কৌতুক – ৰিতন বৰুৱা
পতি-(মাংসৰ বাটিটো চাই ) হেৰা, এইয়া মাংস কোনে আনিছিল? মইতো ইমান ডাঙৰ ডাঙৰ টুকুৰা বনাই অনা নাছিলোঁ। মই সৰু সৰুকৈ কটাই আনিছিলোঁ।
পত্নী- (পাক ঘৰৰ ভিতৰৰ পৰা) আপুনি অনা মাংসই সেইয়া। কোনেও অনা নহয়। ৰান্ধোতে পানী পাই অলপ ফুলি গ’ল চাগে।
পতি- হেৰা হেৰা, আজি ভাতবিলাকো বৰ ডাঙৰ ডাঙৰ দেখিছোঁহে। কিবা বেলেগ চাউল নেকি?
পত্নী- নহয় একে চাউল।
পতি- নহয়হে, চোৱাহিচোন, আনদিনাতকৈ মই কিবা ডাঙৰ ডাঙৰ দেখিছোঁ।
পত্নী- ( ভিতৰৰ পৰা ওলাই আহি ) হে হৰি, আপুনি ভাত খাবৰ সময়তো চশমা পিন্ধি আছে।
☆★☆★☆