খং (মূল: অনুপ শুক্লা) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ
সভাখন ঠিকে-ঠাকে চলি আছিল। চাৰৰ হঠাৎ কিবা কথাত খং উঠি গ’ল। এনেয়ে তেওঁ খং উঠিলে কেতিয়াও কাৰোলৈ ভ্ৰূক্ষেপ নকৰে, যি মন যায় কৰি পেলায়। কেতিয়াবা বিনাকাৰণত খঙত পৰি তেওঁ কাবাদী খেলিবলৈ লাগি যায়। কিন্তু অনাহকত খং কৰাটো তেওঁৰ সিমান ভাল নালাগে। ভাবে, খং নকৰি তেওঁ কেৱল পাৰিশ্ৰমিক লৈহে আছে!
খঙৰ ভমকত তেওঁৰ বিবেকবোৰ কৰ্পূৰৰ দৰে উৰি গ’ল। আৰু অলপ গধুৰ বিবেক, যি উৰি যাব নোৱাৰিলে সেয়া তললৈ নামি আঁঠুৰ মাজত লুকাই ৰ’ল। মূৰৰ পৰা আঁঠুলৈ নামি যোৱাৰ সময়ত সেই বিবেকে শৰীৰৰ সকলো অংশকে সংকেত দি গ’ল যে, চাৰৰ খং উঠিবৰ হৈছে, সতৰ্ক হওক। সকলো অংগ ভয়তে কঁপিবলৈ ধৰিলে। কোনোবাটো বাহিৰৰফালে দৌৰিবলৈ বিচাৰিলে আৰু কোনোবাটো ভিতৰৰফালে। এনেকুৱা সময়ত তেওঁৰ মুখৰপৰা কিছুমান শব্দ গুলীৰ দৰে বাজ হৈ ইটোৱে সিটোক ঠেলি এনেকৈ বাগৰি পৰে যেন, ৰে’লৰ জেনেৰেল ডবাৰ পৰা যাত্ৰী নামিবৰ সময়ত ঠেলা-ঠেলিত ইজনৰ ওপৰত সিজন বাগৰি পৰে। কিছুমান ডাঙৰ ডাঙৰ শব্দ নিজৰ মাজতে খুন্দা-খুন্দি লাগি ক্ষত-বিক্ষত হোৱাৰ পাছত এনেকৈ বাহিৰ ওলাইছিল যে, বাহিৰলৈ ওলোৱাৰ সময়ত কেৱল ‘আখৰ’টোহে শুনিবলৈ পোৱা গৈছিল। কিন্তু সেইটো ভাঙি-ছিঙি বাহিৰ ওলোৱাত যেনেকৈ শুনা গৈছিল, তেতিয়া অনুমান কৰাটো সম্ভৱ নাছিল যে, বেচেৰা সেইটো কি শব্দ চূৰ্ণ-বিচূৰ্ণ হৈ আধামৰাৰ দৰে বাহিৰলৈ নিৰ্গত হৈছিল। ‘আ’ বুলি শুনিলে এইটো ধৰা টান আছিল যে, সেইটো ‘আমি’ ৰ পৰা ভাঙি আহিছে নে ‘আমাৰ’ পৰা। সাহস বংশটোৰ আছিল নে বদনামী ঘৰখনৰ আছিল! আখৰৰতো ডি. এন. এ টেষ্টো কৰিব নোৱাৰি!……
যেতিয়া চাৰ খঙত কঁপিবলৈ ধৰে, তেতিয়া এনে লাগে যেন পাম্পেৰে পানী যোগান ধৰা পাইপডালৰ লৰি থকা মুখখনহে! ধৰাল শব্দ বাহিৰলৈ ওলোৱা আৰু খঙত কঁপিবলৈ ধৰাৰ অৰ্থ এইটো নহয় যে, চাৰৰ বহুত খং উঠিছে। কম্পন ভয়ৰ বাবেও হ’ব পাৰে, কিজানি ইজনৰো খং উঠি যায়। নিউটনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ নিয়ম সকলো ঠাইতে সঠিক প্ৰমাণিত নহয়।
মই আজিলৈকে যিমান খঙাল মানুহ দেখিছোঁ, তেওঁলোকৰ খঙৰ প্ৰকোপ সদাই এখন খৰস্ৰোতা নদীৰ সোঁতৰ দৰে যেন পাইছোঁ। যদি মানুহৰ খঙৰ ভমকত বাহিৰ হোৱা শক্তিক বিদ্যুতলৈ পৰিবৰ্তন কৰিব পৰা যায়, তেতিয়া বহুতৰ ঘৰৰ বিদ্যুতৰ সমস্যা দূৰ হৈ যাব। যেতিয়াই কাৰোবাৰ খং উঠা দেখা যাব, তেওঁৰ মুখত পৰ্টেবোল টাৰবাইন আৰু জেনেৰেটৰ লগাই দিয়া হ’ব আৰু তৎক্ষণাত বিদ্যুত উৎপন্ন হ’ব। এতিয়া মানুহে খঙাল লোকৰ পৰা আঁতৰি থাকে, তেতিয়া কিন্তু সকলো তেওঁৰ কাষ চাপি যাব।
সাধাৰণতে মানুহে গা ধোৱাৰ সময়ত যেনেকৈ গাৰ কাপোৰ খুলি থয়, ঠিক তেনেকৈ খঙৰ প্ৰকোপত মানুহে নিজৰ বিবেক-বুদ্ধি আঁতৰাই পেলায়। কিছুমান মানুহৰতো খং, তৰ্কৰ মোখনি খোলাৰ পাছতে আৰম্ভ হয়। ডাঙৰ ডাঙৰ খঙাল ব্যক্তিৰ ক্ষেত্ৰত এইটো প্ৰমাণ হৈছে। গোস্বামী তুলসী দাস দেৱে লক্ষ্মণৰ খঙাল চেহেৰাৰ সৌন্দৰ্য বৰ্ণনা কৰি এনেদৰে লিখিছে যে—-
লক্ষ্মণ খঙত তিঙিৰিতুলা হ’ল। তেওঁৰ ভ্ৰু(চেলাউৰি) বেঁকা হৈ পৰিল। চকু ডাঙৰ হৈ উজ্বলি উঠিল, আৰু খঙত চকুযুৰি ৰঙা হৈ পৰিল। খঙাল লক্ষ্মণক দেখিয়েই তেওঁৰ তৰ্ক বুদ্ধিয়ে তেওঁৰ পৰা সমৰ্থন ঘূৰাই ল’লে আৰু উচ্চস্বৰে ঘোষণা কৰিলে-“যদি ভগৱান ৰামচন্দ্ৰৰ আজ্ঞা পাওঁ, তেতিয়া বিশ্ব-ব্ৰহ্মাণ্ডক বল এটাৰ দৰে উঠাই ল’ম আৰু কেঁচা মূৰ্তিৰ দৰে ভাঙি পেলাম। সুমেৰু পৰ্বতক মূলাৰ দৰে উভালি পেলাম।”… যি বিশ্ব-ব্ৰহ্মাণ্ডত আমি থিয় হৈ আছোঁ, তাক উঠাই আৰু ঘৰৰ বস্তু ভাঙি পেলোৱাৰ দৰে কল্পনা কেৱল খঙত থকাজনেহে কৰিব পাৰে, তেওঁৰ অনুভৱী দৃষ্টিৰ সহায়ত। আমিতো নিজে বহি থকা চকীখনৰ সৈতে নিজকে দাঙি উঠোৱাৰ কল্পনা কৰিবলৈও ভয় কৰোঁ!
খঙত মানুহে যি ভাষাতেই কথা কওক লাগিলে, সেয়া বুজাত অসুবিধা হয়। কিন্তু ভাৰতৰ মানুহে খং কৰাৰ সময়ত আৰু প্ৰেম কৰাৰ সময়ত ইংৰাজী ভাষাত কথা ক’বলৈ ধৰে। এইটো হয়তো এইকাৰণেই হয় যে, যি ভাষা বুজিবলৈ অসুবিধা, সেই ভাষাত অলাগতীয়াল কথা নিসংকোচে ক’ব পাৰি। মোৰ এনে ভাৱ হয় যে, হয়তো ভাৰতৰ ভাষা নীতিও এনে খঙৰ কাৰণ হ’ব পাৰে। স্বাধীনতাৰ পাছৰেপৰাই মানুহবোৰ ইংৰাজী ভাষাৰ ওপৰত অসন্তুষ্ট হৈ আছে। এতিয়া ইংৰাজসকলেতো আমাৰ ভাষাবোৰ শিকিব নোৱাৰে! (আমিয়েই যেতিয়া নিশিকো, তেওঁলোকে কিয় শিকিব?)। সেইবাবে তেওঁলোকৰ প্ৰতি থকা খং দেখুৱাবৰ বাবেই মানুহে ইংৰাজী ভাষাৰ প্ৰয়োগ আৰম্ভ কৰি দিলে। ভাবিলে, দহ-বিছ বছৰৰ পাছত যেতিয়া সকলো খং শেষ হৈ যাব, তেতিয়া নিজৰ ভাষাক আকোৱালি ল’ব। কিন্তু ইংৰাজী ভাষা যেতিয়া এবাৰ মুখত লাগিল, দুৰ্ভাগ্যবসতঃ এৰায়ে নোযোৱা হ’ল।
চাৰেও যেতিয়া চিঞৰি চিঞৰি ইংৰাজী ক’বলৈ ধৰে, তেতিয়া বুজি পাওঁ যে তেওঁৰ খং উঠিছে। সাধাৰণতে এইটো হয় যে খঙত থকাজনৰ বিবেক চিধা ৰাস্তাৰ পৰা আঁতৰি যায়। তেতিয়া ভাষাৰো নিজৰ নিজৰ ৰাস্তা সলনি কৰিব লগা হয়। সেইবাবে দেশীয় ভাষা কোৱাজনেও ইংৰাজী ক’বলৈ ধৰে। ইংৰাজী জনাজনে ফ্ৰেন্স ভাষা ক’বলৈ লয়, আৰু ফ্ৰেন্স কোৱাজনে খঙত লেটিন ভাষাত ক’বলৈ লয়। অৰ্থাৎ যিজনে যিটো ভাষা সহজ অনুভৱ কৰে, তাৰ সলনি বেলেগ ভাষাৰ পিছত পৰে, যাতে অসহজ লাগে। মানুহে গম পাওক যে, কাষৰজন খঙত আছে। এইটো নহয়, ভাষাৰ বাহিৰেও মানুহে খঙত আনৰ প্ৰসাধনো ব্যৱহাৰ কৰিবলৈ লয়। বেছি কথা কোৱাজন মৌন হৈ পৰে আৰু অল্পভাষী কথকী হৈ পৰে। শান্ত, লাহে লাহে কথা কোৱাজনে চিঞৰি কথা ক’বলৈ ধৰে। চিঞৰি কোৱাজনে খেংখেঙকৈ ক’বলৈ ধৰে। খেংখেঙকৈ কথা কোৱাজনে ঘেঁহাই কথা ক’বলৈ ধৰে। সদাই ঘেঁহাই কথা কোৱাজনৰ মুখত তলা লাগে। খং কৰাজনৰ দুখ এজন খং কৰা লোকেহে বুজিব পাৰে।
☆★☆★☆
7:46 pm
ভাল লাগিল পঢ়ি বাইদেউ