ফটাঢোল

বিয়াখন কেতিয়া – কমল তালুকদাৰ

“ ঐ বুধবাৰে বিয়া , ৰাতিপুৱাৰ পৰা একেবাৰে ছোৱালী বিদায় দিয়ালৈ •••• বেচি একো নকওঁ মোৰ হিচাপৰ মানুহকেইটা ৰভাতলীত পাব লাগিব ।” — এটা আদেশৰ সুৰত তেওঁ কথা খিনি কৈ গ’ল ।

আমাৰ চুবুৰীৰে দাদা এজন , একপ্ৰকাৰ বন্ধুয়েই বুলিব পাৰি, চুবুৰীটোৰ যিকোনো কামতে আমাক নেতৃত্ব দিয়ে, বয়সত অলপ ডাঙৰ আমাতকৈ সেয়েহে আমি দাদা বুলি মাতোঁ। তেওঁৰে ডাঙৰ ছোৱালীৰ বিয়া। গতিকে আমাৰ উপস্থিতি অনিবাৰ্য।

উপস্থিত থকাকেইজনৰ মাজত লগে লগে এক আলোচনা হৈ গ’ল, দহোবন কাতি কৰি হ’লেও এইখন বিয়াত আমি উপস্থিত থাকিব লাগিব। বাকী থকা কেইজনকো খবৰ দিব লাগে। সিদ্ধান্ত হৈ গ’ল, কেইজনমান দিনটো থাকিব আৰু বাকীকেইজনে আবেলি অভ্যৰ্থনাৰ সময়ৰ পৰা শেষলৈ।

বিয়াৰ দিনাখন মই আৰু মোৰ বন্ধু দেৱাশীষ ৰাতিপুৱা গৈ পৰিবেশটোৰ অলপ বুজ ল’লো। কইনাৰ বাপেকৰ গাত তৰণি নাই, ভাগে ভাগে মানুহ লগাই নিৰ্দেশণা দি আছে। আলহী অতিথিৰে বৰ উখল-মাখল পৰিবেশ। আমিও অলপ ইফাল সিফাল কৰি অভ্যৰ্থনা কক্ষলৈ গ’লোঁ। ইতিমধ্যে তাত লাইন পাতি খোৱাৰ ব্যৱস্থা কৰি লৈছে। যিটো বুজিলোঁ তাত আমাৰ হাতে কামে কৰিবলগীয়া একো নাই। এনেতে দাদাই আহি মাত দিলে, “ঐ কেনে হ’ব, চব ঠিক আছে নে? চা আজি আৰু আমাৰ কোনেও একো কৰিব নালাগে, কেবল খাবি ল’বি আৰু তামাম ফূৰ্তি কৰিবি। গান বাজনাৰ ব্যৱস্থাও কৰিছোঁ, অলপ পিছতে আহি পাবহি। মুঠতে মোৰ ছোৱালীৰ বিয়া গমগমাই থাকিব লাগিব।” আমিও তেওঁৰ কথাৰ শলাগ দি বোলো হেৰি হ’ল নহয় দাদা, এইখিনি সময়ত আমাৰ ইয়াত বিশেষ কোনো কাম নাই, এতিয়া মহিলাসকলৰহে কাম বেছি যেনে পানীতোলা, সুৱাগচৰা, গতিকে এইবোৰ হৈ লওঁতে আমি আহি যাম। দাদাইও হয়ভৰ দিলে, আমি গুচি আহিলোঁ।

আবেলি মই চাৰি মান বজাত গ’লোঁ, ইতিমধ্যে দুজন আগতেই আহি উপস্থিত। ৰভাতলী অতিথিৰে গপগপীয়া হৈ আছে। ভোজন কক্ষত পুৰা দমে খাৱনপৰ্ব চলি আছে, কইনাৰ ওচৰত এগালমান চেল্ফি কুইন, আলহীয়ে সুধিবলগীয়া অৱস্থা মানে “কইনা কোনজনী?” মাজে মাজে চকু চাট মাৰি ধৰা চুঙা কেমেৰাৰ পৰা অহা বিজুলীৰ চমক। বেন্দ পাৰ্টিৰ উত্তাল সংগীতৰ লহৰ, মানে চাৰিওপিনে এনেকুৱা পৰিবেশ ডেকা কিয় আমাৰ দৰে আদহীয়াৰো গা সাতখন আঠখন।

ঠিকেই দাদাই কোৱাৰ দৰেই আয়োজন কৰিছে ।

পিছে আমাৰ সেই বিশেষ দলটোৰ বাকীবোৰ সদস্যৰহে দেখা দেখি নাই। বাকী দুজনে মাত লগালে, তালৈকে যাওঁ ব’ল, সিহঁত অহালৈ খোৱা-লোৱাতে নজৰ দিওঁ‌। মইও সিহঁত দুজনৰ লগত ভোজন কক্ষলৈ গৈ ইফাল সিফাল কৰি চিনাকি অচিনাকি মুখবোৰ চাই মাত লাগাই আছোঁ। লাহে লাহে আমাৰ সদস্য কেইজনো এজন দুজনকৈ আহি আছে। এঘন্টাৰ ভিতৰত আটাইকেইজন লগ হ’লো। তাৰ মাজতে দাদাই আহি আমাক মাত লগাই পুনৰ কৈ গ’ল “শেষলৈকে থাকিবি কিন্তু”।

ইতিমধ্যে ভোজন কক্ষত মানুহৰ সমাগম দুইৰ পৰা তিনিগুণ বাঢ়িছিল। নোটবন্দীৰ সময়ত ATM ৰ লাইন হোৱা দি লাইন। থালৰ ওপৰত থাল লৈ খাই আছে।

এনেতে “ও কুৰ্মা, কুৰ্মা ••••পিছফালে চাওঁক” কোনোবাই চিঞৰি কাৰোবাক মাতি আছে। ঘূৰি চাই দেখোঁ মোকেই মাতি আছে এজনে। মিঠাইৰ দ্বায়িত্বত থকাজনে মোকেই মাতি আছে।

‘বোলো কি হ’ল ! মোকেই মাতিছেনে’?

অঁ অঁ, আপোনাকেই। আপুনি আমাৰ দাদুল কুৰ্মাৰ বন্ধু নহয় জানো? সেই যে যোৱা বাৰ হাউলি ৰাসত লগ পাইছিলোঁ।

মোৰ ফটককৈ মনত পৰিল, অঁ হয় হয়•• কওঁকচোন!!

হেঃ হেঃ মই কইনাৰ মোমায়েক।

ও নমস্কাৰ দেই । মই কমল তালুকদাৰ।

অ’ মোৰ নাম খনিন। এহ হেৰি নহয় কথা এটা আছিল, কাম এটা কৰক না বেয়া নাপাই যদি! মানে মই কেতিয়াবাৰ পৰাই ইয়াত এইখিনি চোৱা চিতা কৰি আছোঁ। লৰিবই পৰা নাই। পেন্টতে ওলাব এতিয়া, আপুনি অলপ সময়ৰ বাবে চাই দিয়কচোন, মই সাউৎকৈ গৈ আহোঁ।

তেওঁৰ অৱস্থা দেখি বেয়াই লাগিল ।

মই বোলো কিয় বেয়া পাম, যাওঁক যাওঁক আপুনি, Free হৈ আহক, মই চাম ।

সেইবুলি তেওঁক যাবলৈ দি কামত লাগি গ’লো । যি নহওঁক ব্যস্ত হ’বলৈ কিবা এটা পালোঁ। লাহে লাহে সময় বাগৰি আছে, তাৰ মাজতে বন্ধু কেইজনে আহি মাত লগাই আছে, দাদাইও এবাৰ আহি চাই গ’ল। এজনে কফিও একাপ যাঁচিলে। বন্ধু দুজন মানে কাষত ঠিয় হৈ ফুচুৰি কথাও ওলালে। লগতে বিয়ালৈ অহা বিভিন্ন প্ৰকাৰৰ মিতব্যয়ী মহিলাৰ বৰ্ণনাও দি আছে, কাৰোবাৰ যদি হাতৰ কাপোৰ ছুটি, আন কাৰো পিঠিৰ ফালে এচকল নাই। কোনোবাই যদি চাদৰৰ আঁচলটিৰে ঝাৰু মাৰি দিছে আন কোনোবা আধুনিকাৰ এহাতত বুফে দিছ্ আনখন হাতত মোবাইল ফোন খায় কোনখন হাতেৰে।…

