ফটাঢোল

মুখা (The Mask) – অনুৰূপ মহন্ত

ৰাজশ্ৰী প্ৰডাকচন প্ৰেজেণ্টছ

কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: নৱাগত অনুৰূপ মহন্তৰ

অভিনয়ত:

হেমন্ত কাকতি

বিজয় মহন্ত

ৰিণ্টুমণি দত্ত

ৰামানুজ গোস্বামী

গিতালী শইকীয়া দত্ত

আৰু অন্যান্য চৰিত্ৰ সমূহ

পৰ্দাৰ ৰিল আৰম্ভ হোৱাৰ লগে লগে তিনিডাল মান ধূপ জ্বলাই এগৰাকী নাৰীৰ ছাঁ এটাই নাচি থকা দেখা যাব আৰু মুখা – The musk টাইটেল টো অহাৰ লগতে এসোপা মুখা পিন্ধা মানুহে নাচি থাকিব। লাহে লাহে পোহৰ কমি আহিব ।

মুখা…..The Mask

দৃশ্য-১
(কাহিনী আৰম্ভ হৈছে ফ্লেছ বেকেৰে)
যোৰহাটৰ তিতাবৰৰ ফালৰ এখন ভিতৰুৱা গাঁও। সেইদিনা গাওঁ খনৰ জনতাৰ খবৰ লবলৈ তেওঁলোকৰ বিধায়ক জন আহিব। তেখেতেই সেই দলৰ সভাপতিৰ দায়িত্বতো আছে। গাঁও খনৰ সকলোৱেই তেখেতক ভাল পায় আৰু সন্মান কৰে। গতিকে তেখেত আহিব বুলি খবৰ পোৱাৰ লগে লগেই গাঁও খনত উদুলি মুদুলি পৰিবেশ হৈছে।
দলৰ এজন সাধাৰণ কৰ্মী বিজয় মহন্তই বগা গেঞ্জী এটা পিন্ধি আৰু চুৰিয়াখন আঁঠুৰ মুৰলৈকে কোচাই পোন্ধ মাৰি লৈ দৌৰি দৌৰি সকলোকে বিধায়ক জন আহিব বুলি খবৰ দি ফুৰা দেখা যাব।
তেনেতে বিধায়ক জনৰ ৰঙা লাইট লগোৱা এম্বেশ্বাদৰ গাড়ী খন ওখোৰা মোখোৰা শিলদিয়া পথটোৰে ধূলি উৰুৱাই আহি পাব। কেমেৰা গাড়ী খনৰ ফালে ঘূৰোৱা হ’ব। প্ৰথমে গাড়ীৰ পৰা নিৰাপত্তাৰক্ষী নামিব তাৰ পাছত বিধায়ক জনৰ ভৰি দুখন জুম কৰি দেখুওৱা হ’ব। কেমেৰা লাহে লাহে ওপৰলৈ উঠিব। খাদী কুৰ্তা পিন্ধা মানুহ জনৰ মুখত কেমেৰা ফ’কাছ কৰা হ’ব। মুখত সুন্দৰ হাঁহিৰে সৈতে বিধায়ক হেমন্ত কাকতি জনতাৰ ফালে আগুৱাই আহিব। বিজয় মহন্তই দৌৰি গৈ তেখেতৰ ভৰিতে পৰিবগৈ। নেতা জনে বিজয় মহন্তৰ দুই হাতে ধৰি উঠাই তেওঁৰ কান্ধত হাত থৈ আগ বাঢ়ি অহা দেখা যাব। চাৰিও ফালে হেমন্ত কাকতিৰ জয় ধ্বনি শুনা যাব।
পঞ্চায়ত বহা গছ জোপাৰ ওচৰত হাত যোৰ কৰি ৰাইজক উদেশ্যি তেখেতে ভাষণ আৰম্ভ কৰিবলৈ লওঁতেই একেবাৰে সন্মুখত থিয় হৈ থকা বিজয় মহন্তৰ মুখত ঠাঁচ কৈ এটা চৰ পৰিব।
কেমেৰা জুম কৰা হ’ব। সকলোৱে অবাক হৈ সেই ফালে ঘূৰি চাব। সেইয়া বিজয় মহন্তৰ মাক কংকণা মহন্ত। হেমন্ত কাকতিয়ে ভাষণ এৰি বিজয় মহন্তৰ মাকৰ ৰূপ দেখি পেঁপুৱা লগা দেখা যাব।
মাকে ক’ব- “ৰাতি পুৱাৰ পৰা বোৱাৰী জনীয়ে বিষত কেকাই আছে, আৰু তই হাঁহ এটা পোৱাৰ আশাত ইয়াত মিটিং গাবলৈ আহিছ? এতিয়াই যদি তাইক হস্পিতাললৈ নিনিয়, তাই নাবাছিলে তোৰ এই নেতাই দিম বুলি কোৱা হাঁহটোৱে তাইক বচাব পাৰিব নেকি!
হেমন্ত কাকতিয়ে তৎক্ষণাত তেওঁৰ গাড়ীতেই বিজয় মহন্তৰ পত্নীক হস্পিতাল নিবলৈ কয়। সকলোৱে দাঙি মেলি মানুহ গৰাকীক গাড়ীত উঠাই। ইতিমধ্যে লেবাৰ পেইন আৰম্ভ হৈছেই। ওখোৰা মোখোৰা পথেৰে গাড়ী খন ১৫০ মিটাৰ মান আগ বাঢ়ে, সকলোৱে সেই ফালে চাই থাকে। তেনেতে গাড়ী ৰৈ যায়। মহিলা সকলে দৌৰা দৌৰি কৰা দেখা যাব আৰু গাড়ী খন বেৰি ধৰিব। অকণমান পাছতেই তাতেই এটি ল’ৰা সন্তানৰ জন্ম হ’ব।
কেঁচুৱাটো কাপোৰেৰে মেৰিয়াই বিজয় মহন্তই আথে বেথে আনি হেমন্ত কাকতিৰ হাতত তুলি দিব।
হেমন্ত কাকতি- “এই ল’ৰাটোৰ নাম মই “ৰামানুজ” ৰাখিছো। ই মোৰ ৰঙা লাইট লগোৱা গাড়ীৰ ভিতৰত জন্ম লৈছে, ই নিশ্চয়কৈ ভবিষ্যতত নেতা হ’ব পাৰিব।”
সকলোৱে হেমন্ত কাকতিৰ জয় ধ্বনি দিব। কেমেৰা নবজাতকত টোৰ মুখত ফকাছ কৰি বন্ধ কৰা হ’ব।

দৃশ্য-২
সেইদিনাই সন্ধিয়া গাঁৱৰ মিটিং খনৰ পৰা ঘূৰি যোৰহাটলৈ আহি থকা হেমন্ত কাকতিৰ গাড়ীৰ লগত এখন বাজাজ চুপাৰ স্কুটাৰৰ খুন্দা খাব। গাড়ীৰ খুন্দাত স্কুটাৰৰ সৈতে দম্পত্তি এহাল উফৰি গৈ পথাৰত পৰিব। নিজান পথটোত দুই এজন মানুহ হে মাত্ৰ আছিল। সকলোৱে ধৰি মেলি দম্পত্তি হালক যোৰহাট চিভিলত ভৰ্তি কৰোৱা দেখা যাব। ডাক্তৰৰ মুখে বিধায়ক হেমন্ত কাকতিয়ে জানিব পাৰিব, দম্পত্তি হালৰ মানুহ জনৰ মৃত্যু হৈছে আৰু সন্তান সম্ভৱা মহিলা গৰাকীৰ চিজাৰিন অপাৰেচন কৰিবলৈ লোৱা হৈছে যদিও অৱস্থা সংকট জনক। ইতিমধ্যেই পুলিছো আহি পাইছে। হেমন্ত কাকতিয়ে পুলিচ এছ আই মাধুৰ্যক কয় কেছটো যাতে বাহিৰত নোলাই, এমাহ পাছতেই ইলেক্সন আহি আছে।
মাধুৰ্যই কয়- “ছাৰ মই সকলো ফিটিং কৰিম, আপুনি চিন্তা কৰিব নালাগে। অলপ মান খৰছ হ’ব খালি।”
হেমন্ত কাকতি- “সেই বিলাক তুমি চিন্তা নকৰিবা, মুঠতে মোৰ ইমেজ যাতে বেয়া নহয়।”
তেনেতে ডাক্তৰ জন আহি হেমন্ত কাকতিক কয়, “ছাৰ,এটা ল’ৰা সন্তান জন্ম হৈছে, কিন্তু মাকক বহু চেষ্টা কৰিও আমি বচাব নোৱাৰিলোঁ।”
নাৰ্চৰ পৰা কেঁচুৱাটো হাত পাতি লৈ হেমন্ত কাকতিয়ে মনতে ভাবে, ‘ইয়াৰ দায়িত্ব মইয়েই ল’ম। কিন্তু ঘৰত মানুহ জনীৰ যিহে সন্দেহ, ঘৰলৈও নিব নোৱাৰি ইয়াক। মই ইয়াক অনাথ আশ্ৰমতে ৰাখিম আৰু সকলো ব্যয় বহন কৰিম। ইয়াৰ নাম ৰাখিম ‘ৰিণ্টুমণি’
এছ আই মাধুৰ্যৰ হতুৱাই সকলো খিনি ব্যৱস্থা কৰাই হেমন্ত কাকতিৰ গাড়ী যোৰহাট আৱৰ্ত ভৱনৰ ফালে আগ বাঢ়িব। কেমেৰা ব্লাৰ হৈ যাব।

দৃশ্য-৩
(স্ক্ৰীনত পোন্ধৰ বছৰ পাছত বুলি দেখুৱাব)
দলৰ হেড অফিচৰ মজিয়াত বিজয় মহন্তই নিজৰ ডাঙৰ পেটটো মোহাৰি মোহাৰি বহি থকা দেখা যাব আৰু লগত তেওঁৰ পোন্ধৰ বছৰীয়া ল’ৰাটোও বহি থাকিব। অফিচৰ বাহিৰত মানুহৰ হুলস্থুল বাঢ়ি আহিব। এটা সমষ্টিত নতুনকৈ ইলেক্সন হব। তাৰেই টিকটৰ বাবে আলোচনা হৈ আছে। দলৰ নেতা হেমন্ত কাকতিয়ে যাকেই টিকট দিব, তেওঁৱেই জিকাতো খাটাং।
তেনেতে হেমন্ত কাকতি কোঠাটোলৈ সোমাই আহিব। লগত ইলেক্সনৰ টিকেট বিচাৰি অহা যুৱ নেতা হৃষীকেশ। বিজয় মহন্তই থিয় হৈ নমস্কাৰ দিব যদিও হেমন্ত কাকতিয়ে কোনো পাত্তাই নিদিব। টিকট বিচাৰি হৃষীকেশে হেমন্ত কাকতিক অলপ গৰম কৈয়ে কথা ক’ব। তেওঁলোকৰ মাজত কথাৰ কটা কটিও হ’ব।
এনেতে বিজয় মহন্তই মাত লগাব, “ছাৰ, কাজিয়া নকৰিব। মিঠাই খাওঁক। মোৰ ল’ৰাই এইবাৰ বহুত ভাল ৰিজাল্ট কৰি মেট্ৰিক পাছ কৰিছে।”
বিজয় মহন্তৰ মাতত দুয়োজনে সেই ফালে ঘূৰি চাব। হেমন্ত কাকতিয়ে বিজয় মহন্তক দেখি চিনি পাব যদিও খং উঠি থকা বাবে মুখেৰে একো নামাতে। কিন্তু হৃষীকেশে বিজয় মহন্তক গালি পাৰি কব, “ইয়াত ইমান ডাঙৰ আলোচনা হৈ আছে আৰু তই মিঠাই খুৱাব আহিছ’! যা ফুট ইয়াৰ পৰা।”
আৰু হেমন্ত কাকতিৰ ফালে চাই দম দিয়াৰ সুৰত কবলৈ ধৰে-” এই চব মানুহক মূৰত উঠাই নেতা হ’ব আহিছে, মোক টিকট নিদিলে চাই লম। বাহিৰত মোৰ কিমান সমৰ্থক আছে দেখা নাই, মই এবাৰ মাত্ৰ কোৱাৰ লগে লগে আপোনাৰ দৰ্প চূৰ্ণ কৰি দিব!”
হেমন্ত কাকতিৰ এইবাৰ সহ্যৰ সীমা পাৰ হ’ব। আগতে কোনেও তেওঁক এনেকৈ কবলৈ সাহস নকৰিছিল। এতিয়া অলপ বয়স কি বাঢ়িল কালি পৰহিৰ ল’ৰাই দম দিব পৰা হ’ল। খঙত একো নাই হৈ হেমন্ত কাকতিয়ে যুৱ নেতা হৃষীকেশৰ ডিঙিত ধৰি আলমাৰিটোত খুন্দা মাৰি দিব। কিন্তু আলমাৰীৰ গ্লাছ ভাগি তেওঁৰ ডিঙিত সোমাই ধৰফৰাবলৈ ধৰিব। গ্লাছে তেওঁৰ ডিঙিৰ শিৰ কাটি তেজ ববলৈ ধৰিব।
হেমন্ত কাকতিয়ে তেতিয়া হে সম্বিত ঘূৰাই পাব। তেওঁ কি কৰিলে তেতিয়া হে বুজি পালে। বাহিৰত ৰৈ থকা যুৱ নেতা হৃষীকেশৰ সমৰ্থকে তেওঁক কেতিয়াও সুদাই নেৰিব। ইফালে এই সকলো খিনি বিজয় মহন্ত আৰু ৰামানুজৰ সন্মুখতে হৈছে, তেওঁলোক ঘটনাৰ একমাত্ৰ সাক্ষীও।

তেনেতে হেমন্ত কাকতিৰ মূৰত এটা বুদ্ধি খেলাব। তেওঁ চকু কেইটা চল চলিয়া কৰি হাতযোৰ কৰি বিজয় মহন্তক কব,”বিজয় মোক বচা। মই নাথাকিলে পাৰ্টিৰ কি অৱস্থা হ’ব ভাব। মোক বেয়া ব্যৱহাৰ কৰা বাবে খঙত তই এই হত্যা কাণ্ডটো কৰা বুলি পুলিচৰ আগত কৈ আত্মসমৰ্পণ কৰ। মই তোৰ পৰিয়ালটো সদাই চাম, তোৰ ল’ৰাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম, তোক জেইলৰ ভিতৰত সদাই হাঁহ মাংসৰে ভাত খুৱাম। মই কথা দিলোঁ।”
বিজয় মহন্তই কি কৰোঁ কি নকৰোঁ ভাবি মূৰ খজুৱাই এবাৰ হেমন্ত কাকতিৰ মুখলৈ চাব, এবাৰ পুতেকৰ মুখলৈ চাব। তেনেকুৱাতেই ৰামানুজে মাত লগাব, “দেউতা, আপুনি নহয়, মই হে এই হত্যা কৰা বুলি কম। কাৰণ মই এতিয়াও নাবালক, সেয়ে মোৰ শাস্তি কম হ’ব। ইয়াৰ বিনিময়ত আপুনি এম.এল.এ ৰ টিকট লওক। আৰু এম.এল.এ হৈ মোক জেইলৰ পৰা সোনকালে উলিয়াই আনিব।”
এই বাৰ ৰামানুজে হেমন্ত কাকতিৰ মুখলৈ চাই প্ৰশ্ন কৰে, ” আপুনি ৰাজি আছে নে নাই কওঁক সোনকালে।”
উপাই নাপাই দুয়োজনেই মান্তি হয়।
পুলিচে ৰামানুজক গ্ৰেপ্তাৰ কৰি হাতত হেণ্ডকাফ লগাই লৈ যোৱা দেখুৱাব।

একেটা শ্বটতে আন এটা ফ্ৰেমত অনাথ ৰিন্তুমণিয়ে মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থান পোৱাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা দেখা যাব! সাংবাদিকে সোধা এটা প্রশ্নৰ উত্তৰত কব, “ভৱিষ্যতে মোৰ এজন সফল আৰক্ষী বিষয়া হোৱাৰ মন আছে!”
(দৃশ্য সমাপ্ত)

দৃশ্য-৪
(বৰ্তমান সময়)
টিভিৰ নিউজ চেনেল বিলাক এটাৰ পাছত এটা দেখুওৱা হ’ব। কেইবাখনো বাতৰি কাকতৰ ফ্ৰণ্ট পেইজ জুম কৰি কৰি দেখুওৱা হ’ব। কৰবাত যদি চুৰি, ডকাইতি বা অপহৰণ হৈছে, কৰবাত হত্যা, কৰবাত ধৰ্ষণ, কৰবাত জাতিগত সংঘৰ্ষ। সাধাৰণ জনতা চৰকাৰৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে। কেওফালে চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ মূর্দাবাদ ধ্বনি শুনা যাব, ঠায়ে ঠায়ে মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ হ’ব, কলা পতাকা প্ৰদৰ্শন হ’ব। চিন্তাক্লিষ্ট মুখেৰে মুখ্যমন্ত্ৰী হেমন্ত কাকতি দিছপুৰৰ অফিচত বহি থকা দেখা যাব। জৰুৰী ভাবে পুলিচৰ উচ্চ পদস্থ বিষয়া সকলক মাতি তেওঁ এখন মিটিং পাতিব। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা হব। পুলিচ প্ৰশাসনে কিয় একো কৰিব পৰা নাই বুলি তেওঁ আৰক্ষী অধীক্ষক সদানন্দ ভূঞাক ধমকি ও লগাব।
তেনেতে এজন উচ্চ পদস্থ আৰক্ষী বিষয়া মানস শইকীয়াই চাস্পেণ্ড হৈ থকা এ.এছ.পি ‘ৰিণ্টুমণিৰ’ কথা উলিয়াব। বৰ্তমান সময়ত তেওঁৰ খুবেই প্ৰয়োজন ডিপাৰ্টমেণ্টৰ। এজন সাহসী, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু দক্ষ বিষয়া ৰিণ্টুমণিক মিছা কেচ এটাৰ বাবে আজি এবছৰ আগতে চি বি আই য়ে চাস্পেণ্ড কৰালে। তেতিয়াৰ পৰা ৰিণ্টুমণি গুৱাহাটীৰ পৰা আঁতৰি আছে আৰু সেয়ে গুৱাহাটীৰ লগত ইয়াৰ উপকণ্ঠ অঞ্চলত আজি ইমান বেয়া অৱস্থা হ’বলৈ পাইছে বুলি বিষয়া জনে জনাব।
‘ৰিণ্টুমণি’ নামটো শুনাৰ লগে লগে কিবা এটা আপোন আপোন লাগি গ’ল মুখ্যমন্ত্ৰী হেমন্ত কাকতিৰ, কৰবাত যেন শুনিছে নামটো!
লগে লগে হেমন্ত কাকতিয়ে ৰিণ্টুমণিক চাকৰিত পুনৰ যোগ দান কৰাই পৰিস্থিতি ঠিক কৰাবলৈ আৰক্ষী অধীক্ষক জনক আদেশ দিব আৰু চি বি আই ৰ কেছটো নিজে মেনেজ কৰাৰ ব্যৱস্থা কৰিম বুলি গাত লব।
(দৃশ্য সমাপ্ত)

দৃশ্য-৫
(স্ক্ৰীণত পাঁচ বছৰ আগতে বুলি দেখুৱাব)
দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদ দেখা যাব। তাতেই নতুন কৈ এ.পি.এছ পোৱা ট্ৰেইনী সকলৰ ট্ৰেইনিং চলি থাকিব। এনুৱেল স্পৰ্টছ ডেত সকলো খেলৰ লগতে ৰাইফল আৰু পিষ্টল শ্বুটিংতো প্ৰথম হোৱা বাবে বেষ্ট এথলিত আৰু বেষ্ট স্পৰ্টছ মেন এৱাৰ্ড লবলৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ’ব ৰিণ্টুমণিক।
হাঁহি মুখেৰে তেওঁ আগ বাঢ়ি আহিব আৰু কামাণ্ডেণ্টৰ হাতৰ পৰা মডেল ডিঙিত পিন্ধিব আৰু বন্ধু কেইজনৰ ফালে চাই হাত জোকাৰিব।
এই সকলো খিনি দূৰৰ পৰা চাই থাকিব এগৰাকী সুন্দৰী যুৱতীয়ে। ৰিণ্টুমণিক দেখাৰ পৰা তেওঁৰ মনত অলেখ ধুমুহা উঠিবলৈ ধৰিব।

বন্ধু সকলেও তেওঁক আগুৰি ধৰিব আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আয়োজন কৰা পাৰ্টিৰ বাবে মেচ বিল্ডিংৰ কেণ্টিনলৈ আগ বাঢ়ি যোৱা দেখা যাব।
তাতেই অন্তৰংগ বন্ধু কেইজনৰ আড্ডা জমি উঠিব। তেনেতে পাৰ্টিত কামাণ্ডেণ্ট ভাস্কৰ জ্যোতি দাস ও উপস্থিত হ’ব, লগত সেই সুন্দৰী যুৱতী গৰাকী।
সকলোৱে তেওঁক চেলুট মাৰিব। তেখেতে
ৰিণ্টুমণিক অভিনন্দন জনাব আৰু তেওঁৰ একমাত্ৰ কন্যা গিতালীক চিনাকি কৰাই দিব, যি এইবাৰ এ.পি.এছ পাইছে।
দুই চকুৰ মিলন হব তাতেই, গিতালীৰ সৌন্দয্যই মুগ্ধ কৰিব ৰিণ্টুমণিক। কামাণ্ডেণ্ট আঁতৰি যোৱাৰ পাছত বহুত সময় তেওঁলোকে কথা পতা দেখা যাব।
বেকগ্ৰাউণ্ডত ৰোমান্টিক মিউজিক বাজি থাকিব।

ইয়াৰ অলপ পাছত বন্ধু কেইজনৰ সৈতে দেখা যাব ৰিণ্টুমণিক। আটাইকেজন ভাল বন্ধু। তেওঁলোকে ৰিণ্টুমণিক গিতালীৰ কথা কৈ কামোৰ দিয়া দেখুৱাব।
পাৰ্টিৰ শেষত আতাই কেইজন বন্ধুৱে মিলি হাতত হাত থৈ শপত ল’ব কেতিয়াও তেওঁলোকে এই বন্ধুত্ব নেৰে, অসমৰ য’তেই পোষ্টিং নহওঁক কিয়, তেওঁলোক সদাই কণ্টেকত থাকিব আৰু যেতিয়াই প্ৰয়োজন হয় এজনে আন জনক সহায় কৰিব।
বেক গ্ৰাউণ্ডত “য়ে দস্তি হম নেহী…..” গীতটি বাজিবলৈ ধৰিব। কেমেৰা আকাশৰ ফালে দেখুৱাই বন্ধ কৰা হব।
(দৃশ্য সমাপ্ত)

দৃশ্য-৬
এটা গোপন কোঠাৰ ভিতৰত ৰিণ্টুমণিক দেখা যাব। অসংখ্য পেপাৰ কাট, বহু কেইখন অসমৰ বিভিন্ন ঠাইৰ মেপ কোঠাটোৰ ৱালত লাগি থাকিব। লেপটপ ত এটা ভিডিও প্লে কৰি প্ৰজেক্টৰৰ সহায়ত ডাঙৰ স্ক্ৰীণত চাই থাকিব তেওঁ। তেনেতে মোবাইল ফোনটো বাজি উঠিব। স্ক্ৰীনত দেখা যাব মানস শইকীয়াৰ ফোন।
“ছাৰ, হয় ছাৰ। গৈ আছোঁ ছাৰ”
ফোন কাটি ৰিণ্টুমণি কোঠাৰ পৰা ওলাই নিজৰ বুলেট খন লৈ ওলাই যাব।

মানস শইকীয়াৰ অফিচ দেখা যাব। ৰিণ্টুমণি সোমাই অহাৰ লগে লগে মানস শইকীয়াই ক’ব, “ৰিণ্টুমণি, তোমাৰ বাবে ভাল খবৰ এটা আছে। চি.এম চাৰে, তোমাক সোনকালেই কামত যোগদিবলৈ কৈছে, চি.বি.আইৰ কেছটো তেওঁ মেনেজ কৰিব”!
ৰিণ্টুমণি-” ছাৰ, ধন্যবাদ। কিন্তু মই যে চাকৰিটো ঘূৰাই পালোঁ, এই কথাটো ৰাজহুৱা হোৱাটো নিবিচাৰোঁ। চি.বি.আই ৰ কেছটো এটা বাহানা হে আছিল মোৰ, মই নিজেই সেইটো কেছ কৰাইছিলোঁ, যাতে মই চাস্পেণ্ড হৈ থাকো আৰু নিজৰ মতে মোৰ তদন্ত আগ বঢ়াব পাৰো। মই ইতিমধ্যেই যোৱা এবছৰে বহুত খিনি তথ্য প্ৰমাণ সংগ্ৰহ কৰিলোঁ আৰু এই সকলো অপৰাধৰ মূল নায়ক কেইজনৰ ওচৰ পাওঁ পাওঁ হৈছোঁ। গতিকে মোক আৰু মাত্ৰ এমাহৰ সময় দিয়ক আৰু মোৰ প্ৰিয় আৰু বিশ্বাসী দুজন মানক লৈ এটা টিম গঠন কৰি বাকী খিনি কাম কৰাৰ ব্যৱস্থা কৰি দিয়ক।
মানস শইকীয়া-“ঠিক আছে, তোমাৰ মতেই হওক তেন্তে। কিন্তু যিমান পাৰি সোনকালে কৰা। আৰু কোন কোন অফিচৰ তোমাৰ টিমত লব বিচাৰা লৈ কামত লাগি যোৱা।”
ৰিণ্টুমণি- ধন্যবাদ ছাৰ।
দুয়োজনে হেণ্ড শ্বেক কৰে। কেমেৰা বন্ধ হয়।

দৃশ্য -৭
এই দৃশ্যত ৰিণ্টুমণিক নিজৰ টিমত লোৱা লগৰ বন্ধু কেইজন সোনটো ৰঞ্জন বৰুৱা, অশোক হুজুৰি, ধুৰজ্যোতি কাকতি, সৌৰভ শৰ্মাৰ সৈতে নিজৰ গোপন লেবত দেখা যাব। তেওঁলোকৰ সন্মুখত ইমান দিনে ৰিণ্টুমণিয়ে নিজাকৈ কি কি ইনভেচটিগেছন কৰিলে আৰু কি কি তথ্য প্ৰমাণ ইতিমধ্যে পালে জনাব।
চাৰি জন মানুহেই গুৱাহাটীৰ লগতে অসমৰ প্ৰায় ঠাইতেই সন্ত্ৰাসৰ মূল কাৰণ।
১) অভিজিত কলিতা: ভূমি মাফিয়া
২) দেৱজিৎ শৰ্মা: ড্ৰাগ আৰু মেডিকেলৰ মাফিয়া
৩) তবিবৰ ৰহমান: অস্ত্ৰ আৰু ভাড়াতিয়া গুণ্ডা সৰবৰাহকাৰি
৪) শংকৰ জ্যোতি: ফাঁচিবজাৰ ছিণ্ডিকেট চক্ৰৰ মূল মানুহ
সকলো খিনি তথ্যৰ ডিটেইলছ প্ৰজেক্টৰৰ সহায়ত ডাঙৰ স্ক্ৰীনত দেখুওৱা হ’ব। তেওঁলোকে কথা পাতে যে- এই সকলক আগতে বহু বাৰ গ্ৰেপ্তাৰ কৰা হৈছে যদিও গ্ৰেপ্তাৰ কৰাৰ অলপ সময় পাছতেই ওপৰৰ পৰা অৰ্ডাৰ আহে আৰু এওঁলোকক পুলিচে এৰি দিব লগীয়া হয়। এইবাৰ কিন্তু ইমান খিনি তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে যেতিয়া এওঁলোকক এৰা নহব।
ৰিণ্টুমণি- “সেইটোৱেই মই কবলৈ লৈছোঁ। এই কেইজনৰ ওপৰত কাৰ হাত আছে, আমি তেওঁক প্ৰথমে চিনাক্ত কৰি সেই হাত আঁতৰাই লৈ হে বাকী কামত আগ বাঢ়িম।
তোমালোক মোৰ বিশ্বস্ত, সেই বাবেই মই তোমালোকক লৈছোঁ টিমত। তোমালোকে ২৪ ঘণ্টাই এই কেইজনৰ ওপৰত নজৰ ৰাখা আৰু বাকী কাম মই কৰি আছো।”

সকলোৱে বিদায় লৈ কামে কামে লাগি যায়।

দৃশ্য -৮
কলেজ এখনৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত মুখ্য অতিথিৰ ৰূপত
ড: ৰামানুজক দেখা যাব। প্ৰিন্সিপালে সকলোৰে আগত তেখেতক চিনাকি কৰাই দিব। তেখেতে ইতিমধ্যে কিমান বিলাক নতুন নতুন বেমাৰৰ দৰৱ আৱিষ্কাৰ কৰি দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সকলোকে কব আৰু লগতে কব এইবাৰ ভাৰত ৰত্নৰ বাবেও ডঃ ৰামানুজৰ নাম মনোনীত হোৱাৰ কথা আছে। সকলো ছাত্ৰ ছাত্ৰীয়ে হাত চাপৰি বজাই। ইয়াৰ পাছতেই ডঃ ৰামানুজে ভাষণ দিব, আৰু কব কেনেকৈ তেওঁ কিবা এটা কাম আৰম্ভ কৰিলে শেষ নকৰা লৈকে নেৰে। খোৱা বোৱা পৰ্য্যন্ত কৰিবলৈ তেওঁ পাহৰি যায়, যাৰ বাবে আজি তেওঁ এই পজিছন পাইছেহি। ছাত্ৰ সকলকো তেওঁ অধ্যৱসায়ী হবলৈ উপদেশ দিব, সকলোৱে আকৌ হাত চাপৰি বজাব।

তেনেতে ডঃ ৰামানুজে এটা ফোন কল ৰিচিভ কৰা দেখা যাব আৰু তাতেই দৃশ্য সমাপ্ত হ’ব।

(এই খিনিতেই ইণ্টাৰভেল হ’ব)

বিৰতিৰ সময়ত ষ্টাৰ চিমেন্টৰ বিখ্যাত এড টো দৰ্শকৰ মূৰৰ কামোৰণি হোৱাকৈ একেৰাহে কেইবাবাৰো দেখুওৱা হ’ব। তাৰ পাছত পৰৱৰ্ত্তী দৃশ্য আৰম্ভ হ’ব।

দৃশ্য-৯

এটা মেডিকেল লেবৰ দৃশ্য দেখা যাব। তাৰ বাহিৰৰ কোঠাটোৰ চোফাত বন আৰু স্বাস্থ্য মন্ত্ৰী বিজয় মহন্তৰ সৈতে বহি থাকিব- অভিজিত কলিতা, দেৱজিৎ শৰ্মা,তবিবৰ ৰহমান আৰু শংকৰ জ্যোতি।

ইতিমধ্যে এই কেইজন একেলগ হৈ মন্ত্ৰী বিজয় মহন্তক লগ ধৰিবলৈ যোৱাৰ খবৰ পাই ৰিন্টুমণি ও মনে মনে তাত উপস্থিত হয়। এই কেইজন লিফ্টত উঠাৰ সময়তেই লিফ্টমেনৰ বেশত থকা ৰিন্টুমণিয়ে মনে মনে এটা ক্ষুদ্ৰ মাইক্ৰফোন অভিজিত কলিতাৰ পকেটত সুমুৱাই দিব। দূৰৰ পৰাই এটা মাইক্ৰফোনৰ সহায়ত ৰিন্টুমণিয়ে তেওঁলোকৰ বাৰ্তালাপ ব্লুটুথ হেডফোনৰ সহায়ত শুনি থাকিব আৰু লগতে ৰেকৰ্ড কৰিও থাকিব।

তেওঁলোকৰ মিটিং শেষ হোৱাৰ সময়তেই এগৰাকী সুন্দৰী যুৱতী তালৈ সোমাই আহিব আৰু ডঃ ৰামানুজক গবা মাৰি ধৰিব। ৰিণ্টুমণিয়ে গোপন কেমেৰাৰে সেই যুৱতী গৰাকীৰ ফটো উঠাব আৰু কোনেও গম নোপোৱাকৈ সেই ঠাইৰ পৰা প্ৰস্থান কৰিব।
(দৃশ্য সমাপ্ত)

দৃশ্য-১০

ৰিণ্টুমণিক তেওঁৰ লেবৰ ভিতৰত চিন্তিত অৱস্থাত অকলে বহি থকা দেখা যাব। তেনেতে ফোনটো বাজিব, গিতালীৰ ফোন। গিতালী বৰ্তমান চি.আই.ডিৰ ফৰেণ্সিক লেবত কৰ্মৰত। দেউতাকৰ মুখেৰে তাই ৰিণ্টুমণিয়ে চাকৰি ঘূৰাই পোৱাৰ খবৰটো জানিব পাৰি, তেওঁক আগতে নজনোৱা বুলি অভিমান কৰিব।
ৰিণ্টুমণিয়ে বহুত বুজাবলৈ চেষ্টা কৰিব, আৰু ক’ব যে তেওঁ বৰ্তমান বহুত বিপদজনক কামত গোপনে লাগি আছে। গিতালীয়ে বহুত সোধাৰ পাছত তেওঁক সকলো খিনি ক’ব। গিতালীয়েও সহায় কৰিবলৈ বিচাৰিব। তেতিয়া ৰিণ্টুমণিয়ে গোপন কেমেৰাৰে তুলি অনা ফটো খন গিতালীলৈ মেইল কৰিব। সেইখন দেখিয়েই তাই কব, সেই জনী তাইৰ ভাল বান্ধৱী ডলি, যাৰ অলপ দিন আগতে ডঃ ৰামানুজৰ লগত বিয়া ঠিক হৈছে আৰু তাই বৰ্তমানৰ চি.এম হেমন্ত কাকতিৰ ছোৱালী।
তেনেতে ৰিণ্টুমণিৰ টিম মেম্বাৰ কেইজন আহি পাব। ফোন কাটি ৰিণ্টুমণিয়ে
তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিব।

ৰিণ্টুমণি- কালি মই কি কি খবৰ সংগ্ৰহ কৰিলোঁ শুনা। সেই বুলি তেওঁ ৰেকৰ্ডিং কৰি অনা আগ দিনাৰ মিটিং খনৰ সমগ্ৰ বাৰ্তালাপ তেওঁলোকক শুনাব।

ৰিণ্টুমণি- “ডঃ ৰামানুজয়েই এই সমগ্ৰ ঘটনাৰ মূল খলনায়ক। কিন্তু তেওঁ সমাজৰ আগত যি মুখা পিন্ধি আছে তাৰ বাবে তেওঁক কোনো মতেই গ্ৰেপ্তাৰ কৰা সম্ভৱ নহয়। তেওঁ আচলতে এজন প্ৰকৃত ক’লা ব্যৱসায়ী। তেওঁ নিজেই বেমাৰৰ ভাইৰাছ বিলাক উদ্ভাৱন কৰে আৰু নিজেই তাৰ দৰৱ উলিয়াই বজাৰত দেৱজিত শৰ্মাৰ সহায়ত বিক্ৰী কৰে। অসমৰ বাহিৰৰ পৰা কম দামত বেলেগ দৰৱ অহাতো এই চক্ৰটোৱে বাধা দিয়ে। আণ্ডাৰ মেট্ৰিক দেউতাক বিজয় মহন্ত যিহেতু একো নজনা এজন হোলা ভাই মোলা মানুহ, গতিকে কাৰ্য্য ক্ষেত্ৰত বৰ্তমান সময়ত স্বাস্থ্য আৰু বনমন্ত্ৰী ডঃ ৰামানুজ নিজেই। বনাঞ্চল সমূহো অভিজিত কলিতাই ডঃ ৰামানুজৰ নিৰ্দেশতেই কাটি মুকলি কৰি মাটি বিক্ৰী কৰি গৈছে। ইয়াৰ লগতে কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ বিক্ৰী কৰাৰ বাবেও সাহস পাইছে তবিবৰৰ মানুহ খিনিয়ে। বৰ্তমান সময়ত ভাৰতৰ গণতান্ত্ৰিক চৰকাৰ একো একো জন ব্যৱসায়ীৰ হাতৰ মুঠিত। আৰু অসমৰ এই ব্যৱসায়ী জনেই হ’ল ডঃ ৰামানুজ, যি আনৰ চকুত ডঃ ৰামানুজ হৈ বাহঃ বাহঃ লুটি আছে আৰু অসম খন তেওঁৰ মতেই চলাই আছে। কোনোবা তেওঁৰ মতে নচলিলেই হয় এই চাৰিজন হতুৱাই তেওঁক টকাৰে কিনি পেলাইছে, নাইবা তেওঁক হত্যা কৰাইছে। পিছে সকলোতকৈ ডাঙৰ কথা ৰামানুজে নিজৰ ইমেজ কেতিয়াও বেয়া হ’বলৈ নিদিয়ে। অপৰাধ কৰাৰ পাছত কেতিয়াও কোনো ক্লু তেওঁ নাৰাখে। আৰু এতিয়া তেওঁ চি.এম ছাৰ একেবাৰে বিশ্বাসী হৈ পৰি তেওঁৰ জোঁৱাই হ’বলৈও ওলাইছে। সেইয়া হ’লে, অসমৰ বাবে তাতকৈ বেয়া একোৱেই নহ’ব। তেওঁৰ মুখা খোলা অসম্ভৱ হৈ পৰিব।”
এইখিনি কোৱাৰ পাছত ৰিণ্টুমণিয়ে সকলোৰে মুখলৈ চাব তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ। তেওঁলোকৰ মাজত পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে বহু খিনি কথা আলোচনা হ’ব…কথা খিনি মিউৎ কৰি দেখুওৱা হ’ব।
(দৃশ্য সমাপ্ত)

দৃশ্য-১০

ৰিণ্টুমণি আৰু গিতালীক এখন ৰেষ্টোৰাত একেলগে হাতত হাত থৈ কথা পাতি থকা দেখা যাব। গিতালীয়ে তেওঁলোকৰ বিয়াৰ কথা উলিয়াব। কিন্তু ৰিণ্টুমণিয়ে ক’ব, যে বৰ্তমান তেওঁৰ যি লক্ষ্য, সেইয়া হল ডঃ ৰামানুজৰ বৰবাদী। তাৰ পাছত হে তেওঁ বিয়াৰ কথা চিন্তা কৰিব। গিতালীয়ে মুখ ওফোন্দাই এপাচি মান কৰিব। তেনেতে ৰিণ্টুমণিৰ ফোন এটা আহিব।
গিতালীক বাই কৈ তেওঁ ততাতৈয়াকৈ তাৰ পৰা ওলাই যাব। গিতালীৰ দুখত চকুলো বৈ যাব।

আন এটা ফ্ৰেমত মন্ত্ৰী বিজয় মহন্তৰ গাড়ী চালক হিতেশ্বক দেখুৱাব। তেওঁৱেই ৰিণ্টুমণিক ফোন কৰিছিল। হিতেশ্ব আগৰ পৰাই ৰিণ্টুমণিৰ বিশ্বস্ত তথা চিক্ৰেট এজেন্ট। হিতেশ্বে একো নোকোৱাকৈ ৰিণ্টু মণিৰ হাতত এটা মোবাইলৰ মেমৰি কার্ড দি আঁতৰি যায়।
(দৃশ্য সমাপ্ত)

দৃশ্য-১১
ৰিণ্টুমণিয়ে নিজৰ লেবৰ কম্পিউটাৰত মেমৰি কাৰ্ড খন লগাই চায়। তাত ডঃ ৰামানুজে তবিবৰৰ সৈতে কথা পতাৰ দৃশ্য আছিল। য’ত ডঃ ৰামানুজে হ’ব লগীয়া শহুৰ তথা চি.এম হেমন্ত কাকতিক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচি আছিল। ডঃ ৰামানুজে ইতিমধ্যেই তেওঁৰ গোপন সূত্ৰৰ পৰা গম পাইছে হেমন্ত কাকতিয়ে ৰিণ্টুমণিক চাকৰি ঘূৰাই দি অপৰাধ নিবাৰণত বেয়াকৈ লাগিছে, গতিকে নিজৰ মুখা খোল খোৱাৰ ভয়ত ডঃ ৰামানুজে হেমন্ত কাকতিক ৰাস্তাৰ পৰা আঁতৰাই দেউতাক বিজয় মহন্তক পৰৱৰ্তী চি.এম বনোৱাৰ পৰিকল্পনা কৰিছে।

তেনেতে কোঠাটো লৈ দেউতাক বিজয় মহন্ত সোমাই আহে। তেওঁ ইতিমধ্যেই সকলো শুনিলে।
বিজয় মহন্ত- “বাবা, এইবোৰ তহঁতে কি কৰিবলৈ লৈছ? হেমন্ত কাকতি ছাৰ বহুত ভাল মানুহ। তেওঁৰ বাবেই আজি আমাৰ ইমান ভাল অৱস্থা হৈছে। মনত নাই, তই সৰুতে আমাৰ কি অৱস্থা আছিল? আৰু তই আজি তেওঁকেই হত্যা কৰিবলৈ বিচাৰিছ? মই এইটো কেতিয়াও হ’বলৈ নিদিওঁ, মই তেওঁ দিয়া হাঁহ খাই থৈছো। মই তেওঁৰ আগত তোৰ ষড়যন্ত্ৰৰ কথা সকলো কৈ দিম।
ডঃ ৰামানুজ- আপুনি সেই বিলাকত আপোনাৰ ঘৰচিৰিকাৰ সমান অকণমানি মাঠাটো মাৰিব নালাগে। তেওঁৰ বাবে আজি আপোনাৰ এইটো অৱস্থা হোৱা নাই, মোৰ মতে সকলো কৰি যোৱাৰ বাবে হে হৈছে। কোন সময়ত কি কৰিব লাগে মই বহুত ভালকৈয়ে জানো। আৰু তেওঁ কিমান ভাল মানুহ আপুনি মোক বুজাব নালাগে। তেওঁৰ মৃত্যুৰ পাছত আপুনিয়েই নেক্সত চি.এম হ’ব, মই সকলো ব্যৱস্থা কৰিম। আৰু তেওঁৰ একমাত্ৰ ছোৱালী ডলিক বিয়া কৰাই তেওঁৰ সমস্ত সম্পত্তিৰো মই মালিক হ’ম।

বিজয় মহন্তই পুতেকৰ আগত প্ৰতিবাদ কৰি যাব। এসময়ত ডঃ ৰামানুজ অতিষ্ঠ হ’ব। তেওঁ তবিবৰক ক’ব যেতিয়ালৈকে হেমন্ত কাকতিক হত্যা কৰা নহয় তেতিয়ালৈ দেউতাক বিজয় মহন্তক চন্দ্ৰপুৰৰ ফাৰ্ম হাউচটোত বন্দী কৰি ৰাখিবলৈ। সেই মতেই বিজয় মহন্তক তবিবৰৰ মানুহে ধৰি লৈ যোৱা দেখা যাব। ডঃ ৰামানুজে তবিবৰক আৰু ক’ব যে, তেওঁৰ স্বাৰ্থ সিদ্ধিত অহা কোনো হেঙাৰ তেওঁ সহ্য নকৰে, লাগিলে সেইয়া তেওঁৰ দেউতাকেই কিয় নহওঁক। দেউতাই যদি মোৰ কথা নামানে, তেন্তে মই তেওঁকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিম।

তেনেতে মানস শইকীয়াৰ ফোন আহিব, তেখেতে খবৰ দিব যে ইতিমধ্যে তেওঁলোকৰ ইনফৰ্মাৰ হিতেশ্বৰ এটা কাৰ এক্সিডেন্টত মৃত্যু হৈছে। ৰিণ্টুমণিৰ বুজিবলৈ বাকী নাথাকিল যে কোনে এই কাম কৰাইছে! সকলোৱে মিলি শপত ল’ব অতি সোনকালেই সকলোকে কৰায়ত্ব কৰি এই হত্যাৰ প্ৰতিশোধ লোৱা হ’ব।
(দৃশ্য সমাপ্ত হ’ব)

দৃশ্য-১২
চন্দ্ৰপুৰৰ ফাৰ্ম হাউচত কঠোৰ নিৰাপত্তাৰ মাজত বিজয় মহন্তক বন্দী কৰি থোৱা দেখা যাব।

ৰিণ্টুমণি, অশোক হুজুৰি, ধুৰ্যতি আৰু সোণতোৱে সন্তৰ্পনে হাবিৰ মাজে মাজে আগ বাঢ়িব। তবিবৰৰ ভাড়াতিয়া গুণ্ডা বিলাকক তেওঁলোকে মনে মনে এটা এটা কৈ ডিঙি পকাই পকাই মাৰি যোৱা দেখা যাব। শেষত গৈ দহটা পালোৱান টাইপ গুণ্ডাৰ লগত ফাইটিং চিন হ’ব। ৰিণ্টুমনিয়ে উৰি উৰি চাইড কিক, ৰাউণ্ড কিক মাৰি সকলোকে ধৰাসায়ী কৰিব। আৰু শেষত মন্ত্ৰী বিজয় মহন্তক তেওঁলোকে উদ্ধাৰ কৰি আনিব। বিজয় মহন্তই তেওঁলোকৰ শলাগ ল’ব।
(দৃশ্য সমাপ্ত)

দৃশ্য-১৩
চি.এম হেমন্ত কাকতিৰ ঘৰৰ দৃশ্য দেখা যাব। তাতেই ৰিণ্টুমণি আৰু লগৰ কেইজন সৈতে বিজয় মহন্তক দেখা যাব। বিজয় মহন্তই ফেঁকুৰী ফেঁকুৰী সকলো খিনি কথা হেমন্ত কাকতিৰ আগত ক’ব। কেনেদৰে নিজ পুত্ৰ ৰামানুজে হেমন্ত কাকতিক হত্যাৰ ষড়যন্ত্ৰ কৰিছে আৰু প্ৰয়োজনত যে তেওঁকো হত্যা কৰাৰ কথা ভাবিছে সকলো ক’ব। আৰু ৰিণ্টুমণি হঁতৰ প্ৰশংসা ও কৰিব। লগতে এটা পেন ড্ৰাইভ সকলোৰে সন্মুখত দিব য’ত ডঃ ৰামানুজৰ ক’ত ক’ত আৰু কি কি বেয়া কাম হৈছিল বা হৈ আছে সকলো ৰেকৰ্ড আছে, যিটোৱে তেওঁৰ পুত্ৰৰ লগতে সমগ্ৰ চক্ৰটোক কোৰ্টত শাস্তি দিয়াবৰ বাবে যথেষ্ট হ’ব।

তেনেকুৱাতে অকস্মাত হাতত উদ্যত পিষ্টল লৈ কনিষ্টবলৰ ভেষত এজন লোক কোঠাটোলৈ সোমাই আহি চি.এম ক লক্ষ কৰি গুলি চলাব। ৰিণ্টুমনিয়ে চি.এম ক ঠেলি আঁতৰাই গুলি নিজে বুকু পাতি ল’ব।
(দৃশ্য সমাপ্ত)

দৃশ্য-১৪
বাতৰি কাকত, নিউজ চেনেল সকলোতে ডাঙৰ ডাঙৰ কৈ নিউজ ওলাব, চি.এম হেমন্ত কাকতিৰ ওপৰত আত্মঘাটি হত্যাকাৰীৰ আকস্মিক আক্ৰমণ। চি.এম ৰ কথমপি প্ৰাণ ৰক্ষা। সাহসী পুলিচ বিষয়া ৰিণ্টুমণিৰ অৱস্থা সংকট জনক।

গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা চাৰিজন কুখ্যাত লোক অভিজিত কলিতা, তবিবৰ ৰহমান, দেৱজিত শৰ্মা আৰু শংকৰ জ্যোতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এই সকলৰ “বছ” অৰ্থাৎ মূল খলনায়ক ডঃ ৰামানুজ, যি জনে সদাই সমাজৰ আগত ভদ্ৰতাৰ মুখা পিন্ধি থাকে তেওঁক বিচাৰি আৰক্ষীয়ে সকলো ফালে জোৰ দাৰ তদন্ত কৰি আছে। বাছ আস্থানৰ পৰা এয়াৰ পোৰ্ট লৈ কে সকলোতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
(দৃশ্য সমাপ্ত)

দৃশ্য-১৫
ৰিণ্টুমণিৰ অস্ত্ৰোপচাৰ হৈ যাব যদিও অৱস্থা সংকট জনক বাবে আই.ছি.ইউ ত ৰখা হ’ব। বাহিৰত গিতালী কান্দি কাতি বিয়াকুল হৈ থাকিব। লগত ডলি বহি থাকিব আৰু গিতালীৰ মূৰত হাত বুলাই সান্তনা দি থাকিব। ৰিণ্টুমণিৰ হুঁচ অহা বুলি ডাক্তৰে কোৱাৰ লগে লগে গিতালী দৌৰি যাব আৰু ৰিণ্টুমণিক সাৱতি ধৰিব।
ৰিণ্টুমনিয়ে ক’ব, “নাকান্দিবা সোণ, তোমাক এৰি মই ক’তো নাযাওঁ। হস্পাতালৰ পৰা ওলায়েই আমি বিয়া কৰাম। হবনে?”
তেতিয়াহে গিতালীৰ মুখত হাঁহি বিৰিঙিব।

তেনেকুৱাতেই চি.এম হেমন্ত কাকতিও তাত উপস্থিত হবহি, লগত কন্যা ডলি। তেওঁ ইতিমধ্যে ৰিণ্টুমণিৰ বিষয়ে সকলো গম পাইছে। তেওঁ ৰিণ্টুমণিক জন্মৰ সময়ৰ দুৰ্ঘটনাটোৰ কথা ক’ব আৰু ক্ষমা বিচাৰিব। ৰিণ্টুমনিয়েও ক’ব যে তেওঁ কেতিয়াও এই বিষয়ে ভবাই নাছিল কিয়নো অনাথ আশ্ৰমত সৰুৰে পৰাই তেওঁৰ কোনো অসুবিধাই হোৱা নাছিল।
তেতিয়া হেমন্ত কাকতিয়ে ৰিণ্টুমণিক আঁকোৱালি ল’ব আৰু আজিৰ পৰা ডলি আৰু তুমি দুয়োটাই মোৰ সন্তান বুলি ক’ব।
(দৃশ্য সমাপ্ত)

শেষ দৃশ্য-

গুৱাহাটীৰ এখন অভিজাত হোটেলৰ বন্ধ কোঠাৰ ভিতৰত ডঃ ৰামানুজৰ নিথৰ মৃতদেহ উদ্ধাৰ হোৱা দেখা যাব। পুলিচে প্ৰথমে এইটো হত্যাকাণ্ড বুলিহে সন্দেহ কৰিব যদিও ফৰেঞ্চিক ৰিপোৰ্ট আৰু ডঃ ৰামানুজে লিখি থৈ যোৱা চুইচাইড নোটটোৰ পৰা এইকথা স্পষ্ট হৈ পৰিব যে- সমাজৰ আগত পিন্ধি থকা ভদ্ৰতাৰ মুখাখন খোল খাই তেওঁৰ আচল স্বৰূপটো ওলাই যোৱাৰ বাবে অত্যন্ত লজ্জিত হৈয়েই তেওঁ এই পথ বাছি ল’লে।

এক ক’লা অধ্যায়ৰ ইমানতে অন্ত পৰিল বুলি সকলোৱে স্বস্তিৰ নিশ্বাস এৰিব।

(সমাপ্ত)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *