গালি খালোঁ যেতিয়া এইটোকো খাওঁ – সদানন্দ দত্ত
কলেজ এখনৰ এটা বিভাগত পঢ়ি থকা মিচিং সম্প্ৰদায়ৰ ছাত্ৰ এজনৰ দেউতাকজন বৰ সচেতন। তেখেতে বিভাগৰ অধ্যাপক এজনৰ লগত চিনাকি হৈ নিজৰ ল’ৰাটোৱে যাতে উচিত শিক্ষা গ্ৰহণ কৰি ভাল হ’ব পাৰে আৰু ভৱিষ্যতে এজন সুনাগৰিক হৈ চাকৰি কৰিব পাৰে তাকে চিন্তা কৰি মাহেকৰ মূৰত এপাক মাৰে। ঘৰৰপৰা আহোঁতে হাতত কিবা এপদ বস্তু আনি অধ্যাপকজনক দি আপোন হৈ পুতেকৰ খা-খবৰ লয় আৰু এদিন থাকি ঘৰলৈ যায়গৈ। অধ্যাপকজনেও সৰল মনৰ মানুহজনক অতিথিস্বৰূপে এদিনৰ বাবে পাই নানা কথা পাতি পিছদিনাখন বিদায় দিয়ে। মিচিং সমাজত প্ৰচলিত ছাই মদ কি বুলি সুধোঁতে তেওঁ ক’লে, “ছাৰ, খাই পালেহে বুজিবি, আনি দিম বাৰু দে।”
মিচিকিয়া হাঁহি মাৰি অধ্যাপকজনে ক’লে -“আনিবা বাৰু। মনে মনে লুকুৱাই আনিবা। বাইদেউগৰাকীয়ে গম পালে খাব মোৰ কলিজা। এনেকুৱা বস্তু পালে কেতিয়াবা বাহিৰত চেলেক এটা মাৰোঁ, কি বস্তু খাই চাম বাৰু।”
দুমাহমানৰ পাছত মানুহজনে বাঁহৰ চুঙা এটা আনি ছাৰৰ ঘৰৰ কলিং বেল টিপি মাতিলে, “ঐ ছাৰ,ছাৰটো, ওলাই আহিবি।”
অলপ পৰৰ পিছত ছাৰৰ সলনি বাইদেউগৰাকী ওলাই অহাত তেওঁ ক’লে –“বাইদেউ, সিপাৰৰপৰা ময়েই আহিলোঁ। ছাৰটো ভিতৰতে আছে ন? মাতি দিয়কচোন।”
“ই…ই.. ভাল দিনতে আহিলা! ছাৰ নায়েই। গুৱাহাটীৰ ফালে গ’ল, দুদিনমান হ’ল। আৰু দুদিনমান হ’ব। ছেঃ, ছাৰ নাথাকোঁতে তুমি আহিলা। কি কৰোঁ এতিয়া!”
– বাইদেউগৰাকীয়ে ক’লে।
“সেইটো হ’ব বাৰু। ছাৰ নাথাকি বেয়া কৰিলে। এতিয়া চুঙাটো কি কৰিম! ছেঃ!”
“অ’, চুঙা আনিছিলা নেকি? কি আছে সেইটোত? গাখীৰ আছে তাৰমানে।”
“অঁ, ধৰি ল’লে গাখীৰৰ দৰেই হ’ব। ছেঃ, ছাৰটো থাকিলেই ভাল আছিল। বাইদেউ, চুঙাটো ছাৰলৈ আনিছিলোঁ। থৈ দিব। ক’ত থৈ যাম, দেখুৱাই দিয়ক।”
“চুঙাটো ছাৰলৈ আনিছা? কি আছে তাত? গাখীৰ নাই নেকি?”
“বাইদেউ, গাখীৰেই। পিছে গাখীৰ হোৱাগৈ নাই, অলপ বাকী।”
“গাখীৰ নহয়, অলপ বাকী! কি কোৱাহে! কি বস্তু সেইটো?”
“বাইদেউ,কি ক’ম আৰু! ছাৰে আনিবলৈ কৈছিল, চুঙাতে আনিলোঁ। বেলেগ বটলত আনিলে মানুহে সুধিব। গোন্ধাই যে!”
“কি গোন্ধাই বুলি কৈছা! কি হয়?”
“বাইদেউ, কৈ দিম নেকি! ছেঃ! এইটো আমাৰ ছাই মদ।”
“কি ছাই মদ? নিয়া ভালে ভালে। মোৰ ঘৰলৈ মদ আনিছা! মোৰ ঘৰত মদ নিষেধ। আজিৰপৰা মোৰ ঘৰলৈ নাহিবা। লৈ যোৱা ভালে ভালে। ছাৰলৈ মদ আনিছা। কথা ক’বলৈ আহিছা! যোৱা, লৈ যোৱা। বাহিৰ হৈ যোৱা।”
“বাইদেউ বেয়া নেপাব। ছাৰে কৈছিলে কাৰণে আনিছিলোঁ, মাফ কৰিব।”
“যোৱা, লৈ যোৱা চুঙাটো, সোনকালে ওলাই যোৱা। আৰু কোনো দিন নাহিবা।”
“বাৰু যাওঁ বাইদেউ।”
কাণ-মূৰ গৰম হৈ যোৱাকৈ গালি খাই মানুহজনৰ বৰ বেয়া লাগিল। তেওঁ ঘৰৰ বাহিৰলৈ ওলাই গ’ল আৰু কেইখোজমান গৈ বাইদেউগৰাকীলৈ ঘূৰি চাই ক’লে – “ঐ বাইদেউ, বেয়া-চেয়া নেপাবি আৰু। গালিখিনি খালোঁৱেই, আকৌ আহিবলৈও নিদিয়। এতিয়া চুঙাটো এনেয়ে পেলালে লোকচানহে হ’ব। গালিটো খালোঁ খালোঁ আৰু,এইটোকো খায়েই থওঁ।”
চুঙাটোৰ মুখত দিয়া টান ঠিলাটো খুলি তেওঁ নিজৰ মুখখন মেলি লাহে লাহে মদখিনি ঢালি দিলে আৰু চুঙাটো খালৰ ফালে দলি মাৰি দি ক’লে –“থাক,তাতেই পৰি থাক। ছাৰটো আহি দুখ কৰি থাকিব। কৈ দিবি চুঙা, ছাৰটোলৈকে আনিছিলোঁ, ময়ো দুখতে খাই থৈ দিলোঁ।”
☆★☆★☆