তেনেকৈয়ে বহু সময় কেটেৰিয়াঙৰ ডিউটি কৰিলোঁ, বন্ধু কেইজন মাজে মাজে আহে আৰু অন্তৰ্ধান হয়, মোমায়েকৰো দেখাদেখি নাই। আটাইকেইজনে মোক তাত ফচাই লুকা-ভাকু খেলি আছে। লাহে লাহে ভোজন কক্ষত মানুহৰ সমাগম পাতল হৈ আহিল। লাহে লাহে বেন্দপাৰ্টিৰ উত্তাল সংগীতৰ লহৰ বেতাললৈ পৰিৱৰ্তন হ’ল, আৰু লগতে হাঁহিৰ গিৰ্জনী শুনিবলৈ পোৱা গ’ল। মোৰো মনটো তালৈ উৰা মাৰিল, আস কিমান যে ফূৰ্তি হৈ আছে! তেনেতে কোনোবাই খবৰ দি যায় “ঐ দৰা আহি পাবৰ হ’ল, কোনোবা আছে যদি সোনকালে খাই লওঁক।” মইও সেই সুযোগতে থাল এখন লৈ নিজৰ ভাগৰ খাই ল’লোঁ। বাকী কেইটাৰ কোনো খবৰ নাই। খাই থাকোতে অনুমান কৰিলোঁ যে ৰভাতলীত পৰিবেশ পুৰা গৰম।

মইও খৰখেদাকৈ ভাত কেইটা খাই চিধা গ’লো ৰভাতলীলৈ, গৈয়ে প্ৰথম যি দৃশ্য দেখিলোঁ তেতিয়াই সকলো সত্য উদ্ঘাটন কৰি পেলালোঁ। মোক তাত ফচাই থৈ আমাৰ গ্ৰুপৰ আটাইজাক ইয়াত। গোটেই সোপা শক্তি বৰ্ধক পানীৰ বলত বলীয়ান। তাতকৈও আচৰিত, বেন্দপাৰ্টিৰ আটাইটকৈ ডাঙৰ ঢোলটো কান্ধত ওলোমাই লৈ তালক বেতাল কৰা মূল মানুহটো হ’ল পেন্টত ওলাই যাব খোজা কইনাৰ মোমায়েকজন, যিয়ে মোক সাউৎকৈ আহিম বুলি চাৰি ঘন্টা ফচাই থ’লে। তেৰাৰ ৰূপ দেখি মোৰ বুজিবলৈ বাকী নাথাকিল শক্তি পানীয়ে কিমান শক্তি দিলে। সেয়েহে সিজনাৰ হাতৰ পৰশত বিহুৰ পৰা মাদল, মাদলৰ পৰা বাগুৰূম্বা, বাগুৰূম্বাৰ পৰা ওজাপালি ঢোলৰ বুকুত গুমৰি আছে। মিনি গদা দুটা লৈ আমাৰ বন্ধু এজনে তেৰাক সংগ দি আছে। কিন্তু হাঁহিৰ আচল উৎস বেলেগ। ঢোলৰ চেওঁ‌ত নাচি থকা জনহে। সেইজননো কোন বুলি চাওঁতে দেখোঁ অঁ এই নৰ্তকজন চোন আমাৰেই বন্ধুবৰ, অল্পভাষী, চিৰকুমাৰ, শ্ৰীমান দেৱাশীষ (নামটো সলাই দিয়া হৈছে ,কাৰোবাৰ লগত মিল থাকিলেও কাকতালীয় হব)! ওৱা ! ইয়াৰ আকৌ কি হ’ল? মূৰত গামোচা এখন বান্ধি লৈ যি অদ্ভুত ভংগিমাত নাচোন নাচি আছে ফেচবুকৰ বিখ্যাত গ্ৰুপ ফটাঢোলৰ ধামাকাদাৰ নৰ্তকবোৰো ফেল পৰি যাব। শক্তি পানীৰ ভক্ত বুলি জানো‍ঁ কিন্তু এই অৱস্থা হোৱা কেতিয়াও দেখা নাই। কথাটোৰ গুমৰ লওঁ বুলি লগৰ এজনক ভিৰৰ মাজৰ পৰা টানি লৈ ভোজন কক্ষলৈ আহিলোঁ।

ঐ কথাটো কি? তহঁতে ক’ৰ পৰা কি ব্যৱস্থা কৰিলি। আৰু দদাইটো তহঁতক মানা কৰিছিল।

এহ নকবি, ই দেৱাশীষে আজি দুটা লৈ আহিছে। সৌ তাত আন্ধাৰখিনিত বহি চলাই দিলোঁ। মইতো ভাবাই নাই সি এনে কৰিব বুলি। হ’লেও কিন্তু বৰ ফূৰ্তি হৈছে দে। দোৰোল খোৱা জিভাৰে সি মোক কথাটি ক’লে।

সেইসময়তে বাহিৰত তামাম ফটকা আৰু বোমৰ শব্দ শুনা যায়। তাৰ মানে দৰা আহি পালেহি। ৰভাতলীত হুৱাদুৱা লাগি যায়, দৰা আদৰিৱলৈ মহিলা সকলে গেটৰ সন্মুখলৈ যায়। ৰভাতলীৰ পৰিবেশ গহীন হৈ পৰে।
মই ৰভাতলীলৈ গ’লোঁ, সকলোৰে দৌৰা দৌৰি একমাত্ৰ দেৱাশীষৰ বাহিৰে। সি নাচি নাচি ভাগৰি তলফালে মূৰ কৰি এখন চকীত বহি আছে। মই তাৰ ওচৰত বহিলোঁ।

দেৱাশীষ!

হু, ক’ত আছিলি বে, আজি বহুত নাচিলোঁ।

আছোঁ ইয়াতে; চাই আছো মই •••• অ’ই ব’ল যাওঁ, বিয়া শেষ হ’ল
নাই আৰু নাচিম!

ব’ল তেনেহ’লে বাহিৰত নাচিবি।

তাক একপ্ৰকাৰ জোৰ কৰি উঠাই লৈ ভোজন কক্ষৰ পিচফালৰ ৰাস্তাৰে ওলাই আহিলোঁ।

বাৰু কচোন, তইনো কিহৰ ফূৰ্তিত ইহঁতকো দুটাকৈ নিজৰ পইচাৰে কিনি খুৱাই দিলি?

“আব্বে চাল্লা মই কি এনেকৈ লোকৰ বিয়াত নাচি বাগি খাই ফুৰিম নেকি বে? সৌ সিদিনাখন দাদাই বিয়া পতা নাই জানোঁ, তয়ে মইয়ে নাচি নাচি কইনা আনিব যোৱা নাই জানোঁ? আজি সেই দাদাৰ ছোৱালীৰ বিয়া। চাল্লা, দাদাৰ বিয়াতে কইনা ঘৰৰ ছোৱালীৰ প্ৰেমত পৰি দুবছৰ পিছত ৰঞ্জনে বিয়া পতা নাই জানোঁ! আৰু মিণ্টুৰ বিয়াত মইয়েই ছাতি ধৰা। আৰু তইয়ো আনিলি ••••• আজি খুৱাই দিলোঁ চবকে •• মইও •• বিয়া পাতিম।
ঐ যা , ছোৱালী এজনী বিচাৰি দে।

ইতিমধ্যে তাৰ কথাকোৱা শক্তিকণো শেষ, ধলং পলং খোজেৰে মোৰ কান্ধত মূৰটো থৈ কোনোমতে সি গৈ আছে। আৰু মই এটা হুমুনীয়াহ কাঢ়ি তাক কোনোমতে ধৰি লৈ গৈ আছোঁ। এটাই কথা ভাবি গৈ আছোঁ ইয়াৰ বিয়াখন হ’বনে?

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *