লটিঘটি–ৰিতন বৰুৱা
নাম মনসিং বাহাদুৰ। নাম যেনে বাহাদুৰ কথাও তেনে বাহাদুৰ। লগত জড়িত থাকে সোমৰসেৰে ভৰপুৰ গল তিতি। কথাত পানী নসৰকা বিধৰ। ভালৰ বিপৰীত ফালে গতি কৰা বিধৰ কথাৰ ফুলজাৰি মাৰিব পৰা। কোনোবাই ধেমালিতে হ’লেও অলপ জুকাই ল’লে হলেই আৰু তেওঁক কিবাই নোখোৱাকৈ আশীৰ্বাদ দিব পাৰে। সেইজনা বাহাদুৰ ভাইৰে এটি কাহিনী কওঁ আজি।
মনসিঙৰ ঘৰলৈ কিছুদিন তাঁতবাটি কৰি কৰি জীৱনবীমাৰ এজেণ্ট এজনে এখন জীৱনবীমাৰ পলিচি ক্ৰয় কৰালে। পলিচি ক্ৰয় কৰিলে ভালেই হ’ল কিবা এটা সুৰক্ষা আহিল জীৱনৰ। কিছুবছৰ পলিচি চলোৱাৰ পিছত হঠাতে কেনেবাকৈ মূল কাগজখনকে হেৰুৱাই পেলালে। এইবাৰ পাল পৰিল বাহাদুৰ ভাইৰ এজেন্সীৰ ঘৰলৈ তাঁতবাটি কৰাৰ। দুদিনমান অহা যোৱা কৰাৰ পিছত এজেণ্টজনে উপদেশ দিলে যে কাৰ্যালয়ৰ দ্বাৰস্থ হ’ব লাগিব। কথামতেই কাম, ওলাল এদিন বাহাদুৰ মূল কাৰ্য্যালয়লৈ বুলি। প্ৰথম দিনা কাৰ্যালয়ৰ দ্বাৰস্থ হৈ কথাটো জনালত সহায়ক এজনে ক’লে যে আজি আমাৰ মহাশয় ( চাৰ ) নাই আপুনি কালিলৈ আহক। বাহাদুৰেও ভাবিলে হয় কথাটো চাৰ নহ’লে কেনেকৈ কাম হ’ব। সেইকাৰণে ঘূৰি আহিল। দ্বিতীয় দিনা পুৱা আকৌ গল কাৰ্য্যালয়লৈ বুলি, দিনৰ আধাখিনি সময় বহাৰ পিছত মহাশয় আহিল, বাহাদুৰেয়ো সকলো কথা আঁতিগুৰি কোৱাত মহাশয়ে আবেদন পত্ৰৰ লগতে ৰছিদ আদি জমা দিবলৈ ক’লে। কিন্তু বাহাদুৰে কোনো ধৰণৰ কাগজ পত্ৰ লগত লৈ নোযোৱাৰ বাবে সেই দিনাও ঘূৰি আহিব লগীয়া হ’ল ।
তৃতীয় দিনা সকলো কাগজ পত্ৰ সামৰি শোতৰি আকৌ কাৰ্য্যালয় পালেগৈ। মুখীয়ালজনক লগ কৰিলত তেওঁ ক’লে যে মোৰ অলপ কাম আছে এতিয়া নহ’ব, আপুনি ভাত পানী খাই বৈ আজৰি হৈ আহক।
বাহাদুৰে ভাৱিলে, আহ বৰ ভাল কথা। চাৰে নিজেই মোক খাই বৈ আহিবলৈ কৈছে যেতিয়া কি চিন্তা। তাকে ভাবি আৰু ৰৈ থকাৰ সকাম নাই বুলি মাৰি দিলে ভাতে পানীয়ে ( সোমৰসেৰে ) সমানে। খাই বৈ বাহাদুৰৰ গাল টুলটুলীয়া, মুখত মলমলীয়া গোন্ধ লৈ পুনৰ ওলাল গৈ কাৰ্য্যালয়ত। মহাশয়জনৰ ওচৰ চাপি আহিলত মুখৰ মাতত গোন্ধ পাই থাকিব নোৱাৰা অৱস্থা হ’ল।
মহাশয়: আপুনি সেইসোপা খাই কিয় অফিচলৈ আহিছে ?
বাহাদুৰ: আপুনিহে মোক খাই বৈ আহিবলৈ কৈছিল।
মহাশয়: আপোনাক ভাতহে খাই আহিবলৈ কৈছিলোঁ। সেইসোপা খাই আহিবলৈ কোৱা নাছিলোঁ।
বাহাদুৰ: মই কি জানো, ভাত পানী মানে আমি ভাতৰ লগত ইটো খোৱাৰ কথাই জানো।
পলিচি বিক্ৰীৰ সময়ত বহুত ভাল ভাল কথা, এতিয়া অলপ কামৰ বাবে তিনি চাৰি দিন দৌৰি আছোঁ আদি কৰি জীৱন বীমাৰ চৌধ্য পুৰুষ উজাৰি আশীৰ্বাদ দিলে।
এইদৰে দুয়ো তৰ্কাতৰ্কি লাগি এনে পৰ্য্যায় পালেগৈ যে শেষত মহাশয়ে উপায়ান্তৰ হৈ ৰঙা টুপীধাৰী শান্তি ৰক্ষক মোমায়েকৰ ঘৰলৈ ফোন কৰিব লগীয়া হৈছিল। মোমাইহঁতে বাহাদুৰ আলহীক আথেবেথে নি তিনি চাৰি ফুটীয়া সুন্দৰ কোঠালীটোত স্থান অধিকাৰ কৰিবলৈ আগবঢ়াই দিলে। বাহাদুৰ ভায়ে মুখৰ ভিতৰতে কিবা কিবি ভোৰভোৰাই কোঠালিটোৰ সৌন্দৰ্য্যবৰ্ধন বঢ়াই তুলিলে। তিনি চাৰি ঘণ্টামান সেই কোঠালিটো সৌন্দৰ্য্যবৰ্ধন কৰি থকাৰ পিছত, গৃহস্থৰ ঘৰৰ বৰমূৰীয়াজন আহিল। তেখেত অলপ হৃদয়বানলোক আছিল বাবে কোঠাটোৰ পৰা উলিয়াই ভালকৈ সোধা পোছা কৰাত বাহাদুৰে সকলো কথা বিবৰি ক’লে। বৰমূৰীয়াজনে সকলো কথা চালি জাৰি চাই বুজিলে যে আলহীজন নিৰক্ষৰ আৰু ভুল বুজাবুজি হোৱাৰ বাবেই কথা ইমানখিনি পালেগৈ। বৰমূৰীয়াজনে বাহাদুৰক বহুৱাই লৈ ভালকৈ বুজাই মেলি দিলে আৰু ক’লে, যিহেতু আপোনাক আমাৰ মানুহে ইয়ালৈ আনিছিল, গতিকে আপোনাক ইয়াৰ পৰা আমাৰ মানুহে নি গাড়ীত উঠাই আহিব। নহ’লে বাটত আপোনাৰ কিবা হ’লে আমাৰ ওপৰতে দোষ পৰিব। বাহাদুৰেও ৰঙা টুপীয়ে লগত নি গাড়ীত উঠাই থৈ অহাটো মনে নিবিচাৰিলেও বৰমূৰীয়াজনক একো ক’ব নোৱাৰি তেনেকৈ যাবলৈ মান্তি হ’ল। ইতিমধ্যে বাহাদুৰৰ সেইকণৰ ৰাগিও পলাই ফাট মাৰিছিল। ৰঙা টুপীধাৰীৰ লগত বাটত যাওঁতে বাহাদুৰৰ লাজ লাগিল। মানুহে তাক কি ভাবিব কৰবাত চুৰি কৰি পুলিচৰ হাতত ধৰা পৰিল।
লাজতে ৰঙা চিঙা পৰি ৰঙা টুপীজনক কাকূতি মিনতি কৰি ক’লে, “মই যাব পাৰিম আপুনি মোৰ লগত যাব নালাগে। আপুনি ঘূৰি যাওক গৈ।” সেই জনেও নেৰে ওপৰৱালাৰ নিৰ্দেশ তাক বাছত উঠাইহে এৰিব। নহ’লে শাস্তিৰ সন্মুখীন হ’ব লাগিব। আধা বাটতে দুয়োজন ৰৈ দিলে। মুঠতে কোনোজনেই কাৰো কথা নুশুনে। অৱশেষত টুপীধাৰীয়ে পানী খুওৱাৰ চলেৰে ফুচুলাই মেলি গাড়ীত ( ট্ৰেইনত ) বহুৱাই দিলেহি আৰু তেওঁ ঘূৰি গ’ল।
গাড়ীত উঠি বাহাদুৰ ভায়ে অলপ শান্তিৰ নিশ্বাস পেলালে। দিনটোৰ কথাবোৰ জুকিয়াই মেলি চাওঁতেই গাড়ী (ট্ৰেইন ) চলিলত বাহাদুৰক নিদ্ৰাদেৱীয়ে হেঁচি ধৰিলে গমেই নাপালে। ফলত নামিব লাগে মৰিয়নিত নামিলগৈ ডিমাপুৰত। পিছদিনা পুৱা আকৌ ওভতনি যাত্ৰা আৰম্ভ।
☆★☆★☆