ফটাঢোল

সীতাৰামৰ পলিটিক্স – দেৱজিত শইকীয়া

“কা হৌ চকীয়াবাবু, আজকল দেখল নাইখে”…সীতাৰামক নেদেখাৰ ভাও ধৰি চাইকেলখন ঘূৰাবলৈ লওঁতেই আপদীয়াটোৱে মাত দিলে৷
নাই অ’ সীতাৰাম ঠাণ্ডা দিন তাতে চুলিও সৰি তালু ওলাল৷ যি কেইডাল আছে কটালে ঠাণ্ডা লাগে বাবে কটোৱা নাই আৰু অলপ ব্যস্তও আছিলোঁ সেয়ে তোৰ তাত আহিবই পৰা নাই৷

কাহেকা বেস্ততা, চকীয়া বাবু? হৰেকটাইমটো আপনাকে ৱাটচএপ ফেচবুক মে অনলাইন হি দেখো৷ বেস্ত মানুচ কি হৰ টাইম কমেণ্ট কৰিবকে পাৰে নেকি? চৰকাৰ নাই দেখিলেভি হামি তু দেখি থাকো না? পুৱা গুডমৰ্নিং দেকে চবকে ফিন চে গুড মৰ্ণিংৱালা ৰিপ্লাই ভেজিব৷ ফিন চে ৰাত গুড নাইট ৱালা পষ্ট দি কিনে ৰাত দু তিন বজে টক গপচপ মাৰিব৷ কাহেকা বেষ্টতা৷ মৰদ কা পষ্ট মে কমেণ্ট নাই কৰিলে ভি ঔৰতলোগৰ ফটো মে চুন্দৰ চুন্দৰ কমেণ্ট মাৰিব, কাহেকা বেস্ততা৷ বাত কহিছে৷

মই বোলো ৰ চোন ৰ’৷ হেৰৌ তই যে দুনীয়াৰ কাম বাদ দি মই ফেচবুকত কি কৰিছোঁ চাই ফুৰ কাহিনী কি?

মানে আপনালোক বুদ্ধিজীবি মানুচ না, হমনিকে আপনালোকে কি কহিছে কাক চাপৰ্ট কৰিছে চেই চব চাই মেলি চেহিমতে ফেচবুক মে ইচটেটাচ দিও না? না হ’লে পষ্ট দিব কিনে ডৰ লাগে চব আহি কিনে কমেণ্ট মে হৰেক ৰকম গালি দি যায়৷ কৌন আদমি কৌন টিম মে আছে পট্টাই নাপাও৷

মই বোলো হেৰৌ তই ঠিকেই কৈছ, পিচে এটা কথা জাননে নাই যে বুদ্ধিজীৱিসকলে আকৌ নিজৰ সুবিধা চাইহে মাত মাতে৷

এই ৰকম কি? হমনিটো তাকে ভাবিছে কি চাল্লা ইতনা হাল্লা লাগি আছে টিভি মে লেকিন যি চব লোক হাল্লা কৰিছে কুচ দিন পহিলেটো চে চবে চৰকাৰ কে চমৰ্থন মে চিল্লাই আছিল৷

ধেই তই নুবুজিবি এইবোৰ৷ চব অংক থাকে৷ সকলো মাতৰ ভিতৰত কুলি চৰাইৰ মাত ভাল৷ পিচে কুলিয়েও নিজৰ সুবিধা আৰু সময় চাইহে মাতে৷

কুলি মতলব কি ঔ কালাৱালা কৈয়েল?

অ অ ক’লা কুলি৷ সেই চকু মুদা কুলি৷ কাউৰীৰ বাঁহত কণী পৰা কুলি৷

চকীয়া বাবু৷ ক’লা চব্দ চে মনত পৰিল৷ এই যে ক’লা কাপোৰ মানে পতাকাটো হিলাই কিনে প্ৰতিবাদ কৰিছে, কালা ৰং কে কি ইতনা পাৱাৰ আছে কি চব মন্ত্ৰী এম এল এ হিলি যায়৷

হেৰৌ ক’লা ধন ৰখা মানুহে ক’লা কাপোৰ দেখালে ইজ্জতত লাগে আকৌ৷

আচ্ছা ও বাত আছে৷ টনিক হমনিকে অউৰ এক বাত চমঝাই দিয়কচোন চকীয়া বাবু৷

অই সীতাৰাম প্ৰথমতে তই মোক বাবু বুলি মতা এৰ৷ এই বাবু ভাত খালা ওলোৱাৰ পৰা বাবুৰ বৰ বদনাম হৈছে অ’৷ মোক চকীয়া দা বুলিয়েই মাতিবি৷

আচ্ছা চকীয়াবাবু মানে চকীয়া দা৷ অচম মে ইতনা প্ৰতিবাদ হৈ আছে পৰন্তু অ পুৰাণাৱালা প্ৰতিবাদটো ইচ টাইম কি কাৰণ হোৱা নাই৷ হমনিকে ও ৱালা প্ৰতিবাদ হ’ব হ’ব ভাবি আছো, হোৱাইকে নাই৷

কি প্ৰতিবাদ অ? মানুহ উলংগ হোৱালৈকে প্ৰতিবাদ কৰিলে আৰু কি প্ৰতিবাদ বাকী থাকিল?

না না হমনিকে মানিছে তু কি ও চব প্ৰতিবাদ হৈছে লেকিন চৰকাৰ প্ৰতিবাদ কি ভাচা নাই চুনিছে৷ পৰন্তু ও মুণ্ডনৱালা প্ৰতিবাদ কৰিলে হমনিকে লাভ হয় না৷

অ চুলি খুড়ুৱা প্ৰতিবাদ৷ কি কৰিবি আৰু মাজতে তিনি গৰাকী মহিলাই চুলি খুড়াই প্ৰতিবাদ কৰাৰ পৰা চুলি খুৰাই কৰা প্ৰতিবাদত দম নাইকীয়া হ’ল৷ কমন টাইপ প্ৰতিবাদ হ’ল সেইটো৷ মহিলায়ো কৰা হ’ল যেতিয়া এতিয়া ল’ৰাবোৰে কৰিলে আৰু কৰ গৰম নিউজ হ’ব, সেয়ে নকৰে পিচে তই হবলা চুলি খুড়ুৱাই দুপইচা ঘটাৰ আশাতে আছ?

না না চকীয়া বাবু …মানে..চকীয়া দা৷ আজকল মই নেতা উতা কে মিটিং মে যাও না হ’লে বাইক ৰেলি মে যাও৷ ও চব মে প্ৰফিট ভাল আছে৷ বাইক ৰেলি মে তেল উল ভৰাই কিনে দুচ টকা পাই যাও অউৰ বৰা বৰা নেতা যব বাহৰ চে আহে তব ভাচন চুনিলে কমচেকম ৩০০ চে ৫০০ খানা ওনা খাই কিনে ইনকাম হৈ যায়৷

মই বোলো ৱাহ সীতাৰাম তই দেখোন ভাল টকা কমাই আছ৷ পিচে কোনটো দলক সমৰ্থন কৰিছ?

হাৰে চকীয়াদা দল চল কে কি মতলব আছে? টিভি মে চিল্লা চিল্লি কৰিব বাদ মে যাইকে এক চাথ ডিনাৰ কৰিব৷

মই বোলো তই ঠিকেই কৈছ পিচে এই যে চৰকাৰে নতুন আইনখন আনিব খুজিছে তই সমৰ্থন কৰিছ নে বিৰুধীতা কৰিছ?

চকীয়া বাবু হমনিকে না চমৰ্থন কৰিছো না বিৰুধ কৰিছো৷

মই বোলো কিয়? তই দেখোন নিজকে পিউৰ অচমীয়া বুলি কৈছিলি?

হমনিকে অচমীয়া হয় তু৷ পৰন্তু হামাৰ ডিমাগ খটাইকিনে যি বুজিছে এ চব কোনো আইন চাইন কি বাট নাই আছে৷ ই ভোট কে লিয়ে বিৰুধী দল কি পট্টা কাটা খেল আছে৷

মই বোলো অসমত বিদেশী আনিব খুজিছে আৰু তই কোনো কাম নাই কলি যে?

হাৰে চকীয়া বাবু আপনি কি কহে? কতিয়াবা অচম চুক্তি পঢ়িছে?

মই বোলো নাই পঢ়া কিন্তু দুই এটা পইণ্ট জানো দেচোন৷

দেখিয়ে চকীয়া বাবু৷ চৰকাৰ কি কহিছে কি অচম চুক্তি কে ছ’ নম্বৰ দফা পালন কৰিম ৷ কৈছে কি না কহিছে৷

মই বোলো কহিছে, মানে কৈছে৷

তব আপুনি কহক কি ছ নম্বৰ দফা মে কি লিখা আছে?

মই বোলো তাত লিখা মতে বিদেশীক অসমৰ জাটি মাটি ভেটি ভাচা চব সুৰক্ষিত কৰিব৷

চুৰকচিত কৰিব কহিছেনে কি নাই কহিছে?

মই বোলো কহিছে৷ মানে কৈছে৷

অউৰ ৫ নম্বৰ দফা না মানি কহিছে কি বিদেচিক ভাৰত কে নাগিৰক বনাব৷ কহিছেনে নাই কহিছে?

কহিছে৷

হাৰে চকীয়া বাবু৷ ই আইনটো লোক চভা মে পাচ কৰাই অচমীয়াকে ডৰাইছে অউৰ বেংগল কে আদমিচে দৌষ্টি কৰিছে৷ অচম মে চৰকাৰ কে দু চিট হাৰিলেভি বেংগল মে দচ চিট বাঢ়ি যাব না?

অউৰ চৰকাৰ ভি জানে কি ৰাজ্য চভা মে আইন না বনিব৷ লেকিন ওহি মে ভি চৰকাৰ কি লাভ আছে৷ চৰকাৰ কহিব কি হমনিকেটো চেষ্টা কৰিছিলো না বিল কাৰণ৷ পৰন্তু হমনিকে ৰাজ্য চভা মে চিট কম আছে৷ হমনিকে ভোট দিয়ক, ফিন চে চৰকাৰ হমি লোগ বনালে আইন বনাই দিম৷ চৰকাৰ কা দুটা লাভ হৈ গ’ল না? কি ভোট ভি পালে আৰু বিৰুধী দল কৌ মাৰ দিলে৷ কাৰণ বিৰুধী আইন চাপৰ্ট কৰিলেভি মৰিল, নাই চাপৰ্ট কৰিলেভি মৰিল৷

মই বোলো বাপ্পা ঐ৷ তই দেখোন তামাম পলিটিক্স জান?

হা হা হা কি কহিব চকীয়া বাবু স্কুল মে যি চব হমনিকে নাই পঢ়িলো ই ফেচবুক মে পঢ়ি পঢ়ি চব কুছ চিখি গ’লো|

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *