ফটাঢোল

পৰিচয় – মণিষা কাকতি

মই শিক্ষিত য়ুথ,
কৰিম মজবুত বুথ।
পালচাৰৰ পিঠিত উঠি, থাকিব কেপি ভৰ্তি মাউথ,
লাখ টকাত চাকৰি কিনি কৰিম নিজৰ গ্ৰউথ।
দিল চে কৈছোঁ ট্ৰুথ।

মই মুধাফুটা সাহিত্যিক,
লিখো সাহিত্য প্ৰাত্যহিক,
বাৰ মাহে থাকে মোৰ ছীজন পীক্,
নাই অকণো লাজ হেজাৰ পালেও ধিক্।
ইনবক্সেই মোৰ প্ৰধান কিক্।

মই বৰ্তমানৰ শিল্পী,
কৰি ফুৰোঁ মইমতালি।
আনৰপৰা ধাৰ কৰি অনা সৃষ্টিৰে লওঁ হাত তালি,
অত্যাধুনিক অসমীয়া গীত গাওঁ মন প্ৰাণ ঢালি।
খাওঁ ৰাইজৰ গোৱাল গালি।

মই জনতাৰ নেতা,
সত্যক দিওঁ ভেটা।
ধৰ্মৰ নামত দেশত বিয়পাই ফুৰো ৰাইতা,
ইলেকচনত জিকাৰ পিছত ৰাইজক মাৰো গতা।
বিদেশীৰ হাতত আইক বিক্ৰেতা।

☆★☆★☆

One comment

  • হেমেন ডেকা

    সুন্দৰ৷বৰ চোকাা পদ্য!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *