সংখ্যাটোৰ আঁৰৰ কথা–চাহিন জাফ্ৰি
২০১৭ চনৰ জুন নে জুলাই মাহৰ কোনোবা এটা দিনত কোনোবাই মোক এই ‘ফটাঢোল’ নামৰ গোটটিত সোমোৱাই দিছিল। হাস্য ৰসেৰে ভৰপূৰ পোষ্ট আৰু কমেণ্টবোৰ পঢ়ি হাঁহিত বাগৰি পৰিছিলোঁ। লগতে আচৰিতো হৈছিলোঁ যে-কেনেকৈ ভাৰ্চুৱেল পৃথিৱীৰ মানুহবোৰো ইমান আপোন, ইমান মৰমৰ হ’ব পাৰে..! সকলোবোৰ যেন একোটা পৰিয়ালৰে সদস্য..। লাহে লাহে নিজেও দুই এটা পোষ্ট লিখিবলৈ ধৰিলোঁ আৰু এইদৰেই নিজে ক’ব নোৱাৰাকৈয়ে গোটটিৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰিলোঁ। ফটাঢোল সম্পৰ্কে এষাৰ কথা মই একেমুখেই স্বীকাৰ কৰিবলৈ বাধ্য যে- ‘ফটাঢোল’ মাথোঁ এটি গোট নহয়, আমাৰ সকলোৰে বুকুৰ আপোন,…আমাৰ দ্বিতীয়খন ঘৰ।
প্ৰথমৰ পৰাই ফটাঢোল ই-আলোচনীখনৰ নিয়মীয়া পঢ়ুৱৈ আছিলোঁ। অহৰ্নিশে হাঁহিৰ খোৰাক যোগোৱা আৰু উচ্চ মানদণ্ডৰ ব্যংগাত্মক লিখনিৰে সমৃদ্ধ এই আলোচনীখনৰ প্ৰতি প্ৰথমাৱস্থাতেই আকৰ্ষিত হৈছিলোঁ। এনেয়ো ব্যঙ্গ সাহিত্যৰ প্ৰতি মোৰ সাংঘাটিক দুৰ্বলতা আছিল…।
এদিনাখন হঠাৎ গোটটিৰ অভিভাৱক স্বৰূপ ফটাঢোলৰ জ্যেষ্ঠ প্ৰশাসক শ্ৰদ্ধাৰ হেমন্ত কাকতি দাদাৰ ফোন আহিল – আলোচনীখনৰ এটা সংখ্যাৰ সম্পাদনা কৰিবলৈ..। একে সময়তে গোটৰ অন্য এজন প্ৰশাসক তথা আলোচনীখনৰ মুখ্য পৰিবেশক ৰিন্টুমনি দত্তদাৰ পৰাও সেই একেই প্ৰস্তাৱ আহিল। কিন্তু সেইখিনি সময়ত মই মোৰ গৱেষণাৰ কামক লৈ ইমানেই ব্যস্ত আছিলোঁ যে অন্য কথা ভাবিবলৈ কোনো অৱকাশ নাছিল। কিন্তু তেওঁলোকেও এৰি দিয়া নাছিল আৰু দুদিন দেৰিকৈ হ’লেও সেই দায়িত্ব ল’বলৈ মোক এক প্ৰকাৰে বাধ্যই কৰোৱাইছিল। তথাপিও বহুদিন নানা বাহানা দেখুৱাই মই কামটো পিছুৱাই থাকিলোঁ…।অৱশ্যে মোৰ ব্যস্ততাৰো অন্ত পৰা নাছিল। অৱশেষত, তেখেতসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই এটা সময়ত মই মান্তি হ’লোঁ ফটাঢোল মাৰ্চ সংখ্যাৰ আলোচনীখনৰ সম্পাদনা কৰিবলৈ।
ঘোষণা কৰাৰ দ্বিতীয় দিনাই ৰিন্টুমনি দায়ে কামখিনি কেনেকৈ কৰিব লাগিব তাক খুব সুন্দৰকৈ বুজাই দিলে।সম্পাদনা মেজৰ বাকীবোৰ সদস্যয়েও মোক উৎসাহিত কৰিলে আৰু সহায়-সহযোগিতাৰ আশ্বাসেৰে মোক আশ্বস্ত কৰিলে। কিন্তু মই নিচিন্ত হ’ব পৰা নাছিলোঁ…, যিহেতু আগে পিছে মই কোনোদিনে অনলাইন মেগাজিনৰ সম্পাদনা কৰা নাছিলোঁ। এইখিনিতে চাবিনাবাৰ কথা ক’ব লাগিব যিয়ে মোক অতি আপোনত্বৰে আৰু সহজ সৰল ভাষাৰে মোক কামবোৰ বুজাই দিলে। যিকোনো সমস্যা হ’লেই নিঃসংকোচেৰে বালৈ ফোন কৰিব পাৰিছিলোঁ..। এই চেগতে চাবিনাবালৈ মোৰ অশেষ ধন্যবাদ জনালোঁ।
আলোচনীখনৰ সম্পাদনাৰ কাম কেনেকৈ কৰিলোঁ বা সংখ্যাটোৰ আঁৰৰ কথা বুলিলে এটা কথাই ক’ব লাগিব যে ইয়াত মোৰ বাহিৰেও বহুকেইজন ব্যক্তিৰ সহায়ৰ হাত আছে। প্ৰথমাৱস্থাত এইবুলিয়েই ভাবিছিলোঁ যে- লেখনিবোৰ আহিব, যোগ্যতা অনুসৰি নিৰ্বাচন কৰিম আৰু কিছু সংশোধনীৰে প্ৰকাশৰ দিহা কৰিম। কিন্তু ভবামতে কামবোৰ হোৱা নাছিল..। দুই তিনিবাৰকৈ আহ্বান জনোৱাৰ পাছতো সময়মতে লিখনিবোৰ নহাত চিন্তিত হৈছিলোঁ। কিন্তু মোক আচৰিত কৰি শেষৰ ফাললৈ লিখনিৰ বৰষুণ পৰিবলৈ ধৰিলে। লেখক-লেখিকা তথা গোটৰ সদস্যসকললৈও এই চেগতে ধন্যবাদ জনালোঁ। মোৰ হয়তো ভাগ্য ভাল বুলিয়েই ক’ব লাগিব যে আলোচনীৰ বাবে অহা প্ৰায়বোৰ লিখনিয়েই আছিল উচ্চমানৰ..। দ্বিতীয়তে, মোৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল কম্পিউটাৰ বা লেপটপৰ কাম সিমান ভালকৈ জনা নাছিলো..। লেপটপটোও নতুনকৈহে কিনিছিলোঁ। কিন্তু আলোচনীখনৰ তাগিদাত মই খুব কম সময়ৰ ভিতৰতে কামবোৰ শিকি পেলালোঁ। অৱশ্যে বেছিকৈ কৰিব লগা একো নাছিল, যিখিনি লাগিছিল তাক প্ৰথমদিনাই ৰিন্টুদাই ধুনীয়াকৈ বুজাই দিছিল। বৰ্ণশুদ্ধি বা বানান চোৱাৰ কামটোত মোৰ বৰ বিশেষ কষ্ট নহ’ল, কিয়নো সেই গধুৰ বোজা বহন কৰিবলৈ মূৰ পাতি লৈছিল মৰমৰ বা তিনিগৰাকীয়ে। চাবিনাবা, পৰীস্মিতাবা আৰু প্ৰণিতাবাৰ সহায় অবিহনে আলোচনীৰ কাম অসম্পূৰ্ণ হৈ থাকিল হেঁতেন..।তৃতীয়তে, মোৰ ক্ষেত্ৰত দেখা দিয়া আন এটা সমস্যা আছিল- এই মাহটো আছিল ২৮ দিনীয়া! দেখ্ দেখ্কৈ মোৰ হাতৰ পৰা তিনিটা দিন কমি গৈছিল। ইফালে, ৰাইজে লেখা নিদিয়ে হে নিদিয়ে..! বহুতে আকৌ ৰৈ থাকে একেবাৰে শেষৰ ফালে দিবলৈ..। খুব চিন্তা হৈছিল, সময়ত শিতানবোৰ ভৰিবনে নাই? কিন্তু নেদেখাজনৰ অশেষ কৃপা যে নিৰ্দিষ্ট সময়ত লেখাবোৰ আহিছিল আৰু ভবা মতে কামবোৰ শেষ হৈছিলগৈ। ফলত, আজি এই অভাগীৰ সৌভাগ্য যে- আপোনালোকলৈ আলোচনীখন আগবঢ়াবলৈ সক্ষম হলোঁ।
সম্পাদকীয় আৰু সাক্ষাৎকাৰ লিখাৰ কামত মোক বিশেষভাৱে সহায় কৰা হেমন্ত কাকতিদা আৰু পংকজ মহন্তৰ শলাগ ল’বই লাগিব। বিশেষকৈ ব্যস্ততাৰ মাজতো মোৰ অনুৰোধ ৰক্ষা কৰি মোৰ কামত সহায় কৰিবিলৈ অহা ভাইটি পংকজলৈ যাচিলোঁ মোৰ আন্তৰিক ধন্যবাদ। আনহাতে, সাক্ষাৎকাৰটো লিপিবদ্ধ কৰাৰ ক্ষেত্ৰতো চুইটলেনা দাস, পংকজ মহন্ত আৰু তৃষ্ণা সোণোৱালে বৰকৈ সহায় কৰিলে। সকলোলৈ মোৰ আন্তৰিক মৰম যাচিলোঁ।
হেমন্তদা আছিল এই সম্পাদিকাৰ বাবে অভিভাৱক স্বৰূপ..। যি প্ৰথমৰ পৰাই নানা দিহা পৰামৰ্শৰে সংখ্যাটোৰ গুৰি ধৰাত সহায় কৰিছিল। বিশেষকৈ আলোচনীখনৰ অগ্ৰগতিৰ খবৰ ৰাখি আৰু খৰখেদাকৈ কামবোৰ কৰিবলৈ দিয়া তাগিদাই বৰকৈ কামত দিছিল..। তেখেতলৈ যাচিলোঁ মোৰ সশ্ৰদ্ধ কৃতজ্ঞতা।
লিখনিবোৰৰ বৰ্ণশুদ্ধিৰ দৰে জটিল অথচ গুৰুত্বপূৰ্ণ কামটিত সহায় কৰি মোক কৃতাৰ্থ কৰা শ্ৰদ্ধাৰ বা তিনিগৰাকী ক্ৰমে চাবিনাবা, পৰীস্মিতাবা আৰু প্ৰণিতাবালৈ থাকিল মোৰ আন্তৰিক কৃতজ্ঞতা।
গোটলৈ অহা ভাল ভাল লেখাবোৰ লগে লগেই মোলৈ টেগ কৰি দিয়া ৰিমঝিমবা, প্ৰণিতাবা,হেমন্ত কাকতিদা, দিম্পল, প্ৰীতম, মিতালী চহৰীয়া আদিলৈ থাকিল মোৰ আন্তৰিক ধন্যবাদ।
আলোচনীৰ কামসমূহ আগবঢ়াত উৎসাহ-উদ্দীপনা যোগোৱা বিজয় মহন্তদা, দেৱজিত শইকীয়াদা, অভিজিত কলিতাদা, সঞ্জীৱদা,মনীষা কাকতিবা, অলকেশ ভাগৱতীদা, দিগন্ত ভট্টাচাৰ্যদা আৰু সুদীপ্ত বৰালৈ মোৰ সহস্ৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আলোচনীখন আগবঢ়াত মোক বিশেষভাৱে সহায় কৰা পংকজ মহন্ত, চুইটলেনা দাস আৰু দেৱজিত নাথলৈ যাচিলোঁ মোৰ আন্তৰিক কৃতজ্ঞতা। বিশেষকৈ, সম্পাদকীয় লিখাৰ ক্ষেত্ৰত দেৱজিত নাথ দাদা আৰু হেমন্ত কাকতিদা, সাক্ষাৎকাৰ লোৱাৰ ক্ষেত্ৰত পংকজ মহন্তৰ নাম চিৰদিন মনত ৰ’ব..।
আলোচনীৰ অলংকৰণ আৰু আপলোডিঙৰ চূড়ান্ত কামখিনি কৰি আলোচনীখন ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াত সহায় কৰা টিম মেনেজাৰ ৰিন্টুমনিদা, ৰিমঝিমবা, হেমন্ত কাকতিদা,জ্যোতিৰূপম দত্তদা আৰু ঋতুপৰ্ণদালৈ থাকিল মোৰ আন্তৰিক কৃতজ্ঞতা।
শেষত এটা কথা মানিবই লাগিব যে- মানুহৰ মুখত এমোকোৰা হাঁহি বিৰিঙাবলৈ আপ্ৰাণ চেষ্টা কৰা ফটাঢোল আলোচনীৰ এই প্ৰয়াস সঁচাকৈয়ে শলাগ ল’বলগীয়া। লগতে, ব্যঙ্গৰ মাজেৰে সমাজলৈ শুভ বাৰ্তা কঢ়িওৱাৰ যি মহান উদ্দেশ্য সেয়াও প্ৰশংসনীয়।
…হাঁহিক যিহেতু জীৱনৰ মহৌষধ বুলি কোৱা হয়..।সেয়ে হাঁহিৰ মাজৰে জীৱনটো সজাবলৈ যত্ন কৰা উচিত। মানুহক হাঁহিৰ বাবে এখনি মঞ্চ প্ৰদান কৰা ‘ফটাঢোল’ আলোচনীৰ এই প্ৰচেষ্টা বিশ্ব দৰবাৰত সমাদৃত হওঁক..। সকলোৱে হাঁহক আৰু হহুঁৱাওক..ৰঙীন হৈ থাকক সকলোৰে মনবোৰ….। হাঁহি ভালপোৱা আৰু হাঁহিবলৈ যত্ন কৰা এজাক মানুহৰ নামত আলোচনীখনৰ এই সংখ্যাটো উৎসৰ্গিত কৰিলোঁ..।
হাঁহক আৰু হহুঁৱাওক…হাঁহি ভালপোৱা প্ৰত্যেকজন মানুহৰ নামত…
ধন্যবাদেৰে…,
জয়তু ফটাঢোল..
চাহিন জাফ্ৰি
সম্পাদিকা
ফটাঢোল আলোচনী
মাৰ্চ,২০১৯।
5:14 pm
ভাল হৈছে সংখ্যাটো৷ সকলোৰে সজ চিন্তা, সেয়ে কামবোৰো ভালকৈয়ে হয়৷
8:28 pm
হয় দাদা….????,ধন্যবাদ জনালোঁ।
10:29 pm
সুন্দৰ সংখ্যা এটা পালোঁ। জয়তু ফটা-ঢোল
8:02 pm
ধন্যবাদ মিৰাজুল..
9:22 am
সংখ্যাটো বহুত সুন্দৰ হৈছে, সম্পাদিকাৰ লগতে আলোচনী খনৰ লগত জড়িত সকলোকে অভিনন্দন জনালোঁ
8:02 pm
ধন্যবাদ মিৰাজুল..
8:03 pm
ধন্যবাদ অনুৰূপ দা..