ফটাঢোল

কোন কি – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ক’লেজত থাকোতে মই খঙাল আছিলোঁ। সকলোৱে জানিছিল মই ছ’ৰ্ট টেম্পাৰড্। লগতে অলপ বুদ্ধু, অঁকৰা। উল্টা-পুল্টা পকাই কোৱা কথা শুনিলে মোৰ তাঁৰ ছিগি যায়। এই ‘তাঁৰ’ মানে মগজুত থকা শিৰা-ধমনীক বুজোৱা হৈছে। এই শিৰা-ধমনী এডাল ছিগিলে হেনো খঙতে ভ্ৰম বকিবলৈ আৰম্ভ কৰে। মোৰো তেনে হৈছিল।

যিয়েই নহওক, এবাৰ আন্ত:ক’লেজ প্ৰতিযোগিতা এখন হ’ব বুলি শুনিছিলোঁ। ঔৎসুকতা এইকাৰণেই বাঢ়িছিল কিয়নো প্ৰতিযোগিতাখন আছিল কিছু পৃথক। এটা ছিক্ৰেট গেম ধৰণৰ। ক’লেজ টিমবোৰক ভিন্ন কাম দিয়া হ’ব অ’ন দা স্প’ট। হিডেন ট্ৰেজাৰ জাতীয় অলপ। তাতকৈও বেলেগ। কষ্টকৰ কামো দিয়া হ’ব। মুঠতে আমি বহুতে এক্সাইটেড্ হ’লোঁ। স্প’ৰ্টছ্ ছাৰজন আছিল ইন-ছাৰ্জ। তেৱেই পাঁচজনীয়া টীমটো বাচনি কৰি আছিল। বাচনিৰ কাৰণে ইন্টাৰভিউ দিব লাগে। ময়ো গ’লোঁ তেওঁৰ কেবিনলৈ।

‘তুমি? তোমাক জানো। যোৱাবছৰ খঙতে ক’লেজৰ বাছ এখনৰ যে ফ্ৰ’ন্ট আইনাখন ভাঙি দিছিলা! নহয় নে?’ – ছাৰে মোক দেখিয়েই সুধিলে।

‘হয় ছাৰ, খং উঠিছিল হঠাতে। ড্ৰাইভাৰজনে উল্টা-পুল্টা বকি আছিল’

‘আমাক ‘কুল’ ল’ৰা লাগে, কম্পিটিচনটোৱেই তেনে। পাৰিবা?’

‘পাৰিম, চেষ্টা কৰিম’।

‘আমি কেপ্টেইন, ভাইচ কেপ্টেইন, গ্ৰুপ কোঅ’ৰ্ডিনেটৰ আৰু এডভাইজাৰৰ কাৰণে চাৰিজন ছাত্ৰক ছিলেক্ট কৰিলো। অকল এক্সজিকিউট’ৰটো খালী আছে। তোমাকে ধৰি আমি বিছজনৰ লগত কথা পাতিলোঁ। দেখা যাওক’

‘ওকে’ – মই ক’লোঁ।

‘এটা কথা। এইটো এটা প্ৰতিযোগিতা নহয়, এক মিছন। সেয়ে প্ৰতিজনকে আমি কোড নামেৰেহে মাতিম আৰু জানিম। আনে যাতে সহজতে বুজিব নোৱাৰে, সেয়েহে আমি ৰাম-যদু টাইপৰ নাম ৰখা নাই। অলপ বেলেগ। কোনেও গমেই নাপাব সেইটো নামেই নে সৰ্বনামেই নে ক্ৰিয়া! হা হা’ -সজোঁৰে হাঁহিলে ছাৰে।

‘আচ্ছা ছাৰ, আমাৰ কেপ্টেইনৰ নাম কি?’ – সুধিলোঁ মই।

‘বাহ: তুমি স্মাৰ্ট ওলালা। একদম শুদ্ধ!’ – ছাৰে মিচিকিয়ালে।

‘মানে ছাৰ সুধিছোঁ মই, আমাৰ কেপ্টেইনৰ নাম কি?’

‘হয়, ঠিক কৈছা’।

‘মই সুধিছোঁ, ছাৰ’

‘মই কৈয়েইতো আছোঁ, দিগু’ – ছাৰে গম্ভীৰ হৈ ক’লে।

‘উফ, ছাৰ..এক মিনিট! আপুনিয়েই নামবোৰ কৈ যাওঁক আকৌ’ – মোৰ তাঁৰডাল ছিগিবলৈ লৈছিলেই।

‘আচ্ছা, কেপ্টেইনৰ নাম কি…ভাইচ কেপ্টেইনৰ নাম…’

‘ছাৰ, কেপ্টেইনৰ নাম কি মই কেনেকৈ জানিম? আপোনাক ক’বলৈ কৈ আছোঁ..ওকে ওকে, কেপ্টেইনৰ নাম বাদ দিয়ক। ভাইচ কেপ্টেইনৰ নাম কি?’

‘না: নট ভাইচ কেপ্টেইন। কেপ্টেইনৰ নাম কি’

‘ছাৰ, মই ভাইচ কেপ্টেইনৰ নাম সুধিছোঁ। ভাইচ কেপ্টেইন কোন?’

‘ঠিক কৈছা’!

‘কি ঠিক ক’লোঁ?’

‘যাক ক’লা!’

‘কাক ক’লোঁ?’

‘ভাইচ কেপ্টেইন কোন’

‘কোন ভাইচ কেপ্টেইন, ছাৰ?’

‘কৈয়েই আছা দেখোন, ভাইচ কেপ্টেইন কোন’

মোৰ মাথাটো ছাৰৰ টেবুলতে মাৰি দিবৰ মন গৈছিল। তথাপিও ‘কুল’ হৈ বহি থকাৰ সংকল্প ল’লোঁ।

‘ছাৰ, ভাইচ কেপ্টেইন বাদ দিয়ক। গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নাম কি?’

‘কেপ্টেইনৰ নাম কি। গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নহয়’

‘কেপ্টেইন কোন?’

‘ওহহো, ভাইচ কেপ্টেইন কোন’

‘ভাইচ কেপ্টেইন কোন কেতিয়া ক’লে মোক? মোক আকৌ কিয় সুধিছে? ভাইচ কেপ্টেইন কোন?’

‘ইয়েচ, ভাইচ কেপ্টেইন কোন’

‘কোন?’

‘কোন’

‘মই নাজানোঁ’

‘তুমি এডভাইজাৰ কেনেকৈ হ’বা? অলৰে’ডি ছিলেক্টেড বেলেগ এজন’

‘এডভাইজাৰ মই কেতিয়া হ’ম ক’লো?’

‘এতিয়াই। তুমি নাজানোঁ বুলি কৈছা’।

‘ভগৱান! …..ছাৰ, আচ্ছা…গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নাম কি?’

‘দিগু, তুমি মোৰ মাথাটো খাবা এতিয়া। কেপ্টেইনৰ নাম কি’

‘মই কেনেকৈ জানিম?’

‘কি নাজানা?’

‘কেপ্টেইনৰ নাম কি’

‘তাকেইতো, কেপ্টেইনৰ নাম কি’

‘সুধিছে মোক?’

‘কৈ আছা তুমিয়েই, কেপ্টেইনৰ নাম কি’

‘কেতিয়া?’

‘প্ৰথমৰে পৰা’

‘উফফ্ ছাৰ, গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নামটো জানিব বিচাৰিছোঁ…ক’বনে?’

‘কিয়’

‘কিয় মানে? জানিব বিচাৰিছোঁ। আপুনিয়েইতো কৈছিল সকলোৰে নামবোৰ মনত ৰাখিব লাগিব এই বাচনি প্ৰক্ৰিয়াত’

‘হয়, কিয়’

‘ক’লোৱেইতো কিয় জানিব বিচাৰিছোঁ’

‘গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নাম কিয়’

‘ছাৰ, আকৌ সুধিছে কিয়?’

‘নাই সোধা, কৈ আছোঁ – কিয়’

‘কিয় লাগে কৈ আছোঁৱেই। গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নাম কি?’

‘নহয়, কেপ্টেইনৰ নাম কি’

‘নালাগে মোক কেপ্টেইনৰ নাম। সুধি সুধি টায়াৰ্ড হ’লোঁ। গ্ৰুপ কোঅ’ৰ্ডিনেটৰ কোন?’

‘সেয়াটো ভাইচ কেপ্টেইনহে’

‘ভাইচ কেপ্টেইন কোন?’

‘অ’ ভাইচ কেপ্টেইন কোন’

‘ছাৰ, প্লিজ। গ্ৰুপ কোঅ’ৰ্ডিনেটৰৰ নামটো জনাব নে?

‘কিয়’

‘আকৌ ক’ব লাগিব কিয় লাগে নামটো?’

‘নালাগে।’

‘ডেন কওক প্লিজ’

‘কিয়’

‘কি কিয়?’

‘কেপ্টেইন, গ্ৰুপ কোঅ’ৰ্ডিনেটৰ’

এইবাৰ ছাৰৰ কপালতে টেবুলত ৰখা পেপাৰ ৱেইটটো মাৰি দিবলৈ মন গৈছিল। শান্ত কৰাৰ চেষ্টা কৰিলোঁ নিজকে।

‘ওকে ছাৰ, লাষ্ট এটা কথা।…এডভাইজাৰৰ নামটো কৈ দিয়ক’

‘নাজানোঁ’

‘নাজানে? আপোনাৰ হাতৰ কাগজৰ টুকুৰাটোত লিখাই আছে। এডভাইজাৰৰ নাম কি?’

‘কেপ্টেইনৰ নাম কি’

‘কেপ্টেইনৰ নাম মই জানিলে কিয় সুধিম, ছাৰ? এডভাইজাৰ কোন?’

‘ভাইচ কেপ্টেইন কোন’

‘নাজানোঁ, ছাৰ।’

‘হেইয়া, এডভাইজাৰৰ নাম নাজানোঁ’

‘মই নাজানোঁ। আপুনি জানে, ছাৰ’

‘কি জানোঁ?’

‘এডভাইজাৰ নাম?’

‘নাজানোঁ’

‘উফ, আকৌ নাজানোঁ! কিয় ছাৰ?’

‘কোঅ’ৰ্ডিনেটৰৰ নাম কিয়’

‘কোঅ’ৰ্ডিনেটৰ আকৌ ক’ৰ পৰা আহিল? এডভাইজাৰৰ নাম কি?’

‘হাৰে! কেপ্টেইনৰ নাম কি, কৈয়েই আছোঁ’

‘কেতিয়া ক’লে?’

‘কেপ্টেইনৰ নাম কি, কৈয়েই আছোঁ’

‘কি?’

‘কি’

‘কোন?’

‘সেয়া ভাইচ কেপ্টেইন’………..ছাৰে মোৰ চকুলৈ চাই ৰ’ল। ময়ো পানী এগিলাচ খাই ল’লোঁ। কথোপকথনখিনি আকৌ ভাবিবলৈ ধৰিলোঁ। এইবাৰ মই মিচিকিয়াই হাঁহিলোঁ।

‘আচ্ছা, ছাৰ! মই কৈ আছোঁ….কেপ্টেইনৰ নাম ‘কি’, ভাইচ কেপ্টেইনৰ নাম ‘কোন’, কোঅ’ৰ্ডিনেটৰৰ নাম ‘কিয়’ আৰু এডভাইজাৰৰ নাম -‘নাজানোঁ’…ৰাইট, ছাৰ?’

‘ইয়েছ! ইউ ক্ৰেকড্ ইট! ইউ আৰ ছিলেক্টেড..একদম ‘কুল’হৈ কথা কৈছা। বহুতে আধাতে পলাইছে। ছি..ইয়াতে লিখা আছে –

কেপ্টেইন – key
ভাইচ কেপ্টেইন – Koon
কোঅ’ৰ্ডিনেটৰ – Kiya
এডভাইজাৰ – Najanoo!

০০০০

(এটা সৰু ভিডিঅ’ত নাম বিভ্ৰাটৰ কথোপকথন শুনিছিলোঁ। লেখাটোৰ থীমটোত সেই ভিডিঅ’টোৰ ছাঁ পৰিছে)

☆★☆★☆

6 Comments

  • Jyotirupam Dutta

    মই আমাৰ অফিছৰ টেম্পৰেৰী wifi পাছৱৰ্ডবোৰ প্ৰায়েই এনেকৈ ৰাখো৷ moi_najanu, najnu_dok, kiyo_lage, koba_naru !!

    Reply
  • হাঁ হাঁ৷বঢ়িয়া

    Reply
  • Anurup Mahanta

    হাঃ হাঃ, ছাৰে বেয়া চোবালে দেই। বঢ়িয়া লাগিল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মই প্ৰথম দুবাৰ ৰিপিট হওতেই বুজি পাইছিলোঁ৷

    মজা লাগিল দিগন্ত৷

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷

    Reply
  • বিজু গগৈ

    খুউৱ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *