ফটাঢোল

সন্মান – কমল চন্দ্ৰ নেওগ

ঘটনাটো আনকালে ঘটাহেঁতেন মান সন্মানৰ প্ৰশ্নটো নাহিলহেঁতেন। আগতেও মোৰ অজ্ঞাতে বা জ্ঞাতসাৰেই তাই জীয়েকক লগতে লৈ এৰাতি কি দুই -তিনি ৰাতি পৰ্য্যন্ত আপোন খুচী মতে নিজৰ পচন্দৰ সংগী-সখীসকলৰ লগত থাকি সকলো প্ৰকাৰৰ বন্ধন মুক্ত হৈ বেচ মৌজ-মস্তি কৰে। তাত মোৰ আপত্তি কৰিবলগীয়া একো নাছিল। সকলোৰেতো স্বাধীনতা বোলা ব্যৱস্থা এটা আছে। সেইটো মই বুজি পাওঁ। কিন্তু, আজিৰ কথাটো অলপ সুকীয়া। কাইলৈ বছৰেকৰ দোমাহী। আজি উৰুকা৷ আজিও যদি মাক-জীয়েক ঘৰলৈ নাহে কাইলৈ মোৰ চুবুৰিটোতে মই নাক উলিয়াব নোৱাৰা হ’ম।

কালিলৈ ৰাতিপুৱা কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ’ব পাৰে মনতে এবাৰ কল্পনা কৰি চালোঁ। চিঃ, কথাটো ভাবিয়েই কিবা লাজ লাজ লাগিল। গাঁৱলীয়া অসমীয়া মানুহ যেতিয়া লাজ লাগিবৰে কথা দিয়কচোন। কাইলৈ ৰাতিপুৱা সকলোৰে ঘৰে ঘৰে পৰিয়ালৰ সকলোবোৰ লগ হৈ নিজৰ নিজৰ গৰু-গাইকেইটাক মাহ-হালধী সানি নুৱাই-ধুৱাই লৈ লাও, বেঙেনা, কেৰেলা, ঠেকেৰা খুৱাব; গালৈকো দলিয়াই দলিয়াই চিঞৰি চিঞৰি গায় গায় আশীৰ্বাদ দিব–
লাও খা, বেঙেনা খা,
বছৰি বছৰি বাঢ়ি যা ;
মাৰ সৰু, বাপেৰ সৰু,
তই হ’বি বৰ গৰু।।

এৰা মইহে এই বিমল আনন্দৰ অংশীদাৰ হোৱাৰ পৰা বঞ্চিত হ’ম!

নাই নাই এই কথাই কথা নহয়। এই মুহূৰ্ততে এটা চুড়ান্ত সিদ্ধান্ত ল’ব লাগিল। সোঁহাতে এছাৰি এডাল আৰু বাঁও হাতত টৰ্চলাইটটো লৈ সিহঁত দুজনী বঞ্চিব পৰা সাম্ভাব্য স্থানকেইটাত এবাৰ তালাচী চলাওঁ বুলি ঘৰৰ পৰা ওলাই আহিলোঁ। নাই…নাই দেখোন! ইহঁতৰ শুংসূত্ৰ নাইতো নায়েই সিহঁতৰ সখী-সখীয়াল, বন্ধু-বান্ধৱী কোনো এজনী বা এটাৰো লগত মোৰ সাক্ষাত নহ’ল। ইফালে ৰাতি দোভাগ হ’লহি। খংটো মোৰ চুলিৰ আগ পাইছেগৈ। কোবাকোবিকৈ উভতি আহি ঘৰৰ নঙলা মুখত ৰৈ ওচৰে পাজৰে এনেয়ে এবাৰ চাওঁ বুলি টৰ্চটো জ্বলাই দিওঁতেই দেখিলোঁ মোৰ পৰা দহ হাতমান আঁতৰত চাৰিটা চকু তৰাহৈ যেন মোৰ ফালে চাই আছে। টৰ্চটোৰ পোহৰখিনি অলপ লৰচৰ কৰি ভালদৰে চাওঁতেই তৰা যেন চকু চাৰিটাৰ পিনৰ পৰা মাতটো আহিল-

হাঁ…মা…

মাতটো শুনাৰ লগে লগে মোৰো খংটো থিতাতে জামৰিল৷ একেটা সুৰতে ক’লোঁ,

: আহ আহ মা

মই মাত দিয়াৰ লগে লগে দুয়োজনী খৰখোজেৰে আহি নিজৰ নিজৰ শোৱা ঠাইত ঠিয় দিলেহি৷ দুয়োজনী ভাগে ভাগে পঘা লগাই বান্ধি মূৰ দুটাত হাত বুলাই বুলাই ক’লোঁ,

: সুৰভি- কপিলী তহঁত সচাকৈয়ে মোৰ ঘৰৰ লখিমী অ’। তহঁত আজি নহাহেঁতেন কাইলৈ যে আমাৰ ঘৰখনৰ কি অৱস্থা হ’লহেঁতেন!—আমি যে অসমীয়া মানুহ। তহঁত সৰৱজান অ’৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *