুলাই বন্ধ হৈ যাব। সংবাদ মাধ্যমৰ আগত বহুত মাদাহীয়ে আৰু কেতিয়াও মদ নাখাওঁ বুলি শপত খোৱাও দেখিছোঁ।
মিছা কথা! টোটেলি মিছা কথা! এক সপ্তাহ , এক সপ্তাহৰ পিছতে এই মদাহীবোৰে চুলাই খোৱা আৰম্ভ কৰিব। সেই অঞ্চলত যদি কিবা কাৰণে বস্তু এভেইলেবোল নহয়ো, বেলেগ ঠাইৰ পৰা বিচাৰ খোচাৰ কৰি আনি হলেও চুলাই খাব। চুলাই ৰেগুলাৰ গিলি থকা কোনো মদাহীকে ৰখাব নোৱাৰে। চৰকাৰক, আবকাৰী বিভাগ আদিক গালি পাৰি বা দোষাৰোপ কৰি কোনো লাভ নাই। দোষ এই মদাহীবোৰৰেই। জানি শুনিও খাব, আপুনি বা মই কোনেও বাধা দি ৰখাব নোৱাৰোঁ। বাধা দিয়া মানুহ বোৰক এই মদাহীবোৰে শত্ৰু জ্ঞানহে কৰে।
আচলতে মদাহী বিলাক মদৰ প্ৰতি বহুত ‘লয়েল’। বেলেগ এৰিলেও মদ এৰিব নোৱাৰে। ঘৰ বাৰী জহন্নামে গ’লেও যাওঁক। মদেই পৃথিৱীত এনে বস্তু যাক কিনোতে কোনো গ্ৰাহকে বাৰ্গেইনিং নকৰে। কাপোৰ-কানি, শাক-পাচলি, বিভিন্ন আঁচ-বাব, বেলেগ নালাগে ঔষধ- পাতি কিনোঁতেও মানুহে দামটো অকনমান কমাই ল’বলৈ এবাৰ হ’লেও কৈ চায়, কিন্তু মদৰ লগত? না ! দোকানীয়ে যিমান দাম কৈছে লগে লগে সিমানেই উলিয়াই দিয়ে, কোনো দৰ দাম লৈ আপত্তি কৰাত নাই।
মুঠৰ ওপৰত মদাহী মদৰ প্ৰতি যিমান ‘লয়েল’ পৃথিৱীত কোনো কাৰো প্ৰতি সিমান ‘লয়েল’ নহয়।
এইখিনিতে কথা এটা মনলৈ আহিছে। মোৰ গাঁৱৰ কথা। গাঁৱৰ একেবাৰে শেষৰ চুবুৰীটোত চুলাই খোৱা মানুহ বহুত আছে। শিক্ষা-দীক্ষাটো তাৰ মানুহখিনি অলপ অনগ্ৰসৰ। দিন-ৰাতি মদত ডুবি থকা বহুত কেইজন মদাহী আছে তাত। আগতেও আছিল আমি সৰু থকাৰ পৰাই দেখিছোঁ, এতিয়াও আছে আৰু হয়টো আগলৈও থাকিব। বহুত মৰিল খায় খায়। চকুৰ সন্মুখতে ঘৰ-বাৰী উচন হ’ল বহুতৰ। সেইবিলাক চকুৰ আগত দেখিও এতিয়াও তাত দিন-ৰাতি টেটুলৈকে গিলি থকা মদাহীৰ অভাৱ নাই। গাঁৱৰ সিটো মূৰত এখন কছাৰী গাওঁ আছে আৰু তাতে লোকেল চুলাই পোৱা যায়। আৰু গাঁৱৰ ‘লয়েল’ মদাহী কেইটাই ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই সেই কছাৰী গাঁৱলৈ বাট পোনায়।
কেইদিনমান আগতে গম পালোঁ, মদাহীবোৰ ইমানেই নিচাত ডুবি থকা হৈছে যে, ৰাতি পুৱাবলৈ নাপায়েই ভালকৈ, গ্ৰাহক গৈ চুলাইৰ দোকান পাইগৈ। ইফালে দোকানী শুই উঠিবলৈকে নাপায়।
সেইটো প্ৰব্লেমৰ কাৰণে আজিকালি চুলাইৰ দোকানীয়ে ৰাতিয়েই পলিথিনৰ পেকেট বনাই ঘৰৰ বাঁহৰ বেৰত আঁৰি থৈ দিয়ে আৰু ‘লয়েল’ মদাহী সকলে পুৱতি নিশাতে গৈ নিজৰ নিজৰ পেকেটটো লৈ দামটো বাঁহৰ বেৰত খুচি থৈ আহে। কোনেও গাড্ডাৰী নকৰে। যিমান দাম সিমান টকা বেৰত খুচি থৈ আহে। কোনেও দাম নিদিয়াকৈ চুলাইৰ পেকেট চুৰ কৰি নানে।
লয়েলিটী!!!
অসমৰ কোনোবা দোকানত কেতিয়াবা কল্পনা কৰিব পাৰিনে দোকানী নাথাকিলেও মানুহে বস্তু লৈ তাৰ মূল্য নিজে নিজে তাত থৈ আহে!
কাৰবাৰটো শুনি আচৰিত হৈ গৈছিলো!
☆★☆★☆
11:49 am
বৰ ভাল লাগিল দেই পঢ়ি..
8:33 pm
সুন্দৰকৈ লিখিছে, সঁচা কথা এইবিলাক
1:05 pm
একদম সত্য৷