ফটাঢোল

আমাৰ দিনত – সৌৰভ শৰ্মা

আমাৰ দিনত জিনচ, টি-চাৰ্ট পিন্ধা ছোৱালীৰ ক’ড নাম আছিল – জিনিছ।

চুৰিদাৰ পিন্ধাবোৰ- চেনেহী

চুৰিদাৰ পিন্ধা লগতে মেকাপ- পাখৰী আপী

নৰ্মেল মেখেলা-চাদৰ, শাৰী পিন্ধা- বোৱাৰী

পেট-পিঠি প্ৰদৰ্শন কৰি শাৰী, মেখেলা-চাদৰ পিন্ধা হ’লে- জিন্নত (জিনতামন)

আমাৰ দিনত মিনি পিন্ধা দেখিবলৈ ভাগ্য লাগিছিল, তেনে পিন্ধাবোৰৰ ক’ড নেম- বাৰুদ

ইয়াৰোপৰি আধিক মেকাআপ কৰাসকল- মন্দাকিনী ।

এজনৰ সৈতে প্ৰেম কৰিও আন্য এজনক হাতত ৰখা ছোৱালী- আক্টোপাছ।

এনে নহয় যে ল’ৰাবোৰে ৰেহাই পাইছিল।

ছোৱালীৰ লগত বেছি হলি-গলি কৰাবোৰক চেনী নকৈছিলোঁ। সেইবোৰক পাৰফিউম শুঙা কৈছিলোঁ। শেষত শুঙা নামেৰে মাতিছিলোঁ।

নতুনকৈ ছোৱালী পটোৱাসকলক- মূৰ্গা

বহু বছৰ প্ৰেম কৰি থকাসকল- ভেড়া

ব্যৰ্থ প্ৰেমিসকলক – বেউৰা

এজনৰ লগত প্ৰেম থকা ছোৱালীৰ পিছত বলিয়া হোৱা ল’ৰাক- স্পেয়াৰ চকা

বেছি সাজি টিপ-টপত থকা ল’ৰা – ফিমেল হৰম’ন

জধলা ল’ৰা – চাহৰুখ

আমাৰ দৰে সবতে দখল দিয়াবোৰৰ নাম – কড়িম। (গুণ্ডা হ’ব পাৰে বেইমান নহয়, সেই চৰিত্ৰটো)

আমাৰ সেই দিন নাই৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *