ফটাঢোল

মাতৃভাষা দিৱসৰ সাৰুৱা ভাষণ – দেৱজিত শইকীয়া

আজি আমি “মাতৃভাষা দিৱস” অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট বুদ্ধিজীৱী তথা ফেচবুকৰ মাধ্যমৰে হাজাৰজনৰ মাজত একেৰাহে কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ৰাজনৈতিক তথা চলচিত্ৰ সমালোচক, অসমীয়া ভাষাৰ সমীক্ষক হিচাপে জনপ্ৰিয় হোৱা মাইকেল মধুসুধন কলিতা দেৱক৷ এইয়া মঞ্চত আজিৰ বিশিষ্ট বক্তা মাইকেল মধুসুধন কলিতাদেৱ৷ তেখেতক তেখেতৰ সাৰুৱা বক্তিতাৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ৷

নমস্কাৰ,
আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, ডাইচত উপবিষ্ট বিশিষ্ট ব্যক্তি সকল আৰু মোৰ মৰমৰ ৰাইজসকল৷ চেক্ৰেটেৰী
ডাঙৰীয়াৰ লগতে সভাৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ যে, মোক আজি এই সভাত স্পেচিয়েল গেষ্ট হিচাপে ইনভাইট কৰি আনি মোক দুই আচাৰ কবলৈ চাঞ্চ দিলে৷ মই বেছি টাইম আপোনালোকৰ নলওঁ, কাৰণ ইয়াৰ পিছত বিভিন্ন কালচাৰেল প্ৰগ্ৰেম আছেই যাক চাবলৈ আপোনালোক বহুত টাইম ধৰি ইয়াত ৱেটিং কৰি আছে৷ মোৰ ওপৰৰ বক্তাজনে ইতিমধ্যে “মাতৃভাচা দিৱসৰ” বিষয়ে কৈ গৈছে, গতিকে মই বিচেচ নকওঁ৷

কথা হ’ল চম্পাদকে মোক সাৰুৱা ভাষণ দিব কৈছে৷ মই কিন্তু সাৰুৱা ভাচন নিদিওঁ৷ কাৰণ যোৱা বহু বছৰ পৰা এম. এল. এ. মিনিষ্টাৰৰ পৰা ধৰি কিনে প্ৰাইম মিনিষ্টাৰলৈকে বহুতে বহুত সাৰুৱা ভাচন দিলে৷ মুখৰে সাৰুৱাকৈ কথা ক’লে আমি কাণেৰে শুনিলোঁ, কিন্তু সাৰুৱাকৈ হে ক’লে কামত কিন্তু তেওঁলোকে একো কাণষাৰ নিদিলে৷

পিচে দোষ কাক দিব? চবতেই সাৰ, মাৰ্কেটত সাৰ নিদিয়া বস্তু এতিয়া ক’ত পাব? চবতে সাৰ৷ সেয়ে মই সাৰ নিদিয়াকৈয়ে অলপ ক’ম ভাবিছোঁ৷ কিবা ভুল হ’লে নিজে শুদ্ধ কৰি ল’ব৷ কথাটো হ’ল এনেকা যে মাতৃভাচা দিৱস আমি প্ৰতিবছৰ আজিৰ দিনটোত পাতি আহিছোঁ৷ আজিৰ এই “মাদাৰ লেংগুৱেজ ডে’ট” আমি সকলোৱে আমাৰ ভাচাৰ উন্নতিৰ কাৰণে, প্ৰচাৰৰ কাৰণে ৱাটচএপ, ফেচবুকত ষ্টেটাচ দিওঁ, গছপুলি ৰুওঁ৷ কিন্তু জোন জোন (?) মানুহে নিজৰ ভাচাটোৰ কাৰণে মিনিমাম সেইকনো কৰা নাই এই ষ্টেজৰ পৰা তেওঁলোকক মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, লগতে অনুৰোধ কৰিছোঁ যে, আপোনালোকে অন্য ডে’ বোৰৰ দৰে আজিৰ দিনটোতো এটলিষ্ট যিমান পাৰে সিমান “আই লাভ মাই মাডাৰ লেংগুৱেজ” বা “হেপ্পি মাডাৰ লেংগুৱেজ ডে” ষ্টিকাৰ গুগুলৰ পৰা ডাউনলড কৰি হওঁক বা আনৰ পৰা কপি পেষ্ট কৰিয়েই হওঁক সকলোকে ইনবক্সে ইনবক্সে চেয়াৰ কৰি বা নিজৰ টাইমলাইনত দি হ’লেও এই দিনটোৰ গুৰুত্ব ৰক্ষা কৰে যেন৷

কেলেপ কেলেপ কেলেপ কেলেপ

আজি আমাৰ ভাচাৰ ৰক্ষাৰ কাৰণে বিচেচ দিন৷ আহক আজি আমি সকলোৱে এটা ৰিজলিউচন লওঁ যে, যিমান পাৰো আমি মাতৃভাচাত কথা পাতিব চেষ্টা কৰোঁ, ৱাটচএপ ফেচবুকৰ ইনবক্সতেই হওঁক বা ৱালতেই হওঁক “হায় কি ক্ৰিছা” বুলিয়েই লাগিলে নিজৰ মাতৃভাচাতেই অলপ লিখিব চেষ্টা কৰোঁ৷

যদিও আমি অন্য মাধ্যমৰ প্ৰাইভেট স্কুলবোৰত মাতৃভাচাটো ষ্ট্ৰিক্টলি ব্যৱহাৰ কৰিব লাগিবই বুলি কোৱা নাই বা অফিছ-চফিছবোৰতো ব্যৱহাৰ কৰিবই লাগিব বুলি আন্দোলন কৰা নাই তথাপি বহু যুগ ধৰি আমি দোকান বা হৰ্ডিংবোৰত মাতৃভাচা ব্যৱহাৰ কৰিব লাগে বুলি আমি চিঞৰি আহিছোঁ আৰু চিঞৰি যাম৷ যি সকল চিংগাৰে ইংৰাজী গানৰ মাজত অলপ হ’লেও মাতৃভাচা ব্যৱহাৰ কৰি গান গাইছে, তেনে চিংগাৰক মই ধন্যবাদ জনাইছোঁ৷ যি গাৰ্জেনে ল’ৰাটোক বা ছোৱালীজনীক “আমাৰ ই মাদাৰ লেংগুৱেজটো ইমান টান পাই” বুলি গৰ্ব কৰে তেওঁলোককো ধন্যবাদ দিছোঁ, কাৰণ টান পালেও পঢ়িছেটো৷

কেলেপ কেলেপ কেলেপ কেলেপ

শ্ৰদ্ধাৰ ৰাইজ, বৰ দুখৰ বিচয় যে, মাতৃভাচাটোৰ লাহে লাহে ইউজ একদম কমি গৈছে৷ আমি চিন্তিত ৰাইজ৷ কাৰণ আমাৰ ষ্টেটৰ বাহিৰে ক’তো এই ভাচা ব্যৱহাৰ নহয় আৰু আমাৰ ষ্টেটৰো মাত্ৰ অলপ জেগাত হে ব্যৱহাৰ হয়৷ আমি যদি জিন্দা নাৰাখো কোনে ৰাখিব? চেয়ে যিমান পাৰে আজিৰ দিনটোত চভা-চমিতি পাতি ইয়াৰ বাবে এক আন্দোলন গঢ়ি তোলক৷ মই চৰকাৰক আহ্বান কৰিছোঁ যাতে মাতৃভাচাৰ ব্যৱহাৰৰ বাবে মিডিয়াত সজাগতা আনিবলৈ ভাল ভাল চিংগাৰৰ হতুৱাই কিবা গান বনাই বা কিবা আচঁনি বনাই চেন্ট্ৰেলৰ পৰা কিবা ফান্দ আনে৷ লাখ লাখ টকাৰ এডভাৰ্টাইজ দিয়ে৷

কেলেপ কেলেপ কেলেপ কেলেপ

মই মোৰ ভাচন বেছি লম্বা নকৰোঁ ৰাইজ, যিমান পাৰোঁ চৰ্টকাট কৰি কথাখিনি ক’ব চেষ্টা কৰিছোঁ৷ মাতৃভাচাৰ লগতে আমাৰ কালচাৰসমূহ নিউ জেনেৰেচনক দেখাবৰ বাবে ঠায়ে ঠায়ে যাতে মিউজিয়ামৰ ব্যৱস্থা কৰে তাকো মই ফেচবুকৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ। মোৰ টুইটাৰ একাউন্ট চালে আপুনি দেখিব যোৱা দুদিনমান আগত এখন ঢেঁকিৰ ফটো আপলড কৰি কিনে মই এসময়ত আমাৰ পুৰ্বপূৰুষ সকলে ধান খুন্দিবৰ বাবে যি ইনষ্ট্ৰুমেন্ট ঘৰতে বনাই লৈছিল তাক মিউজিয়ামলৈ আনি সংৰক্ষণ কৰিবৰ বাবে মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিলোঁ, যাৰ ফটো কমেও 1000 বাৰ চেয়াৰ হৈছে৷ কিছুদিন আগত মই মোৰ যিমান ফেচবুক গোট আছে বানবাটি, কাঁহৰ বাচনৰ ফটো দি কিনে “এইটো কি বস্তু কোনে ক’ব পাৰিবা ” বুলি আপলড কৰিছিলোঁ৷ এইবোৰৰ দ্বাৰা নিউ জেনেৰেচনক মই সদায় আমাৰ পুৰণি কালচাৰসমূহৰ লগত চিনাকি কৰাই আহিছোঁ৷

কেলেপ কেলেপ কেলেপ কেলেপ

শ্ৰদ্ধাৰ ৰাইজ, আমি প্ৰতিবাদ কৰিব লাগিব, ধৰ্ণা দিব লাগিব, আন্দোলন কৰিব লাগিব৷ লাগিলে অন্নচন কৰিম, পিকেটিং কৰিম, গৰিহণা দিম, চাইকেল ৰেলি কৰিম, একঘন্টাৰ প্ৰতীক প্ৰতিবাদী কাৰ্যচুচি ল’ম, কেণ্ডেল লৈ চমদল উলিয়াম কিন্তু আমাৰ ভাচা, কালচাৰৰ বিৰুদ্ধে …..মানে ভাচা কালচাৰ নাইকীয়া হোৱাৰ বিৰুদ্ধে আমি মাত মাতি যাম৷

কেলেপ কেলেপ কেলেপ কেলেপ

মই বেছি লাম্বা নকৰোঁ, সদৌ চেচত আজি মাতৃভাচা দিৱসৰ এই বিচেচ দিনটোত সকলোকে মই উইচ কৰিছোঁ যাতে আমাৰ ভাচা কালচাৰ আগুৱাই যাওঁক, প্ৰচাৰ হওঁক৷ তাকেই কৈ মই মোৰ চমু ভাচন সমাপ্ত কৰিলোঁ৷ “হেপ্পি মাদাৰ লেংগুৱেজ ডে’৷”
থেংক ইউ

কেলেপ কেলেপ কেলেপ কেলেপ

☆★☆★☆

One comment

  • Anurup Mahanta

    মাইকেল মধুসুধনৰ সাৰুৱা ভাচণ পঢ়ি আপ্লুত হলো। কেলেপ কেলেপ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *