ফটাঢোল

ফটা প্ৰেম – ৰীতা শইকীয়া

ভালপোৱা বোলে স্বৰ্গীয় অনুভূতি। যিকোনো সময়তেই আহি প্ৰেমে ধৰা দিব পাৰে। হয়, আপুনি ক’বই নোৱাৰিব কেতিয়া আহি যায়‌। আচলতে ই এক প্ৰকাৰৰ ফিলিংছ যে। এই ধৰক গুৱাহাটীৰ চিটি বাচত অহা-যোৱা কৰি আছে আপুনি; আপোনাৰ হঠাৎ প্ৰেম হৈ যাব পাৰে ড্ৰাইভাৰজনৰ লগত বা কাষতে বহা মানুহজনৰ লগত। প্ৰেম বস্তুটোৱেই অলপ বেলেগ টাইপ যে। এতিয়া চাওঁক, মানে মোৰ বয়স তেতিয়া এই ধৰক ১২ বছৰ। প্ৰেম হৈ গ’ল নহয় তেতিয়াই। ভুল মোৰ গাত নাই বুজিছে, ভুল এই গানবোৰৰ গাত। শুনকচোন—–
“সৌজাক যেন গাভৰু, নাচালেওঁ নোৱাৰোঁ ———
———-ৰঙা নীলা ছাতি লৈ —-“

এহ! ৰ’ব গানটোকে পাহৰি গ’লো। আচলতে বয়স হৈছেটো। এতিয়া চাওঁক, গাভৰু নোহোৱা বয়সতে বাৰু এনেকুৱা গান ৰচিব লাগেনে! সময় নাই, অসময় নাই, প্ৰেম হৈ যায়। ধেই! পিছত মানুহে মোক কথা শুনালে হ’ব নে! বাৰু, সেই ল’ৰাটো পিছলৈ মোৰ মৰমৰ ভাইটি হ’লগৈ।

আকৌ চাব দেই, হায়াৰ ছেকেণ্ডেৰীলৈ প্ৰথম গৈছোঁ, লোকৰ ল’ৰা-ছোৱালীৰ ৰেগিঙৰ ভয়ত মাতেই নোলায় আৰু মোৰ আকৌ প্ৰেমেই হৈ গ’ল। তাকো ৰেগিং কৰা ল’ৰাটোৰ লগতেই। এতিয়া এইটো মোৰ গাত কি ভুল! সিনো বাৰু মোক ইমানগাল ছোৱালীৰ মাজত কিয় মাতিব লাগে। নিজকে কিবা ঐশ্বৰ্য ৰায়তকৈ কম লগা নাছিল। গ’ল কথা গুচিল, ল’ৰাটোৱে শেষলৈ ভণ্টী পাতি মোৰ প্ৰেমৰ তাতেই ‘ৰাম নাম সত্য’ কৰি থৈ গ’ল। বাৰু বাদ দিলোঁ সেই প্ৰেম। এইবাৰ চিৰিয়াচ টাইপ প্ৰেম কলেজত হৈ গ’ল। ল’ৰা ব’ম চিৰিয়াছ আৰু আমুকি ‘ডিল মাগে মৌৰ’ টাইপ হৈ গ’লো। তথাপিও ল’ৰাৰ প্ৰেমৰ প্ৰতি সন্মান জনাই বিয়াত বহাৰ সিদ্ধান্ত ল’লো। কিন্তু ৰ’ব হে, বিয়া হোৱা নাই! কিয়নো ভিলেইন টাইপকে দাদাটো আহি মোৰ প্ৰেমৰ জুইকুৰাত পানী ঢালি দিলেহি। ট্ৰেজেদিৰে জীৱন আগবঢ়াই আছোঁ। কিন্তু হঠাৎ চাহৰুক খান টাইপ ওলালহি নহয় এটা। বৈদ্য কিউট ল’ৰা। ল’ৰাও ল’ৰা এনে ল’ৰা দেখা নাই। নাহৰৰ দেশত এনে এটা কিউট ল’ৰাৰ কাষত মই— আইঔ কথাষাৰ ভাবিয়েই প্ৰেম আহিয়ে গ’ল নহয়। য’তেই নাযাওঁ কিয়, কিউট ল’ৰাটোকে দেখিবলৈ ল’লো। হিন্দী চিনেমাৰ গান বজাৰ দৰে দুই চকু বহুতবাৰ বজাৰত মিলন হ’ল। কিন্তু—–এই কিন্তুৰ শেষ নাই বুজিছে। শেষলৈ এই কিউট ল’ৰাটো মোৰ আকৌ আটাইতকৈ ভাল বন্ধু হৈ পৰিল। হেভী দুখ বুজিছে হেভী দুখ! এনেদৰে বাৰে বাৰে কতবাৰ প্ৰেম হ’ল আৰু কতবাৰ প্ৰেম আঁতৰি গ’ল। কিন্তু মই ভাগৰা নাই—-

“মই ভাগৰা নাই, জীৱন হেৰাৱা নাই।”

☆★☆★☆

One comment

  • Anonymous

    মজ্জা..???ভাগৰি নাযাবি কেতিয়াও..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *