শুধৰণি – অনুবাদ : পূৰবী এম কটকী (মূল কাহিনী :- হৰিশংকৰ পৰছাই)
এটা জনকল্যাণ সন্থাৰ কিছুমান সদস্যই সন্থাৰ দ্বাৰা পৰিচালিত কামত অসন্তুষ্টি প্ৰকাশ কৰিলে। কামবোৰত শুধৰণি হ’ব লাগে। সন্থাটো বৰবাদ হ’বলৈ ধৰিছে, সন্থাটোক এনেদৰে ডুবিবলৈ দিব নোৱাৰি।মুঠৰ ওপৰত সন্থাটোক ৰক্ষা কৰিব লাগে, কামবোৰত শুধৰণি কৰিব লাগে, নাইবা এই সন্থা ভংগই কৰি দিব লাগে।
সন্থাৰ অধক্ষ্যই সুধিলে, “কোন কোন সদস্যই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে?”
দহজন সদস্যই নিজৰ অসন্তুষ্টি ব্যক্ত কৰিলে।
অধক্ষ্যই ক’লে, “আমাক সকলোৰে সহযোগিতাৰ প্ৰয়োজন। সকলো যাতে সন্তুষ্ট হয়, তেনেধৰণৰ কাম কৰাহে উচিত। আপোনালোক দহজনে সন্থাত কি কি শুধৰণি বিচাৰে কৃপা কৰি কওঁকচোন।
সেই দহজন ব্যক্তিয়ে তেওঁলোকৰ মাজতেই আলোচনা কৰি যিখিনি শুধৰণিৰ কথা ব্যক্ত কৰিলে, সেইখিনি এনেধৰণৰ আছিল—-
সন্থাটোত চাৰিজন সভাপতি, এজন উপ-সভাপতি আৰু পাঁচজন মন্ত্ৰী আৰু হ’ব লাগে।
এইখিনতেই উল্লেখ কৰিবলগীয়া কথাটো হৈছে যে, দহজন ব্যক্তিয়ে সন্থাটোৰ কামত সন্তুষ্ট হোৱা নাছিল।
☆★☆★☆
11:34 am
ভাল লাগিল পঢ়ি।
9:32 am
ভাল লাগিল পঢ়ি