ফটাঢোল

এক কোটি বছৰ তোমাক দেখা নাই – অনুবাদঃ ছা-হা-বা হাৰ্টি (মূলঃ মহাদেব সাহা)

এক কোটি বছৰ হ’ল তোমাক দেখা নাই
এবাৰ তোমাক চাবলৈ পাম
এই নিশ্চয়তাটো পালে-
বিদ্যাসাগৰৰ দৰে মইও সাঁতুৰি পাৰ
হ’ম ভৰা দামোদৰ
… কেইবা হাজাৰবাৰ পাৰ হ’ম ইংলিশ চেনেল;
তোমাক এবাৰ চাবলৈ পাম এই ভৰসা পালে
অনায়াসে অতিক্ৰম কৰিম এই কাৰাগাৰৰ প্ৰাচীৰ,
গুচি যাম নাগৰাজ্য পাতালপুৰীত
কিংবা বোমাৰু বিমান উৰা শঙ্কিত চহৰত।
যদি জানো তোমাক এবাৰ চাবলৈ পাম তেতিয়াহ’লে উত্তপ্ত মৰুভূমি
অনায়াসে খোজকাঢ়ি পাৰ হ’ম,
কাঁটাতাৰ পাৰ হ’ম সহজতে,
লোকলজ্জা পাহৰি গুচি যাম যিকোনো সভাত,
নতুবা পাৰ্ক আৰু মেলাত;
এবাৰ চাবলৈ পাম মাথোঁ এই আশ্বাস পালে
পৃথিৱীৰ এইখিনি দূৰত্ব মই ক্ষিপ্ৰতাৰে পাৰ হ’ম।
তোমাক দেখিছোঁ কেতিয়া, সেই তাহানিৰ কোনো এক বৃহস্পতিবাৰ
আৰু এক কোটি বছৰ হ’ল তোমাক দেখা নাই।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *