ফটাঢোল

পলিটিক্স নকৰিবা বন্ধু–হেমন্ত কাকতি

ঘটনাটোৱে সমগ্ৰ অসম পুলিচৰ নিদ্ৰা হৰণ কৰিছিল৷ ঘটনাৰ আৰম্ভণি হৈছিল স্বয়ং মন্ত্ৰীছাৰৰ দিচপুৰস্থিত বাসভৱনৰ পৰা দুটা twins ৰ নিৰুদ্দেশ সম্পৰ্কে অহা ফোনকল এটাৰ পৰা৷ শেষ বাৰৰ কাৰণে দুয়োকে একেলগে দেখা গৈছিল আগদিনা গধুলি৷ কিন্তু পিছদিনা ৰাতিপুৱা দুয়ো ক’ত অন্তৰ্ধ্যান হৈ আকাশ বতাহৰ লগত মিলি গ’ল কোনেও নেজানে৷

ন’ জনীয়া পৰিয়াল এটাৰ পৰা দুটা ‘মিছিং’! এতিয়া সাতটা আছে৷ ছাৰৰ ‘সুখ’ এতিয়া অতীতৰ গৰ্ভত বিৰাজমান৷ বাকী থকা সাতটাৰ সুৰক্ষাৰ ওপৰত এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নচিহ্ন উঠিছে৷

“আমি লাচিতৰ দেশৰ অসম পুলিচ ছাৰ! চাহ পানী খাই উঠি কামত লাগি আছোঁ, আপুনি নিচিন্ত থাকক ছাৰ৷” -এজন পুলিচ বিষয়াই মন্ত্ৰী ছাৰক নিৰ্ভয় দি গভীৰ আত্মবিশ্বাসৰ ভংগীত কৈ উঠিল৷

অলপ সময় পিছতে অসম পুলিচৰ তীক্ষ্ণতম আৰু সুদক্ষ অনুসন্ধানকাৰী দল এটা নিয়োগ কৰা হ’ল৷ দুজন অফিচাৰে প্ৰথমেই ক্ৰাইম চিনৰ ‘চাৰ্ভে’ কৰাত নিমজ্জিত হ’ল৷ বাগিছাখনৰ বিভিন্ন ঠাইৰ পৰা ‘ফিংগাৰ-প্ৰিণ্ট’ লোৱা হ’ল আৰু পিছফালে গৈ ঘূৰি ঘূৰি কিডনেপাৰৰ সম্ভাব্য গতিপথৰ এটা ‘পাৰফেক্ট মেপিং’ কৰা হ’ল৷ ক্ৰাইম চিনৰ আশে পাশে পোৱা পদচিহ্নবোৰৰ কিছু ফটোও লোৱা হ’ল৷ ছয় ইঞ্চিৰ ভৰিৰ খোজ মানে পদচিহ্নৰ পৰা প্ৰায় নিশ্চিত হৈছিল যে এয়া কোনোবা সৰু ল’ৰা ছোৱালীৰ কামো হ’ব পাৰে৷ পদচিহ্ন আৰু ফিংগাৰপ্ৰিণ্ট সকলো পৰীক্ষাৰ বাবে ‘ফৰেনচিক-লেব’লৈ প্ৰেৰণ কৰা হ’ল৷ পুলিচৰ ভাষ্যমতে মন্ত্ৰীছাৰৰ আগফাল পিছফালৰ চি চি টিভি ফুটেজ সকলো বিতং ভাবে পৰীক্ষা নিৰীক্ষা কৰা হ’ব৷ মুখ্য অনুসন্ধানকাৰী বিষয়াজনে পুলিচ বাহিনীক ফৰেনচিক ৰিপৰ্ট নহালৈকে কাকো মেডিয়াৰ আগত একো নক’বলৈ আৰু অচিৰেই উদ্ভৱ হ’ব পৰা যুদ্ধসদৃস পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দি গুচি গ’ল৷

পিচে সকলো খোলাকতিৰ তাল৷ দুদিনৰ মূৰতো না অপৰাধী না যজাদ্বয়ৰ শুংসূত্ৰ কিবা ওলাল৷ হতাশ হৈ দুই এজনে টিভি কেমেৰাৰ সন্মুখত নক’লেও বাহিৰত এইটোও স্বীকাৰ কৰি ক’লে যে আচলতে কেচটো ‘ডেড এণ্ড’ত আহি গৈছে৷ কাৰণ পৰিয়ালৰ বাকী থকা চাক্ষুখ সাক্ষী সাতজনৰ কোনো এজনেই কথাৰ উত্তৰ দিবলৈ অপাৰগ৷ এতিয়া তেওঁলোকৰ ওপৰতে সন্দেহ ঘনীভূত হৈছে৷ অনুসন্ধানকাৰী দলৰ সৈতে সহযোগ নকৰিলে সেই সাতজনৰ পলিগ্ৰাফ বা নাৰকো টেষ্ট ল’বলগীয়া পৰিস্থিতিও হ’ব পাৰে৷

বিস্বস্ত সূত্ৰৰ পৰা জনা গ’ল যে গোপন সূত্ৰৰ পম খেদি ওচৰৰ কেবাখনো চবজি মাৰ্কেটত ইতিমধ্যে মাজনিশা পুলিচে ৰেইদ, চাৰ্জিকেল ষ্ট্ৰাইক সকলো কৰিছে, কিন্তু ক’তো সুফল পোৱা নাই৷

মন্ত্ৰী মহোদয়ক গছজোপাৰ তলতে নীৰৱে চকুপানী মছি থকা পৰিলক্ষিত হৈছিল৷ প্ৰায় পাঁচদিন হ’ল তেওঁৰ মৰমৰ কঁঠাল দুটা নিখোজ হোৱা৷ তেওঁ পুলিচৰ এই ‘কন্সপিৰেচি থিওৰী’টো কেতিয়াও মানি ল’ব নোখোজে যে কঠাল দুটা গাইপ হোৱাত বাকী সাতটা কঁঠালৰ কিবা হাত আছে৷ বিভিন্ন দল সংগঠন আৰু বিৰোধী পক্ষৰ পৰা শোকবাৰ্তা আৰু সমালোচনাৰ ধাৰাষাৰ বৰ্ষণ হৈয়ে আছে৷ মুখ্যমন্ত্ৰী মহোদয়ে ঘটনাৰ নিন্দা কৰি কৈছে যে তেওঁৰ চৰকাৰে এই কাপুৰুষালীপূৰ্ণ কাৰ্য্যৰ কোনো পধ্যেই গ্ৰহণ নকৰে আৰু দোষীক সোনকালে কৰায়ত্ব কৰি উচিত শিক্ষা দিব৷ বিৰোধী পক্ষৰ সদস্য সকলো যথেষ্ট সৰৱ হৈ উঠিছে৷

বিভিন্ন চুৰি ডকাইতি, হত্যা বা ধৰ্ষণৰ দৰে অপৰাধৰ অনুসন্ধান বাদ দি পুলিচে সকলো শক্তিৰে নামি পৰিছে এই অনুসন্ধানত৷ ইতিমধ্যে উত্তৰ প্ৰদেশৰ পৰা আজম খানৰ নিখোজ হোৱা মহৰ অনুসন্ধানত সফলতা প্ৰাপ্তকাৰী পুলিচৰ টীম এটাও বৰঝাৰ বিমান বন্দৰত আহি পাইছেহি৷ ইউ পি আৰু অসমৰ দুইটা ঘটনাৰ মাজত এটা চকুত লগা সাদৃশ্য তেওঁলোকৰ চকুত ধৰা পৰিছে৷ দুয়োটা কেচেই মন্ত্ৰী মহোদয়ৰ ঘৰত হোৱা আৰু মাজনিশাই সংঘটিত হৈছে৷ সেইবুলি অসম পুলিচে ভগবানৰ ভৰষাও এৰি দিয়া নাই৷ এটা টীম ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনাৰ্থে নীলাচল অভিমুখে ৰাওণা হৈছে৷ চাকৰিও বচাব লাগিব নহয়৷ চহৰৰ অলিয়ে গলিয়ে, বেৰসমূহত কঁঠাল দুটাৰ চিত্ৰ আৰু সম্ভাব্য কিডনেপাৰৰ ছবি আঁৰি দিয়া হৈছে৷ কোনো সদাশয় ব্যক্তিয়ে চোৰ বা কঁঠাল দুটাৰ সন্ধান দিব পাৰিলে উচিত পুৰস্কাৰ, চাকৰি আদি দিম বুলি মন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছেই৷ পুলিচেও কোনো ত্ৰুটী কৰা নাই৷ প্ৰেছ বাৰ্তাও দিয়া হৈ গৈছে যে সকলো কঁঠালৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ গৃহমন্ত্ৰীয়ে বিধানসভাত ‘এচিওৰেন্স’ দিছে যে অকল কঁঠালেই নহয়, বাৰীত থকা বগৰী, কল, পানীলাও আদিও আজি সুৰক্ষিত অনুভৱ কৰিছে৷ একাংশ সাংবাদিকে অৱশ্যে আশ্বস্ত হ’ব পৰা নাই, তেওঁলোকৰ মতে অকল ৰাজনৈতিক ‘কানেকচন’ থকা সকলেহে এই সুবিধা পাব কিন্তু বিভিন্ন ক্ষুদ্ৰ খেতিয়কসকল আৰু অন্যান্য বহুত সংগঠনবোৰে এই সুবিধাৰ পৰা বঞ্চিত হৈছে৷ উদাহৰণ স্বৰূপে লেচুক সুৰক্ষা দিয়া হোৱা নাই৷

লেচুৰ কথা আহি পৰাত চৰকাৰ কিছু পৰিমাণে শ’লঠেকত পৰা বুলি একাংশই মত পোষণ কৰে৷ অৱশ্যে চতুৰ বুলি জনাজাত স্বাস্থ্য মন্ত্ৰীয়ে তাৰো ‘কাউণ্টাৰ আৰ্গুমেণ্ট’ বিছাৰি উলিয়াইছে৷ তেওঁৰ যুক্তিমতে লেচুৰ পৰা বাদুলিয়ে বিভিন্ন ভাইৰাছ সমাজলৈ বিয়পায়৷ লেচুৰ দ্বাৰা কি কি বেমাৰৰ সংক্ৰমণ হয় তাৰ হোৱাটচএপ যোগে অহা বাৰ্তাবোৰ উদ্দাত্ত কণ্ঠেৰে সংবাদমেল পাতি ৰাইজক অৱগত কৰিছে৷ তেওঁৰ সমৰ্থকসকলে হাত তালি বজাই তেওঁৰ গুণগানো গাইছে৷ চ’চিয়েল মেডিয়াত তাকে লৈ তেওঁৰ সমৰ্থক আৰু বিৰোধীৰ মাজত তুমুল যুক্তি যুদ্ধও হৈছে৷ মুঠতে কোনেও সেও নমনা৷

এই দুটা কোনো সাধাৰণ কঁঠাল নাছিল৷ স্বয়ং মন্ত্ৰী মহোদয়ৰ ঘৰৰ বাগানৰ কঁঠাল৷ মেডিয়াই গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে যদি স্বয়ং মন্ত্ৰীৰ ঘৰতে চুৰি কাৰ্য্য সংঘটিত হয়, সাধাৰণ ৰাইজৰ নিৰাপত্তা কেনেকৈ দিব৷

PETA ভগ্নী সংগঠন বুলি দাবি কৰা PETAK ৰ (People for Ethical Treatment on Assamese Kothal) কিছু সদস্যই বাকী থকা কঁঠালৰ লগত নগ্নহৈ ফটো উঠি বিৰোধ প্ৰদৰ্শন কৰিব বুলি ভাবুকি প্ৰদান কৰে৷ তেওঁলোকে এইটোও দাবি কৰে যে তেওঁলোকৰ লগত আৰু প্ৰায় সত্তৰটা সংগঠন আছে যিয়ে তেওঁলোকৰ এটা ‘ইছাৰা’ত আহি এই নগ্ন প্ৰতিবাদত জঁপিয়াই পৰিব৷

এই খবৰৰ আত ধৰি বলিউদ জগতৰো কিছু নিৰ্মাতা নিৰ্দেশকে আহি অসমত ভিৰ কৰেহি৷ নিৰ্মাতা চাজিদ খানে আহি ঘোষণা কৰে যে তেওঁৰ ‘ৰাণ-ৱে হিট’ ‘হাম চকাল’ৰ নেক্সট ‘চিকুৱেল’খন এই টুইন কঁঠাল দুটাৰ ওপৰতে বনাব আৰু নিৰুদ্দেশ হোৱা কঁঠাল দুটাৰ বাবে ‘বেহাৰবাৰী-আউটপোষ্ট’ খ্যাত মোহনক চান্স দিব৷

পানী মূৰৰ ওপৰেৰে বৈছে৷ অৱশেষত স্বয়ং মুখ্যমন্ত্ৰীয়ে সেও মানিলে৷ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত কৰা হ’ল৷ প্ৰায় তিনিঘণ্টাযোৰা মাৰাথন মিটিঙৰ শেষত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হ’ব নোৱাৰি এখন উচ্চস্তৰীয় কেবিনেট কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু এমাহৰ ভিতৰত কমিটিক ৰিপৰ্ট জমা দিবলৈ কোৱা হয়৷ লগে লগে প্ৰেচমীট পাতি মুখ্যমন্ত্ৰীৰ বিশেষ উপদেষ্টাই সাংবাদিকসকলক এই ঘোষণা অৱগত কৰে৷

সময় লাহে লাহে বাগৰে, এইখিনি সময়ত বিভিন্ন নতুন নতুন ‘ইচ্ছু’ আহে আৰু মন্ত্ৰী বিধায়কৰ কথাৰ ফুলজাৰীৰে সকলো ‘ইচ্ছু’এ এক সফল পৰিসমাপ্তিৰ দিশে ধাৱমান কৰা হয়৷ জনতাই পুৰণি কথাবোৰ পাহৰি পেলায় আৰু নতুন নতুন বিষয় লৈ পুনৰ চৰকাৰক দৃষ্টিগোছৰ কৰিবলৈ যত্ন কৰে৷

কিন্তু মন্ত্ৰীমহোদয়ৰ চুবুৰীয়া বিজয় মহন্তই নেপাহৰে সেই সুস্বাদু কঁঠাল দুটাৰ কোহবোৰৰ কথা৷ এদিন জেঠ মাহৰ কোনোবা এটা দুপৰীয়া বজাৰৰ পৰা অনা কঁঠাল এটা বাকলি গুছাই গুছাই শ্ৰীমতীক উৎসাহতে কয়- “বুজিছা, আগৰ সেই কঁঠাল আৰু নাই৷”

☆★☆★☆

8 Comments

  • ডলী তালুকদাৰ।

    বঢ়িয়া ।

    Reply
  • কি লিখিলে অ এইটো কাকতি দা? মানিছো আপোনাক।

    Reply
  • Jyotirupam Dutta

    PETAK ৰ কনচেপ্টটো বঢ়িয়া!! ৱাও!!

    Reply
  • Anurup Mahanta

    আগৰ সেই কঁঠাল আৰু নাই…হাঃ হাঃ

    Reply
  • হেমন্ত কাকতি

    পঢ়ি চোৱা সকলোকে বহুত ধন্যবাদ জনালো৷

    Reply
  • মিৰাজ

    বৰ মজা …

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷পুনৰ মজা ললো৷

    Reply
  • কাবেৰী মহন্ত

    আকৌ পঢ়ি মজা ললো ৷ভান লাগিল বহুত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *